BARKOLA KALITAPARA LOWER PRIMARY SCHOOL, Kaligaon, Udalguri

BARKOLA KALITAPARA LOWER PRIMARY SCHOOL, Kaligaon, Udalguri

Share

IMPROVE MY SOCIETY ,DISTRICT ,STATE, NATION...

Photos from BARKOLA KALITAPARA LOWER PRIMARY SCHOOL, Kaligaon, Udalguri's post 04/06/2022

বৰকলা বীণাপানি মধ্য ইংৰাজী বিদ্যালয়ৰ অন্য এজন প্ৰতিষ্ঠাপক আৰু সমাজ সংগঠক মাননীয় চুলতান আলি দেৱৰ ঘৰত আমি তেওঁৰ অসুস্থতাৰ খবৰ লোৱাৰ লগতে সামান্য পৰিমানে আৰ্থিক সাহায্য প্ৰদান কৰা মুহূৰ্ত । তেওঁৰ আশু আৰোগ্য কামনা কৰাৰ লগতে দীৰ্ঘায়ু হওক ।

Photos from BARKOLA KALITAPARA LOWER PRIMARY SCHOOL, Kaligaon, Udalguri's post 04/06/2022

Gunoutsav 2022

15/11/2020

২০১৯ বৰ্ষৰ ৫ম শ্ৰেণী আৰু ৮ম শ্ৰেণীৰ মুখ্য মন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাৰ ঘোষিত ফলাফল অনুসৰি ওদালগুৰি জিলাৰ খৈৰাবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত বিনাপাণি মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী শ্ৰী প্ৰিয়ংকা দাস ৮৬% নম্বৰ লাভ কৰি জিলাৰ ভিতৰত অষ্টম স্থান দখল কৰে। অন্যহাতে এই বছৰত বিদ্যালয়ৰ মুঠ ৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বৃত্তি লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে বিদ্যালয় তথা অঞ্চলটিলৈ সুনাম কঢ়িয়াই আনিছে । ছাত্ৰ ছাত্ৰী সকলৰ নামসমূহ হল -

Class -v
------------
1. Priyanka Das
F/O Sanjay Das
Marks-86
2. Kapil Das
F/O Ajay Das
Marks-81
3. Nikumoni Deka
F/O Labanya Deka
Marks-65
4. Juma Das
F/O Bimal Ch. Das
Marks-64
5. Baby Sahariah
F/O Shayan Sahariah
Marks -60
6. Barnali Das
F/O Pranesh Das
Marks-58

----------------------

Class -viii
--------------
1. Ankita Hazarika
F/O Biju Hazarika
Marks-93/150
2. Mousumi Deka
F/O Dhireswar Deka
Marks-84/150
3. Jumi Das
F/O Niranjan Das
Marks-85/150

সকলোলৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।

17/08/2020

# # # জানিবলগীয়া # # #

“প্ৰধানমন্ত্ৰীৰ অভিলেখ ভংগ”
আজি ১৫ আগষ্টৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ী ডাঙৰীয়াৰ অভিলেখ ভংগ কৰে ৷ অকংগ্ৰেছী চৰকাৰ হিচাপে বাজপেয়ীয়ে লালকিল্লাত ষষ্ঠবাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ বিপৰীতে আজি মোডী ডাঙৰীয়াই সপ্তম বাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উওোলন কৰি বাজপেয়ীৰ অভিলেখ ভংগ কৰিলে ৷
উল্লেখযোগ্য যে যোৱা সাতটা বছৰত একেৰাহে প্ৰধানমন্ত্ৰীৰ আসনত থাকি মোডী ডাঙৰীয়াই দীঘ' কায্যকালত থকা প্ৰথমজন অকংগ্ৰেছী প্ৰধানমন্ত্ৰী হোৱাৰ বিপৰীতে ভাৰতৰ চতুৰ্থজন দীঘ'কালৰ প্ৰধানমন্ত্ৰী হোৱাৰ গৌৰৱ অজ'ন কৰিলে ৷ সেই হিচাপে দীঘ'কালিন কায্যকালৰ প্ৰধানমন্ত্ৰী সকল হল, একাদিক্ৰমে ~
(১) জৱাহৰলাল নেহৰু ( কংগ্ৰেছ ) ৷
একেৰাহে ১৭ বছৰত মুঠ ৬১৩০ দিন ৷
(২) ইন্দিৰা গান্ধী (কংগ্ৰেছ ) ৷
দুটা কায্যকালৰ ১৬ বছৰত মুঠ ৫৮২৯ দিন ৷
(৩) মনমোহন সিং (কংগ্ৰেছ ) ৷
একেৰাহে ১০ বছৰত মুঠ ৩৬৫৬ দিন ৷
(৪) নৰেন্দ্ৰ মোডী (বি জে পি ) ৷
বওমানলৈকে একেৰাহে ৭ বছৰত মুঠ ২২৭৩ দিন ৷
(৫) অতল বিহাৰী বাজপেয়ী (বি জে পি) ৷
দুটা কায্যকালৰ ৬ বছৰত মুঠ ২২৬৮ দিন ৷
বওমানলৈকে ভাৰতত মুঠ ১৫ জন প্ৰধানমন্ত্ৰীয়ে কায্যভাৰ গ্ৰহণ কৰিছে ৷ ভাৰতৰ শাসনৰ বাঘজৰী লোৱা এই ১৫ জন প্ৰধানমন্ত্ৰী হল ,
(১) পণ্ডিত জৱাহৰলাল নেহেৰু ৷
(২) গুলজাৰিলাল নন্দ ৷
(৩) লালবাহাদুৰ শাস্ত্ৰী ৷
(৪) ইন্দিৰা গান্ধী ৷
(৫) মোৰাৰজী দেশাই ৷
(৬) চৌধুৰী চৰণ সিং ৷
(৭) ৰাজীৱ গান্ধী ৷
(৮) বিশ্বনাথ প্ৰতাপ সিং ৷
(৯) চন্দ্ৰ শেখৰ ৷
(১০) নৰসিংহ ৰাও ৷
(১১) অটলবিহাৰী বাজপেয়ী ৷
(১২) এইচ ডি দেৱেগৌড়া ৷
(১৩) ইন্দ্ৰকুমাৰ গুজৰাল ৷
(১৪) ড° মনমোহন সিং ৷
(১৫) নৰেন্দ্ৰ মোডী ৷
এই ১৫ জন প্ৰধানমন্ত্ৰীৰ ভিতৰত অতি কমসময়ৰ বাবে হোৱা প্ৰধানমন্ত্ৰী হল
গুলজাৰিলাল নন্দ ৷ তেখেতে দুটা প্‌থক কায্যকালত মাএ ২৮ দিনহে প্ৰধানমন্ত্ৰীৰ আসনত আছিল ৷

Photos from BARKOLA KALITAPARA LOWER PRIMARY SCHOOL, Kaligaon, Udalguri's post 21/06/2020

# ছাত্ৰ ছাত্ৰীৰ বাবে :-সূৰ্যগ্ৰহণ ( Solar Eclipse)

আজি ২০২০ বৰ্ষৰ প্ৰথমটো সূযৰ্গ্ৰহণ । এই সূৰ্যগ্ৰহণনো কি তাকে আলোচনা কৰো আঁহা।আমি জানো যে পৃথীৱীয়ে ইয়াৰ উপবৃত্তাকাৰ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে ঘুৰি বা পৰিভ্ৰমণ কৰি আছে ।পৃথিৱীৰ এই ঘূৰ্ণন বা গতিক বাৰ্ষিক গতি বোলে । একেদৰে চন্দ্ৰই (moon) পৃথিৱীৰ চাৰিওফালে ঘুৰি আছে । এইদৰে গতি কৰি থাকোতে কেতিয়াবা সূৰ্য , চন্দ্ৰ আৰু পৃথিৱী একেডাল সৰল ৰেখাত অৱস্থান কৰে । যদি চন্দ্ৰটো সূৰ্য আৰু পৃঁদথিৱীৰ মাজত অৱস্থান কৰে তেতিয়া পৃথিৱীৰ পৰা কিছু সময়ৰ বাবে সূৰ্যটো দেখা পোৱা নাযায় বা আংশিক ভাবে দেখা যায়।এই পৰিঘটনাকে সূৰ্য গ্ৰহণ বোলা হয় । অমাৱশ্যাৰ পিচত ন জোন ওলোৱাৰ সময়তে এই পৰিঘটনা দৃশ্যমান হয় । ই এক স্বাভাৱিক মহাজাগতিক পৰিঘটনা ।কব পাৰি ছাঁ পোহৰৰ খেলা ।বছৰত দুই তিনিবাৰ এনে পৰিঘটনা দেখা যায় ।
সূৰ্গ্ৰহণ প্ৰআধানত তিনিপ্ৰকাৰৰ।সেয়া হ'ল----
(১)আংশিক (partial eclipse)
(২)পূৰ্ণগ্ৰাহ (total eclipse)
(৩) বলয় গ্ৰাহ (annular elicpse)
আংশিক সূৰ্য গ্ৰহণত সূৰ্যটো পৃথিৱীৰ পৰা আংশিকভাবে দেখা যায়। অৰ্থ্যাৎ চন্দ্ৰৰ ছাঁই সূৰ্যটো সৰ্ম্পূণকৈ ঢাকিব নোৱাৰে ।
পূৰ্ণগ্ৰাহ সূৰ্যগ্ৰহণত সূৰ্যটো ৰ্ম্পূণকৈ নেদেখা হয় ।অৰ্থ্যাৎ চন্দ্ৰৰ ছাঁই সূৰ্যটো সৰ্ম্পূণ ঢাখি ৰাখে ।যিহেতু চন্দ্ৰ আৰু পৃথিৱী গতিশীল ।গতিকে কিছু সময়ৰ বাবেহে এই পৰিঘটনা পৰিলক্ষিত হয় ।
আনহাতে বলয়গ্ৰাহ সূৰ্যগ্ৰহণো এক প্ৰকাৰৰ আংশিক । চন্দ্ৰৰ ছাঁই সূৰ্যটোৰ বৃহৎ অংশ ঢাকি ধৰে ।কিন্তু সৰ্ম্পূণকৈ ঢাকিব নোৱাৰে । সেইবাবে সূৰ্যটো আঙঠিৰ দৰে দেখা যায় ।এই আঙঠিৰ চাৰিওফাে উজ্বলি উঠা সূৰ্যৰ ৰশ্মিক ৰিং অফ ফায়াৰ (ring of fire ) বোলাে । এই গ্ৰহণ খালচকুৰে চোৱাটো বিপদজনক । সূৰ্যৰ ৰশ্মিত অতি বেঙুনীয়া ৰশ্মি ultra ray ),,ইনফ্ৰা ৰশ্মি আদি জীৱৰ বাবে ক্ষতিকাৰক ৰশ্মি থাকে বাবে খালী চকুৰে সূৰ্য গ্ৰহণৰ পৰিঘটনা চাব নালাগে । Solar safty eclipse glass বা টেলিসোপৰ সহায়ত চাখব লাগে ।
আজি সংঘটিতত হোৱা সূৰ্য গ্ৰহণ বলয় গ্ৰাহ সূৰ্য গ্ৰহণ ।

# # copy # # #

21/06/2020

'যোগ অভ্যাসে ব্যক্তিৰ মন আৰু শৰীৰৰ উৎকৰ্ষ সাধন কৰে'।
"আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস" উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ l

20/06/2020

# ২০ জুন ।
অসম আৰু অসমীয়াৰ বাবে এটি স্মৰণীয় দিন ।এটি ভাল লগা দিন ।আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি ।১৯৬৯ চনৰ আজিৰ দিনটোতে শিল্পী সৈনিকজন আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। আজি তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছো। তেওঁৰ বিষয়ে কিবা লিখাৰ প্ৰয়াজন আছে বুলি ভবা নাই । তথাপিও তেওঁৰ এটি বিশেষ কথাৰ বিষয়ে অকনমান লিখাৰ লোভ সামৰিব নোৱাৰিলো ।সেইয়া হ'ল তেওঁৰ সংহদীয় গণতন্ত্ৰৰ প্ৰতি থকা আস্থা আৰু বিশ্বাস। জীৱনৰ শেষৰ ফালে ৰাভাদেবে ৰাজনীতিৰ পথাৰত ভৰি দিছিল । সংসদীয় নিৰ্বাচনত অংশ গ্ৰহণ কৰিছিল ।বিধান সভালৈ এবাৰ নিৰ্বাচিত হৈছিল । এই কথাৰ পৰা আজি আমি এই কথা নিশ্চয় শিকিব পাৰো যে গণতন্ত্ৰত সক্ৰিয় ৰাজনীতি অপৰিহাৰ্য ।সেয়েহে নৱ প্ৰজন্মই ৰাজনীতিৰ পৰা আঁতৰি থকা অনুচিত । মই ৰাজনীতি বেয়া পাওঁ বুলি কৈ আঁতৰি থকা অযোগ্যজনক শাসনৰ বাঘজৰী তুলি দি বাৰে বাৰে নিজৰ ভৰিত কুঠাৰ মৰা একে কথা । সমাজ দেশ আৰু জাতিক সেৱা কৰিবলৈ কৰ্মস্পৃহা আৰু কৰ্মদক্ষতা থকা লোকৰ প্ৰয়োজন ।লগতে বিষ্ণু প্ৰসাদ ৰাভাৰ দৰে সঁচা অন্তৰে দেশ আৰু জাতিক ভালপোৱা লোকৰ প্ৰয়োজন ।সক্ৰিয় ৰাজনীতিৰ যোগেদিও দেশ আৰু জাতিৰ সেৱা কৰিব পাৰি ।সেয়েহে হয়তু ৰাভাদেৱে সক্ৰিয় ৰাজনীতিলৈ আহিছিল ।এতিয়া বিজ্ঞান প্ৰযুক্তি আৰু ডিজিটেল যুগ । দেশ আৰু জাতিৰ ভবিষ্যৎ নিৰ্মাতা সকল সঁচা অৰ্তথ শিক্ষিত আৰু দেশপ্ৰেমিক হব লাগিব ।নহলে দেশৰ উন্নতি আশা কৰিব নোৱাৰি । শান্তি হব সুদূৰ পৰাহত ।এতেকে নতুন প্ৰজন্মই সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি নাথাকি দেশ আৰু জাতিৰ সেৱা কৰিবলৈ আগবাঢ়ি আহক ।আজি ৰাভাদেৱৰ পবিত্ৰ মৃত্যু তিথিত এয়াই আহ্বান । শেষত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱৰ সেই বিখ্যাত কবিতাটোৰ প্ৰথম দুটামান শাৰীৰে সামৰিলো ।
"" বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি
তুমি সাৰে আছা সাৰে আছো আমি
আৰু সাৰে আছে প্ৰীতি ।
------ ------- ------ ------ ------।
ধন্যবাদ ।

# # কপি। # # #

17/06/2020

হাইস্কুল শিক্ষান্তত প্ৰথম হোৱা ধৃতিৰাজৰ পঢ়াৰ ১১টা কৌশল
হাইস্কুল শিক্ষান্তত প্ৰথম হোৱা ধৃতিৰাজৰ পঢ়াৰ ১১টা কৌশল
Post author:24xomoyPost published:June 12, 2020Post Category:Student articlePost Comments:0 Comments
কেনেকৈ মনত ৰাখে ,কেনেকৈ খৰকৈ লিখে ,কেনেকৈ ব্যৱহাৰ কৰিছিল গুগল ?
( সাক্ষাৎকাৰ গ্ৰহণ কৰিছে ‘ন’ ৰ মুখ্য সম্পাদক জিতুমণি নেওগে )

বৰমপুৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতা এতিয়া অসমৰ এটা পৰিচিত নাম ৷ ৰাজ্যৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ স্হান অধিকাৰ কৰা ধৃতিৰাজে পৰীক্ষাত সফলতা লভিবলৈ ১১ টা কৌশল বা কিটিপ প্ৰয়োগ কৰিছিল ৷ এই কৌশলবোৰৰ লগতে কি দৰে প্ৰস্তুতি চলালে সফল হ’ব পাৰি – সেই বিষয়ে ”ন” ৰ সৈতে হোৱা সাক্ষাৎকাৰত সকলোবোৰ ক’লে ধৃতিৰাজে –

ধৃতিৰাজে “ন” ৰ আগত ক’লে কেনেদৰে প্ৰস্তুত হৈছিল পৰীক্ষাৰ বাবে ৷পঢ়াৰ টেবুলখন কেনেকৈ ৰাখিছিল , একেলেথাৰিয়ে পঢ়িছিলে নে নাই ,পঢ়ি আমনি লাগিলে কি কৰিছিল ,কি কি বাহিৰৰ কিতাপৰ সহায় লৈছিল ,ম’বাইল কিয় ব্যৱহাৰ কৰিছিল আদি বহু প্ৰশ্নৰ উত্তৰ দিলে ছাত্ৰজনে ৷ এবাৰ পঢ়ক ধৃতিৰাজৰ এই সাক্ষাৎকাৰ ৷

সপ্তম শ্ৰেণীৰ পৰাই মই প্ৰস্তুতি আৰম্ভ কৰিছিলো :

মই সপ্তম শ্ৰেণীৰ পৰাই পঢ়াৰ প্ৰতি অধিক ধাউতি দিছিলো ৷ চেষ্টা কৰিছিলো শ্ৰেণীত সকলোতকৈ যাতে বেছি নম্বৰ লাভ কৰিব পাৰো ৷ সহপাঠীসকলতকৈ বেছি বিষয় কেনেকৈ আয়ত্ত কৰিব পাৰো তাৰ জেদ ভাৱ এটা পুহিবলৈ আৰম্ভ কৰিছিলো ৷

পঢ়িবলৈ এটা নিৰ্জন পৰিবেশ লাগে :

আমাৰ ঘৰখনত পঢ়াৰ পৰিবেশ এটা আছিল ৷ মোৰ পঢ়াৰ কোঠালিটো দেউতাই আছুতীয়াকৈ ব্যৱস্থা কৰি দিছিল ৷ এক নিৰ্জন পৰিবেশে সদায় ঘৰখনত বিৰাজ কৰিছিল ৷ মই পঢ়ি থকাৰ সময়বোৰ ঘৰত থকা মা আৰু ভন্টিয়ে যিমান পাৰি সিমান নিৰৱতা অৱলম্বন কৰিছিল ৷মোৰ যাতে ধ্যান ভংগ নহয় তাৰ প্ৰতি তেওঁলোকে সততে চকু ৰাখিছিল ৷

পঢ়াৰ টেবুলখন কেনেকৈ সজাইছিলো :

পঢ়াৰ টেবুলখনত মই পঢ়ি উঠি কিতাপবোৰ সদায় শৃংখলাবদ্ধকৈ থৈছিলো ৷ কোনো কিতাপ বা বহী যাতে মই বাৰে বাৰে বিচাৰি ফুৰিব লগা নহয় ,তেনেকৈ চকুত পৰাকৈ ৰাখিছিলো ৷ অলপ পাছত পঢ়িব লগা কিতাপবোৰ ওপৰত হাত দিলেই পোৱাকৈ থৈছিলো ৷

বেৰত অসমৰ মেপখন আৰি থৈছিলো :

বহু মেধাবী ছাত্ৰ-ছাত্ৰীয়ে বেৰত বিজ্ঞান বা গণিতৰ সূত্ৰ বোৰ লিখি আৰি থয় ৷যাতে মনত ৰখাৰ বাবে উজু হয় ৷কিন্তু মই তেনেধৰণৰ কোনো সূত্ৰ বা চমু তথ্য লিখি বেৰত আৰি লোৱা নাছিলো ৷ মোৰ পঢ়া টেবুলৰ সন্মুখত বেৰত মই কেৱল অসমৰ মেপ এখন আৰি থৈছিলো ৷ সমাজ অধ্যয়নৰ পাঠত মেপ আঁকি ঠাইবোৰ বঢ়াবলৈ দিলে যাতে মোৰ ভুল নহয় ৷ এই মেপখন চাই ঠাই বোৰ মোৰ পৰিচিত হৈ পৰিছিল ৷

ঘন্টাৰ হিচাপত পঢ়া নাছিলো :

মই আচলতে ঘন্টাৰ হিচাপত নপঢ়ো ৷ একোটা পাঠ যিমান পাৰি মন পুতি পঢ়িবলৈ যত্ন কৰো ৷এনেদৰে প্ৰায় এঘন্টাৰ পৰা ডেৰঘন্টা মই টেবুলট একেলেথাৰিয়ে বহি ৰওঁ ৷ তাৰপাছত অকণমান সময়ৰ বাবে টেবুলৰ পৰা উঠি যাওঁ ৷ যেতিয়া আকৌ পঢ়িবলৈ মন যায় ,পুনৰ টেবুলত বহোহি ৷

পঢ়ি আমনি লাগিলে গান শুনো :

পঢ়ি আমনি লাগিলে মই মা বা ভন্টিৰ ওচৰলৈ যাওঁ ৷দুই এটা কথা পাতো ৷ মনটো সতেজ হ’লে পুনৰ পঢ়িবলৈ ঘূৰি আহো ৷ আমনি লাগিলে মাজে মাজে গান শুনো ৷তেতিয়া মনটো বহুত ভাল লাগে ৷

পঢ়া মনত ৰখাৰ দুটা কৌশল :

পঢ়া কথাবোৰ মনত ৰাখিবলৈ মই দুই ধৰণৰ কৌশল প্ৰয়োগ কৰো ৷প্ৰথম হ’ল – মই যিবোৰ পাঠ পঢ়ো তাৰ ওপৰত মাৰ লগত আলোচনা কৰো ৷মাক বুজোৱাৰ চেষ্টা কৰো যে পাঠটোৰ পৰা কি কি শিকিব পাৰি ৷ বুজি নাপালেও মায়ে মোক সহযোগ কৰে ৷ কেতিয়াবা ভন্টিৰ আগতো পঢ়াৰ পাঠ একোটাৰ বিষয়ে কওঁ ৷

দ্বিতীয়তে – মই পঢ়া কথাবোৰ মনত ৰাখিবলৈ পঢ়ি যোৱাৰ পাছতে তাৰ এটা থুলমুল আভাস বহীত লিখিবলৈ যত্ন কৰো ৷তেতিয়া কোন কেইটা কথা মই পাহৰিছো সেয়া স্পষ্ট হৈ পৰে ৷মই পাহৰা বিষয়কেইটা পঢ়ি আগতকৈ ভালকৈ লিখিবলৈ লওঁ ৷ পঢ়াৰ কথাবোৰ মনত পেলাই লিখি গ’লে পাছলৈ পাহৰি যোৱাৰ সম্ভাৱনা কম থাকে ৷

ইংৰাজী কেনেকৈ আয়ত্ত কৰো :

ইংৰাজী আয়ত্ত কৰাৰ ক্ষেত্ৰত মই অষ্টম শ্ৰেণীৰ পৰাই চেষ্টা অব্যাহত ৰাখিছিলো ৷ নিজে সাজি ৰচনা বা টোকা ইংৰাজীত লিখাৰ চেষ্টা কৰিছিলো ৷বাৰে বাৰে ভুল হৈছিল ৷ মই লিখা ইংৰাজী ৰচনাবোৰ মামা ককা আৰু ইংৰাজী চাৰক সঘনে দেখুৱাইছিলো ৷মামা ককাৰ ইংৰাজী বিষয়ৰ ওপৰত দখল আছে ৷ককাই ভুলবোৰ দেখুৱাই দিছিল ৷মই শুদ্ধ নোহোৱালৈকে বাৰে বাৰে লিখিছিলো ৷ নৱম শ্ৰেণীৰ পৰা মই ইংৰাজীত লিখাৰ ক্ষেত্ৰত বহু পৰিমাণে সফল হৈছিলো ৷ মই চেষ্টা কৰিছিলো যাতে মই লিখা ইংৰাজী ৰচনাৰ গঠন অন্য ছাত্ৰ-ছাত্ৰীতকৈ পৃথক হয় ৷

গুগলৰ ওপৰতেই আছিল মোৰ ভৰসা :

ৰেফাৰেন্স কিতাপ মোৰ নাছিল ৷ মই নজনাটো জানিবৰ বাবে শিক্ষক সকলৰ লগতে গুগলৰ আশ্ৰয় লৈছিলো ৷মোৰ মনত প্ৰশ্ন উদয় হ’লেই গুগলত তাৰ উত্তৰ বিচাৰিছিলো ৷পাঠ এটাৰ বিষয়ে অধিক জানিবলৈ মন গ’লেই গুগলৰ সহায় লৈছিলো ৷ গুগলৰ জৰিয়তে বিষয়বোৰ পুংখানুপুংখভাৱে জানিছিলো ৷

ঘনে ঘনে নিজৰ পৰীক্ষা লৈছিলো :

ঘনে ঘনে মই নিজৰে পৰীক্ষা লৈছিলো ৷ তিনিঘন্টাৰ পৰিবৰ্তে মই আঢ়ৈ ঘন্টাত যাতে প্ৰশ্ন কাকত এখনৰ সকলো প্ৰশ্ন উত্তৰ কৰিব পাৰো তাৰ অভ্যাস কৰিছিলো ৷ ইয়াৰ বাবে মই Question Bank কিতাপৰ জৰিয়তে বিগত বছৰবোৰৰ প্ৰশ্ন কাকতবোৰ তিনিঘণ্টা সময় নিৰ্ধাৰণ কৰি শুদ্ধকৈ কৰিবলৈ যত্ন কৰিছিলো ৷পৰীক্ষাত বহাৰ দৰে পৰিবেশ নিজে সৃষ্টি কৰি লৈছিলো ৷ মনটোক কৈছিলো যে আঢ়ৈ ঘন্টাৰ ভিতৰত একোখন প্ৰশ্ন কাকতৰ উত্তৰ কৰি শেষ কৰিবই লাগিব ৷ইয়াৰ ফলত মোৰ লিখাৰ গতিবেগ বৃদ্ধি পাইছিল আৰু নিজৰ ভুলবোৰ ধৰা পেলাব পাৰিছিলো ৷

মোৰ ঘৰৰ কাষত বন্ধু নাই :

মোৰ ওচৰ চুবুৰীয়া কোনো বন্ধু বান্ধৱ নাছিল ৷কাৰণ মই ঘৰৰ পৰা ওলাই গৈ সময় পাৰ কৰিবলৈ বৰ টান পাইছিলো ৷ মই ঘৰৰ ভিতৰত সোমাই থাকিয়েই ভাল পাইছিলো ৷ অৱশ্যে বিদ্যালয়ৰ একাংশ বন্ধু বান্ধৱী আছে ৷ বিদ্যালয়ৰ আজৰি সময়ত তেওঁলোকৰ লগত কটাই মোৰ ভাল লাগিছিল ৷

মায়ে মোৰ সকলোতকৈ ডাঙৰ বন্ধু :

মা সকলোতকৈ মোৰ ডাঙৰ বন্ধু ৷ খাদ্য যতনৰ পৰা ধৰি পঢ়া টেবুললৈকে সকলোতে মোৰ পচন্দ অপচন্দ মায়ে চকু ৰাখিছিল ৷ মোৰ মনৰ প্ৰতিটো কথা মাৰ লগত মই আলোচনা কৰো ৷ পঢ়াৰ কথাৰ পৰা ধৰি সৰু বৰ প্ৰতিটো কথাই মাৰ লগত মন খুলি পাতো ৷দেউতাই মোৰ লাগতিয়াল সকলো সামগ্ৰী যোগান ধৰিছিল ৷ তেওঁলোকৰ আৰ্শীবাদ আৰু অৱদানৰ মই কেতিয়াও ধাৰ সোজাব নোৱাৰিম ৷

মই কিয় চিকিৎসক হ’ব বিচাৰো :

মই এজন চিকিৎসক হ’ব বিচাৰো কাৰণ চিকিৎসা সেৱা মানৱ সেৱাৰ সকলোতকৈ শ্ৰেষ্ঠ উপায় বুলি মই ভাবো ৷ এজন চিকিৎসক হৈ মই সকলো শ্ৰেণীৰ লোকৰ জীৱন আৰু স্বাস্থ্য ৰক্ষাৰ অভিযানত নামিব বিচাৰো ৷ আগৰে পৰা মই চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছো ৷

নিয়মানুৱৰ্তিতাই সফলতাৰ মূলমন্ত্ৰ :

উঠি অহা আমাৰ অনুজসকলক ক’ব বিচাৰো যে নিয়মানুৱৰ্তিতাই হ’ল সফলতাৰ মূল মন্ত্ৰ ৷ পাঠ সমূহ নিয়মীয়াকৈ অধ্যয়ন কৰি গ’লে আশা কৰা এটা ফল পোৱাটো কোনো কঠিন কাম নহয় ৷ ধৈৰ্য্য সহকাৰে দৈনন্দিন ৰুটিন এখন মানি চলিব লাগিব ৷

06/06/2020

দৰং জিলাৰ সুযোগ্য সন্তান ধৃতিৰাজ বাস্তৱ কলিতাই শেহতীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বমুঠ ৫৯৫ নম্বৰ লৈ অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে । সুযোগ্য ছাত্ৰজনলৈ আমাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ । ধন্যবাদ 🙏🙏

Photos from BARKOLA KALITAPARA LOWER PRIMARY SCHOOL, Kaligaon, Udalguri's post 05/06/2020

#বিশ্ব_পৰিৱেশ_দিৱস_2020
1974 চনৰে পৰা প্ৰতিবছৰে আয়োজিত হৈ অহা ‘বিশ্ব পৰিৱেশ দিৱস’ৰ প্ৰতিবছৰৰ বাবে
একোটা প্ৰতিপাদ্য বিষয় নিৰ্বাচন কৰা হয়। প্ৰতিবছৰৰ বাবে ৰাষ্ট্ৰসংঘই ইয়াৰ
একোখন সদস্য ৰাষ্ট্ৰৰ সহযোগত এই দিৱস উদযাপন কৰে যাতে বিশ্বৰ প্ৰতিখন
ৰাষ্ট্ৰতে আৰু প্ৰতিটো প্ৰান্ততে অধিক সজাগতা সৃষ্টি কৰিব পৰা যায়। এই বছৰৰ
বাবে অৰ্থাত ‘বিশ্ব পৰিৱেশ দিৱস-২০২০’ ৰ বাবে মূখ্য বিষয় বা থিম হৈছে-
Celebrate Biodiversity আৰু ইয়াৰ শ্লোগান হৈছে- Time for Nature

এই থিম বা প্ৰতিপাদ্য বিষয়টোৰ জৰিয়তে পৃথিৱীৰ জৈৱ-বৈচিত্ৰ তথা জৈৱ
প্ৰজাতিসমূহৰ প্ৰতি নামি অহা তীব্ৰ ভাবুকি ৰোধ কৰি পৰিৱেশ তন্ত্ৰক সুস্থিৰ
অৱস্থাত ৰখাৰ বিষয়ে সৰ্বসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিব বিচৰা হৈছে।
ক্ষুদ্ৰাতিক্ষুদ্ৰ অণুজীৱৰ পৰা বৃহদাকাৰ জন্তুলৈকে সকলোবোৰ জীৱই ইটো সিটোৰ
পৰিপূৰক ভূমিকা পালন কৰি পৰিৱেশতন্ত্ৰক ধৰি ৰাখিছে। আমি এই
জৈৱ-বৈচিত্ৰসমূহৰ প্ৰতি কোনোধৰণৰ ভাবুকি নহাকৈ পৰিৱেশ অনুকূলভাৱে
জীৱন-যাত্ৰা আগুৱাই নিব পাৰো সেই সম্পৰ্কে সকলোকে সজাগ কৰি তোলাই ইয়াৰ
উদ্দেশ্য। এই বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল কাৰ্যসূচী জাৰ্মানীৰ সহযোগত
কলম্বিয়াত অনুষ্ঠিত হ’ব।

১৯৭২ চনৰ ৫ জুনৰ পৰা ১৬ জুনলৈ ছুইডেনৰ ৰাজধানী ষ্টকহ’মত অনুষ্ঠিত হোৱা ‘ৰাষ্ট্ৰসংঘৰ মানৱ পৰিৱেশ সন্মিলন’ (United Nations Conference on the Human Environment) ত
পোন প্ৰথমবাৰৰ বাবে ‘বিশ্ব পৰিৱেশ দিৱস’ হিচাপে ৫ জুনৰ দিনটো উদযাপন কৰাৰ
সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ
মাজত পৰিৱেশ সম্পৰ্কীয় জনসজাগতাৰ সৃষ্টি কৰি পৰিৱেশ সংৰক্ষণ সম্পৰ্কে সচেতন
কৰি তোলা। ক্ৰমাগত বৰ্ধিত জনসংখ্য়াৰ ফলতো যাতে মানৱ জাতিৰ বাসস্থান এই
ধুনীয়া পৃথিৱীখনৰ পৰিৱেশ বিনষ্ট নহয় আৰু সদায়ে মানুহৰ বাসযোগ্য আৰু সুস্থিৰ
হৈ থাকে তাৰ যথোচিত পদক্ষেপ লোৱাৰ বাবে ১৯৭৩ চনৰ ৫ জুনৰ দিনটো প্ৰথমবাৰৰ
বাবে ‘বিশ্ব পৰিৱেশ দিৱস’ হিচাপে উদযাপন কৰা হয়। সেই বৰ্ষৰ মূখ্য বিষয় আছিল
Only One Earth । আৰু ইয়াৰ পাছৰ বছৰ অৰ্থাত ১৯৭৪ চনৰ পৰা বিশ্বৰ বিভিন্ন
ৰাষ্ট্ৰ আৰু মহানগৰসমূহত বিশ্ব পৰিৱেশ দিৱসৰ উদযাপন কৰি অহা হৈছে।

বিগত কেইটামান বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ প্ৰতিপাদ্য বিষয়
২০১৯ চনৰ বাবে- Beat Air Pollution, আয়োজক দেশ- চীন।
২০১৮ চনৰ বাবে-Beat Plustic Pollution, আয়োজন দেশ-ভাৰতবৰ্ষ।
২০১৭ চনৰ বাবে-Connecting People to Nature–in the city and on the land, from the poles to the equator’, আয়োজন দেশ-কানাডা।

বিশ্বত ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা জনসংখ্যাই পৰিৱেশৰ ওপৰত নানা
ধৰণেৰে কুপ্ৰভাৱ পেলাই আহিছে। যাৰ ফলশ্ৰুতিত নিতৌ নতুন নতুন পৰিৱেশজনিত
সমস্যাই মানৱ জাতিক প্ৰত্যাহ্বানৰ সন্মুখীন কৰি তুলিছে। জলমণ্ডল,
স্থলমণ্ডল, বায়ুমণ্ডলৰ ব্যাপক প্ৰদূষণ আৰু বিভিন্ন কল-কাৰখানাৰ পৰা নিৰ্গত
বিষাক্ত পদাৰ্থ তথা আৱৰ্জনাই চানি ধৰা পৃথিৱীখন সমগ্ৰ জীৱকূলৰ বাবে
অনুপযোগী কৰি তুলিছে। যাৰ ফলশ্ৰুতিত জৈৱ-বৈচিত্ৰৰ প্ৰতি তীব্ৰ ভাবুকি আহি
পৰিছে। এই সমগ্ৰ বিষয়বস্তুটোৰ প্ৰতি মানুহৰ মানুহৰ মাজত সজাগতা সৃষ্টি কৰি
বিকল্প তথা প্ৰদূষণমুক্ত পদ্ধতিৰ উদ্ভাৱন আৰু ব্যৱহাৰেৰে জৈৱ-বৈচিত্ৰক
ধ্বংস নকৰাকৈ পৃথিৱীখন সদায়ে সেউজীয়া কৰি ৰখাৰ উদ্দেশ্যে এই দিৱস পালন কৰি
অহা হৈছে। এই বিষয়বস্তুৰ লগত সংগতি ৰাখি পৃথিৱীৰ বিভিন্ন প্ৰান্তত পৰিৱেশ
সম্পৰ্কীয় অধ্যয়ন আৰু গৱেষণা নিৰন্তৰে চলাই অহা হৈছে। যাৰ ফলস্বৰূপে আমি
বহুবোৰ বিকল্প আৰু পৰিৱেশ অনুকূল পদ্ধতি ব্যৱহাৰ কৰি পৰিৱেশৰ প্ৰতি অহা
ভাবুকি অলপ হ’লেও ৰোধ কৰিব পাৰিছো।

জীৱকূলৰ স্বাৰ্থত এটা সুস্থ তথা সকলোৰে বাসযোগ্য সুন্দৰ পৰিৱেশ গঢ়ি
তোলাৰ বাবে সাধাৰণ মানুহৰ মনত পৰিৱেশ সম্পৰ্কীয় বিষয়বস্তুবোৰ সহজ উপলদ্ধ
কৰি তোলাৰ বাবে বিশ্বৰ সকলো ৰাষ্ট্ৰই বিভিন্ন কাৰ্যপন্থাৰে এই দিৱস উদযাপন
কৰে।

সেয়া যি কি নহওক, পৃথিৱীৰ সমগ্ৰ মানৱ জাতিৰ ভৱিষ্যতৰ স্বাৰ্থত,
জীৱকূলৰ স্বাৰ্থত পৰিৱেশতন্ত্ৰৰ ৰক্ষা কৰি আমিও ৰাষ্ট্ৰসংঘৰ এই প্ৰচেষ্টাত
হাত মিলাওঁ আহক !

# # copied # #

বিদ্ৰ . ছাত্ৰ ছাত্ৰীৰ সৈতে আগৰ স্মৃতি।

30/03/2020

এদিন এটা নিগনিয়ে এজন খেতিয়কৰ ঘৰত এটা গাঁত খান্দি আছিল।তেনেতে নিগনিতোৱে দেখিলে যে খেতিয়কজনে মোনা এখনৰ পৰা কিবা উলিয়াই ঘৈনীয়েকক দেখুৱাই আছে।

নিগনিতোৱে কিবা খোৱাবস্তু বুলি ভাৱি ভালদৰে মনদি চাওঁতে দেখিলে যে সেইখন এখন নিগনি মৰা ফান্দ।সন্মুখত বিপদ দেখি নিগনিতোৱে ভয়তে কঁপি উঠিল ।সি দৌৰি গৈ কথাতো ঘৰৰেই পাৰজনীক ক'লে যে,আমাৰ ঘৰত নিগনি মৰা ফান্দ আহি গ'ল।

পাৰজনীয়ে নিগনিটোক ইতিকিং কৰি হাঁহি হাঁহি ক'লে যে,"ঘৰলৈ নিগনিৰ ফান্দ আহিল মোৰনো কি?মইনো তাত কিয় বন্দী হ'বলৈ যাম?

নিৰাশ হৈ নিগনিতোৱে কথাতো ঘৰৰেই মূৰ্গীতোক ক'লে।মূৰ্গীতোৱেও হাঁহি হাঁহি ক'লে ,এইতো মোৰ সমস্যা নহয় নিগনি ভাইটি !

হতাশ হৈ নিগনিতোৱে তাৰ পৰা দৌৰি গৈ কথাতো ঘৰৰ ছাগলিজনীক ক'লে।আৰু ছাগলীজনীয়েও ফূৰ্তিতে মাটিত বাগৰি বাগৰি হাঁহিবলৈ ধৰিলে।

সেইদিনাখন ৰাতিয়েই নিগনিৰ ফান্দখনে খটককৈ শব্দ এটা কৰিলে।এটা বিষাক্ত সাপ ফান্দখনত লাগি ধৰিছিল । আন্ধাৰত সাপৰ নেজডালক নিগনিৰ নেজ বুলি ভাৱি খেতিয়কৰ ঘৈনীয়েকে সাপডাল ফান্দৰ পৰা উলিয়াই আনিলে আৰু সাপডালে খেতিয়কৰ ঘৈনীয়েকক দংশন কৰিলে।

সাপৰ দংশনৰ কথা গম পাই খেতিয়কে এগৰাকী ওজা মাতি আনিলে।ওজাই ঔষধ দি পাৰচৰাই জোলৰ লগত খাবলৈ ক'লে।

*পাৰচৰাইজনী লগে লগে কেৰাহীত উতলিবলৈ ধৰিলে*।

খেতিয়কৰ ঘৈনীয়েকক সাপে দংশন কৰা খৱৰতো শুনি খেতিয়কৰ আত্মীয় কুটুমবোৰে খৱৰ ল'বলৈ আহিল।

তেওঁলোকৰ ভোজনৰ কাৰনে মুৰ্গীটোকো মাৰিব লগা হ'ল।

কিছুদিনৰ পিচত খেতিয়কজনৰ পত্নীৰ মৃত্যু ঘটিল।অন্তিম সংস্কাৰৰ পিচত ভোজৰ কাৰনে ছাগলীতোৰ মাংস বনোৱাৰ বাহিৰে আন একো উপায় নাছিল।

নিগনিতো ইতিমধ্যে দুৰলৈ …… বহুত দুৰলৈ গুছি গৈছিল।

কেতিয়াবা কোনোবাই যদি আপোনাক নিজৰ সমস্যা বা বিপদৰ কথা কয় আৰু যদি আপোনাৰ এনেকুৱা ভাৱ হয় যে এইতো আপোনাৰ সমস্যা নহয়,তেতিয়া আকৌ দ্বিতীয়বাৰলৈ চিন্তা কৰক।এইতো আমাৰ সকলোৰে সমস্যা বা বিপদ হ'ব পাৰে।

সমাজৰ এটা অংশ,এটা গোষ্ঠী,এজন নাগৰিকৰ জীৱন যদি বিপদাপন্ন হয় তেতিয়া আচলতে সমগ্ৰ দেশখনেই বিপদাপন্ন হয়।

জাতি ধৰ্মৰ ঠেক গণ্ডীৰ পৰা ওলায় আহক আৰু সমাজখনক সাম্প্ৰদায়িকতাৰ নিচিনা নিগনি মৰা ফাণ্ডখনৰ পৰা মুক্ত কৰক।
মনত ৰাখিব কেতিয়াবা আপুনিও এই ফাণ্ডখনৰ চিকাৰ হ'ব পাৰে।(copied)

30/03/2020
Want your school to be the top-listed School/college in Darrang?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address


Darrang
784525