নতুন উদ্যম আৰু শৈক্ষিক দিশত উত্তোৰণ ঘটোৱা বাবে শংকৰ আজান জেনিথ্ একাডেমী ৰ নৱতম সংযোজন শংকৰ আজান জেনিথ্ একাডেমী জুনিয়ৰ স্কুল। আজি ইংৰাজী ২০।৪।২০২৬ শুভ উদ্বোধনী কৰা হয়।
সকলো শুভাকাংক্ষী ৰাইজৰ সু দিহা পৰামৰ্শ আৰু আশীৰ্বাদ বিচাৰিলোঁ। ।।
SAZ Senior Secondary School
2014
14/04/2026
সম্মানীয় অভিভাৱকসকল, শুভাকাংক্ষী তথা সুধী সমাজ,
শ্ৰদ্ধা গ্ৰহন কৰিব। ছিপাঝাৰ অঞ্চলৰ শৈক্ষিক তথা বৌদ্ধিক দিশত বিকাশ সাধন হব পৰাকৈ ২০১৪ চনত শংকৰ আজান জেনিথ্ একাডেমী প্ৰতিষ্ঠা কৰা হৈছিল। আহি আহি আজি ১২ বছৰত ভৰি দিলে। এই ১২ বছৰত প্ৰায় ৩০০০ মান ছাত্ৰ ছাত্ৰী একাডেমীৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। আমাৰ একাডেমীত ছিপাঝাৰ অঞ্চলৰ মধ্যবিত্ত তথা ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত আসন লাভ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি নামভৰ্তি হয়।আমাৰ একাডেমীত অধ্যয়ন কৰি বহু দুখীয়া ঘৰত পোহৰৰ চাকি বন্তি জ্বলিবলৈ সক্ষম হৈছে।
হে সুধী সমাজ,
আমাৰ ছাত্ৰ ছাত্ৰী আজি অসম চৰকাৰৰ অধিনত বহুতো চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। নাৰিকলি গাঁৱৰ সুমন্ত নাথ নগাঁও জিলাৰ ধিং থানাৰ S/I হৈছে । চৰকাৰী বিদ্যালয় শিক্ষক চাকৰি, নাৰ্ছ, ৩য় বগৰ্ৰ, চাকৰি, বেংক, Enginer, আদি দিশত চাকৰি লবলৈ সক্ষম হৈছে।
আৰম্ভণি পৰাই মাচুল পৰিমান কম কৰি ছাত্ৰ ছাত্ৰী সকল যাতে উপকৃত হব পাৰে তাৰ বাবে আমি গুৰুত্ব প্ৰদান কৰি আহিছো।
পাঠদানৰ সময়ত একাডেমীৰ পৰা সম্পূৰ্ণ সুবিধা প্ৰদান কৰি উন্নত মানৰ শিক্ষা প্ৰদান কৰি আহিছো। শ্ৰেণী কোঠাত ডিজিটেল বোৰ্ড, চিচি টিভি কেমেৰা আদি ব্যৱস্থা কৰা হৈছে।
আমাৰ মহাবিদ্যালয়ত ১ম বৰ্ষৰ পৰীক্ষাৰ চেন্টাৰ +পেক্টিকেল পৰীক্ষা আৰু ২য় বৰ্ষৰ পেক্টিকেল পৰীক্ষাৰ চেন্টাৰ অসম চৰকাৰৰ শিক্ষা বিভাগ তথা "অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড ২" (Assam State School Education Board ,Division 2)ৰ পৰা অনুমতি লাভ কৰো।
এইবেলি একাডেমীত ইংৰাজী মাধ্যমত একেবাৰে নাচাৰ্ৰী ক্লাছৰ পৰা নামভৰ্তি কৰিছোঁ। ইতিমধ্যে নামভৰ্তি ৪০ জনৰো অধিক ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হৈছে।
উ:মা:১ম বৰ্ষৰ বিজ্ঞান শাখাৰ নামভৰ্তিৰ মাচুল :৮০০০টকা আৰু মাহিলী মাচুল ৮০০টকা।
কলা শাখাৰ :৫০০০টকা আৰু মাহিলী মাচুল ৫০০টকা ৰখা হৈছে।
ইয়াৰে নামভৰ্তিৰ মাচুল দুখীয়া, ভাল ৰিজাল্ট কৰি অহা ছাত্ৰ ছাত্ৰীৰ বাবে কমাই দিয়াৰ সিদ্ধান্ত লোৱা আছে।
সদৌ শেষত, আপোনালোক সকলো আমাৰ একাডেমীৰ একো একোজন শুভাকাংক্ষী হওঁক, আমাক সহায় তথা পৰামৰ্শ প্ৰদান কৰক তাৰে কামনা কৰিলোঁ।
শ্ৰদ্ধাৰে
জয়ন্ত কুমাৰ নাথ।
সঠিক স্কুল, সঠিক ভৱিষ্যত
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভর্তিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।
10/04/2026
03/04/2026
Quality is more important than quantity
27/02/2026
_সম্মানীয় অভিভাৱকসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ লগতে শুভাকাংক্ষী সকল,
অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়, কাহিলীপাৰা লগতে COUNCIL ৰ পৰা শংকৰ আজান জেনিথ্ একাডেমীয়ে Final Affiliation চূড়ান্ত অনুমতি লাভ কৰে। এতিয়াৰ পৰা practical বিষয় সমূহৰ পৰীক্ষা শংকৰ আজান জেনিথ্ একাডেমীত পাতিব পৰা যাব। আমাৰ
_UDISE_ _CODE_ _NO_ : *18080100707* আৰু
_INSTITUTION_ _CODE_
_NO_ : *085696* (যিটো বহুতে প্ৰয়োজনীয় )
সেয়ে এই বেলিৰ পৰা শংকৰ আজান জেনিথ্ একাডেমী ত Nursery পৰা class 6লৈ( বা তাৰ ওপৰ শ্ৰেণী আহিলেও) নামভৰ্তি হৈ আছে।
আশা কৰোঁ আপোনালোকৰ ওচৰে পাজৰে থকা সৰু লৰা ছোৱালীৰ নামভৰ্তি ৰ বাবে আমাক সহায় কৰি দিয়ে যেন।
সৰু খণ্ডৰ বাবে বেলেগকৈ পকা ঘৰৰ শ্ৰেণী কোঠা বনোৱা হৈছে।
ধন্যবাদ
মহাবিদ্যালয় কতৃপক্ষ
শংকৰ আজান জেনিথ্ একাডেমী ।
_
14/02/2026
মহাবিদ্যালয়ৰ সপ্তাহৰ প্ৰতিযোগী সমূহৰ সাফল্যতা।। ।১৪।২।২৬
সম্মানীয় সুধীবৃন্দ,
আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ । আপোনালোকৰ সম্পূৰ্ণ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। শংকৰ আজান জেনিথ্ একাডেমীৰ জৰিয়তে ছিপাঝাৰ অঞ্চলৰ শৈক্ষিক দিশত একেৰাহে ধাৰাবাহিকতা ৰক্ষা কৰি আহিবলৈ প্ৰয়াস কৰা হৈছে।এয়া আপোনালোকৰ সম্পূৰ্ণ আশীৰ্বাদ আৰু সহযোগিতাৰ বাবে সম্ভৱ হৈ উঠিছে।
এইবেলি ২০২৬ বষৰ্ৰ পৰা পুনৰ এক শৈক্ষিক দিশ সংযোজন কৰি প্ৰাক প্ৰাথমিকৰ পৰা নামভৰ্তি কৰিব বিচাৰিছোঁ। ইয়াত যেন আমাক আপোনালোকে আশীৰ্বাদ তথা সু দিহা পৰামৰ্শ প্ৰদান কৰে। 🙏🙏ধন্যবাদ।
16/01/2026
সম্মানীয় সুধীবৃন্দ, ছিপাঝাৰবাসী ৰাইজ
২০২৬ বষৰ্ৰ পৰা শংকৰ আজান জেনিথ্ একাডেমী ৰ Nursery - Class x লৈ নামভৰ্তি দিবলৈ সম্পূৰ্ণ প্ৰস্তুতি কৰা হৈছে। সেয়ে আপোনালোকৰ সম্পূৰ্ণ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হ'ল।
শিক্ষাৰ মাধ্যম : ইংৰাজী
Click here to claim your Sponsored Listing.
Location
Category
Contact the school
Telephone
Address
Sipajhar
Changsari