19/08/2026
🎓 ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
মধ্য কামপীঠ মহাবিদ্যালয়, বোৰ্কা
বিগত বৰ্ষসমূহৰ দৰে এইবেলিও ১৯ আগষ্ট, ২০২৬ তাৰিখে বুধবাৰে মধ্য কামপীঠ মহাবিদ্যালয়, বোৰ্কাত মহাবিদ্যালয়খনৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে উলহ-মালহেৰে উদযাপন কৰা হয়।
🌿 পুৱা ৯.০০ বজাত — পতাকা উত্তোলন
প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে শ্ৰী দীনেশ শৰ্মা, সভাপতি, মহাবিদ্যালয় পৰিচালনা সমিতি, জ্যেষ্ঠ খণ্ডই পতাকা উত্তোলনেৰে।
🕯️ পুৱা ৯.৩০ বজাত — স্মৃতি তৰ্পণ
মহাবিদ্যালয়ৰ প্ৰয়াত ব্যক্তি আৰু শুভাকাংক্ষীসকলৰ স্মৃতিত স্মৃতি তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়। স্মৃতি তৰ্পণ কৰে—
- শ্ৰী মানিক কাকতি, সদস্য, মহাবিদ্যালয় উন্নয়ন সমিতি
- শ্ৰী মুকুন্দ শৰ্মা, অৱসৰী অধ্যক্ষ, মধ্য কামপীঠ মহাবিদ্যালয় (কণিষ্ঠ), বোৰ্কা
- শ্ৰী মনমিল কলিতা, সদস্য, মহাবিদ্যালয় উন্নয়ন সমিতি
- শ্ৰী শুভৰাম দাস, সদস্য, মহাবিদ্যালয় উন্নয়ন সমিতি
- শ্ৰী দ্বীজেন নাথ, সদস্য, মহাবিদ্যালয় উন্নয়ন সমিতি
🌱 পুৱা ১০.০০ বজাত — গছপুলি ৰোপণ
মহাবিদ্যালয় চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গছপুলি ৰোপণ কৰে শ্ৰী বিপিন দাস, সদস্য, মহাবিদ্যালয় উন্নয়ন সমিতিয়ে।
🪔 পুৱা ১০.৩০ বজাত — বন্তি প্ৰজ্বলন
বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে—
শ্ৰী চণ্ডী চৰণ কলিতা, সদস্য, মহাবিদ্যালয় উন্নয়ন সমিতি;
শ্ৰী ৰত্নেশ্বৰ কলিতা, সমাজহিতৈষী, বোৰ্কা;
শ্ৰী প্ৰবীণ কুমাৰ দাস, অৱসৰী প্ৰৱক্তা, মধ্য কামপীঠ মহাবিদ্যালয় (কণিষ্ঠ), বোৰ্কা; আৰু
শ্ৰী লক্ষ্যধৰ ডেকা, আঞ্চলিক সদস্য, বোৰ্কা-সাতগাঁও গাঁও পঞ্চায়ত।
🎤 পুৱা ১১.০০ বজাত — মুকলি সভা
ইয়াৰ পিছতে প্ৰতিষ্ঠা দিৱস উপলক্ষে এখন মুকলি সভা অনুষ্ঠিত হয়।
সভাত সভাপতিত্ব কৰে শ্ৰী শিৱ প্ৰসাদ ডেকা, সভাপতি, মহাবিদ্যালয় পৰিচালনা সমিতি, কণিষ্ঠ খণ্ডই।
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ড° হেমেন শৰ্মা, অধ্যক্ষ (জ্যেষ্ঠ খণ্ড), মধ্য কামপীঠ মহাবিদ্যালয়, বোৰ্কাই।
সভাত আদৰণি ভাষণ প্ৰদান কৰে শ্ৰী অনুশ্ৰী শৰ্মা, অধ্যক্ষা (ভাৰপ্ৰাপ্ত), কণিষ্ঠ খণ্ডই।
সভাৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ড° সুভাষ দাস, শৈক্ষিক পঞ্জীয়ক, ভট্টদেৱ বিশ্ববিদ্যালয়, বজালী।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ড° ভূপেন চন্দ্ৰ শৰ্মা, অধ্যক্ষ, পূব কামৰূপ মহাবিদ্যালয়।
শেষত সহকাৰী অধ্যাপক শিৱ কলিতাই শলাগৰ শৰাই আগবঢ়াই সভাৰ সামৰণি মাৰে।
🎉 মধ্য কামপীঠ মহাবিদ্যালয়ৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এই পৱিত্ৰ ক্ষণে মহাবিদ্যালয়খনৰ গৌৰৱোজ্জ্বল যাত্ৰা আৰু অধিক সফল, সমৃদ্ধিশালী তথা উজ্জ্বল হৈ উঠাৰ কামনা কৰিলোঁ।
জয়তু মধ্য কামপীঠ মহাবিদ্যালয়,বোৰ্কা। 🌿📚