Dr. Gyanashree Bora

Dr. Gyanashree Bora Official page of Dr. Gyanashree Bora,
General Secretary, Raijor Dal,
President, Jatiya Yuva Bahini.
(3)

শেহতীয়াকৈ দেৰগাঁও বালিদোৱা, খকন্দগুৰি, উভতা চাপৰি আদি অঞ্চলো বানৰ কৱলত আছিল। কালি সেই অঞ্চলসমূহৰ ৰাইজৰ খবৰ লওঁ আৰু সামান...
20/08/2026

শেহতীয়াকৈ দেৰগাঁও বালিদোৱা, খকন্দগুৰি, উভতা চাপৰি আদি অঞ্চলো বানৰ কৱলত আছিল। কালি সেই অঞ্চলসমূহৰ ৰাইজৰ খবৰ লওঁ আৰু সামান্যতম সহায় আগবঢ়াওঁ ৷
Highlight Debasish Saikia

18/08/2026
কাৱৈমাৰী গোঁহাই গাঁৱৰ ৰাইজৰ কাষত ।।
18/08/2026

কাৱৈমাৰী গোঁহাই গাঁৱৰ ৰাইজৰ কাষত ।।

স্বাধীনতা দিৱস উপলক্ষে মৰঙীয়াল মৌচুমী সংঘৰ উদ্যোগত আৰু গাঁওবাসী ৰাইজৰ সহযোগত কালিৰ পৰা অনুষ্ঠিত হোৱা ঐতিহাসিক “৩৬ তম্‌ প...
16/08/2026

স্বাধীনতা দিৱস উপলক্ষে মৰঙীয়াল মৌচুমী সংঘৰ উদ্যোগত আৰু গাঁওবাসী ৰাইজৰ সহযোগত কালিৰ পৰা অনুষ্ঠিত হোৱা ঐতিহাসিক “৩৬ তম্‌ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা”ত কালি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকোঁ। অনুষ্ঠানটিত এইদৰে আমাক অংশগ্ৰহণ কৰিবলৈ সুযোগ দিয়াৰ বাবে মৰঙীয়ালবাসী ৰাইজলৈ অশেষ ধন্যবাদ 🙏

16/08/2026
15/08/2026

আজি ১৫ আগষ্টৰ বিয়লি ৩.৩০-৪.০০ বজাত স্বয়ং নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত মানস সন্দিকৈসহ ৪০-৫০ জনীয়া এটা যুৱকৰ দলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় মুখ‍্য সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাৰ নাজিৰা সমষ্টিৰ বৰাহীবাৰী পঞ্চায়তৰ কাৰ্যালয়ৰ কাষতে থকা ঘৰলৈ আহি ঘৰৰ ভিতৰত ঋতুমণিৰ পত্নী অকলে থকা অৱস্থাত ঘৰটো খানা তালাচ কৰে আৰু ঋতুমণিৰ পত্নীক কয় যে যোৱা ৩ দিন ধৰি ঋতুমণিক ময়ূৰে বিচাৰি ফুৰিছে। ঋতুমণি পলাই থকা বুলি ময়ূৰে উল্লেখ কৰে। ময়ূৰ বৰগোহাঁইয়ে ঋতুমণিক তেওঁৰ পত্নীৰ সন্মুখত প্ৰকাৰান্তৰে হত‍্যাৰ ভাবুকি দিয়ে।
ঘৰৰ ভিতৰৰ কোঠাত অকলশৰীয়া অৱস্থাত নাজিৰাৰ বিধায়ক ময়ূৰে ঋতুমণিৰ পত্নীক কয় যে যিহেতু ঋতুমণি আৰু পত্নীৰ বিয়া হোৱা মাত্ৰ দুমাহ হৈছে , সেয়ে তেওঁ ছোৱালীগৰাকীক বিপদত পেলাব নোখোজে! ঋতুমণি হাজৰিকাৰো অপৰাধ হ’ল— তেওঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হৈ যোৱা ১২ আগষ্টত দিয়া সংবাদ মেল , য’ত তেওঁ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মহাপ্ৰলয়ৰ বাবে নাগালেণ্ডত চলি থকা অবাধ কয়লা খনন আৰু অসমৰ নাজিৰা সমষ্টিত চলি থকা অবৈধ শিল খননক জগৰীয়া কৰি সেই কামত মন্ত্ৰী সুশান্ত বৰগোহাঁই, বিজেপিৰ বিধায়কদ্বয় সোণাৰিৰ ধৰ্মেশ্বৰ কোঁৱৰ আৰু নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁইৰ এইবোৰ অবৈধ কাৰ্যত হাত আছে বুলি অভিযোগ কৰিছিল।

বিধায়ক ময়ূৰ বৰগোহাঁয়ে বুজি পাইছেনে, যে তেওঁৰ বিৰুদ্ধে কোনোবাই অভিযোগ আনিলে বুলিয়েই তেওঁ এইদৰে আনৰ ঘৰলৈ গুণ্ডাবাহিনী পঠিয়াই মাফিয়াৰ দৰে হত্যাৰ ভাবুকি দিব নোৱাৰে। এয়া গণতন্ত্ৰ পৰিপন্থী, নৈৰাজ‍্যবাদ, মাফিয়াৰাজৰ লক্ষণ।

হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ময়ূৰ বৰগোহাঁইক নিয়ন্ত্ৰণ কৰিবনে? তেওঁক এনে মাফিয়াগিৰিৰ পৰা আঁতৰি আহিবলৈ ক’বনে? পুলিচক এই সম্পৰ্কত suo moto গোচৰ ল’বলৈ আপুনি নিৰ্দেশ দিবনে?

আমি ৰাইজৰ দলে স্পষ্ট কৰি দিওঁ, ঋতুমণি হাজৰিকা , ছাবিৰ আহমেদ বা মানস কোঁৱৰৰ কোনো শাৰীৰিক, মানসিক ক্ষতি হ’লে বিধায়ক ময়ূৰ বৰগোহাঁয়ে জগৰীয়া হ’ব। মুখ‍্যমন্ত্ৰী ডাঙৰীয়াৰ সহাঁৰিলৈ অপেক্ষা কৰিম॥

15/08/2026

শিৱসাগৰৰ অনশনস্থলীত আজি আমাৰ বক্তব্য ৷৷

প্ৰলয়পীড়িত ৩ জিলাৰ ৰাইজৰ স্বাৰ্থত আজি শিৱসাগৰত অখিল গগৈ দেৱৰ অনশন কাৰ্যসূচী।
15/08/2026

প্ৰলয়পীড়িত ৩ জিলাৰ ৰাইজৰ স্বাৰ্থত আজি শিৱসাগৰত অখিল গগৈ দেৱৰ অনশন কাৰ্যসূচী।

দেৰগাঁও সমষ্টিৰ অন্তৰ্গত বানপানীত ক্ষতিগ্ৰস্ত  বালিদোৱা, কুহিমাৰি, ১নং আৰু ২নং খকণ্ডগুৰিকে আদি কৰি কাষৰীয়া বহুকেইটা অঞ্চ...
15/08/2026

দেৰগাঁও সমষ্টিৰ অন্তৰ্গত বানপানীত ক্ষতিগ্ৰস্ত বালিদোৱা, কুহিমাৰি, ১নং আৰু ২নং খকণ্ডগুৰিকে আদি কৰি কাষৰীয়া বহুকেইটা অঞ্চলত কালি আমি ৰাইজৰ দলৰ সতীৰ্থ সকলৰ সৈতে বান সাহায্য প্ৰদান কৰোঁ আৰু ৰাইজৰ দুখ- দুৰ্দশাৰ বুজ লওঁ‌।

Address

Chabua

Website

Alerts

Be the first to know and let us send you an email when Dr. Gyanashree Bora posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Dr. Gyanashree Bora:

Shortcuts

Share