31/03/2021
"কুউ কুউ কুলিয়ে বিনালে, গছৰ ডালে ডালে কপৌফুল ফুলিলে, আজি বিহুৰ তলিত অ' ককাই ঢোলৰ মাতে পেঁপাৰ মাতে বলিয়া কৰিলে মোক"। কিণ্ডাৰ গাৰ্ডেন প্ৰি-স্কুল বৰদলনিৰ সমূহ ছাত্ৰ-ছাত্ৰীক সাংস্কৃতিক দিশত আগবঢ়াই নিবৰ বাবে আয়োজন কৰা বিহু কৰ্মশালাৰ আজি অন্তিমটো দিন। ছাত্ৰ-ছাত্ৰী সকলক বিহুৰ কিছু আভাস দি আগলৈ আৰু আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা দিয়া প্ৰশিক্ষক সকললৈ কিণ্ডাৰ গাৰ্ডেন প্ৰি-স্কুলৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। বিহু সুৰক্ষা সমিতি অসম, বৰদলনি আঞ্চলিক সমিতিৰ সম্পাদক,বিহুৱা,লোকসংস্কৃতিৰ সাধক শ্ৰীযুত তৰণি ফুকন দেৱৰ তত্বাৱধানত ঢোলবাদক হিৰকজ্যোতি বৰগোহাঁই, পেপাঁবাদক যুগল চুতীয়া, ৰং বসন্ত উৎসৱ ২০১৯ বৰ্ষৰ চূড়ান্ত পৰ্যায়ৰ বিহু ৰাণী মুনুকণ গগৈয়ে বিহু কৰ্মশালা খন সূচাৰুৰূপে আঁত ধৰে। সদৌ বিহু কৰ্মশালাখন নিৰিক্ষণ কৰে ধেমাজিৰ বিহু বিচাৰক মিনকান্ত বৰাদেৱে।