17/09/2026
বঙাইগাঁও বিশ্ববিদ্যালয় কোচ ৰাজবংশী ছাত্ৰ গোটৰ উদ্যোগত যোৱা ১৫ ছেপ্তেম্বৰ ২০২৬ ইং তাৰিখে বঙাইগাঁওৰ জুবিন গাৰ্গ উদ্যান ৱাকিংজনত কোচ ৰাজবংশী নৱাগত আদৰণি সভা অনুষ্ঠিত কৰা হয়
উক্ত অনুষ্ঠানত ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন কৰে বঙাইগাঁও বিশ্ববিদ্যালয় কোচ ৰাজবংশী ছাত্ৰ গোটৰ সভাপতি ৰতন ৰায়ে আৰু শ্বহীদ তৰ্পণ কৰে বঙাইগাঁও বিশ্ববিদ্যালয় কোচ ৰাজবংশী ছাত্ৰ গোটৰ সাধাৰণ সম্পাদক জ্যোতিৰ্ময় পাঠকে
আৰু সন্ধিয়াৰ সাংস্কৃতিক মঞ্চ শুভ উদ্বোধন কৰে বঙাইগাঁওৰ বিশিষ্ট সমাজসেৱক তথা চিকিৎসক মাননীয় ডাঃ ইতেশ বৰদলৈ ডাঙৰীয়াই সাংস্কৃতিক সন্ধিয়াত জনগোষ্ঠীয় লোকনৃত্য আৰু গীতৰ মাজেৰে সুন্দৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়।
সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ শুৱনি কৰে বঙাইগাঁওৰ স্থানীয় শিল্পী ধনজিৎ পাঠক আৰু অসমৰ জনপ্ৰিয় কন্ঠশিল্পী মেঘনা ভুঞাঁৰ গীতৰ শৰাইৰে উক্ত অনুষ্ঠানত উপস্থিত সহায় সহযোগিতা কৰাৰ বাবে বঙাইগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী আৰু সদাশয় ৰাইজক ধন্যবাদ জনালোঁ।
ধন্যবাদ
জয়তু বঙাইগাঁও বিশ্ববিদ্যালয় কোচ ৰাজবংশী ছাত্ৰ গোট।
''জয় শুক্লধ্বজ ৰায় "