06/08/2026
মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ কিছু আলোকচিত্ৰ।
জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ ৬৩ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বৰ্ণাঢ্য কাৰ্যসূচীৰে অতি সাদৰেৰে উদযাপন কৰা হয় যোৱা ০৩/০৮/২০২৬ তাৰিখে।
পতাকা উত্তোলন, বৃক্ষ ৰোপণ, মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ লগত জড়িত ব্যক্তি শ্ৰদ্ধাৰ প্ৰবীণ চৌধুৰী আৰু জনাৰ্দন শৰ্মাৰ আবক্ষ মূৰ্ত্তি উদ্বোধন, স্মৃতি তৰ্পন আদি মাংগলিক কৰ্মৰে শুভাৰম্ভ হোৱা এইবাৰৰ প্ৰতিষ্ঠা দিৱসৰ মূল কাৰ্যসূচী আছিল হীৰক জয়ন্তী বৰ্ষৰ সোঁৱৰণত প্ৰতিষ্ঠা কৰা মহাবিদ্যালয়ৰ মূল তোৰণ উদ্বোধন।
মহাবিদ্যালয়খনৰ প্ৰশাসনৰ লক্ষাধিক অৰ্থৰ লগতে অধ্যক্ষ মহোদয়ৰ অলেখ কষ্ট, সৃষ্টিশীল ধাৰণাৰে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ বিষয়ববীয়াৰ সহযোগত চালে চকুৰোৱাকৈ নিৰ্মাণ হৈ উঠা মহাবিদ্যালয়ৰ মূল তোৰণখনৰ শুভ উদ্বোধন কৰে বকো ছয়গাঁও বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰীযুত ৰাজু কুমাৰ মেচ ডাঙৰীয়াই।
প্ৰতিষ্ঠা দিৱসৰ স্মাৰক বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰিবলৈ উপস্হিত থাকে আমাৰ অসম কাকতৰ মুখ্য সম্পাদক, সাহিত্যক শ্ৰীযুত মনোজ কুমাৰ গোস্বামী। তেখেতৰ বক্তৃতাৰ বিষয় হল "কৃত্ৰিম বুদ্ধিমত্তাৰ আগ্ৰাসন আৰু আনুষ্ঠানিক শিক্ষাৰ ভৱিষ্যৎ।" এই বিষয়ত তেওঁ তথ্য সমৃদ্ধ, সাৱলীল বক্তব্যৰে সকলোকে মুগ্ধ কৰে।
মুকলি সভাত তেখেতৰ লগতে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত লক্ষ্মীকান্ত শৰ্মা, NECTAR ৰ সঞ্চালক প্ৰধান ডঃ অৰুণ কুমাৰ শৰ্মা, অসম বিজ্ঞান প্ৰযুক্তি
আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ডঃ জয়দীপ বৰুৱা, উত্তৰ পূব পৰিষদ, শ্বিলঙৰ সচিব শ্ৰীযুত সতীন্দৰ কুমাৰ ভাল্লা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ যুটীয়া সচিব শ্ৰীমতী এ. ধনলক্ষ্মীক, ডঃ অমৰেন্দ্ৰ কুমাৰ দাস, VC , তেজপুৰ বিশ্ববিদ্যালয়, G.Ramesh Kumar, CGM NABARD কে আদি কৰি কেইবাগৰাকীও অতিথি উপস্থিতি থাকে।
প্ৰতিষ্ঠা দিৱসৰ এই মুকলি সভাতে IQAC ৰ দ্বাৰা প্ৰকাশিত ২০২৫-২৬ বর্ষৰ Newsletter , মহাবিদ্যালয়ৰ বাৰ্ষিক মুখপত্ৰ ' জৱাহৰ জ্যোতি ' ৰ লগতে গ্ৰন্থগাৰিক ডঃ অনামিকা
বৈশ্যৰ সম্পাদনাত প্ৰকাশিত গ্ৰন্থৰ শুভ উন্মোচন হয়।
ইয়াৰ লগতে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে মহাবিদ্যালয়ৰ মেধাৱী তথা আৰ্থিকভাৱে পিছপৰা চাৰিগৰাকী
ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে আগন্তুক তিনিটা বছৰৰ বাবে সহায় আগবঢ়োৱাৰ কথা ঘোষনা কৰে। উক্ত সভাতে সন্মিলনীয়ে ১৮ খন চিলিং ফেন মহাবিদ্যালয়ৰ বাবে আগবঢ়োৱাৰ কথাও ঘোষণা কৰে।
এই সভাতে দুখন MoU sign কৰা হয়।
অসম সংগীতেৰে শেষ হোৱা মুকলি সভাৰ পিছতে মহাবিদ্যালয়ৰ চৌহদত স্থাপন হোৱা CFC কেন্দ্ৰ মুকলি কৰা হয় । মুকলি কৰে শ্ৰীমতী এ. ধনলক্ষ্মীয়ে।