Bokakhat Jatiya Bidyalay

Bokakhat Jatiya Bidyalay This page only for information about bokakhat Jatiya bidyalay.

আজি আমাৰ বিদ্যালয়ৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক কাৰ্যসূচী অনুষ্ঠিত হয়। পুৱা প্ৰয়াস অধ্যয়ন চক্ৰৰ সভানে...
09/02/2026

আজি আমাৰ বিদ্যালয়ৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক কাৰ্যসূচী অনুষ্ঠিত হয়। পুৱা প্ৰয়াস অধ্যয়ন চক্ৰৰ সভানেত্ৰী তথা বোকাখাত জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী, সাহিত্যিক পেন্সনাৰ নিজৰা বৰঠাকুৰ বাইদেৱে পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰা অনুষ্ঠানত বিদ্যালয়খনৰ জেষ্ঠ শিক্ষয়িত্ৰী মনালিছা শইকীয়া বাইদেৱে বন্তি প্ৰজ্বলন কৰাৰ পাছতেই বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে জাতীয় বিদ্যালয়ৰ সংগীত পৰিবেশন কৰে। ইয়াৰ পূৰ্বে অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ অংকুৰ,কুঁহি আৰু সোপান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰি উলিওৱা প্ৰাচীৰ পত্ৰিকা "মৌ-কোঁহ" উন্মোচন কৰে প্ৰয়াস সংগীত কলা কেন্দ্ৰৰ ৰেক্টৰ প্ৰদীপ বৰুৱা ছাৰে। কণমানিহঁতৰ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক,সমাজ কৰ্মী বিকুল শইকীয়া ছাৰে। ইয়াৰ পাছতে অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অৰ্পণ অনুষ্ঠানৰ আঁত ধৰে মনালিছা শইকীয়া বাইদেৱে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈ বাইদেউ আৰু অৱসৰপ্ৰাপ্ত শিক্ষক বিকুল শইকীয়া ছাৰ।প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক, প্ৰয়াস সংগীত কলা কেন্দ্ৰৰ ৰেক্টৰ,ভায়লিন‌ বাদনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সেৱা আগবঢ়াই অহা বিশিষ্ট শিল্পী প্ৰদীপ বৰুৱা ছাৰ আৰু সাহিত্য জগতত সেৱা আগবঢ়াই অহা মনালিছা শইকীয়া বাইদেউক সম্বৰ্ধনা জনোৱাৰ লগতে বিদ্যালয়ৰ বাবে সেৱা আগবঢ়াই যোৱা কৰ্মচাৰী ৰশ্মি দাস বাইদেউ আৰু শিক্ষয়িত্ৰী দৰ্শনা বৰা বাইদেউক বিশেষ সন্মান জনোৱা হয়। উল্লেখযোগ্য যে আজিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ অংকুৰ, কুঁহি, সোপান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা নৃত্য আৰু গীতৰ অনুষ্ঠানে প্ৰতিষ্ঠা দিৱসটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। বিদ্যালয়খনৰ শিক্ষয়িত্ৰী ঈপ্সিতা দত্তই আঁত ধৰা অনুষ্ঠানটোৰ অন্তত উপস্থিত সকলোৰে প্ৰতি শলাগ আৰু ধন্যবাদসূচক বক্তব্য আগবঢ়াই অধক্ষা ইনজু আহমেদে বাইদেৱে।

 #আমাৰগৌৰৱ:বিগত বৰ্ষৰ দৰে এই বৰ্ষতো(২০২৫-২৬ বৰ্ষ)জাতীয় বিদ্যালয়ৰ ৰাজ্যিক বৃত্তি পৰীক্ষাত আমাৰ বিদ্যালয়ৰ কেইবাজনো ছাত্ৰ-...
06/02/2026

#আমাৰগৌৰৱ:

বিগত বৰ্ষৰ দৰে এই বৰ্ষতো(২০২৫-২৬ বৰ্ষ)জাতীয় বিদ্যালয়ৰ ৰাজ্যিক বৃত্তি পৰীক্ষাত আমাৰ বিদ্যালয়ৰ কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হয়।ফলাফল অনুসৰি---

*বৃত্তিপ্ৰাপক শিক্ষাৰ্থীৰ নামসমূহ ক্ৰমে:

তৃতীয় শ্ৰেণী
শ্ৰেয়াদিতা ফুকন ( ৩১ সংখ্যক স্থান)

চতুৰ্থ শ্ৰেণী
অ:য়ুম এল পাংগিং (১১ সংখ্যক স্থান)

পঞ্চম শ্ৰেণী
নিকিতা কলিতা (৬৫ সংখ্যক স্থান)
প্ৰীতিনন্দা ফুকন(৮৫ সংখ্যক স্থান)
লক্ষ্মীপ্ৰিয়া নাথ(৯৮ সংখ্যক স্থান)

ষষ্ঠ শ্ৰেণী
নিশিগন্ধা নিৰিবিলি গগৈ(৯৭ সংখ্যক স্থান)

সপ্তম শ্ৰেণী
অভ্ৰনীলা শ্ৰাৱণী(৫৪ সংখ্যক স্থান)

*মেধাৰ প্ৰমাণ পত্ৰ লাভ কৰা শিক্ষাৰ্থীৰ নাম :

তৃতীয় শ্ৰেণী
প্ৰাণদ্বীপ কুৰ্মী(৪৫ সংখ্যক স্থান)
ভাগ্যশ্ৰী কোঁচ(৫১ সংখ্যক স্থান)
বৃষ্টিবন্যা নাথ(৫৩ সংখ্যক স্থান)

চতুৰ্থ শ্ৰেণী
লাকী শইকীয়া(৩৫ সংখ্যক স্থান)
সংযুক্তা সমৃদ্ধি শইকীয়া(৩৯ সংখ্যক স্থান)

পঞ্চম শ্ৰেণী
ৰিয়ানপল বৰা (১৩০ সংখ্যক স্থান)

ষষ্ঠ শ্ৰেণী
দেৱাশ্ৰী দেৱী(১২০ সংখ্যক স্থান)
ৰিম্পী ভৰালী(১২১ সংখ্যক স্থান)
মানস প্ৰতীম দলে (১৩৭ সংখ্যক স্থান)

সপ্তম শ্ৰেণী
জৈষ্ণৱ চৌখাম(৯৫ সংখ্যক স্থান)
গৌৰৱ ফুকন(১১৬ সংখ্যক স্থান)

অষ্টম শ্ৰেণী
প্ৰিয়াক্ষী বৰা (১০৪ সংখ্যক স্থান)

সকলোলৈকে আমাৰ আন্তৰিক অভিনন্দন 💐

 #মাতৃভাষাৰে_শিক্ষা_নিদিয়াতো_এটি_শিশুৰ_বাবে_মাতৃ_দুগ্ধৰ_পৰা_বঞ্চিতকৰাৰ_সমতুল্য। " াত্মা_গান্ধী       আপোনাৰ শিশুটিক যদি...
24/01/2026

#মাতৃভাষাৰে_শিক্ষা_নিদিয়াতো_এটি_শিশুৰ_বাবে_মাতৃ_দুগ্ধৰ_পৰা_বঞ্চিতকৰাৰ_সমতুল্য। "
াত্মা_গান্ধী

আপোনাৰ শিশুটিক যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰাব বিচাৰে, বোকাখাত জাতীয় বিদ্যালয় যদি আপোনাৰ পছন্দৰ তালিকাত আছে তেন্তে শীঘ্ৰেই যোগাযোগ কৰিব পাৰে।
#বোকাখাত_জাতীয়_বিদ্যালয়ৰ ২৬-২৭ বৰ্ষৰ নামভৰ্তিৰ প্ৰ-পত্ৰ ইতিমধ্যে দি থকা হৈছে।
আহক আপুনিও #গাঁৱলীয়া_বাটেৰে_লুইতৰ_ঘাটেৰে_পৃথিৱী_চাবলৈ_যোৱাৰ এজন সহযাত্ৰী হওক...

 #আমাৰ_গৌৰৱ♥️      আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এক খবৰে গৌৰৱান্বিত কৰিছে বোকাখাত জাতীয় বিদ্যালয়ক। কাঁ ফেষ্টিভেলত অংশগ্ৰহণ ...
20/01/2026

#আমাৰ_গৌৰৱ♥️

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এক খবৰে গৌৰৱান্বিত কৰিছে বোকাখাত জাতীয় বিদ্যালয়ক। কাঁ ফেষ্টিভেলত অংশগ্ৰহণ কৰি ১২ টাকৈ বঁটাৰে সন্মানিত হোৱা "লাইফ বিহাইণ্ড দ্য লাইভ" ছবিখনৰ জৰিয়তে অৰ্জন কৰা হৈছে এই গৌৰৱ। উল্লেখযোগ্য যে ছবিখনৰ চিত্ৰনাট্যত আমাৰ বিদ্যালয়ৰ শিক্ষক ৰাতুল ফুকন আৰু শব্দ বাণীবদ্ধ আৰু সংমিশ্ৰণত আন এজন শিক্ষক লৌকিক খাউণ্ড জড়িত আছে।যি খবৰে আমাক আনন্দিত কৰাৰ লগতে শিক্ষকতাৰ সমান্তৰালকৈ সাংস্কৃতিক দিশতো জড়িত থাকি লাভ কৰা এই সফলতাই নিশ্চিত ভাৱে আমাৰ ছাত্ৰ-ছাত্ৰীসকলকো ভৱিষ্যত সময়ৰ বাবে অনুপ্ৰাণিত কৰিছে ।

আমাৰ শিক্ষকদ্বয়ৰ লগতে ছবিখনৰ লগত জড়িত আন প্ৰতিগৰাকীলৈ বোকাখাত জাতীয় বিদ্যালয়ৰ পৰিয়ালৰ পৰা আন্তৰিক অভিনন্দন 💐

17/01/2026

#আমাৰ_গৌৰৱ♥️

বোকাখাত নাট্য মন্দিৰ আৰু পুৱতি সাহিত্য সভাৰ যৌথ উদ্যোগত অনুষ্ঠিত শিল্পী দিৱসৰ লগত সংগতি ৰাখি আয়োজিত বিভিন্ন প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰি কেইবা গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বঁটা লাভ কৰিবলৈ সক্ষম হয়।

#ৰচনা_প্ৰতিযোগিতাত

দ্বিতীয়: দীক্ষিতা বৰা
তৃতীয়:নম্ৰতা বৰা
উদগণি:নিশিগন্ধা নিৰিবিলি গগৈ

#বক্তৃতা_প্ৰতিযোগিতাত

প্ৰথম: জীয়া গড়

#নৃত্য_প্ৰতিযোগিতাত

দ্বিতীয়:শ্ৰেয়াদিতা ফুকন ('ক' শাখা)
তৃতীয়: অনন্যা বৰা('খ' শাখা)

তেওঁলোকলৈ আমাৰ আন্তৰিক অভিনন্দন 💐

 #আমাৰ_গৌৰৱ💐     সদৌ অসম আন্ত: জাতীয় বিদ্যালয় তৰ্ক প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ পৰা গোলাঘাট জিলাৰ হৈ অংশগ্ৰহণ কৰি নৱম ...
06/01/2026

#আমাৰ_গৌৰৱ💐

সদৌ অসম আন্ত: জাতীয় বিদ্যালয় তৰ্ক প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ পৰা গোলাঘাট জিলাৰ হৈ অংশগ্ৰহণ কৰি নৱম শ্ৰেণীৰ ছাত্ৰী নিৰিবিলি ভৰালীয়ে তেওঁৰ সতীৰ্থৰ সৈতে "শ্ৰেষ্ঠ দল" ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে গোলাঘাট জিলা ভিত্তিত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিক হিচাপে নিৰ্বাচিত হৈ নিৰিবিলিয়ে ৰাজ্যিক পৰ্যায়ত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছিল।
নিৰিবিলিলৈ বোকাখাত জাতীয় বিদ্যালয়ৰ পৰা আন্তৰিক অভিনন্দন 💐
তেওঁৰ এই যাত্ৰা অবিৰত হওক।

 #আমাৰ_গৌৰৱ♥️                           গোলাঘাট জিলা আন্ত: জাতীয় বিদ্যালয় তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাৰ বিদ্যালয...
29/12/2025

#আমাৰ_গৌৰৱ♥️

গোলাঘাট জিলা আন্ত: জাতীয় বিদ্যালয় তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাৰ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী নিৰিবিলি ভৰালীয়ে শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰাৰ লগতে ৰাজ্যিক পৰ্যায়তো অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে।নিৰিবিলিলৈ আমাৰ আন্তৰিক অভিনন্দন 💐

 #আমাৰ_গৌৰৱ♥️      বোকাখাত জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী শাশ্বতী দাসে চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ২০২৫-২৬ বৰ্ষৰ...
25/12/2025

#আমাৰ_গৌৰৱ♥️

বোকাখাত জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী শাশ্বতী দাসে চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ২০২৫-২৬ বৰ্ষৰ মহাবিদ্যালয় সপ্তাহৰ "শ্ৰেষ্ঠ গায়িকা"ৰ সন্মান লাভ কৰিছে। বোকাখাত জাতীয় বিদ্যালয়তেই অংকুৰিত এই প্ৰতিভাৰ বিকাশে আমাক গৌৰৱান্বিত কৰিছে। তেওঁলৈ আমাৰ আন্তৰিক অভিনন্দন 💐

পাঠ্যক্ৰমৰ সমান্তৰালকৈ আমাৰ ছাত্ৰ-ছাত্ৰী সকলক ব্যৱহাৰিক কিছুমান শিক্ষা প্ৰদান কৰিবলৈ আমি বদ্ধ পৰিকৰ।সেই উদ্দেশ্যেৰেই‌ প্...
19/12/2025

পাঠ্যক্ৰমৰ সমান্তৰালকৈ আমাৰ ছাত্ৰ-ছাত্ৰী সকলক ব্যৱহাৰিক কিছুমান শিক্ষা প্ৰদান কৰিবলৈ আমি বদ্ধ পৰিকৰ।সেই উদ্দেশ্যেৰেই‌ প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক শিক্ষামূলক ভ্ৰমণৰ জৰিয়তে নতুন ঠাই দেখুওৱাৰ, নতুন কথা শিকোৱাৰ প্ৰয়াস কৰা হয়। চেষ্টা কৰা হয় ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃতিৰ মনোমোহা পৰিবেশৰ মাজত নিজৰ কল্পনা প্ৰকাশ কৰাবলৈ,বছৰত মাত্ৰ এটা দিন নিজৰ মতে কটাবলৈ দিবলৈ।সেই উদ্দেশ্যেৰেই ইতিমধ্যে শিৱসাগৰ,তেজপুৰ,গৰমপানী উঁহ, কাজিৰঙা আদি বিভিন্ন ঠাই ভ্ৰমণ কৰা আমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ কেইটামান ক্ষণ।

বোকাখাত জাতীয় বিদ্যালয়ত আজি "লাচিত দিৱস"ৰ দিনটো বিশেষ ভাৱে উদযাপন কৰা হয়।বন্ধ সংস্কৃতিৰ বিপৰীতে লাচিত বৰফুকনৰ লগতে আন...
24/11/2025

বোকাখাত জাতীয় বিদ্যালয়ত আজি "লাচিত দিৱস"ৰ দিনটো বিশেষ ভাৱে উদযাপন কৰা হয়।বন্ধ সংস্কৃতিৰ বিপৰীতে লাচিত বৰফুকনৰ লগতে আন কেবাজনো বীৰ-বীৰাংগনাৰ সাহস আৰু বীৰত্বৰ বাৰ্তা ভৱিষ্যত প্ৰজন্মলৈ কঢ়িয়াই নিয়াৰ উদ্দেশ্যেৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। ছাত্ৰ-ছাত্ৰী অ:য়ুম পাংগিং,নিকিতা কলিতা,শ্ৰেয়াদিতা ফুকন, বৃষ্টিবন্যা নাথ,লাকী শইকীয়া,পৰিণিতা শইকীয়া, ভিনাৰ্থ কাশ্যপ, সংযুক্তা সমৃদ্ধি শইকীয়া,জীয়ানা বৰা,দেৱাশ্ৰী দেৱী,নিশিগন্ধা নিৰিবিলি গগৈ,মেহনাজ হুছেইন, লক্ষ্মীপ্ৰিয়া নাথ,মানস প্ৰতীম দলে,বাসৱ হাজৰিকা আদিৰ লগতে শিক্ষয়িত্ৰী গীতামণি ৰাজখোৱা, অংশুমান ৰাণী কাহাৰে বক্তব্য প্ৰদান কৰা অনুষ্ঠানৰ আঁত ধৰে শিক্ষয়িত্ৰী মৌচুমী অধ্যাপক আৰু বৰষা ৰাণী গগৈয়ে।

 #আমাৰ_গৌৰৱ❤️   দেইথৰ মহাবিদ্যালয়ে অনুষ্ঠিত কৰা "জুবিন গাৰ্গৰ গীতত সামাজিক চেতনা" শীৰ্ষক বক্তৃতা প্ৰতিযোগিতাত আমাৰ বিদ্...
18/11/2025

#আমাৰ_গৌৰৱ❤️

দেইথৰ মহাবিদ্যালয়ে অনুষ্ঠিত কৰা "জুবিন গাৰ্গৰ গীতত সামাজিক চেতনা" শীৰ্ষক বক্তৃতা প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী নিৰিবিলি ভৰালীয়ে প্ৰথম স্থান লাভ কৰে।
নিৰিবিলিলৈ আমাৰ আন্তৰিক অভিনন্দন 💐

 #শিশু_দিৱস #বিজ্ঞান_প্ৰদৰ্শনী    বোকাখাত জাতীয় বিদ্যালয়ত আজি "শিশু দিৱস" পালন কৰা হয়।ছাত্ৰী নিৰিবিলি ভৰালীয়ে কাৰ্যস...
14/11/2025

#শিশু_দিৱস
#বিজ্ঞান_প্ৰদৰ্শনী

বোকাখাত জাতীয় বিদ্যালয়ত আজি "শিশু দিৱস" পালন কৰা হয়।ছাত্ৰী নিৰিবিলি ভৰালীয়ে কাৰ্যসূচীৰ আঁত ধৰি চিন্তাবিদ,যুক্তিবাদী চিন্তাৰ নায়ক তথা স্বাধীন ভাৰতৰ বিজ্ঞান শিক্ষাৰ বাটকটীয়া,পণ্ডিত জৱাহৰলাল নেহৰু সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়ায়। ইয়াৰ পিছতেই ছাত্ৰ-ছাত্ৰী অ:য়ুম পাংগিং, সংযুক্তা সমৃদ্ধি শইকীয়া, অভ্ৰনীলা শ্ৰাৱণী, ড্ৰিমলী শইকীয়া,শ্ৰেয়াদিতা ফুকন,আয়ুশ্ৰী শইকীয়া,প্ৰিয়াক্ষী বৰা, জিজ্ঞাসা দাস, দিপাংকী বৰা, তন্ময় দুৱৰা আদিয়ে গীত, নৃত্য, বক্তৃতা আদি পৰিবেশন কৰে। ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি অধ্যক্ষ ইনজু আহমেদ বাইদেউ আৰু জ্যেষ্ঠ শিক্ষক পদ্মকেশৰ ছেত্ৰী ছাৰে শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়।ইয়াৰ পিছতেই শিশু দিৱসৰ লগত সংগতি ৰাখি প্ৰথম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিক শ্ৰেণী পৰ্যন্ত এখনি "বিজ্ঞান প্ৰদৰ্শনী" অনুষ্ঠিত হয়। উক্ত প্ৰদৰ্শনীত তৃতীয় শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন প্ৰকল্প, আৰ্হি আদি প্ৰদৰ্শন কৰাৰ লগতে প্ৰথম, দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিৱেশৰ বিভিন্ন উপাদান, খাদ্যাভ্যাস, বিভিন্ন সাজ-পাৰ আদি প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে প্ৰতি বছৰে বোকাখাত জাতীয় বিদ্যালয়ত অনুষ্ঠিত হৈ থকা এই বিজ্ঞান প্ৰদৰ্শনীয়ে ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্যিক পৰ্যায়তো সফলতা লাভ কৰিবলৈ উৎসাহিত কৰি আহিছে।

Address

Timou Bilpar, Agoratoli Road
Bokakhat
785612

Opening Hours

Monday 8:30am - 2:30pm
3pm - 4pm
Tuesday 8:30am - 2:30pm
Wednesday 8:30am - 2:30pm
Thursday 8:30am - 2:30pm
Friday 8:30am - 2:30pm
Saturday 8:30am - 2:30pm
Sunday 12pm - 4pm

Telephone

+917002027008

Website

Alerts

Be the first to know and let us send you an email when Bokakhat Jatiya Bidyalay posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category