বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয় Behali Higher Secondary School

  • Home
  • India
  • Biswanath Chariali
  • বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয় Behali Higher Secondary School

বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয় Behali Higher Secondary School Love our page as you love your School.

আমাৰ বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে এক গৌৰৱৰ ক্ষণ....শিক্ষা কেৱল কিতাপৰ মাজতেই সীমাবদ্ধ নহয়, ই হৈছে মানৱ সম্পদ ...
12/06/2026

আমাৰ বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে এক গৌৰৱৰ ক্ষণ....

শিক্ষা কেৱল কিতাপৰ মাজতেই সীমাবদ্ধ নহয়, ই হৈছে মানৱ সম্পদ গঢ়াৰ এক নিৰন্তৰ সাধনা। আমাৰ বিদ্যালয়ে সদায় নিজৰ এক সুকীয়া পৰিচয় আৰু শৈক্ষিক উত্তৰণৰ মাজেৰে অঞ্চললৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।
এই প্ৰয়াসৰেই এক স্বীকৃতিস্বৰূপ, বিশ্বনাথ DIET ৰ "জিলা নেতৃত্ব কোষ" (DLC) ৰ উদ্যোগত আয়োজিত "নিৰ্বাচিত বিদ্যালয়সমূহৰ বাৰ্ষিক পৰ্যালোচনা সভা" ত আমাৰ বিদ্যালয়ে #শ্ৰেষ্ঠ_বিদ্যালয়ৰ সন্মান লাভ কৰিলে। বিদ্যালয়ৰ শৈক্ষিক তত্ত্বাৱধায়ক শ্ৰীযুত অজিত চেত্ৰী ছাৰে প্ৰতিনিধিত্ব কৰি এই প্ৰমাণপত্ৰ গ্ৰহণ কৰে।
যিখন বিদ্যালয়ে আমাক ইমানবোৰ স্মৃতি আৰু জ্ঞানৰ পোহৰ দিছে, সেই বিদ্যালয়ৰ এনে সফলতাত আমি সঁচাকৈয়ে আনন্দিত।
Ajit Chetry বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয় Behali Higher Secondary School

30/04/2026

বিদ্যালয়ৰ প্ৰাক্তন বিষয় শিক্ষক তথা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি শ্ৰী কিশোৰ খতিৱড়া ছাৰে ছাত্ৰী দীক্ষিতা থাপাক সম্বৰ্ধনা জনোৱাৰ লগতে সাৰুৱা মন্তব্যৰে তাইক উৎসাহিত কৰে। দীক্ষিতাৰ সহজ সৰল আৰ্থিক ভাৱে দৰিদ্ৰ পিতৃ মাতৃৰ ত্যাগক সেৱা জনালোঁ।।
Kishore Khatiwarah

আমাৰ বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল আৰু শীৰ্ষ স্থান প্ৰাপ্ত ছাত্ৰী শ্ৰী দীক্ষিতা থাপা। তাইৰ উজ্জ্বল ভৱি...
28/04/2026

আমাৰ বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল আৰু শীৰ্ষ স্থান প্ৰাপ্ত ছাত্ৰী শ্ৰী দীক্ষিতা থাপা। তাইৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ।

আমাৰ বিদ্যালয়ৰ ফলাফল
10/04/2026

আমাৰ বিদ্যালয়ৰ ফলাফল

আশা কৰো... এদিন তেখেতে প্ৰতিষ্ঠা কৰা এই শিক্ষানুষ্ঠানখনকো অসমে চিনি পাব!
19/01/2026

আশা কৰো... এদিন তেখেতে প্ৰতিষ্ঠা কৰা এই শিক্ষানুষ্ঠানখনকো অসমে চিনি পাব!

প্ৰাক্-স্বাধীনতাৰ সময়ছোৱাত ব্রিটিছ শাসনৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া এগৰাকী প্রমুখ ব্যক্তি আছিল ছবিলাল উপাধ্যায়দেৱ। ১৮৮২ চনৰ ১২ মে’ত অবিভক্ত দৰং জিলাত জন্মগ্রহণ কৰা ছবিলাল উপাধ্যায়দেৱে দেশপ্রেম আৰু সমাজ সংস্কাৰৰ নিদর্শন দেখুৱাই গৈছে। অগ্ৰণী স্বাধীনতা সংগ্ৰামী উপাধ্যায়দেৱে মাতৃভাষা হিচাপে অসমীয়া ভাষাৰ প্রচলনত বিশেষ গুৰুত্ব প্রদান কৰিছিল। এইগৰাকী মহান মনীষীৰ সন্মানার্থে ৩১ জানুৱাৰী ২০২৬ত গুৱাহাটীৰ দিছপুৰত অসম চৰকাৰৰ উদ্যোগত তেখেতৰ এক প্রতিমূর্তি অনাৱৰণ কৰা হ’ব।

এদিন আমাৰ বিদ্যালয় খনেও এনে এক ৰূপ পাব।তলৰ ছবিখন  #বৰপথাৰ_উচ্চতৰ_মাধ্যমিক_বিদ্যালয়ৰ। আমাৰ বিদ্যালয়ৰ দৰেই ৭৫ বছৰ গৰকা ...
03/01/2026

এদিন আমাৰ বিদ্যালয় খনেও এনে এক ৰূপ পাব।
তলৰ ছবিখন #বৰপথাৰ_উচ্চতৰ_মাধ্যমিক_বিদ্যালয়ৰ। আমাৰ বিদ্যালয়ৰ দৰেই ৭৫ বছৰ গৰকা এখন বিদ্যালয়।

গাংমৌথান অঞ্চলৰ শৈক্ষিক উত্তৰণৰ সম্ভাৱনীয়তাৰ বাবে এক বৃহৎ আৰু চিন্তনীয় সমস্যা....
22/11/2025

গাংমৌথান অঞ্চলৰ শৈক্ষিক উত্তৰণৰ সম্ভাৱনীয়তাৰ বাবে এক বৃহৎ আৰু চিন্তনীয় সমস্যা....

যি সময়ত ৰাজ্য চৰকাৰে ৰাজ্যৰ ঘূণে ধৰা শিক্ষা পৰিকাঠামোটো পুনৰ্নিৰ্মাণ কৰাৰ প্ৰয়াসৰে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া অ...

অভিনন্দন
12/11/2025

অভিনন্দন

Address

Gangmouthan, Behali
Biswanath Chariali
784167

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 12pm

Alerts

Be the first to know and let us send you an email when বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয় Behali Higher Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category