অসমীয়া বিভাগ : বিশ্বনাথ মহাবিদ্যালয়, বিশ্বনাথ চাৰিআলি

  • Home
  • India
  • Biswanath Chariali
  • অসমীয়া বিভাগ : বিশ্বনাথ মহাবিদ্যালয়, বিশ্বনাথ চাৰিআলি

অসমীয়া বিভাগ : বিশ্বনাথ মহাবিদ্যালয়, বিশ্বনাথ চাৰিআলি Assamese Department, Biswanath College

19/08/2025

ছাত্ৰ-ছাত্ৰীসকলৰ লগত এটা আন্তৰিক মুহূৰ্ত্তত। অৱশ্যে অসমীয়া এই পুৰণি গীতসমূহ এনেকৈ পৰিবেশন কৰাৰ আঁৰত ছাত্ৰ-ছাত্ৰীসকলৰ গীতি সাহিত্যৰ কাকতৰ কথা জড়িত থকাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ অসমীয়া পুৰণি গীতসমূহৰ পৰিচয় কৰি দিয়াৰ কথাও জড়িত হৈ আছে।

আজি ১৯/০৮/২০২৫ তাৰিখে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত লেখন দক্ষতা বিকাশৰ বাবে ড০ হীমা ৰাণী বৰাই লোৱ...
19/08/2025

আজি ১৯/০৮/২০২৫ তাৰিখে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত লেখন দক্ষতা বিকাশৰ বাবে ড০ হীমা ৰাণী বৰাই লোৱা এটা বিশেষ পদক্ষেপ।

আজি 'কাব্য কানন' শীৰ্ষক যি কবিতা লেখন অনুষ্ঠান অনুষ্ঠিত হৈছিল। তাত মুঠ ৬২ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।তাৰে শ্ৰেষ্...
19/08/2025

আজি 'কাব্য কানন' শীৰ্ষক যি কবিতা লেখন অনুষ্ঠান অনুষ্ঠিত হৈছিল। তাত মুঠ ৬২ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।তাৰে শ্ৰেষ্ঠ তিনিটা কবিতা বিভাগৰ ফালৰ পৰা নিৰ্বাচন কৰা হৈছে-প্ৰথম স্হান: মানসী শইকীয়া,ৰোল নং-১৭৪,(প্ৰেম এক সুবাস), দ্বিতীয় স্থান: সুস্মিতা দেৱী,ৰোল নং-৫৪০,(প্ৰেমৰ বতাহ), তৃতীয় স্থান: ৰিমঝিম ওজা,ৰোল নং-০৬(নিসংগতা) ।আমি অসমীয়া বিভাগৰ তৰফৰ পৰা তিনিগৰাকী ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰিছোঁ।লগতে অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ শলাগ লৈছোঁ। ধন্যবাদ।-অসমীয়া বিভাগৰ হৈ ড০ ভাগ্যশ্ৰী গগৈ।

আজি ১৪-০৮-২০২৫ তাৰিখে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ হীমা ৰাণী বৰাই পঞ্চম ষাণ্মাসিকৰ ১৫ গৰাকী ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ প...
14/08/2025

আজি ১৪-০৮-২০২৫ তাৰিখে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ হীমা ৰাণী বৰাই পঞ্চম ষাণ্মাসিকৰ ১৫ গৰাকী ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্য বিশ্বনাথ জিলা পুথিভঁৰাললৈ লৈ যায়। ছাত্ৰ-ছাত্ৰীসকল উপকৃত হোৱাৰ লগতে ভৱিষ্যতে এনেকৈ গৈ থাকিবলৈ বুলি আগ্ৰহী বুলি জনাইছে। এই অনুমতি প্ৰদান কৰা বাবে বিভাগীয় প্ৰধান আৰু অধ্যক্ষ মহোদয়ক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।

আজি 'সাহিত্য সৌৰভ' পাঠ্যপুথিৰ অন্তৰ্গতভাৱে আয়োজন কৰা আকস্মিক বক্তৃতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্হান লাভ কৰাসকলক পুৰস্ক...
01/07/2025

আজি 'সাহিত্য সৌৰভ' পাঠ্যপুথিৰ অন্তৰ্গতভাৱে আয়োজন কৰা আকস্মিক বক্তৃতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্হান লাভ কৰাসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। পুৰস্কাৰ লাভ কৰা ক্ৰমে পিহু চন্দ, শিৱানী পাল আৰু ধ্ৰুৱজ্যোতি দাসলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰা হ'ল।প্ৰথম স্থান লাভ কৰা পিহু চন্দৰ বিষয় আছিল -লক্ষ্মীনাথ বেজবৰুৱা, দ্বিতীয় স্থান লাভ কৰা শিৱানী পালৰ বিষয় আছিল -সাহিত্য সৌৰভৰ অন্তৰ্গত পাঠ্য আৰু তৃতীয় স্থান লাভ কৰা ধ্ৰুৱজ্যোতি দাসৰ বিষয় আছিল -অসমৰ জাতীয় উৎসৱ । লগতে লটাৰী যোগে গ্ৰন্থ পুৰস্কাৰ লাভ কৰা প্ৰিয়া দাসলৈও অভিনন্দন জ্ঞাপন কৰা হৈছে। অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ৰাজেশ্বৰ বড়ো ছাৰ, বলীন ভূঞা ,ড০ নৱনীতা শৰ্মা, মানস জ্যোতি দাসে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানটিৰ পৰিচালনা কৰে বিভাগীয় সহকাৰী অধ্যাপিকা ভাগ্যশ্ৰী গগৈয়ে। অসমীয়া বিভাগৰ এনে প্ৰচেষ্টা আগন্তুক সময়ৰ বাবে ছাত্ৰ- ছাত্ৰীসকলৰ প্ৰেৰণাৰ উৎস হ'ব বুলি আশা কৰা হয়। ড০ হীমা ৰাণী বৰা আৰু ড০ নৱনীতা শৰ্মাই এই প্ৰচেষ্টাৰ শলাগ লয়।
তাৰিখ - ৩০/০৬/২০২৫

বিভাগীয় মুৰব্বী প্ৰধান ড০ খগেন শইকীয়া ছাৰৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ কিছু মুহূৰ্ত্ত। ছাৰৰ অৱসৰ জীৱনলৈ অসমীয়া বিভাগৰ ...
31/05/2025

বিভাগীয় মুৰব্বী প্ৰধান ড০ খগেন শইকীয়া ছাৰৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ কিছু মুহূৰ্ত্ত। ছাৰৰ অৱসৰ জীৱনলৈ অসমীয়া বিভাগৰ পৰিয়ালৰ তৰফৰপৰা অজস্ৰ শুভকামনা। অনাগত সময়বোৰ সুখৰ আৰু সুন্দৰ হওক। সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। আনুষ্ঠানিক এই বিদায় মাথোঁ, অনাগত সময়বোৰত বিভাগলৈ আপোনাৰ দিহা-পৰামৰ্শৰ লগতে সদায় আপোনাক কাষত বিচাৰিম। অসমীয়া বিভাগ : বিশ্বনাথ মহাবিদ্যালয়, বিশ্বনাথ চাৰিআলি

ষষ্ঠ ষাণ্মাসিকৰ বিদায়ী ছাত্ৰ-ছাত্ৰীসকল। তোমালোকৰ অনাগত দিনবোৰ উজ্জ্বল হোৱাৰ কামনা কৰিলোঁ। আমাৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰতিটো ...
14/05/2025

ষষ্ঠ ষাণ্মাসিকৰ বিদায়ী ছাত্ৰ-ছাত্ৰীসকল। তোমালোকৰ অনাগত দিনবোৰ উজ্জ্বল হোৱাৰ কামনা কৰিলোঁ। আমাৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰতিটো খোজতে সফল হওক। আমাৰ বিভাগীয় এয়া মৰম আৰু আশীৰ্বাদ তোমালোকলৈ।
বিদায় সভাৰ কেইখনমান প্ৰতিচ্ছবি।
তাৰিখ - ২৯/০৪/২০২৫

ষষ্ঠ ষাণ্মাসিকৰ প্ৰকল্প পাঠ্যৰ অংশ হিচাপে অৰুণাচলৰ লোহিত জিলাৰ খামতি সকলৰ লোকজীৱনৰ অধ্যয়ন কৰিবলৈ যোৱা বিশ্বনাথ মহাবিদ্য...
09/05/2025

ষষ্ঠ ষাণ্মাসিকৰ প্ৰকল্প পাঠ্যৰ অংশ হিচাপে অৰুণাচলৰ লোহিত জিলাৰ খামতি সকলৰ লোকজীৱনৰ অধ্যয়ন কৰিবলৈ যোৱা বিশ্বনাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপকসকল আৰু ছাত্ৰ-ছাত্ৰীসকল। এই সময় ছোৱাত শদিয়া মহাবিদ্যালয়ৰ সহায় সহযোগৰ বাবে অসমীয়া বিভাগ সদায় কৃতজ্ঞ হৈ থাকিব। দুয়োখন মহাবিদ্যালয়ৰ মাজত এই সময়তে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।
তাৰিখ - ১৩/০৩/২০২৫ আৰু ১৫/০৩/২০২৫

ষষ্ঠ ষাণ্মাসিকৰ সন্মান পাঠ্যক্ৰমৰ প্ৰকল্প কাকতখনৰ মৌখিক পৰীক্ষাৰ কিছু মুহূৰ্ত্ত।তাৰিখ -০৫/০৪/২০২৫
08/05/2025

ষষ্ঠ ষাণ্মাসিকৰ সন্মান পাঠ্যক্ৰমৰ প্ৰকল্প কাকতখনৰ মৌখিক পৰীক্ষাৰ কিছু মুহূৰ্ত্ত।
তাৰিখ -০৫/০৪/২০২৫

আন্তঃৰাষ্ট্ৰীয় শিশু গ্ৰন্থ দিৱস উদযাপন। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ভাগ্যশ্ৰী গগৈয়ে আয়োজন কৰা এই অনুষ্ঠানত অসমীয়...
08/05/2025

আন্তঃৰাষ্ট্ৰীয় শিশু গ্ৰন্থ দিৱস উদযাপন। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ভাগ্যশ্ৰী গগৈয়ে আয়োজন কৰা এই অনুষ্ঠানত অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে সাধুলেখা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। বিভাগীয় মূৰব্বী ড০ খগেন শইকীয়াই সভাপতিত্ব কৰা সভাত সহকাৰী অধ্যাপক বলিন ভূঞাই শিশু গ্ৰন্থ দিৱসৰ উপযোগিতা, গ্ৰন্থৰ উপযোগিতা আৰু ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্থ পঢ়াৰ সম্পৰ্কত বিভিন্ন উদাহৰণসহ সাৰুৱা বক্তব্য দাঙি ধৰে। সহযোগী অধ্যাপক ৰাজেশ্বৰ বড়োৱেও নিজৰ শৈশৱ আৰু সেই সময়ত গ্ৰন্থ পঢ়াৰ কথা, সাধুৰ প্ৰাসংগিকতা সম্পৰ্কে ছাত্ৰ-ছাত্ৰী সকলৰ উপযোগীকৈ ভাষণ ৰাখে। সহকাৰী অধ্যাপিকা ড০ হীমা ৰাণী বৰাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰা দলীয় আলোচনাৰ শ্ৰেষ্ঠ দলক তেখেতৰ নিজৰ তৰফৰ পৰা ৫০০ টকাৰ এটা মাননী উপহাৰ স্বৰূপে আগবঢ়ায় আৰু ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীসকলে এইদৰে যাতে আগবাঢ়ে তাৰ বাবে প্ৰেৰণামূলক বক্তব্য ৰাখে। এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰে দুই এগৰাকীয়ে এনে অনুষ্ঠানৰ পৰা যে তেওঁলোকৰ লাভ হৈছে, নতুন কথা শিকিবলৈ পাইছে, সেই সম্পৰ্কত অনুভৱ ব্যক্ত কৰে। শেষত ভাগ্যশ্ৰী গগৈয়ে সভাৰ কৃতজ্ঞতা স্বীকাৰ আৰু শলাগৰ শৰাই আগবঢ়াই সভা ভংগৰ ঘোষণা কৰে।

Address

Biswantah Chariali
Biswanath Chariali
784176

Website

Alerts

Be the first to know and let us send you an email when অসমীয়া বিভাগ : বিশ্বনাথ মহাবিদ্যালয়, বিশ্বনাথ চাৰিআলি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category