20/07/2026
আজি অৰ্থাৎ ২০/০৭/২০২৬ ইং তাৰিখে বাপুজী জাতীয় বিদ্যালয়, ভাওঁৰাগুৰীৰ উদ্যোগত আয়োজিত বিনামূলীয়া গ্ৰীষ্মকালীন শৈক্ষিক পাঠদান শিবিৰ সফলতাৰে সমাপ্ত হয়। শিবিৰৰ অন্তিম দিনটোত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান আৰু দক্ষতা মূল্যায়নৰ উদ্দেশ্যে এখন টেষ্ট পৰীক্ষা অনুষ্ঠিত কৰা হয়।
পৰীক্ষাৰ মূল্যায়নৰ পাছতে ফলাফল ঘোষণা কৰা হয়। পৰীক্ষাত উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰি শ্ৰেণীৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰা তথা সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ তৰফৰ পৰা আকৰ্ষণীয় পুৰস্কাৰ আৰু প্ৰশংসাপত্ৰ প্ৰদান কৰি উৎসাহিত কৰা হয়