ABMSU

Call Directions Website

ABMSU Education is the backbone of the nation Education is the motto of ABMSU

16/09/2026

কোকৰাঝাৰত আজি এবিএমছূৰ প্ৰতিবাদী কাৰ্যসূচী।
ABMSU

বিচাৰহীনতা আৰু অন্যায়ৰ ৯ টা বছৰ! ​আজি আমাৰ প্ৰাক্তন  সভাপতি তথা শোষিত-বঞ্চিত জনসাধাৰণৰ বলিষ্ঠ কণ্ঠস্বৰ শ্বহীদ লাফিকুল ইছ...
01/08/2026

বিচাৰহীনতা আৰু অন্যায়ৰ ৯ টা বছৰ!

​আজি আমাৰ প্ৰাক্তন সভাপতি তথা শোষিত-বঞ্চিত জনসাধাৰণৰ বলিষ্ঠ কণ্ঠস্বৰ শ্বহীদ লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াৰ স্মৃতিত নৱম বাৰ্ষিক ছাত্ৰ সংহতি দিৱস উদযাপন কৰা হয়।

​২০১৭ চনৰ ১ আগষ্টৰ দিনটোতেই কোকৰাঝাৰত দুৰ্বৃত্তৰ গুলীত তেখেতে প্ৰাণ হেৰুৱাইছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে, দীৰ্ঘ ৯ টা বছৰ পাৰ হৈ যোৱাৰ পিছতো আজিও তেখেতৰ হত্যাকাৰীয়ে উপযুক্ত শাস্তি নাপালে। ন্যায়ৰ বাবে আমাৰ সংগ্ৰাম আজিও অব্যাহত আছে।

​আজিৰ এই বিশেষ দিনটোত শ্বহীদ লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াৰ অমৰ স্মৃতিত গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰকল্পত স্মৃতিচাৰণ সভাৰ জৰিয়তে তেখেতৰ ন্যায়ৰ বাবে বাবে দৃঢ় সংকল্প লোৱা হয়।

আজি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা (এবিএমছু)ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে প্রতিখন জিলা সমিতিয়ে সৰ্বাত্মকভাৱে শ্বহী...
28/07/2026

আজি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা (এবিএমছু)ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে প্রতিখন জিলা সমিতিয়ে সৰ্বাত্মকভাৱে শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তীব্ৰ প্ৰতিবাদী 'বিক্ষোভ প্ৰদৰ্শন' কাৰ্যসূচী ৰূপায়ন কৰে। দিন-দূপৰতে এজন জনপ্ৰিয় ছাত্ৰ নেতা তথা এবিএমছুৰ তদানীন্তন সভাপতিজনক নৃশংসভাৱে শূণ্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰাৰ দীৰ্ঘ ৮ টা বছৰ অতিক্ৰম কৰাৰ পিছতো ভুক্তভোগী পৰিয়াল তথা সংগঠনটোৱে আজিও ন্যায় লাভ নকৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। তদন্তৰ নামত চৰকাৰ, গৃহ বিভাগ আৰু চি.বি.আই. (CBI)ৰ এনে ৰহস্যজনক মৌনতাই এতিয়া সমগ্ৰ হত্যাকাণ্ডটোক ইচ্ছাকৃতভাৱে গাপ দিব বিচৰা হৈছে নেকি তাক লৈ প্ৰশাসনৰ সদিচ্ছাৰ ওপৰত গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা হৈছে।

আমাৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰশাসনৰ ওচৰত কেইবাটাও গুৰুত্বপূৰ্ণ তথা যুক্তিসংগত দাবী উত্থাপন কৰিছোঁ।আমি চি.বি.আই.এ চিনাক্ত কৰা ৪ জন অপৰাধীৰ ভিতৰত থকা ৩ জন পলাতক অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা, জামিনত থকা অপৰাধীৰ নাম-পৰিচয় ৰাজহুৱা কৰা আৰু ফাস্ট ট্ৰেক আদালতৰ জৰিয়তে দৈনিক শুনানি কৰি ৮ বছৰীয়া বিচাৰহীনতাৰ অন্ত পেলোৱাৰ দাবী জনাইছোঁ। ইয়াৰোপৰি, ২০১৭ চনত বিশেষ তদন্তকাৰী দলে (SIT) গ্ৰেপ্তাৰ কৰা ৬ জন ব্যক্তিৰ গোপন তথ্য ৰাজহুৱা কৰাৰ লগতে তদন্তৰ নামত চলা প্ৰহসনক লৈ গৃহ বিভাগক স্পষ্টীকৰণ দিবলৈ দাবী উত্থাপন কৰা কৰিছোঁ। লগতে স্পষ্ট কৰোঁ যে যেতিয়ালৈকে শ্বহীদ লাফিকুল ইছলাম আহমেদে উচিত ন্যায় নাপায়, তেতিয়ালৈকে এবিএমছুৰ এই ন্যায়ৰ সংগ্ৰাম অপ্ৰতিৰোধ্য গতিত আগবাঢ়ি থাকিব।

সংগ্ৰামৰ ২১ বছৰ: জয়তু এবিএমছু ✊​আজি ১০ এপ্ৰিল, ২০২৬; সদৌ বি.টি.চি সংখ্যালঘু ছাত্ৰ সন্থা (এবিএমছু)ৰ এক বিংশতিতম প্ৰতিষ্ঠা...
10/04/2026

সংগ্ৰামৰ ২১ বছৰ: জয়তু এবিএমছু ✊

​আজি ১০ এপ্ৰিল, ২০২৬; সদৌ বি.টি.চি সংখ্যালঘু ছাত্ৰ সন্থা (এবিএমছু)ৰ এক বিংশতিতম প্ৰতিষ্ঠা দিৱস। ২০০৫ চনত কোকৰাঝাৰত জন্মলাভ কৰা এই সংগঠনে বিগত ২১ বছৰে বি.টি.চিৰ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ শিক্ষা, অৰ্থনীতি আৰু সাংবিধানিক অধিকাৰ সুৰক্ষাৰ বাবে এক শক্তিশালী সংগ্ৰাম অব্যাহত ৰাখিছে। "শিক্ষা জাতিৰ মেৰুদণ্ড" লক্ষ্যৰে আগবঢ়া এবিএমছু আজি অসমৰ এক অপ্ৰতিৰোধ্য সংগ্ৰামী শক্তি হিচাপে প্ৰতিষ্ঠিত।

​এই গৌৰৱময় ক্ষণত আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ শ্বহীদ লাফিকুল ইছলাম আহমেদৰ লগতে সেইসকল বীৰক, যাৰ ত্যাগে এই আন্দোলনক জীয়াই ৰাখিছে। প্ৰতিষ্ঠাপকসকলক অভিবাদন জনাই আমি সংকল্প লৈছোঁ যে যিকোনো পৰিস্থিতিতে শান্তি আৰু ন্যায়ৰ পথত আমি অটল থাকিম। সকলোলৈকে প্ৰতিষ্ঠা দিৱসৰ বৈপ্লৱিক শুভেচ্ছা জনালোঁ। জয়তু এবিএমছু!
​

সমূহ বিটিচি তথা অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদ-ঊল-ফিতৰৰ শুভেচ্ছাঁ জ্ঞাপন কৰিছোঁ।
20/03/2026

সমূহ বিটিচি তথা অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদ-ঊল-ফিতৰৰ শুভেচ্ছাঁ জ্ঞাপন কৰিছোঁ।

আজি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ পৰ্বতঝোৰা জিলা সমিতিৰ উদ্যোগত আৰু কাজিগাঁও আঞ্চলিক সমিতিৰ সহযোগত শান্তিপুৰত এটি সজ...
14/02/2026

আজি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ পৰ্বতঝোৰা জিলা সমিতিৰ উদ্যোগত আৰু কাজিগাঁও আঞ্চলিক সমিতিৰ সহযোগত শান্তিপুৰত এটি সজাগতা সভা আয়োজন কৰে । আজিৰ সভাখনত ধৰ্মীয় সংখ্যালঘু জনগণৰ অতি প্ৰাসংগিক দিশবোৰৰ বিষয়ে বিশদ আলোচনা কৰা হয় । সভাখনত অতিথি হিচাপে কেন্দ্ৰীয় এবিএমছুৰ সভাপতি, সম্পাদককে আদি কৰি এটি প্ৰতিনিধি দল উপস্থিত থাকে ।



Today, under the initiative of the Parbatjhora District Committee and Kajigaon Regional Committee of the All BTC Minority Students' Union, an awareness meeting was organized in Shantipur. In today's meeting, a detailed discussion was held on highly relevant issues concerning religious minority communities. As special guests, a delegation including the president, general secretary and others from the Central ABMSU was present.

আজি এবিএমছুৰ বিজনী জিলা সমিতিৰ অন্তৰ্গত নৱগঠিত পানবাৰী আঞ্চলিক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশাল জনজাগৰণ স...
08/02/2026

আজি এবিএমছুৰ বিজনী জিলা সমিতিৰ অন্তৰ্গত নৱগঠিত পানবাৰী আঞ্চলিক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশাল জনজাগৰণ সভা আয়োজন কৰে । সভাখনত বিটিচি তথা অসমত ধৰ্মীয় সংখ্যালঘু জনগণৰ ওপৰত দেখা দিয়া কেতবোৰ জ্বলন্ত সমস্যাৰ বিষয়ে বিস্তৃত আলোচনা কৰা হয় । সভাখনত কেন্দ্ৰীয় এবিএমছুৰ সভাপতি টাইচন হুছেইন , সাধাৰণ সম্পাদক জাইদুল ইছলাম , মুখ্য উপদেষ্টা শ্বাহনেৱাজ পাৰমানিক সমন্বিতে কেন্দ্ৰীয় প্ৰতিনিধি দল এটি উপস্থিত থাকে ।

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সত্য বাহিৰ হওক! ন্যায়ৰ বাবে স্বচ্ছ তদন্ত বিচাৰোঁ । যুগ শ্রেষ্ঠ শিল্পীৰ আত্মাৰ শান্তিৰ বাবে...
11/10/2025

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সত্য বাহিৰ হওক! ন্যায়ৰ বাবে স্বচ্ছ তদন্ত বিচাৰোঁ । যুগ শ্রেষ্ঠ শিল্পীৰ আত্মাৰ শান্তিৰ বাবে।



02/08/2025

ৰ অষ্টম ছাত্ৰ সংহতি দিৱস পালন কৰা হয় চিৰাঙত। প্ৰায়াত শ্বহীদ লাফিকুল ইছলাম আহমেদৰ মৃত্যুৰ দিনটো ছাত্ৰ সংহতি দিৱস।

24/07/2025

অসম চৰকাৰৰ অবৈধ উচ্ছেদৰ বিৰুদ্ধে জন্তৰ-মন্তৰত এবিএমছুৰ উত্তাল প্ৰতিবাদ।
#উচ্ছেদ #অবৈধ

Address

Alukhunda To Bishdoba Road
Bijni

Alerts

Be the first to know and let us send you an email when ABMSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share