05/09/2025
আম্মাজান হজৰত আইশ্বা (ৰা:) আৰু নবী হজৰত মুহাম্মদ (ছ:) ৰ বিবাহৰ বয়সকলৈ আপত্তি আৰু তাৰ উত্তৰ
✍️ মৌলানা আব্দুছ ছাত্তাৰ (B Sc. , D Pharm)
আম্মাজান হজৰত আইশ্বা (ৰা:) আৰু নবী হজৰত মুহাম্মদ (ছ:) ৰ বিবাহৰ বয়সকলৈ আপত্তিৰ উত্তৰ তলৰ পাঁচটা প্ৰশ্নৰ উত্তৰত লুকাই আছে
প্ৰশ্ন ১ : এই বিবাহ হজৰত আইশ্বা (ৰা:) ৰ অভিভাৱকৰ অনুমতি অবিহনে হৈছিল নেকি?
প্ৰশ্ন ২ : হজৰত আইশ্বা (ৰা:)ই এই বিবাহ অস্বীকাৰ কৰিছিল নেকি?
প্ৰশ্ন ৩ : বিবাহৰ সময়ত সেই সময়ৰ এজনো মুছলিম বিৰোধী কাফিৰ বা মুশ্বৰিকে বিৰোধীতা নকৰাৰ কাৰণ কি ?
প্ৰশ্ন ৪ : এই বিবাহৰ বাবে হজৰত আইশ্বা (ৰা:)ৰ কোনো বেমাৰ বা স্বাস্থ্যৰ অবনতি ঘটিছিল নেকি?
প্ৰশ্ন ৫ : বৰ্তমান সময়ৰ নৈতিকতা (morality) ৰ ওপৰত ভিত্তি কৰি পূৰ্বৰ সকলো কৰ্মক ভুল বা শুদ্ধ বুলি পৰীক্ষা কৰাটো যুক্তিসংগত নেকি?
উত্তৰ নং ১ : বিবেকমান ব্যক্তি সকলে সহজেই উত্তৰ বিচাৰি পাব যে উক্ত বিবাহ অভিভাবকৰ অনুমতি সাপেক্ষে হৈছিল। সন্তানৰ বিষয়ে অভিভাবক সকল আটাইতকৈ ভালকৈ অবগত। গতিকে হজৰত আইশ্বা (ৰা:)ৰ বিবাহৰ বয়স হৈছিল নে নাই সেয়া নিশ্চয় তেখেতৰ অভিভাবক সকলে জানিছিল।
উত্তৰ নং ২ : ন-দহ বছৰীয়া কিশোৰ-কোশোৰীয়ে নিজৰ পছন্দৰ বিপৰীত কাৰ্য্যৰ বিৰোধিতা কৰিব এয়াই স্বাভাবিক কিন্তু ইতিহাসত কোনো প্ৰমাণ নাই যে হজৰত আইশ্বা (ৰা:)ই বিবাহৰ বিৰোধীতা কৰিছিল। বৰং তাৰ ওলোটাহে পোৱা যায়-
ছহীহ বুখাৰীৰ 4786 নং হাদীছৰ সাৰাংশ হ'ল- নবী মুহাম্মদ (ছ:) য়ে হজৰত আইশ্বা(ৰা:) আৰু আন স্ত্রী সকলক স্বাধীনতা দিছিল যে তেখেত সকলে ইচ্ছা কৰিলে ৰছুলুল্লাহ(ছ:) ক এৰি যাব পাৰে। হজৰত আইশ্বা(ৰা:) ক কৈছিল যে তুমি ইচ্ছা কৰিলে নিজৰ অভিভাবকৰ লগত আলোচনা কৰি সিদ্ধান্ত ল'ব পাৰা যে মোৰ লগত থাকিবা নে নাই। উত্তৰ হজৰত আইশ্বা(ৰা:) ই কৈছিল যে অভিভাবকৰ লগত আলোচনাৰ প্ৰয়োজন নাই, মই আপোনাৰ লগত থাকিম।
এতিয়া প্ৰশ্ন হয়- যি বিবাহত হজৰত আইশ্বা (ৰা:) ৰ আপত্তি নাই, তেখেতৰ অভিভাবকৰ সন্মতি সাপেক্ষে হৈছিল তা'ত আজিৰ যুগৰ নাস্তিক আৰু ইছলামোফোবিক সকলে আপত্তি কৰাৰ যুক্তি ক'ত?
উত্তৰ নং ৩ : সেই সময়ৰ কোনো এজন মুছলিম বিৰোধী কাফিৰ/মুশ্বৰিকে বিৰোধীতা নকৰাৰ কাৰণ হ'ল সেই সময়ত ন-দহ বছৰীয়া ছোৱালীক বিয়া দিয়াটো স্বাভাবিক কথা আছিল। আজিৰ যুগত যিদৰে ১৮-২০ বছৰীয়া ছোৱালীক বিয়া দিয়াক কোনেওঁ বেয়া দৃষ্টিৰে নাচায় একেদৰে সেই সময়ত ন-দহ বছৰীয়া ছোৱালীক বিয়া দিয়াটো স্বাভাবিক কথা আছিল। প্ৰমাণসহ তলত বিতং আলোচনা কৰা হ'ব।
উত্তৰ নং ৪ : বিবাহৰ ফলত হজৰত আইশ্বা (ৰা:) ৰ কোনো বেমাৰ হোৱা নাছিল। বিবাহৰ ফলত তেখেতৰ ওপৰত কোনো ধৰণৰ মানসিক চাপো নাছিল তাৰ প্ৰমাণ এইটোৱে যে হজৰত মুহাম্মদ (ছ:) ৰ মৃত্যুৰ পিছত তেখেতৰ বাৰ্তা সমূহ আটাইতকৈ বেছি যি সকলে প্ৰচাৰ কৰিছিল তাৰ মাজৰ এজনী হ'ল হজৰত আইশ্বা (ৰা:)। এয়া নিশ্চয়কৈ এজন শাৰিৰীক আৰু মানসিকভাবে সুস্থ ব্যক্তিৰ পৰিচয় যে হজৰত মুহাম্মদ (ছ:) ৰ বৰ্তা অনুযায়ী গবেষণা কৰি নতুন নতুন সদস্যাৰ সমাধান দেখতে প্ৰদান কৰিছিল।
উত্তৰ নং ৫ : বৰ্তমান সময়ৰ নৈতিকতাৰ ওপৰত ভিত্তি কৰি পূৰ্বৰ সকলো কৰ্মক ভুল বা শুদ্ধ বুলি পৰীক্ষা কৰাটো যুক্তিসংগত হ'ব নোৱাৰে। কাৰণ 1860 ৰ আগত ভাৰতত ন-দহ বছৰীয়া ছোৱালীক বিয়া দিয়াটো স্বাভাবিক কথা আছিল। ইংৰাজে যেতিয়া দেখা পায় যে বাল্য বিবাহ ভাৰতত বহুত বেছি, তেতিয়া তেওঁলোকে 1860ত ছোৱালীৰ বিবাহৰ সন্মতিৰ নুন্যতম বয়স ১০ নিৰ্ধাৰণ কৰে। গতিকে সেই সময়ৰ ডাঙৰ ডাঙৰ ব্যক্তি সকলৰ ন-দহ বছৰীয়া ছোৱালীক বিয়া কৰাটো আজিৰ নৈতিকতাৰ দ্বাৰা অপৰাধী বুলি গণ্য কৰাটো যুক্তিসংগত নেকি?
হজৰত আইশ্বা (ৰা:) আৰু হজৰত মুহাম্মদ (ছ:) ৰ বিবাহৰ বয়স-
২৫ বছৰ বয়সত হজৰত মুহাম্মদ (ছ:) য়ে তেখেতকৈ ১৫ বছৰ ডাঙৰ হজৰত খাদিজা (ৰা:)ক বিবাহ কৰিছিল। বিবাহৰ প্ৰস্তাৱ হজৰত খাদিজা(ৰা:) ৰ ফালৰ পৰা আহিছিল। কল্পনা কৰক- আজিৰ যুগত কোনো যুৱকে তেওঁৰ বয়সৰ ১৫ বছৰ ডাঙৰ যুৱতীক বিবাহ কৰিব নেকি? যদি বিবাহ কৰে তেন্তে মানুহে কি দৃষ্টিৰে চাব?
তেখেতৰ প্ৰথম পত্নীৰ মৃত্যুৰ পিছত দ্বিতীয় বিবাহ ৫০ বছৰ বয়সত এগৰাকী বিধবা নাৰী হজৰত ছাওদাহ(ৰা:) ৰ লগত হৈছিল। ৫০ বছৰ বয়সলৈ এগৰাকী স্ত্ৰী ৰাখাটোৱে প্ৰমাণ কৰে যে একাংশ ব্যক্তিয়ে তেখেত যি মনোবৃত্তিৰে সমালোচনা কৰে সেয়া শুদ্ধ নহয়।
হজৰত আইশ্বা (ৰ:) ৰ বিবাহৰ বয়স কিমান আছিল তাকলৈ মতভেদ আছে। একাংশৰ মতে ৯, আন একাংশৰ মতে ১৩ । অবশ্যে ৯ বছৰৰ বৰ্ণনা অধিক শুদ্ধ বুলি ওলামা সকলে গণ্য কৰে। মনত ৰাখিব আমি এয়া ৬২৩ CE অৰ্থাৎ সপ্তম শতিকাৰ কথাহে আলোচনা কৰি আছোঁ। ছয় বছৰ বয়সত বিবাহৰ প্ৰতিশ্ৰুতি সম্পন্ন হৈছিল আৰু ন-দহ বছৰ বয়সত ঘৰলৈ অনা হৈছিল।
বিবাহৰ বয়স আৰু তাৰ ইতিহাস
ভাৰতীয় দণ্ডবিধি (IPC), ১৮৬০ ৰ অধীনত ছোৱালীৰ বাবে সন্মতিৰ বয়স ১০ বছৰ নিৰ্ধাৰণ কৰা হৈছিল। মানে, ছোৱালীৰ বয়স যদি ১০ বছৰ বা তাতকৈ বেছি হয় তেন্তে সেই বিবাহ আৰু যৌন সম্পৰ্কক অবৈধ বুলি গণ্য কৰা হোৱা নাছিল। অৰ্থাৎ ঊনবিংশ শতাব্দীৰ আগত ন-দহ বছৰীয়া ছোৱালীৰ বিবাহ ভাৰতত সাধাৰণ কথা আছিল। তেনে ক্ষেত্রত সপ্তম শতিকাৰ ন-দহ বছৰীয়া ছোৱালীৰ বিবাহক সমালোচনা কৰাটো কিমান যুক্তি সংগত?
আইপিচি ১৮৬০ ৰ পিছত সংস্কাৰ-
১৮৯১ চনৰ এজ অৱ কনচেণ্ট এক্টত ছোৱালীৰ বাবে সন্মতিৰ বয়স ১০ বছৰৰ পৰা ১২ বছৰলৈ বৃদ্ধি কৰা হৈছিল। ২০ শতিকাত আৰু অধিক পৰিবৰ্তন হয়, যেনে বাল্য বিবাহ নিয়ন্ত্ৰণ আইন, ১৯২৯ (চাৰ্ডা আইন) ত ছোৱালীৰ নূন্যতম বিবাহ বয়স ১৪ আৰু ল’ৰাৰ বাবে ১৮ বছৰ নিৰ্ধাৰণ কৰা হয় ।১৯৭৮ চনত ভাৰতত "বাল্য বিবাহ নিয়ন্ত্ৰণ আইন, ১৯২৯"ত পুণৰ সংশোধন কৰা হয় ।এইবাৰ ছোৱালীৰ বাবে নূন্যতম বয়স ১৫ৰ পৰা ১৮ বছৰলৈ বৃদ্ধি কৰা হয় । ল’ৰাৰ ক্ষেত্ৰত নূন্যতম বয়স ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰা হয় ।
ওপৰোক্ত আলোচনাৰ পৰা বুজা গ'ল-
ঊনবিংশ শতাব্দীৰ আগত ন-দহ বছৰীয়া ছোৱালীৰ বিবাহ ভাৰতত সাধাৰণ কথা আছিল। একেদৰে বিংশ শতাব্দীৰ শেষলৈ ১৪-১৫ বছৰীয়া ছোৱালীৰ বিবাহ সাধাৰণ কথা আছে। তেনে ক্ষেত্রত সপ্তম শতিকাৰ বিবাহকলৈ আপত্তি কৰাৰ যুক্তি ক'ত? শেষত তলৰ পইন্ট কেইটাৰ ওপৰত পাঠক সমাজক অধ্যয়ন কৰিবলৈ আহ্বান জনাম-
ক) ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা, হিন্দু সকলৰ এক বৃহৎ সংখ্যক লোকে যাক এজন সমাজ সংস্কাৰক ৰূপে শ্ৰদ্ধা কৰে , ঐতিহাসিক সকলে ভাৰতত মহিলাৰ অধিকাৰৰ বাবে যি সকলে কাম কৰিছে তাৰ মাজৰ এজন অতি গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে যাক গণ্য কৰে তেখেত হ'ল- ৰাজা ৰামমোহন ৰয় । সেই মহান নেতা ৰাজা ৰামমোহন ৰয়ৰ বিবাহৰ বয়স কিমান আছিল অধ্যয়ন কৰক। একেদৰে ব্ৰাহ্ম সমাজৰ আন এজন আচাৰ্য কেশবচন্দ্র সেনৰ ছোৱালীক কিমান বছৰ বয়সত কোচ বিহাৰৰ ৰজাৰ ওচৰত বিবাহ দিছিল অধ্যয়ন কৰক।মনত ৰাখিব এয়া ঊনবিংশ শতাব্দীৰ ঘটনা আনহাতে হজৰত মুহাম্মদ (ছ:)ৰ বিবাহৰ ঘটনা সপ্তম শতাব্দীৰ।
খ) বাল গংগাধৰ তিলক, ৰবীন্দ্ৰনাথ ঠাকুৰে বিয়া কৰা ছোৱালীৰ বিবাহৰ বয়স কিমান আছিল অধ্যয়ন কৰক।