Assam GK

Assam GK প্ৰতিযোগিতা মূলক অধ্যয়ন। mahiram Rajbongshi

02/03/2024
29/11/2023

Guys আপোনালোকে grade iii আৰু grade iv ত apply কৰিলে নে??
লগতে অসম আৰক্ষীৰ পদ সমুহ ত apply কৰিলে নে??

19/04/2023

5 টা ক্ৰমিক যুগ্ম সংখ্যাৰ গড় 10, তেন্তে প্রথম আৰু শেষৰ সংখ্যাৰ পাৰ্থক্য কিমান??

19/04/2023

শ্ৰীমন্ত শংকৰদেৱ ৰ বিষয় কিছু তথ্য.....

১) শ্ৰী মন্ত শংকৰদেৱ কোন আছিল ?

উত্তৰঃ-শ্ৰী মন্ত শংকৰদেৱ এজন একেধাৰে ধৰ্ম প্ৰচাৰক , সমাজ সংগঠক, সু গায়ক, অভিনেতা, কবি এজন চিত্ৰকৰ লগতে অসমীয়া জাতি-সাহিত্য-সংস্কৃতিৰ নিৰ্মাতা আছিল ।

২)শ্ৰী মন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰঃ- শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ১৪৪৯ খীষ্টাব্দৰ আহিন-কাতি মাহত শংকৰদেৱৰ জন্ম হয়।

৩) শিৰোমণি ভূঞাই স্থায়ীভাৱে ক'ত বাস কৰিছিল ?

উত্তৰঃ-সিৰোমণি ভূঞাই স্থায়ীভায়ে নগাওঁ জিলাৰ বৰদোৱা নামেৰে ঠাইত স্থায়ীভাৱে বাস কৰিছিল ।

৪) শংকৰদেৱৰ পিতৃৰ নাম কি আছিল ?

উত্তৰঃ- শংকৰদেৱৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আছিল ।

৫) শংকৰদেৱৰ মাতৃৰ নাম কি আছিল ?

উত্তৰঃ- শংকৰদেৱৰ মাতৃৰ নাম সত্যসন্ধা আছিল ।

৬) শ্ৰীমন্ত শংকৰদেৱক আন কি নামেৰে আখ্যা দিয়া হৈছিল ?

উত্তৰঃ- শ্ৰী মন্ত শংকৰদেৱক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়।

৭) শ্ৰী মন্ত শংকৰদেৱক কোনে লালন পালন কৰিছিল ?

উত্তৰ ঃ- শ্ৰী মন্ত শংকৰদেৱক বুঢ়ীমাক খেৰখুতীয়ে লালন পালন কৰিছিল ।

৮) শংকৰ দেৱে কিমান বছৰ বয়ষত পঢ়া-শুনা কৰিবলৈ গৈছিল ?

উত্তৰঃ- শংকৰদেৱে বাৰ বছৰ বয়ষত পঢ়া-শুনা কৰিবলৈ গৈছিল।

৯) শংকৰদেৱে কাৰ ওচৰত শিক্ষা গ্ৰহন কৰিছল ?

উত্তৰঃ- শংকৰদেৱে মহেন্দ্ৰ কলন্দি নামেৰে গুৰুৰ ওচৰত শিক্ষা গ্ৰহন কিছিল ।

১০) শংকৰদেৱে অ আ শিকিয়েই ৰচনা কৰা কবিতাটোৰ নাম কি লিখাঁ ?

উত্তৰঃ- শংকৰদেৱে অ আ শিকিয়েই ৰচনা কৰা কবিতাটোৰ নাম হ'ল কৰতল কমল।

১১) শংকৰদেৱক 'দেৱ' উপাধি কোনে দিছিল ?

উত্তৰঃ- শংকৰদেৱক দেৱ উপাধি মহেন্দ্ৰ কলন্দিয়ে দিছিল ।

১২) শংকৰদেৱে কলন্দিৰ টোলত কেইবছৰ শিক্ষাগ্ৰহন কৰিছিল ?

উত্তৰঃ- শংকৰদেৱে কলন্দিৰ টোলত ছয় বছৰ শিক্ষাগ্ৰহন কৰিছল ।

১৩) শংকদেৱে লিখিউলিওৱা প্ৰথমখন অনুবাদ কবিতা কি আছিল ?


উত্তৰঃ- শংকৰদেৱে লিখিউলিওৱা প্ৰথমখন অনুবাদ কবিতা হ'ল- হৰিশ্চন্দ্ৰ উপাখ্যান।

১৪) শংকৰদেৱে শিৰোমণি ভূঞাৰ দায়িত্বভাৰ কাক কাক দিবলৈ ইচ্চা প্ৰকাশ কৰিছিল ?

উত্তৰঃ- শংকৰদেৱে শিৰোমণি ভূঞাৰ দায়িত্বভাৰ ককাক জয়ন্ত দলৈ আৰু মাধৱ দলৈক অৰ্পণ কৰিবলৈ ইচ্ছা কৰিছিল ।

১৫) কিমান বছৰ বয়ষত শংকৰদেৱে ঘৰলৈ উভতি আহিছিল ?

উত্তৰঃ- ১৭ বছৰ বয়ষত শংকৰদেৱে ঘৰলৈ উভতি আহিছিল।

১৬ ) শংকৰদেৱৰ পত্নীৰ নাম কি আছিল ?

উত্তৰঃ- শংকৰদেৱৰ পত্নীৰ নাম হ'ল-সূৰ্যৱতী।

১৭) বিবাহৰ কিমান বছৰৰ পাছত শংকৰদেৱৰ কণ্যা সন্তান জন্ম হৈছিল ?

উত্তৰঃ- বিবাহৰ তিনি বছৰৰ পাছত শংকৰদেৱৰ কণ্যা সন্তানৰ জন্ম হৈছিল ।

১৮) শংকৰদেৱৰ কণ্যা সন্তানটোৰ নাম কি আছিল ?

উত্তৰঃ- শংকৰদেৱৰ কণ্যা সন্তানটোৰ নাম মনু আছিল ।

১৯) শংকৰদেৱৰ দ্বিতীয় পত্নীগৰাকীৰ নাম কি আছিল ?

উত্তৰঃ- শংকৰদেৱৰ দ্বিতীয় পত্নীগৰাকীৰ নাম কালিন্দী আছিল ।

২০) কোন চনৰ কোন তাৰিখে শংকৰদেৱে প্ৰথম তীৰ্থলৈ গৈছিল ?


উত্তৰঃ- ১৪০৩ চনৰ ৩১ তাৰিখে শংকৰদেৱে প্ৰথম তীৰ্থলৈ গৈছিল ।

২১) শংকৰদেৱৰ লগত কেইজন সংগী তীৰ্থলৈ গৈছিল ?

উত্তৰঃ- শংকৰদেৱৰ লগত সোতৰজন সংগী তীৰ্থলৈ গৈছিল।

২২) শংকৰদেৱৰ লগত তীৰ্থলৈ যোৱা সংগীকেইজৰ নাম লিখাঁ ?

উত্তৰঃ- শংকৰদেৱৰ লগত তীৰ্থলৈ যোৱা সংগীকেইজনৰ নাম হ'ল- মহেন্দ্ৰ কালন্দি , ৰামৰাম, বলোভন্দ্ৰ, নাৰায়ন, সৰ্বজয়, গোপাল, মুৰাৰি, দামোদৰ,হৰিদাস আদি ।


২৩) শংকৰদেৱে কিমান চনত দ্বিতীয়বাৰৰ বাবে তীৰ্থলৈ গৈছিল ?

উত্তৰঃ- শংকৰদেৱে ১৫৫০ শকৰ আঘোন মাহত শংকৰদেৱে তীৰ্থলৈ গৈছিল ।

২৪) শ্ৰী মন্ত শংকৰদেৱে কি ধৰ্ম বিয়পাইছিল ?

উত্তৰঃ- শ্ৰী মন্ত শংকৰদেৱে একাচৰণ ধৰ্ম বিয়পাইছিল ।

২৫) শংকৰদেৱৰ মুঠতে কিমানটা বৰগীত আছে ?

উত্তৰঃ-শংকৰদেৱে মুঠতে ২৪০ টা বৰগীত আছে ।

২৬) শংকৰদেৱৰ দ্বাৰা জনপ্ৰিয় হোৱা ধৰ্মীয় প্ৰতিষ্টানটোৰ নাম কি আছিল ?

উত্তৰঃ- শংকৰদেৱৰ দ্বাৰা জনপ্ৰিয় হোৱা ধৰ্মীয় প্ৰতিষ্টানটোৰ নাম শ্ৰী মন্ত শংকৰ সংঘ ।


২৭) শ্ৰী মন্ত শংকৰদেৱ বটাঁৰ বিজয়ী প্ৰথমজন ব্যক্তি কোন আছিল ?

উত্তৰঃ- শ্ৰী মন্ত শংকৰদেৱ বটাঁৰ বিজয়ী প্ৰথম জন ব্যক্তি হ'ল-ডঃ ভূপেন হাজৰিকা ।

২৮) শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ- শংকৰদেৱে বৰগীত লিখিবলৈ ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল।

২৯) শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিনলক কি বুলি কোৱা হয় ?

উত্তৰঃ- শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মনিকাঞ্চন সংযোগ বুলি কোৱা হয় ।

৩০) শ্ৰী মন্ত শংকৰদেৱে প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মক আন কি নামেৰে জনা যায় ?

উত্তৰঃ-শ্ৰী মন্ত শংকৰদেৱে প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মক মহাপুৰুষীয়া ধৰ্ম নামেৰে জনা যায় ।

৩১) শ্ৰী মন্ত শংকৰদেৱে অনুষ্ঠিত কৰা প্ৰথমখন ভাওনাৰ নাম কি লিখাঁ ?

উত্তৰঃ- শ্ৰী মন্ত শংকৰদেৱে অনুষ্ঠিত কৰা প্ৰথমখন ভাওনাৰ নাম হ'ল চিহ্নযাত্ৰা ।


৩২) শংকৰদেৱে ৰচনা কৰা শেষৰখন ভাওনাখনৰ নাম কি লিখাঁ ?

উত্তৰঃ-শংকৰদেৱে ৰচনা কৰা শেষৰখন ভাওনাখনৰ নাম হ'ল ৰাম বিজয়।

৩৩) শংকৰদেৱে ৰচনা কৰা চিহ্নযাত্ৰা নামৰ ভাওনাখনৰ ৰচনা কাল কিমান খ্ৰীষ্টাব্দত বুলি জনা গৈছিল ?

উত্তৰঃ- শংকৰদেৱে ৰচনা কৰা চিহ্নযাত্ৰা নামৰ ভাওনাখনৰ ৰচনা কাল ১৪৬৮ খ্ৰীষ্টাব্দত বুলি জনা গৈছিল ।

৩৪) শংকৰদেৱে মাধৱদেৱক কোনখন ঠাইত লগ পাইছিল ?

উত্তৰঃ- শংকৰদেৱে মাধৱদেৱক বেলগুৰি নামৰ ঠাইত লগ পাইছিল ।

৩৫) শ্ৰীমন্ত শংকৰদেৱে সৃষ্ঠি কৰা নৱবৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ কি আছিল ?

উত্তৰঃ- শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা নৱবৈষ্ণৱ ধৰ্মৰ মূল ভাৱ এক দেৱ , এক সেৱ, এক বিনে নাই কেৱ আছিল ।

৩৬) শংকৰদেৱৰ প্ৰিয় শিষ্যজনৰ নাম কি আছিল ?
উত্তৰঃ-শংকৰদেৱৰ প্ৰিয় শিষ্যজনৰ নাম হ'ল মাধৱদেৱ ।

৩৭) শংকৰদেৱে প্ৰথমে ক'ত সত্ৰ স্থাপন কৰিছিল ?
উত্তৰঃ-শংকৰদেৱে প্ৰথমে মাজুলীৰ ধুৱাহাট বা বেলগুৰিত সত্ৰ স্থাপন কৰিছিল ।
৩৮) শংকৰদেৱে ৰচনা কৰা অন্যতম পুথিকনৰ নাম কি লিখাঁ ?


উত্তৰঃ- শংকৰদেৱে ৰচনা কৰা অন্যতম পুথিখনৰ নাম হ'ল-কীৰ্তন-ঘোষা ।
৩৯) শংকৰদেৱে ৰচনা্ কৰা কেইখনমান পুথিৰ নাম লিখাঁ ।
উত্তৰঃ- শংকৰদেৱে ৰচনা কৰা কেইখন মান পুথিৰ নাম হ'ল- ভাগৱত, ৰুক্মিনী হৰন, পাৰিজাত হৰন, ৰাম বিজয়, গুণমালা, ভক্তি ৰত্নাৱলী, বৰগীত, অনুবাদ, গীত ইত্যাদি ।
৪০) শংকদেৱে ৰচনা কৰা সাহিত্যৰাজিক ৰচনা-ৰুপ হিচাপে কেইটা ভাগত ভগাব পাৰি ?
উত্তৰঃ- শংকৰদেৱে ৰচনা কৰা সাহিত্য়ৰাজিক ৰচনা-ৰুপ হিচাপে ছয়টা ভাগত ভগাব পাৰি ।
৪১) হৰিচন্দ্ৰ উপাখ্যানৰ কাব্যৰ মূল বিষয়বস্তু পৰা লোৱা হৈছিল ?
উত্তৰঃ-হৰিচন্দ্ৰ উপাখ্যানৰ কাব্যৰ মূল বিষয়বস্তু মাৰ্কণ্ডেয় পুৰাণাৰ ৭ ম ৮ম অধ্যায় পৰা লোৱা হৈছে ।
৪২) শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা এখন গন্থৰ নাম লিখাঁ ?
উত্তৰঃ-শংকৰেদেৱে সংস্কৃত ভাষাত ৰচনা কৰা এখন গন্থৰ নাম হল-ভক্তি ৰত্নাকৰ ।
৪৩) শংকৰদেৱে ৰচনা কৰা ভক্তি ৰত্নকৰ নামৰ গন্থখনত কি কথা উল্লেখ আছে ?
উত্তৰঃ- শংকৰদেৱে ৰচনা কৰা ভক্তি ৰত্নাকৰ নামৰ গন্থখনত শ্ৰৱন,কীৰ্তন , অৰ্জন, বন্দন আদিৰ কথা উল্লেখ আছে ।
৪৪) শংকৰদেৱে ৰচনা কৰা অনুবাদমূলক গন্থৰ ভিতৰত শ্ৰেষ্ঠ গন্থখনৰ নাম কি লিখাঁ ?
উত্তৰঃ- শংকৰদেৱৰে ৰচনা কৰা অনুবাদমূলক গন্থৰ ভিতৰত শ্ৰেষ্ঠ গন্থখনৰ নাম হ'ল দশম ।
৪৫) শংকৰদেৱে ৰচনা কৰা গীত সমূহক কেইটা ভাগত পা৩ৰি লিখাঁ ?
উত্তৰঃ- শংকৰদেৱে ৰচনা কৰা গীতসমূহক দুটা ভাগত ভাগ কৰিব পাৰি ।
৪৬) শ্ৰী মন্ত শংকৰদেৱে কেইধৰনৰ ভটিমা সৃষ্টি কৰিছিল ?



উত্তৰঃ- শ্ৰী মন্ত শংকৰদেৱে তিনিধৰনৰ ভটিমা সৃষ্টি কৰিছিল ।

৪৭) শংকৰদেৱে সৃষ্টি কৰা ভটিমা তিনিবিধৰ নাম লিখাঁ ।
উত্তৰঃ-শংকৰদেৱে সৃষ্টি কৰা তিনিবিধ ভটিমা হ'ল-১) নাট ভটিমা ২) দেৱ ভটিমা ৩) ৰাজ ভটিমা ।

৪৮) শংকৰদেৱে প্ৰথমবাৰ তীৰ্থলৈ যাওঁতে কি কি ঠাই ভ্ৰমন কৰিছিল ?

উত্তৰঃ-শংকৰদেৱে প্ৰথমবাৰ তীৰ্থলৈ যাওঁতে জগন্নাথ, কাশী,গয়া, প্ৰয়াগ,বাৰানাসী, সীতাকুণ্ড, মথুৰা বৃন্দবন,বদৰিকাশ্ৰম আদি নান তীৰ্থঠাই ভ্ৰমন কৰিছিল ।

৪৯)শ্ৰী মন্ত শংকৰদেৱে প্ৰথমটো বৰগীত কোন ঠাইত ৰচনা কৰিছিল ?

উত্তৰঃ-শ্ৰী মন্ত শংকৰদেৱে প্ৰথমটো বৰগীত বদৰিকাশ্ৰম নামৰ ঠাইত ৰচনা কৰিছল ।

৫০) শ্ৰী মন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথটো বৰগীতটোৰ নাম কি লিখাঁ ?

উত্তৰঃ- শ্ৰী মন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথমটো বৰগীতটোৰ নাম হ'ল-"মন মেৰি ৰাম চৰনহি লাগো ।

৫১) শংকদেৱে কেইবছৰ তীৰ্থভ্ৰমন কৰিছিল ?
উত্তৰঃ- শংকৰদেৱে বাৰ বছৰ তীৰ্থভ্ৰমন কৰিছল ।

৫২) শংকৰদেৱৰ প্ৰথম পুত্ৰজনৰ নাম কি আছিল লিখাঁ ?

উত্তৰঃ- শংকৰদেৱৰ প্ৰথম পুত্ৰজনৰ নাম ৰামানন্দ আছিল ।

৫৩) শংকদেৱৰ দ্বিতীয় পুত্ৰজনৰ নাম কি লিখাঁ ?

উত্তৰঃ- শংকৰদেৱৰ দ্বিতীয় পুত্ৰজনৰ নাম হৰিচৰন আছিল ।

৫৪) শংকৰদেৱৰ তৃতীয় পুত্ৰজনৰ নাম কি আছিল লিখাঁ ?

উত্তৰঃ- শংকৰদেৱৰ তৃতীয় পুত্ৰজনৰ নাম কমললোচন আছিল

৫৫) শংকৰদেৱে গাংমৌত কেইবছৰ বাস কৰিছিল ?

উত্তৰঃ- শংকদেৱে গাংমৌত সাত বছৰ ছমাহ বাস কৰিছিল।

৫৬) শংকৰদেৱক আন কি নামেৰে জনা গৈছিল ?

উত্তৰঃ- শংকৰদেৱক সাহিত্য-সংস্কৃতিৰ জনক বুলি কোৱা হৈছিল ।
৫৭) শংকৰদেৱৰ নাতিজনৰ নাম কি লিখাঁ ?

উত্তৰঃ- শংকৰদেৱৰ নাতিজনৰ নাম হ'ল - পুৰুষোত্তম ঠাকুৰ আছিল।
৫৮) শংকৰদেৱৰ সৰুকালৰ নাম কি আছিল লিখাঁ ?
উত্তৰঃ- শংকৰদেৱৰ সৰুকালৰ নাম গঙ্গাধৰ আছিল ।
৫৯) শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোক সাধাৰণতে কি বুলি জনা যায় ?
উত্তৰঃ- শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোক সাধাৰণতে এক শৰণীয়া নাম ধৰ্ম বুলি জনা যায়।
৬০) শংকৰদেৱৰ জোৱাইকৰ নাম কি আছিল লিখাঁ ?
উত্তৰঃ- শংকৰদেৱৰ জোৱাইকৰ নাম হৰি আছিল ।
৬১ শ্ৰী মন্ত সংকৰদেৱে কি কি বাদ্য-যন্ত্ৰ সৃষ্টি কৰিছিল ?
উত্তৰঃ- শ্ৰী মন্ত শংকৰদেৱে খোল, তাল, ডবা,কাহঁ, শংখ,মৃদংগ আদিক সৃষ্টি কৰিছিল ।
৬২) শংকৰদেৱৰ কিমান শকৰ কিমান তাৰিখে মৃত্যু হৈছিল ?
উত্তৰঃ- শংকৰদেৱৰ ১৪৯০ শকৰ ভাদ মাহৰ ২১ শুক্লা দ্বিতীয় তিথিত মৃত্যু হৈছিল ।.

19/04/2023

Guys আপোনালোকে বৰ্তমান কি চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে ??
🙏🙏

20/01/2023

Hii guys,
আপোনালোকে ssc MTS apply কৰিলে নে ?/কৰিব নে ??

20/01/2023

কোন দেশত পুলিচ মিলিটেৰী নাই ???
উত্তৰ:-

17/01/2023

বৰ্তমান অসম আৰক্ষী ৰ যি গ্ৰেড iv পদৰ 920 টা পদৰ Apply চলি আছে আৰু excise department ৰ 222 টা পদৰ,jailar পদৰ 36 টা, home guard 52 টা পদৰ Apply চলি আছে,
আপোনালোকে apply কৰিলে নে ??
Comment যোগে জনাওক আপোনাৰ মতামত।।

17/01/2023

Good morning guys,
আপোনালোকৰ ADRE grade 4 viva কেনে হল,..... প্ৰস্তুতি কেনে চলি আছে।।

19/11/2022

grade iv ৰ মৌখিক পৰীক্ষাৰ বাবে নিজকে কেনেকৈ সাজু কৰিব?

১)প্ৰথমতে Viva Exam Hall ত সোমাওতে "May I Come In Sir"/"May I Come In Ma'am" ? কৈ Permission লব । তাৰ পিছত হে প্ৰৱেশ কৰিব।

২)পোনপতীয়াভাৱে গৈ Chair ত নবহিব ,Sir/Ma'am য়ে যেতিয়া বহিব কব তেতিয়া বহিব ! বহিব নকলে নবহিব।

৩)Sir/Ma'am ক Good Morning/ Good Afternoon বুলি সম্বোধন কৰিব room ত প্ৰৱেশ কৰি প্ৰথমতে।

৪) আপোনাৰ বিষয় কিবা কও ক বুলি সুধিব ! তাত সাৱধানভাৱে কব - Self Name, Father's Name, Full Address! আৰু লগতে educational background কৈ দিব চমু কৈ।

৫) আপোনি কি কৰি ভাল পায়? ইয়াৰ উত্তৰ দিওঁতে সাৱধান হ'ব! কাৰন তাৰ পৰাই প্ৰশ্ন সুধিব পাৰে!

৫)প্ৰশ্ন ৰ উত্তৰ দিয়াতে ভয় নকৰিব ।। নহলে নেতিবাচক প্ৰভাৱ পৰিব।

৬)আপোনাৰ Bio Data সন্দৰ্ভত প্ৰশ্ন সুধিব! লগতে মেট্ৰিকত কোন Division আৰু কোন বিষয়ত কিমান মাৰ্কছ পাইছিল সুধিব পাৰে! এইবোৰ ভাল কৈ চাই লব। লগতে আপুনি পঢ়ি অহা বিদ্যালয় খনৰ নাম, স্থাপন হোৱা চন মনত ৰাখিব, প্ৰশ্ন কৰিব পাৰে।

৭)কোনটো চাকৰিৰ বাবে সাক্ষাৎকাৰ দিব আহিছে লগতে চাকৰিটো কিয় কৰিব বিচাৰে?

৮)আপুনি আগতে কি কাম কৰিছিল? চাকৰি আৰু ব‍্যৱসায় কোনটোত বেছিকৈ সুৰক্ষিত অনুভৱ হয়?

৯)Assam Cabinet Minister Name's! Assam Gk! Assam History ৰ ওপৰত প্ৰশ্ন সুধিব ! এইবোৰ অলপ পৰিব।

১০)সাত ভনী ৰাজ্যৰ বিষয়ে সুধিব পাৰে। লগতে অসমৰ চুবুৰীয়া বিদেশী ৰাষ্ট্ৰ কেইখন আৰু কি কি ?

১১)Viba শেষ হোৱাৰ পিচত Room ৰ পৰা ওলাওতে Sir/Ma'am ক এটা "ধন্যবাদ" দিব । কাৰণ viva আৰম্ভ যেনেকৈ হয় তেনেকৈ শেষ হয়।
Viva দিব যাওঁতে পৰিপাতি কৈ যাব আৰু normal dress পিন্ধিব।

১২) কোনোবা প্ৰশ্ন ৰ উত্তৰ নাজানিলে যি তি কৈ নিদিব, অলপ সময় লব তাৰ পিছত নোৱাৰিলে মই অৱগত নহয় বুলি যোনাই দিব sir ক। সকলোঁ প্ৰশ্নৰ উত্তৰ জনাটো সম্ভৱ নহয়। মিছা কথাৰ আশ্ৰয় নলবো কেতিয়াও যি জানিব সেইটো হে কব।

মহিৰাম ৰাজবংশী 🥰

18/11/2022

Grade iv qualified প্ৰাৰ্থী সকলৰ বাবে viva আহিব লগা সম্ভাব্য প্ৰশ্ন..... আপোনাৰ জিলা খনৰ সাধাৰন তথ্য
প্ৰশ্ন:-
১) আপোনাৰ জিলা খনৰ উপযুক্ত জনৰ নাম কি ?

২) আপোনাৰ জিলা খনৰ অৰ্থ কি ?*

৩) আপোনাৰ অঞ্চলত কি কি ভাষা ভাষীৰ মানুহ আছে ?

৪) আপোনাৰ জিলা খনৰ দিৱস কেতিয়া পালন কৰা হয় ?

৫) আপোনাৰ জিলা খনত কিমান জনসংখ্যা আছে ?*

৬) আপোনাৰ জিলা খনৰ web site খনৰ নাম কি?

৭) আপোনাৰ জিলা খনৰ মুঠ মাটি কালি কিমান ?*
৮) আপোনাৰ জিলা খনৰ বিধায়ক আৰু বিধান সমষ্টিৰ নাম ?

৯) আপোনাৰ জিলা খনৰ sp জনৰ নাম ?

১০) আপোনাৰ জিলা খন কিহৰ বাবে বিখ্যাত ?*

১১) আপোনাৰ জিলা খনৰ pincode কি ?

১২) আপোনাৰ জিলাৰ পৰা কোনোবাই মন্ত্ৰী হৈছে নেকি? যদি হৈছে নাম কি ?

১৩) আপোনাৰ জিলা খন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছে ?*

১৪) জিলা খনৰ চাৰি সীমা .....*

১৫) আপোনাৰ জিলা খনৰ শিক্ষাৰ শতাংশ কিমান ?*

প্ৰস্তুত কৰ্তা মহিৰাম ৰাজবংশী।
বিদ্ৰোহ:- যিহেতু প্ৰতিখন জিলাৰ sp..... তথ্য বেলেগ বেলেগ হয়, সেইবাবেই মই উত্তৰ লিখি দিব পৰা নাই। তথাপিও *.. চীন থকা প্ৰশ্ন সমুহৰ উত্তৰ মোৰ তাত আছে। লাগিলে inbox কৰিব অথবা comment যোগে জনাব। সকলোৰে সুবিধাৰ্থে মই নিজা ববিয়া কৈ প্ৰশ্ন সমুহ লিখি দিলোঁ। যাতে চাকৰি সকলোৰে প্ৰয়োজন আৰু সকলোৱেই ইয়াৰ পৰা উপকৃত হয়। কাৰোবাক সহায় কৰিব বুলি ভাবিলে post টো share কৰি দিব পাৰে।

Address

Bijni

Alerts

Be the first to know and let us send you an email when Assam GK posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category