17/12/2021
*গুৰুকূল মডেল একাডেমি*
শিক্ষা জীৱনৰ সোপান ৷ শিক্ষা সমাজৰ দাপোন ৷ এই ধাৰণাৰে উদ্বুদ্ধ হৈয়ে ভৱানীপুৰ ,উত্তৰ ন হাটীত ২০২১ চনৰ ১৭জানুৱাৰীত শিল্পী দিৱসৰ পবিত্ৰ দিনটোত এখন শিক্ষানুষ্ঠানৰ বীজ অংকুৰিত হয়--নাম **গুৰুকূল মডেল*
*একাডেমি**
গুৰুকূল মডেল একাডেমিৰ প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভৰ লগতে শিল্পী দিৱসৰ কাৰ্যসূচী ৰাতিপুৱা পতাকা উত্তোলনৰ দ্বাৰা আৰম্ভ কৰে উপাধ্যক্ষা ড° পূৰবী বৰুৱাই ৷ জ্যোতিপ্ৰসাদৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে শ্ৰী সঞ্জয় ডেকা, হৰদীপ তালুকদাৰ,বাবুল ডেকা তথা স্হানীয় বিশিষ্ট ব্যক্তি সকল,বিদ্যালয়ৰ কৰ্মকৰ্ত্তাসকলৰ লগতে ছাত্ৰছাত্ৰী সকলে ৷ আয়তী সকলৰ নাম প্ৰসংগ অনুষ্ঠানৰ পিচত বিদ্যালয় খনৰ শুভ উন্মোচন কৰে প্ৰাক্তন শিক্ষা বিষয়া শ্ৰীযুত ধৰণীধৰ তালুকদাৰে ৷ উক্ত অনুষ্ঠানত উপস্হিত থাকি বিদ্যালয় খনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰাৰ লগতে সদুপদেশ আৰু আশীৰ্বাদ প্ৰদান কৰে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ , শংকৰদেৱ বঁটাপ্ৰাপক সন্মানীয় শ্ৰীযুত বশিষ্ঠ দেব শৰ্মা দেৱে ৷ ইয়াৰ পিচত শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সমন্বিতে ছাত্ৰ ছাত্ৰী আৰু স্হানীয় ৰাইজৰ অংশগ্ৰহণেৰে দিনটোৰ বিভিন্ন কাৰ্যসূচী যেনে- জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতা, পথ চিত্ৰ অংকন, আলোচনা চক্ৰ আদি অনুষ্ঠিত হয় ৷ চিত্ৰ-ভাস্কৰ্য শিল্পী হৰেকৃষ্ণ তালুকদাৰে উন্মোচন কৰা পথ চিত্ৰ অংকনত অতিথি হিচাবে অংশ লয় শিল্পী নবাকাশ(দিল্লী), বিনোদ বৰা(নগাঁও), দিগন্ত দাস আদিয়ে ৷ ত্ৰিলোচন ঠাকুৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত অংশ গ্ৰহন কৰে বঙাইগাঁও ডায়েটৰ জ্যেষ্ঠ প্ৰবক্তা সাহিত্যিক ডিম্বেশ্বৰ মেধি আৰু দীপক তালুকদাৰ , নলবাৰী ডায়েটৰ জ্যেষ্ঠ প্ৰবক্তা জয়ন্ত মজুমদাৰ , লেখিকা কুঞ্জলতা দাস আদিয়ে ৷ যুব শিল্পী ৰাহুল দাসৰ সংগীতেৰে আৰম্ভ হোৱা আবেলিৰ মুকলি সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি তথা গুৰুকূল মভেল একাডেমীৰ অধ্যক্ষ শ্ৰী ত্ৰিলোচন ঠাকুৰীয়া দেবে ৷ মুখ্য অতিথিৰ আসন অলংকৃত কৰে বি, এইচ কলেজৰ অধ্যক্ষ তথা সাহিত্যিক ড° ভূষন চন্দ্ৰ পাঠক দেৱে আৰু নিৰ্দষ্ট বক্তা হিচাবে বক্তৃতা আগবঢ়ায় অৱসৰ প্ৰাপ্ত শিক্ষা বিষয়া শ্ৰী ধৰণীধৰ তালুকদাৰ ডাঙৰীয়াই ৷লগতে শ্ৰী ৰূপনাথ দাস (জ্যে:প্ৰ: ডায়েট বঙাইগাঁও) -এ শিক্ষাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি বক্তব্য দাঙি ধৰে ৷