ABVP Bhawanipur Anchalik Collage Unit

ABVP Bhawanipur Anchalik Collage Unit ABVP Long live

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,অসম প্ৰদেশৰ উদ্যোগত খে'ল ভাৰত আৰু অসম ফুটবল সন্থাৰ তত্ত্বাৱধানত সমগ্ৰ অসমত অনুষ্ঠিত হ'ব লগা...
14/12/2024

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,অসম প্ৰদেশৰ উদ্যোগত খে'ল ভাৰত আৰু অসম ফুটবল সন্থাৰ তত্ত্বাৱধানত সমগ্ৰ অসমত অনুষ্ঠিত হ'ব লগা 'মহাবীৰ লাচিত কাপ' শীৰ্ষক ২০ বছৰৰ অনুৰ্দ্ধৰ আন্তঃ মহাবিদ্যালয়(পুৰুষ) ফুটাবল প্ৰতিযোগিতাৰ বজালী জিলাৰ প্ৰতিযোগিতাসমূহ অহা ২৮,২৯,৩০ আৰু ৩১ জানুৱাৰী তাৰিখে সৰুপেটা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হ'ব।গতিকে বজালী জিলাৰ যিসমূহ শিক্ষানুষ্ঠানে অংশগ্ৰহণৰ যো-জা কৰিছে।সকলোৰে অংশগ্ৰহণ আন্তৰিকতাৰে কামনা কৰিলোঁ।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,ভৱানীপুৰ শাখাৰ ফালৰ পৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় শাখাৰ সহযোগত মহাবিদ্যালয়ৰ বিভিন্ন সমস্...
12/08/2024

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,ভৱানীপুৰ শাখাৰ ফালৰ পৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় শাখাৰ সহযোগত মহাবিদ্যালয়ৰ বিভিন্ন সমস্যাৰ ওপৰত ভাৰপ্ৰাপ্ত অধ্যক্ষ মহোদয়ৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰা হয়।অধ্যক্ষ মহোদয়ে অতি সোনকালে সমস্যাবোৰৰ সমাধান কৰিব বুলি আশ্বাস দিয়ে।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বজালী জিলাৰ সদস্যতা কৰ্মশালা শংকৰদেৱ শিশু নিকেতন ভৱানীপুৰত অহা ৪ আগষ্ট ২০২৪ ইং তাৰিখ ৰৰিবাৰ...
03/08/2024

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বজালী জিলাৰ সদস্যতা কৰ্মশালা শংকৰদেৱ শিশু নিকেতন ভৱানীপুৰত অহা ৪ আগষ্ট ২০২৪ ইং তাৰিখ ৰৰিবাৰে অনুস্থিত হব ।
সময় - পুৱা ১০ বজাৰ পৰা ।

" তোৰে মোৰে আলোকৰে যাত্ৰা              অব্যৰ্থ অব্যৰ্থআমি পালো জীৱনৰ অৰ্থ অভিনৱ        স্বাগত স্বাগত সতীৰ্থ "বুকুত অযুত ...
01/08/2024

" তোৰে মোৰে আলোকৰে যাত্ৰা
অব্যৰ্থ অব্যৰ্থ
আমি পালো জীৱনৰ অৰ্থ অভিনৱ
স্বাগত স্বাগত সতীৰ্থ "

বুকুত অযুত সপোন বান্ধি উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় মজিয়াত খোজ-পেলোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মহাবিদ্যালয় শাখাৰ তৰফৰ পৰা স্বাগতম তথা শুভেচ্ছা জ্ঞাপন কৰিছো ।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৰপেটা বিভাগৰ বিভাগ প্ৰশিক্ষণ শিৱিৰ অহা ২৭ আৰু ২৮ জুলাই ২০২৪ ইং তাৰিখ শনিবাৰ আৰু ৰবিবাৰে ব...
22/07/2024

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৰপেটা বিভাগৰ বিভাগ প্ৰশিক্ষণ শিৱিৰ অহা ২৭ আৰু ২৮ জুলাই ২০২৪ ইং তাৰিখ শনিবাৰ আৰু ৰবিবাৰে বি.এইচ্ মহাবিদ্যালয় হাউলীত অনুষ্ঠিত হব ।

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সন্মানীয় উপাধ্যক্ষ ড° আব্দুছ ছালাম চাৰে আজি চাকৰীৰ পৰা অৱসৰ গ্ৰহণ কৰে।অৱসৰ গ্ৰহণৰ এই আবেগি...
01/05/2024

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সন্মানীয় উপাধ্যক্ষ ড° আব্দুছ ছালাম চাৰে আজি চাকৰীৰ পৰা অৱসৰ গ্ৰহণ কৰে।অৱসৰ গ্ৰহণৰ এই আবেগিক মূহুৰ্তত চাৰক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় শাখাৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হৈ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত(কলা আৰু বিজ্ঞান শাখা) ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত ...
27/04/2024

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হৈ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত(কলা আৰু বিজ্ঞান শাখা) ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত নামভৰ্তি কৰিব বিচৰা শিক্ষাৰ্থীসকল আৰু দুই-এদিনতে উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছত স্নাতক প্ৰথম ষান্মাসিকত(কলা,বিজ্ঞান আৰু বাণিজ্য শাখাত)নামভৰ্তি কৰিব বিচৰা শিক্ষাৰ্থীসকলক নামভৰ্তিত বিভিন্ন ধৰণে সহায়-সহযোগ কৰিবৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় শাখাই সাজু হৈছে।গতিকে যিসকল শিক্ষাৰ্থীয়ে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত নামভৰ্তি কৰিব বিচাৰে বা নামভৰ্তি সম্পৰ্কে তথ্য জানিব বিচাৰে।ইচ্ছুক শিক্ষাৰ্থীক তলৰ নম্বৰবোৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছোঁ লগতে তলত দিয়া Scanner ত গৈ গ্ৰুপত Join হ'বলৈ আহ্বান জনালোঁ।

২০২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।
12/02/2024

২০২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সমৰ্থিত সাধাৰণ সম্পাদক,স...
06/02/2024

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সমৰ্থিত সাধাৰণ সম্পাদক,সাংস্কৃতিক সম্পাদক,আলোচনী সম্পাদকৰ লগতে তৰ্ক আৰু আলোচনা বিভাগীয় সম্পাদক পদত বিনা প্ৰতিদ্বন্দিতাৰে জয়।

বনস্পতিরাসোদ্ভুটো গন্ধাধিও গন্ধ উত্তম:। অঘ্ৰেয়া সৰ্বদেৱনা ধুপো য়ং প্ৰতিগাৰিয়াতম।"🕉️গণেশ চতুৰ্থীৰ পবিত্ৰ ক্ষণত ভক্তপ্ৰ...
19/09/2023

বনস্পতিরাসোদ্ভুটো গন্ধাধিও গন্ধ উত্তম:। অঘ্ৰেয়া সৰ্বদেৱনা ধুপো য়ং প্ৰতিগাৰিয়াতম।"🕉️

গণেশ চতুৰ্থীৰ পবিত্ৰ ক্ষণত ভক্তপ্ৰাণ ৰাইজলৈ মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,ভৱানীপুৰ শাখাৰ তৰফৰ পৰা শিক্ষক দিৱস উপলক্ষে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক  স...
05/09/2023

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,ভৱানীপুৰ শাখাৰ তৰফৰ পৰা শিক্ষক দিৱস উপলক্ষে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক সম্বৰ্ধনা জনোৱা হয় আৰু মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক শুভেচ্ছা পত্ৰ প্ৰদান কৰা হয়।নতুনকৈ মহাবিদ্যালয় পৰিচালনা সমিতিৰ নতুনকৈ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা শ্ৰদ্ধাৰ ধণীৰাম তালুকদাৰ ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৰপেটা বিভাগ সাংগঠনিক সম্পাদক দিপাংকৰ দাস ডাঙৰীয়াৰ উপস্থিতিত ভৱানীপুৰ শাখাৰ তৰফৰ পৰা অধ্যক...
31/08/2023

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৰপেটা বিভাগ সাংগঠনিক সম্পাদক দিপাংকৰ দাস ডাঙৰীয়াৰ উপস্থিতিত ভৱানীপুৰ শাখাৰ তৰফৰ পৰা অধ্যক্ষ মহোদয়ৰ লগত এক সৌজন্যমূলক সাক্ষাৎত মিলিত হওঁ‌ আৰু তাৰ পিছত চৰকাৰী নীতি-নিয়ম অনুযায়ী আজি অৱসৰ গ্ৰহণ কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আমাৰ শ্ৰদ্ধাৰ মনমোহন দাস খুড়াক সম্বৰ্ধনা জ্ঞাপন কৰি সাক্ষাৎ কৰোঁ।

Address

Bhawanipur

Website

Alerts

Be the first to know and let us send you an email when ABVP Bhawanipur Anchalik Collage Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to ABVP Bhawanipur Anchalik Collage Unit:

Shortcuts

Share

Category