31/07/2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এ. চূড়ান্ত পৰীক্ষাত কলগাছিয়া আদিতপুৰৰ লুৎফা খানমে ৯.৪০ CGPA ৰে শীৰ্ষ স্থান দখল
কলগাছিয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত স্নাতক (বি.এ.) চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজ্জ্বল সাফল্য অৰ্জন কৰি সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে কলগাছিয়াৰ আদিতপুৰ গাঁৱৰ জীয়ৰী লুৎফা খানমে। তেওঁ ৯.৪০ CGPA লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, লুৎফা খানম কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী। তেওঁৰ এই অসাধাৰণ সফলতাই মহাবিদ্যালয়খনৰ লগতে কলগাছিয়া অঞ্চলবাসীকো গৌৰৱান্বিত কৰি তুলিছে।
লুৎফা খানমৰ এই কৃতিত্বৰ বাবে পৰিয়াল, শিক্ষক-শিক্ষয়িত্ৰী, মহাবিদ্যালয় কৰ্তৃপক্ষ, শুভাকাঙ্ক্ষী আৰু অঞ্চলবাসীয়ে তেওঁলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। ভৱিষ্যত জীৱনতো তেওঁ অধিক সফলতা লাভ কৰি ৰাজ্য তথা দেশৰ নাম উজ্জ্বল কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।