Byaskuchi High School ব্যাসকুছি হাইস্কুল

  • Home
  • India
  • Barpeta
  • Byaskuchi High School ব্যাসকুছি হাইস্কুল

Byaskuchi High School ব্যাসকুছি হাইস্কুল Official page of Byaskuchi High School, P.O.- Byaskuchi, P.S.- Sarthebari, Dist.- Barpeta, Assam- 781307

18/11/2025

আমাৰ বিদ্যালয়ৰ বাতৰি ।

এনেকুৱাই আছিল কিজানি জুবিন দাৰ মায়াবিনী ৰাতি! শত শত বন্তিৰ জ্যোতিৰে ব্যাসকুছি হাইস্কুল বাকৰিত জুবিন দালৈ শ্ৰদ্ধা নিবেদন ...
21/09/2025

এনেকুৱাই আছিল কিজানি জুবিন দাৰ মায়াবিনী ৰাতি! শত শত বন্তিৰ জ্যোতিৰে ব্যাসকুছি হাইস্কুল বাকৰিত জুবিন দালৈ শ্ৰদ্ধা নিবেদন অঞ্চলবাসীৰ । জুবিন গাৰ্গ আমাৰ মাজত অমৰ হৈ থাকিব ।

প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ লৈ ব্যাসকুছি হাইস্কুল পৰিয়ালৰ শ্ৰদ্ধাঞ্জলি🙏🙏🙏Zubeen Garg
20/09/2025

প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ লৈ ব্যাসকুছি হাইস্কুল পৰিয়ালৰ শ্ৰদ্ধাঞ্জলি🙏🙏🙏
Zubeen Garg

27/03/2025
ব্যাসকুছি হাইস্কুলৰ সহকাৰী শিক্ষক তথা ব্যাসকুছি বালক প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক শ্ৰীযুত অনন্ত বৰ্মন মহোদয়...
28/02/2025

ব্যাসকুছি হাইস্কুলৰ সহকাৰী শিক্ষক তথা ব্যাসকুছি বালক প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক শ্ৰীযুত অনন্ত বৰ্মন মহোদয়ে আজি চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে । কামৰূপী লোকগীতৰ বিশিষ্ট শিল্পী শ্ৰীযুত বৰ্মন ডাঙৰীয়াৰ পৰা ব্যাসকুছি হাইস্কুলৰ শিক্ষাৰ্থীসকলে অনাগত দিনতো বিদ্যায়তনিক আৰু সহ:বিদ্যায়তনিক ক্ষেত্ৰত মাগদৰ্শন পাই থাকিব বুলি আশা ৰাখিলোঁ । বিদ্যালয় পৰিয়ালবৰ্গৰ ফালৰ পৰা তেখেতৰ সুস্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰিলোঁ । 🙏

আজি গৰীয়া-মৰিয়া-দেশী জাতীয় পৰিষদ, ক্ষুদ্রফালাদি আঞ্চলিক সমিতি তথা ৰফি ক্লাৱ, ক্ষুদ্রফালাদিৰ বিষয়-ববীয়াই ব্যাসকুছি হাইস্ক...
01/11/2024

আজি গৰীয়া-মৰিয়া-দেশী জাতীয় পৰিষদ, ক্ষুদ্রফালাদি আঞ্চলিক সমিতি তথা ৰফি ক্লাৱ, ক্ষুদ্রফালাদিৰ বিষয়-ববীয়াই ব্যাসকুছি হাইস্কুলৰ নৱ-নিযুক্ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মানস প্ৰতীম ডেকাক সৌজন্যমূলক সাক্ষাৎ কৰে । সাক্ষাৎ কালত তেখেতসকলে বিদ্যালয়ৰ সামগ্ৰিক উন্নয়নৰ বাবে সৰ্বতোপ্ৰকাৰে সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰে ।

আজি চেঙা শিক্ষা খণ্ডৰ খণ্ড শিক্ষা বিষয়া শ্ৰদ্ধাৰ ৰাজেন্দ্ৰ কলিতা ডাঙৰীয়াই  আমাৰ বিদ্যালয় পৰিদৰ্শন কৰে । তেখেতে বিদ্যালয়ৰ...
01/11/2024

আজি চেঙা শিক্ষা খণ্ডৰ খণ্ড শিক্ষা বিষয়া শ্ৰদ্ধাৰ ৰাজেন্দ্ৰ কলিতা ডাঙৰীয়াই আমাৰ বিদ্যালয় পৰিদৰ্শন কৰে । তেখেতে বিদ্যালয়ৰ শিক্ষাৰ্থী তথা শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে বাৰ্তালাপ কৰি বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়াই ।

কালি ব্যাসকুছি হাইস্কুলৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ ধৰ্মেন্দ্ৰ পাটোৱাৰী ছাৰে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু বিদ্যালয়ৰ দ্...
01/11/2024

কালি ব্যাসকুছি হাইস্কুলৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ ধৰ্মেন্দ্ৰ পাটোৱাৰী ছাৰে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু বিদ্যালয়ৰ দ্বায়িত্ব নৱ- নিযুক্ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মানস প্ৰতীম ডেকাক অৰ্পণ কৰে । উক্ত অনুষ্ঠানত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভানেত্রীকে আদি কৰি বিষয়-ববীয়া তথা ব্যাসকুছি হাইস্কুলৰ শিক্ষক-কৰ্মচাৰী উপস্থিত থাকে । আমি বিদায়ী প্ৰধান শিক্ষক ধৰ্মেন্দ্ৰ পাটোৱাৰী ছাৰৰ সুস্বাস্থ্য, দীৰ্ঘায়ু কামনা কৰিলোঁ । লগতে নৱ- নিযুক্ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মানস প্ৰতীম ডেকালৈ শুভেচ্ছা জনালোঁ যাতে তেওঁ বিদ্যালয়খন সর্বাংগ-সুন্দৰকৈ গঢ়ি তুলিব পাৰে ।

Address

Byaskuchi
Barpeta
781307

Website

Alerts

Be the first to know and let us send you an email when Byaskuchi High School ব্যাসকুছি হাইস্কুল posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share