অসমীয়া বিভাগ, Dept. of Assamese, Madhab Choudhury College, Barpeta

অসমীয়া বিভাগ, Dept. of Assamese, Madhab Choudhury College, Barpeta

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from অসমীয়া বিভাগ, Dept. of Assamese, Madhab Choudhury College, Barpeta, College & University, M. C. College Road, Barpeta.

27/07/2025

মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধীনত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে নামভৰ্তিৰ প্ৰক্ৰিয়া চলি আছে। আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে https://mccollegeonline.co.in/reg.php এই লিংকত গৈ আবেদন কৰিব পাৰিব।

Photos from অসমীয়া বিভাগ, Dept. of Assamese, Madhab Choudhury College, Barpeta's post 08/03/2025

আজি ৮ মাৰ্চ, ২০২৫ ইং. তাৰিখ শনিবাৰে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু IQAC, মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ সহযোগত এখনি এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনিৰ বিষয় : 'পুৰণি অসমীয়া লিপি অধ্যয়ন'। কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে বক্তব্য আগবঢ়ায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ অভিলেখাগাৰ সহায়ক শ্ৰীযুত ধনজিৎ তালুকদাৰদেৱে। মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় ড° প্ৰকাশ শৰ্মাদেৱ প্ৰমুখ্যে বিভাগৰ অধ্যাপক-অধ্যাপিকাসকল আৰু স্নাতক-স্নাতকোত্তৰ মহলাৰ ছাত্ৰ-ছাত্ৰীসকল কৰ্মশালাটোত উপস্থিত থাকে। ছাত্ৰ-ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা এই কৰ্মশালাখনিত বিষয়বস্তু অনুসৰি সমল ব্যক্তিগৰাকীয়ে অসমীয়া লিপিৰ ক্ৰমবিকশিত ইতিহাস, অসমীয়া লিপিৰ যুগবিভাজন, যুগ অনুসৰি অসমীয়া লিপিয়ে পৰিগ্ৰহ কৰা গঢ়, বিশেষকৈ মধ্যযুগীয় সাঁচিপতীয়া পুথিত ব্যৱহৃত লিপি সম্পৰ্কে অতি পুংখানুপুংখভাৱে বিশ্লেষণ আগবঢ়ায়। বৰ্ডৰ সহায়ত উপস্থাপন কৰিও তেখেতে অসমীয়া স্বৰ, ব্যঞ্জন আৰু যুক্তব্যঞ্জনসমূহৰ আখৰৰ গঢ়সমূহ ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰায়। লগতে কেতবোৰ সাঁচিপতীয়া পুথিৰ নমুনা ছাত্ৰ-ছাত্ৰীসকলৰ আগত দাঙি ধৰি সেইবোৰৰ পঠন-কৌশল বৃদ্ধিৰ নিমিত্তে তেখেতে প্ৰশিক্ষণ প্ৰদান কৰে।

25/02/2025

আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সফলতা। সকলোলৈ আমাৰ বিভাগৰ ফালৰ পৰা অভিনন্দন জনালোঁ।

সৰ্বভাৰতীয় NET (ডিচেম্বৰ, ২০২৪)ত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সাফল্য। আটাইলৈ মহাবিদ্যালয়ৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভকামনা!💐

23/02/2025

বিভাগৰ অন্য এক সফলতা। মৌচুমী খানমলৈ বিভাগৰ ফালৰ পৰা আন্তৰিক অভিনন্দন। মৌচুমীৰ সফলতাৰ যাত্ৰা অব্যাহত হৈ ৰওক!

মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ শ্ৰীমতী মৌচুমী খানমে সদ্যঘোষিত NTA-UGC-NETৰ ফলাফলত Ph.D. ডিগ্ৰীত নামভৰ্তিৰ বাবে যোগ্যতা আহৰণ কৰিছে। উল্লেখযোগ্য যে শ্ৰীমতী খানমে ২০২২ বৰ্ষত মহাবিদ্যালয়ৰ অসমীয়া বিভাগে প্ৰতি বছৰে প্ৰদান কৰি অহা ড° হৰিনাথ শৰ্মাদলৈ শ্ৰেষ্ঠ স্নাতকোত্তৰ বঁটা লাভ কৰি এই মহাবিদ্যালয়ৰ পৰা কৃতিত্বৰে উত্তীৰ্ণ হৈছিল। তেওঁৰ এই সাফল্যত মহাবিদ্যালয়-পৰিয়াল অতি আনন্দিত হোৱাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰা হ'ল।

23/02/2025

বিভাগৰ বাবে অন্য এক সফলতা। ৰক্তিমাৰ এই যাত্ৰা অব্যৰ্থ হওক!

মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ আন এগৰাকী কৃতী ছাত্ৰী শ্ৰীমতী ৰক্তিমা দাসে সদ্যঘোষিত NTA-UGC-NETৰ ফলাফলত Ph.D. ডিগ্ৰীত নামভৰ্তিৰ বাবে যোগ্যতা আহৰণ কৰিছে। ৰক্তিমা দাস বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী। উল্লেখযোগ্য যে শ্ৰীমতী দাসে ২০২৪ বৰ্ষত NE-SLET পৰীক্ষাত কৃতকাৰ্যতা অৰ্জন কৰি মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছিল। তেওঁ ২০২৩ বৰ্ষৰ স্নাতক।

23/02/2025

বিভাগৰ প্ৰাক্তন ছাত্ৰী শ্ৰীমতী মনীষা পাঠকৰ সাফল্য। তেওঁৰ এই সফলতাত আমি গৌৰৱান্বিত। বিভাগৰ ফালৰ পৰা তেওঁৰ উজ্জ্বল ভৱিষ্যৎ জীৱনৰ কামনা কৰা হ'ল।

মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ কৃতী ছাত্ৰী শ্ৰীমতী মনীষা পাঠকে সদ্যঘোষিত NTA-UGC-NETৰ ফলাফলত Assistant Professor আৰু পিএইচ.ডি. ডিগ্ৰীৰ নামভৰ্তিৰ বাবে যোগ্যতা অৰ্জন কৰিছে। মনীষা পাঠক বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী। শ্ৰীপাঠক মহাবিদ্যালয়ৰ ২০২৩ বৰ্ষৰ স্নাতক।

23/02/2025

আমাৰ বিভাগৰ প্ৰাক্তন ছাত্ৰৰ সাফল্য। বিভাগক গৌৰৱান্বিত কৰা শ্ৰীমান অসীম দাসলৈ অভিনন্দন জনোৱাৰ লগতে তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰা হ'ল।

মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ কৃতী ছাত্ৰ শ্ৰীমান অসীম দাসে আজি ঘোষণা কৰা NTA-UGC-NETৰ ফলাফলত JRF (Junior Research Fellowship) লাভ কৰিবলৈ সক্ষম হৈছে। অসীম দাসে বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধীনত ড° বিশ্বজিৎ দাসৰ তত্ত্বাৱধানত গৱেষণা-কাৰ্য আৰম্ভ কৰিছে। শ্ৰীমান দাস মহাবিদ্যালয়ৰ ২০২২ বৰ্ষৰ স্নাতক।

11/02/2025

বিভাগীয় প্ৰাচীৰ পত্ৰিকা : "কিশলয়" (২০২৫)ৰ শুভ উদ্বোধনী অনুষ্ঠান। উদ্বোধন কৰিছে মহাবিদ্যালয়ৰ অধ্যক্ষ সন্মানীয় ড° প্ৰকাশ শৰ্মাদেৱে।

Photos from অসমীয়া বিভাগ, Dept. of Assamese, Madhab Choudhury College, Barpeta's post 11/02/2025

বিভাগীয় প্ৰাচীৰ পত্ৰিকা : কিশলয়, ২০২৫: ল'ৰা-ছোৱালীহঁতৰ কষ্টৰ ফচল!

Photos from Madhab Choudhury College - M.C College, Barpeta's post 02/01/2025

বিভাগৰ প্ৰাক্তন ছাত্ৰ মনোজ কুমাৰ দাসলৈ বহুত শুভকামনা।🌻

06/12/2024

বিভাগৰ প্ৰাক্তন ছাত্ৰীৰ সাফল্য! তেওঁলৈ অভিনন্দন!

যোৱা ০২-০৮-২০২৪ ইং. তাৰিখে প্ৰকাশিত জাননী অনুসৰি মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন কৃতী ছাত্ৰী শ্ৰীমতী উপাসনা চৌধুৰীয়ে *"বৰপেটা জিলাৰ লোকশিল্প : এটি বিশ্লেষণাত্মক অধ্যয়ন"* শীৰ্ষক বিষয়ত কৰা গৱেষণাৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট উপাধি লাভ কৰে। তেওঁ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° ডেইজী ৰাণী ডেকাৰ তত্ত্বাৱধানত গৱেষণা-কৰ্ম সমাপন কৰে। উল্লেখযোগ্য যে শ্ৰীমতী চৌধুৰী ২০১৩-১৪ বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতক চূড়ান্ত পৰীক্ষাত প্ৰথম শ্ৰেণীৰ ৭ম স্থান লাভ কৰিছিল। শ্ৰীমতী চৌধুৰীৰ ককাক স্বৰ্গীয় গিৰীশ চন্দ্ৰ চৌধুৰী এই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সক্ৰিয় সদস্য হোৱাৰ লগতে মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি হিচাপে সেৱা আগবঢ়াইছিল। শ্ৰীমতী চৌধুৰীৰ এই কৃতিত্বৰ বাবে তেওঁলৈ মহাবিদ্যালয়-পৰিয়ালৰ তৰফৰ পৰা অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যৎ জীৱনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰা হ'ল।

Want your school to be the top-listed School/college in Barpeta?

Click here to claim your Sponsored Listing.

Location

Address


M. C. College Road
Barpeta