Bamundongra HS School Official

Bamundongra HS School Official This page is created for publicity of educational information as well as the school.

15/08/2026

৮০ তম স্বাধীনতা দিৱস উপলক্ষে আমাৰ বিদ্যালয়ৰ বিষয় শিক্ষক Rabiul Islam Saleem ছাৰে দেশপ্ৰেমূলক গীত গায় ।
বিদ্যালয় শিক্ষা বিভাগ বৰপেটা
DC Barpeta

১৯৯৫ চনৰ পৰা ২০২৬ চনলৈ এক দীঘলীয়া কৰ্মজীৱন সামৰি যোৱামাহৰ ৩১ তাৰিখে অৱসৰ গ্ৰহণ কৰা আমাৰ পি. এম. শ্ৰী বামুণদংৰা উচ্চতৰ ম...
13/08/2026

১৯৯৫ চনৰ পৰা ২০২৬ চনলৈ এক দীঘলীয়া কৰ্মজীৱন সামৰি যোৱামাহৰ ৩১ তাৰিখে অৱসৰ গ্ৰহণ কৰা আমাৰ পি. এম. শ্ৰী বামুণদংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক শ্ৰদ্ধাৰ শ্ৰীযুত সজল কমল দাসদেৱৰ Sajal Kamal সন্মানাৰ্থে আজি এক আন্তৰিক বিদায় সম্ভাষণ সভা অনুষ্ঠিত হয়। এই দীৰ্ঘদিনীয়া প্ৰায় ৩০ বছৰ শিক্ষকতা জীৱনত ছাৰে আমাৰ বিদ্যালয়ৰ সহস্র ছাত্ৰ-ছাত্ৰীক পোহৰৰ বাট দেখুৱাই অঞ্চলটোলৈ যথেষ্ট অৱদান দি গৈছে।
বিষয় শিক্ষকৰ ওপৰিও ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপেও ছাৰে সফলতাৰে সেৱা আগবঢ়াই গৈছে । আমাৰ বিদ্যালয়ৰ পৰা ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা কেবাগৰাকী অধ্যক্ষ, বিষয় শিক্ষক, সহকাৰী শিক্ষকৰ উপস্থিতিয়ে অনুষ্ঠানখনি অনন্য কৰি তোলে। আমাৰ বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী,ছাত্ৰ-ছাত্ৰী,SMDC ৰ হৈ সদ্য অৱসৰপ্ৰাপ্ত শ্ৰীযুত দাস ছাৰৰ সুদীৰ্ঘ আয়ুস আৰু সুস্বাস্থ্য কামনা কৰিছোঁ।
বিদ্যালয় শিক্ষা বিভাগ বৰপেটা
DC Barpeta

13/08/2026

আজি আমাৰ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক শ্ৰীযুত সজল কমল দাস Sajal Kamal ডাঙৰীয়াৰ বিদায় সম্ভাষণ সভাত বিদ্যালয়ৰ গীত পৰিৱেশন কৰে শ্ৰদ্ধাৰ আমাৰ বিদ্যালয়ৰ প্ৰাক্তন বিষয় শিক্ষক Kabin Das ছাৰে।
বিদ্যালয় শিক্ষা বিভাগ বৰপেটা
DC Barpeta

আজি পি এম শ্ৰী বামুণ দংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীসকলৰ মাজত প্ৰ-পত্ৰ বিতৰ...
12/08/2026

আজি পি এম শ্ৰী বামুণ দংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীসকলৰ মাজত প্ৰ-পত্ৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰা, তেওঁলোকক শিক্ষাৰ ক্ষেত্ৰত উৎসাহিত কৰা আৰু আত্মনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যে অসম চৰকাৰৰ এই অভিলাষী আঁচনিখনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। 💐📚

অনুষ্ঠানটোত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত যোগ্য ছাত্ৰীসকলৰ মাজত প্ৰ-পত্ৰ বিতৰণ কৰা হয়। ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যৎ আৰু উচ্চ শিক্ষাৰ সপোন পূৰণৰ পথত এই পদক্ষেপে নতুন আশাৰ সঞ্চাৰ কৰিব বুলি আমি আশাবাদী। 🌷

শিক্ষাই হওক নাৰী শক্তিৰ মূল আধাৰ।
শিক্ষিত নাৰী, শক্তিশালী সমাজ। ✨

#নিযুতমইনা
#মুখ্যমন্ত্ৰীৰনিযুতমইনা




একাদশ শ্ৰেণীৰ কোনোবা ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় পৰিবৰ্তন(Transfer) কৰিব খুজিলে ৩১-০৮-২০২৬ ৰ আগত কৰিব পাৰিবা ।
10/08/2026

একাদশ শ্ৰেণীৰ কোনোবা ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় পৰিবৰ্তন(Transfer) কৰিব খুজিলে ৩১-০৮-২০২৬ ৰ আগত কৰিব পাৰিবা ।

Half yearly exam for class IX & X, Barpeta/Bajali District
08/08/2026

Half yearly exam for class IX & X, Barpeta/Bajali District

04/08/2026
পি এম শ্ৰী বামুণদংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত "নিচা মুক্ত ভাৰত অভিযান (Nasha Mukht Bharat Abhiyan)" উপলক্ষে ০৩...
04/08/2026

পি এম শ্ৰী বামুণদংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত "নিচা মুক্ত ভাৰত অভিযান (Nasha Mukht Bharat Abhiyan)" উপলক্ষে ০৩-০৮-২০২৬ ইং তাৰিখে এক সজাগতা কাৰ্যসূচী সফলভাৱে পালন কৰা হয়।
এই কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক নিচাজাতীয় দ্ৰব্যৰ কুফল, শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ, আৰু এখন সুস্থ, সুৰক্ষিত তথা দায়িত্বশীল সমাজ গঢ়ি তোলাত যুৱপ্ৰজন্মৰ ভূমিকা সম্পৰ্কে সজাগ কৰা হয়।
আহক, আমি সকলোৱে একেলগে শপত লওঁ— 🚫 নিচাজাতীয় দ্ৰব্যক সম্পূৰ্ণৰূপে 'না' কওঁ।
🌱 সুস্থ জীৱনশৈলী বাছি লওঁ।
📚 জ্ঞান, নীতি আৰু মূল্যবোধেৰে উজ্জ্বল ভৱিষ্যৎ গঢ়ি তোলোঁ।
🤝 সমাজৰ বাবে এজন দায়িত্বশীল আৰু আদৰ্শ নাগৰিক হওঁ।
"সুস্থ মন – শক্তিশালী ভাৰত" গঢ়ি তোলাত আমাৰ সকলোৰে সক্ৰিয় অংশগ্ৰহণেই হ'ব সৰ্বশ্ৰেষ্ঠ অৱদান।
নেচামুক্ত যুৱশক্তিয়েই শক্তিশালী ভাৰতৰ ভেটি।
বিদ্যালয় শিক্ষা বিভাগ বৰপেটা
DC Barpeta

04/08/2026

এমহীয়া গ্ৰীষ্মকালীন পাঠদান বিৰতিৰ পিছত পূৰ্বে ঘোষণা কৰা অনুসৰি HS 1st Yearৰ ছাত্ৰ-ছাত্ৰী Class Test (Political Science)ত অৱতীৰ্ণ হৈ থকা মুহূর্ত।

উজনি অসমৰ বানপীড়িত শিৱসাগৰ, যোৰহাট আৰু নাজিৰা অঞ্চলৰ অসহায় লোকসকলৰ সহায়ৰ উদ্দেশ্যে পি এম শ্ৰী বামুণদংৰা উচ্চতৰ মাধ্যম...
29/07/2026

উজনি অসমৰ বানপীড়িত শিৱসাগৰ, যোৰহাট আৰু নাজিৰা অঞ্চলৰ অসহায় লোকসকলৰ সহায়ৰ উদ্দেশ্যে পি এম শ্ৰী বামুণদংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলৰ সহযোগিতাত আৰ্থিক সাহায্য দিয়া হয় আৰু বান পানীত ক্ষতিগ্ৰস্থ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আমাৰ বিদ্যালয়ত জমা হৈ থকা অতিৰিক্ত পাঠ্যপুথি আজি বৰপেটা জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হয়, তাৰ পৰা বানত ক্ষতিগ্ৰস্থ ছাত্ৰ ছাত্ৰীলৈ এই কিতাপ সমূহ দিয়া হব যাতে ছাত্ৰ ছাত্ৰীৰ পঢ়াত অসুবিধা নহয় ।

এই মানবীয় প্ৰয়াসৰ মূল লক্ষ্য হৈছে দুৰ্যোগৰ সময়ত বিপদগ্ৰস্ত ভাতৃ-ভগ্নীসকলৰ কাষত থিয় দিয়া আৰু শিক্ষাৰ ধাৰাবাহিকতা অটুট ৰখাত সামান্য হ'লেও অৱদান আগবঢ়োৱা।

এই মহৎ কাৰ্যত সহায়-সহযোগিতা আগবঢ়োৱা সকলো শিক্ষক-কৰ্মচাৰীক বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

"মানৱ সেৱাই পৰম ধৰ্ম"—এই আদৰ্শক সাৰ্থক কৰি আমি আশা কৰোঁ যে আমাৰ এই সৰু প্ৰচেষ্টাই বানপীড়িত লোকসকলৰ জীৱনত কিছু আশাৰ পোহৰ কঢ়িয়াই আনিব।
DC Barpeta
বিদ্যালয় শিক্ষা বিভাগ বৰপেটা

Address

Village: Bamundongra, PO/Habidongra
Barpeta
781308

Telephone

+918638649315

Website

Alerts

Be the first to know and let us send you an email when Bamundongra HS School Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Bamundongra HS School Official:

Shortcuts

Share

Category