MSAP Computech, Garala Centre

MSAP Computech, Garala Centre

Share

a computer online service shop
computer software installed here

16/12/2025

ChatGPT's Deep Answer

14/12/2025

GHS FUNCTION

18/05/2024
19/01/2024

APSC CCE Apply is going on
Last Date 6th Feb2024

01/12/2023

অসমীয়া ৰচনা
নৱম-দশম-একাদশ-দ্বাদশ শ্ৰেণী

মোৰ প্ৰিয় সাহিত্যিক (লক্ষ্মীনাথ বেজবৰুৱা)

আৰম্ভণিঃ- আজিলৈ মই যিসকল সাহিত্যিকৰ লিখনি পঢ়িছো, সেই সকলৰ কোনোজনেই মোৰ অপ্রিয় নহয়৷ তথাপি আজি মোক মোৰ প্ৰিয় সাহিত্যিকৰ বিষয়ে লিখিবলৈ দিয়াত মই মোৰ প্রিয় সাহিত্যিক হিচাপে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক বাছি ল’লো, কিয়নো অসমীয়া ভাষা আৰু সাহিত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এখেতৰ অৱদান অপৰিসীম।
জন্মঃ- বেজবৰুৱা দেৱৰ জন্ম হয় ১৮৬৪ চনৰ নৱেম্বৰ মাহত। দেউতাকৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাকৰ নাম আছিল থানেশ্বৰী দেৱী।
শিক্ষাঃ- উচ্চ শিক্ষিত পিতাকৰ তত্ত্বাবধানত সৰু কালৰে পৰাই সুস্থ পৰিৱেশত ১৮৮৬ চনত শিৱসাগৰ হাইস্কুলৰ পৰা প্রবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ ৰিপম কলেজৰ পৰা বি. এ. ডিগ্রী লাভ কৰে। তেওঁ এম. এ. আৰু আইন পঢ়িছিল যদিও শিক্ষা বিভাগৰ আসোঁৱাহৰ বিৰুদ্ধে নীৰৱ প্রতিবাদ জনাই চূঢ়ান্ত পৰীক্ষাত নবহি সিমানতে আনুষ্ঠানিক শিক্ষা জীৱনৰ যৱনিকা টানে। কলিকতাত থাকোতে তেওঁ ১৮৯১ চনত কলিকতাৰ প্ৰখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্রজ্ঞা সুন্দৰীক বিয়া কৰে।
কৰ্ম আৰু সাহিত্যিক জীৱনঃ- কলেজীয়া অৱস্থাৰে পৰাই বেজবৰুৱাদেৱে সাহিত্য চৰ্চা আৰম্ভ কৰিছিল। কলিকতাত থকা সময়তেই কেইজনমান বন্ধুৰ লগ লাগি অসমীয়া ভাষা-সাহিত্যক উন্নয়নৰ বাবে ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ জন্ম দিয়ে আৰু ‘জোনাকী’ নামৰ আলোচনী কাকত এখন উলিয়ায়।
বেজবৰুৱা দেৱে অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ ক্ষেত্ৰত আধুনিক সাহিত্যৰ সকলোবোৰ শাখাতেই দক্ষ আৰু আলফুল হাতৰ পৰশ বোলাই কালজয়ী সাহিত্য ৰচনা কৰি থৈ গৈছে। তেওঁৰ সাহিত্য কর্মক আমি তলত দিয়া ধৰণে ভাগ কৰিব পাৰি – চুটিগল্পঃ- সুৰভি, জোনবিৰি, কেঁহোকলি। নাটকঃ- চক্রধ্বজ সিংহ, জয়মতী, বেলিমাৰ আদি। কবিতাঃ- কদমকলি। উপন্যাসঃ- পদুম কুঁৱৰি । তত্ত্বমূলক ৰচনাঃ- তত্ত্বকথা, শ্রীকৃষ্ণকথা আদি। জীৱনীমূলক গ্ৰন্থঃ- শংকৰদেৱ, শংকৰদেৱ আৰু মাধৱদেৱ। সাধুকথাৰ পুথিঃ- বুঢ়ী আইৰ সাধু, সাধু কথাৰ কুঁকি, ককাদেউতা আৰু নাতি ল’ৰা।
প্ৰিয় হোৱাৰ কাৰণঃ- বেজবৰুৱাদেৱ মোৰ প্রিয় সাহিত্যিক। সাহিত্যিক এজন প্রিয় হোৱাৰ বহুতো কাৰণ থাকে। বেজবৰুৱাদেৱ মোৰ প্ৰিয় হোৱাৰ কাৰণবোৰ হ’ল-
প্ৰথমতে, সাহিত্য হৈছে সমাজ বা জাতি এখনৰ দাপোণস্বৰূপ। যি সাহিত্য যিমানে সমাজমুখী আৰু বাস্তব ধর্মী। সেই সাহিত্য সিমানেই আবেদনময়ী। বেজবৰুৱাদেৱৰ সাহিত্যও তেনেকুৱাই।
দ্বিতীয়তে, তেওঁৰ কাব্য তথা নাটকসমূহ পাঠকৰ বাবে স্বদেশপ্রেমৰ অফুৰন্ত ভাৱ উদ্রেককাৰী অনন্য সৃষ্টি। তেওঁৰ নাটকসমূহ প্রাচীন অসমৰ শৌর্য-বীর্য, বল-বিক্রম, আৰু জয়গাঁথার অনবদ্ধ সংস্কৰণ।
তৃতীয়তে, তেওঁৰ সৃষ্টি সাহিত্যৰাজিৰ পাতে-পাতে বিমল হাস্য ৰসৰ কল্লোলিত খলকনি আছে, যিয়ে অসমীয়া সমাজৰ ফোঁপোলা স্বভাৱটো উদং কৰি দেখুৱাৰ লগতে পাঠকৰ হৃদয়ত হাস্য-ৰসৰ হেন্দোলনি তোলে।
চতুৰ্থতে, তেওঁ ৰচিত সাহিত্যৰ ভাষা খাটি অসমীয়া গোন্ধৰে আমোলমোল। তেখেতে সাধাৰণ ভাৱ এটাকো অসাধাৰণ শব্দ-চয়ন, বাক্য-বিন্যাস আৰু ব্যঙ্গ দৃষ্টিৰ ৰহণে শ্রোতা আৰু পাঠকৰ মন-প্রাণ হৰণ কৰাত সিদ্ধহস্ত।
পঞ্চমতে, বেজবৰুৱাদেৱ আছিল স্বাধীনচেতীয়া, উদাৰ, স্বদেশপ্রেমিক, আৰু আশাবাদী সমাজ সংস্কাৰক। সেয়ে তেখেত অকল সাহিত্যিক হিচাপেই নহয়, এজন আদর্শ ব্যক্তি হিচাপেও মোৰ প্ৰিয়।
সামৰণিঃ- মই ভাবো যে সাহিত্য পঢ়ি সোৱাদ, আনন্দ আৰু জ্ঞান লাভ কৰাৰ মানসিকতা যিজন ব্যক্তিৰ আছে, সেইজন ব্যক্তিয়ে যদি বেজবৰুৱাদেৱৰ সাহিত্য অধ্যয়ন কৰে তেন্তে সাহিত্যৰথী বেজবৰুৱাদেৱ নিশ্চয় তেওঁৰো প্ৰিয় সাহিত্যিক হ’ব।

30/11/2023

অসমীয়া ৰচনা
নৱম-দশম-একাদশ-দ্বাদশ শ্ৰেণী

অসমৰ কুটীৰ শিল্প
(আৰম্ভণী-কুটীৰ শিল্পসমূহ-উন্নয়নৰ উপায়-সামৰণি)

আৰম্ভণিঃ- ঘৰতে নিজ হাতে সাধাৰণ সা-সঁজুলিৰে বস্তু উৎপাদন কৰা শিল্প কাৰ্যক কুটীৰ শিল্প বোলে। কুটীৰ শিল্পত বস্তু তৈয়াৰ কৰোতে সময় বেছি লাগে, পৰিশ্রমো বেছি লাগে। সেইবাবে দেখা যায় যে কুটীৰ শিল্পৰ ঠাই যান্ত্ৰিক শিল্পই লাহে লাহে দখল কৰি আছে। যন্ত্ৰ শিল্পৰ দ্বাৰা অলপ সময়তে বেছি সংখ্যক বস্তু উৎপাদন কৰিব পৰা যায়। কিন্তু কুটীৰ শিল্পৰ জৰিয়তে বহুতো নিবনুৱা সমস্যাৰ সমাধান হোৱা দেখা যায়। আমাৰ ভাৰতবৰ্ষ এখন কৃষি প্রধান দেশ। ইয়াৰ অধিকাংশ মানুহেই গাঁৱত বাস কৰে। সেয়ে চহা গাঁৱলীয়া মানুতে কৃষিৰ লগে লগে ঘৰুৱা সামগ্ৰীৰে বয়-বস্তু তৈয়াৰ কৰি জীবিকা নির্বাহ কৰা দেখা যায়। যাৰ বাবে আমাৰ ভাৰতৰ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে কুটীৰ শিল্প আৰু গ্ৰামোদ্যোগৰ প্রতি মানুহৰ দৃষ্টি আকর্ষণ কৰাইছিল।
অসমৰ কুটীৰ শিল্পসমূহঃ- আদিযুগৰ পৰাই অসম কুটীৰ শিল্পৰ বাবে বিখ্যাত। কুমাৰ ভাস্কৰ বৰ্মাই প্ৰীতিৰ চিনস্বৰূপে ৰজা হৰ্ষবৰ্ধনলৈ পাট কাপোৰ, বাঁহৰ বাচন, বাঁহৰ ফুলাম বৰ জাপি, হাতী দাঁতৰ পাটী, সাঁচিপাত আদি উপঢৌকন দিছিল। মহাৰাজ নৰনাৰায়ণে কমাৰ-কুমাৰ, খনিকৰ আদি বিভিন্ন কাৰিকৰী বিদ্যা জনা লোকক ভাগে ভাগে নিজ ৰাজ্যত কর্ম-সংস্থাপণ দিছিল। এৰাতিতে কপাহ নেওচি সাজি কাটি, সূতা কাটি, এবিধ কাপোৰ বৈ পত্নীয়ে নিজৰ গিৰিয়েকক পিন্ধাই ৰণলৈ পঠিয়াইছিল। ফলত ৰণুৱাৰ হেনো ৰণত মৃত্যু নহৈছিল। এই কাপোৰক কৱছ কাপোৰ বুলি কোৱা হৈছিল।
সোণ-ৰূপ, তাম, কাঁহ, পিতল আৰু লো ধাতুৰ কাম, ৰেচম শিল্পা, লা আৰু ৰং শিল্প, বাঢ়ৈ, খনিকৰৰ কাম আদিতো অসম আগবঢ়া। নানা কাৰণত কুটিৰ শিল্পৰ অৱনতি ঘটি আজি সাধাৰণ বয়ন শিল্পটোৱে হে জীয়াই আছে। সৰ্থেবাৰীৰ কাঁহ শিল্প, বনিয়াকুচি আৰু হাজোৰ পিতল শিল্প, শুৱালকুছিৰ পাট-মুগাৰ বয়ন শিল্প, বৰপেটাৰ হাতী দাঁতৰ শিল্প নিজৰ মহিমাগুণে অতীতৰে পৰা চলি আহিলেও এতিয়া সংকটাপন্ন হৈছে।
অসমত বৰ্তমান বাচি থকা কুটিৰ শিল্পসমূহৰ ভিতৰত তাঁতৰ কাম, এৰী মুগা পাটৰ কাপোৰ উৎপাদন, কাঁহ – পিতলৰ শিল্প, মৃৎশিল্প, বাঁহ-বেত কাঠৰ কাম, পুতলা সজা আদি উল্লেখযোগ্য। কোট-পেন্ট, চুৰিয়া কামিজ আমি মিল কাপোৰেৰে কৰিলেও নিত্য ব্যবহাৰ্য হাঁচতি–গামোচা আদি বহু কাপোৰ এতিয়াও তাঁত-শালত তৈয়াৰ হয়। এৰি মুগা-পাটৰ কাপোৰ, কাঁহ-পিতলৰ নানান বাচন-বৰ্তনৰ চাহিদা আজিও একেবাৰে কমা নাই। বাঁহ-বেতৰ পৰা আজিও আমাৰ মানুহে নিত্য ব্যৱহাৰ্য খৰাহি, বিচনী, জাকৈ, খালৈ, বাকচ-বাস্কেট, জপা-চুটকে, মুঢ়া আদি তৈয়াৰ কৰে। কাঠেৰে বাঢ়ৈ খনিকৰে আজিও নাওঁ সাজে, চকী-মেচ, পেড়া- আলমাৰি, খাট-পালেং আদি তৈয়াৰ কৰে, কমাৰে লোৰে দা-কুঠাৰ গঢ়ে, কুমাৰে মাটিৰে গামলা-চৰু, টেকেলি-কলহ, চাকি আদি সাজে, কিন্তু আন কাম নাপাইহে বোলে এই কাম কৰিছে, এই কথা সকলোৱে কয় কাৰণে এইবাৰ বিদ্যাৰে হেনো ভাত নিমিলে।
উন্নয়নৰ উপায়ঃ- কুটিৰ শিল্পৰ অৱনতিৰ কাৰণসমূহৰ ভিতৰত যন্ত্ৰ শিল্পৰ দ্বাৰা উৎপাদিত বস্তুৰ লগত কুটিৰ শিল্পজাত বস্তুৱে মোৰ মাৰিব নোৱাৰে, বৰ্তমানৰ পৰিবৰ্তিত ৰুচিৰ লোকৰ মন যোগাব নোৱাৰা, কেঁচা সামগ্ৰীৰ দুর্মূল্য আৰু দুষ্প্রাপ্যতা, শিল্পীৰ আর্থিক দুৰৱস্থা আৰু দক্ষতাৰ অভাৱকে প্ৰধানকৈ আঙুলিয়াব পাৰি।
গ্ৰাম্য অৰ্থনীতিত কুটিৰ শিল্পৰ বিশেষ ভূমিকা আছে। অসমৰ গাঁওবাসীয়ে প্রধানকৈ কৃষিজীৱি। কিন্তু বানপানী বিধস্ত অসমত কৃষি মুঠেই নিৰ্ভৰযোগ্য নহয় আৰু বৰ্তমান আন আন লাগতিয়াল বস্তুৰ খৰচলৈ চাই অকল কৃষিৰ উৎপন্নৰে একোটা পৰিয়াল চলাটো সহজ নহয়। কাজেই কৃষিৰ পৰিপূৰক স্বৰূপে কুটিৰ শিল্পৰ প্ৰচলন একান্ত আবশ্যকীয়। আনহাতে মানুহৰ সংখ্যা বাঢ়িয়েই থাকিব কিন্তু খেতিৰ মাটি নাবাঢ়ে। গতিকে মানুষ শিল্পমুখী হ’ব লাগিব। কুটিৰ শিল্পই এনেদৰে নিবনুৱা সমস্যা সমাধানতো বিশেষ অৰিহণা যোগাব পাৰে। এনেহেন কুটিৰ শিল্পৰ পুনৰুদ্ধাৰ আৰু উন্নতিৰ হকে প্রয়োজনীয় পদক্ষেপ লোৱাটো নিত্যান্তই উচিত। কুটিৰ শিল্পৰ উন্নতিৰ বাবে সম্ভৱস্থলত ইয়াক আধুনিকৰণ কৰিব লাগিব। উদাহৰণস্বৰূপে কাহ-পিতলৰ কথাকে ক’ব পাৰি, কাহৰ সাজ-বাচন তৈয়াৰ কৰোঁতে প্ৰথমতে গলোৱা কাঁহবোৰক হাতুৰীৰে পিটি পিটি বহলাই ল’ব লাগে, এই কামত যথেষ্ট সময়, শ্ৰম আৰু এঙাৰৰ খৰচ হয়। এইখিনি কাম ৰলাৰ মেচিনেৰেও কৰিব পাৰি। তদুপৰি হাতুৰীৰ ঠাইত হেমাৰ ব্যৱহাৰ কৰিলে শ্ৰম আৰু সময় বহুখিনি ৰাহি হ’ব। বৈদ্যুতিক প্ৰক্ৰিয়াৰে পালিচৰ কাম সহজ, খৰতকীয়া আৰু নিমজ কৰিব পাৰি। কিন্তু ইয়াক কৰিবলৈ মূলধন আৰু প্ৰশিক্ষণ দুয়োটাৰে প্ৰয়োজন। সেইকাৰণে এই কামৰ বাবে চৰকাৰে আগভাগ বোৱা উচিত। হাত শালৰ পৰিবৰ্তে তাঁতী শালৰ প্ৰচলন এতিয়া শিপিনী সকলৰ মাজত কিছু পৰিমাণে হৈছে, কিন্তু পাৱাৰ-লুমৰ ব্যৱহাৰ এতিয়ালৈকে হোৱা নাই। মৃৎ-শিল্পকো ৰুচি সন্মতভাৱে ৰূপদান কৰিব পাৰিলে চাহিদা নিশ্চয় বাঢ়িব। মুখা, পুতলা আদি নিৰ্মাণৰ সুন্দৰ ভৱিষ্যত আশা কৰিব পাৰি, যদিহে ইয়াক উন্নত কৰিব পৰা যায়। বাহ-বেতৰ কাম গুটিয়াভাৱে নকৰি ব্যৱসায়ীক ভিত্তিত যুটীয়াভাৱে কৰিলেহে সফল হ’ব পৰা যাব।
সামৰণিঃ- কাহ–পিতল, লো আৰু ৰেচম শিল্পৰ বাবে প্ৰয়োজনীয় কেঁচামাল অসমত নাই বুলিবই পাৰি। এইবোৰ বস্তু নিয়ন্ত্রিত মূল্যত যোগান ধৰাৰ ব্যৱস্থা হ’ব লাগে।
সম্প্ৰীতি হাজোৰ পিতল শিল্পীসকলে আৰু শুৱালকুছিৰ তাঁত শিল্পীসকলেও সমবায় পদ্ধতি অৱলম্বন কৰিছে। শিল্পীৰ কাৰিকৰী দক্ষতা বঢ়াবৰ বাবে শিল্পীসকলক প্রশিক্ষণ দিয়াৰ ব্যৱস্থাও কৰিব লাগে। আমাৰ শিক্ষিত লোকসকলেও কুটিৰ শিল্পৰ উন্নতিৰ প্রতি মনোযোগ দিয়া উচিত। আমাৰ শিক্ষিত নিবনুৱা সকলেও চাকৰিমূখী নহৈ কুটিৰ শিল্পত লাগিব পাৰে। এতিয়ালৈকে অশিক্ষিত লোকসকলেহে এই শিল্পত লাগি আছে। শিক্ষিত লোকসকলে এই কাৰ্যত ধৰিলে তেওঁলোকৰ বুদ্ধি-বৃত্তিৰে ৰুচিসম্মত বস্তু তৈয়াৰ কৰিব পাৰিব।
এইদৰে সকলো দিশ চালি-জাৰি চাই যদি কুটিৰ শিল্পৰ উন্নতিৰ বিধান কৰিব পৰা যায়, তেনেহলে কুটিৰ শিল্পই পাবলগীয়া অর্থনীতিত আমূল পৰিবৰ্তন সাধন কৰিব পাৰিব নিশ্চয়।

16/09/2023

তোমাক ভাবোতেই অজানিতে চকুলো আহি পৰে, নাজানো তোমাক পাম নে নাই, তথাপিও জীৱনযোৰা মাথো তোমাৰ নামতে জীৱন পাৰ কৰিম৷
খুব ভালোবাসি তোমায়

04/08/2023

SSC Stenographer Recruitment 2023
– 1207 Stenographer Grade C & D Posts

Last Date: 23/08/2023.

Name of exam: Stenographer Grade ‘C’ and ‘D’ Examination, 2023
No of posts: 1207 posts
Name of organisation: Staff Selection Commission (SSC)
Age Limit:
Stenographer Grade C: 18 to 30 years as on 01.08.2023, i.e., candidates born not before 02.08.1993 and not later than 01.08.2005 are eligible to apply.

Stenographer Grade D: 18 to 27 years as on 01.08.2023, i.e., Candidates born not before 02.08.1996 and not later than 01.08.2005 are eligible to apply.

Age Relaxation: Category-wise age relaxation is as mentioned below.

SC/ ST: 5 years
OBC: 3 years
PwD (Unreserved): 10 years
PwD (OBC): 13 years
PwD (SC/ ST): 15 years

Educational Qualification: Candidates must have passed 12th standard or equivalent examination from a recognized Board or University.

Application Fee:

SC/ ST PWD/ ESM/ Women: Nil
UR/ OBC: Rs 100/-
Payment mode: BHIM UPI, Net Banking or by using Visa, MasterCard, Maestro, RuPay Credit or Debit cards or in cash at SBI Branches by generating SBI Challan .

Online Application
https://ssc.nic.in/Registration/Home
https://ssc.nic.in/

Advertisement Details
https://ssc.nic.in/SSCFileServer/PortalManagement/UploadedFiles/Final_Notice-Steno-2023_02082023.pdf

Want your school to be the top-listed School/college in Barpeta?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address


Barpeta
781308