তুমি কি বুজিবা
তুমি কি বুজিবা
মোৰ কবিতা লিখাৰ আঁৰৰ কথা
ঠেকা খাই গোপনে হৈ থকা শব্দবোৰৰ কথা।
এবাৰ বুজিব চেষ্টা কৰানা প্লিচ্
আকৌ এবাৰ বুকুত আকোঁৱালি লোৱানা ,
বহু দিন হ'ল অ
মিচ কৰিছো তোমাক..
চিঞৰি চিঞৰি কব মন যায়
কিন্তু আজি নিস্তব্দ মই।
কবিতা লিখিবলৈ আজি
শব্দ হেৰাই গৈছে
কাৰণ আজি তুমি নাই.....
তুমি তুমি লগা প্ৰতিটো ক্ষণযেন
এতিয়া শূণ্য।
তুমি কি বুজিবা
মোৰ কবিতা লিখাৰ আঁৰৰ কথা
ঠেকা খাই গোপনে হৈ থকা শব্দবোৰৰ কথা।
তুমি আহিবা বুলি মনৰ নিজানত সাৰে থাকো।
শব্দৰ আবেগৰ লগত খেলি ভাল পাওঁ।
মোৰ পৰিচয় শেষ তেতিয়া
জ্বলন্ত অগ্নিত জ্বলিম
যেতিয়া
অপ্ৰৌঢ়িক ভাৱনাবোৰ মুক্তি পাব
তেতিয়া।
আধাসাৰি সূক্ষ্ম হিয়াখনি
খকবকাই উঠিব,
চাৰিওফালে
ধোঁৱা ধোঁৱা লাগিব।
মোৰ উশাহবোৰ অগ্নিশিখাত
অনুভৱ কৰি চাবি,
মোৰ এই ভঙা টেবুলখনত ধূলি পৰি থকা
কবিতাবোৰ পাৰিলে,
মনৰ নিজানত
এবাৰ গুণগুণাই চাবি।
নদীৰ সীমনাত বিচাৰিলেও
জোনাক ৰাতি খিৰিকীৰ কাষত
বহি চিঞৰিলেও
নোপোৱা তুমি মোৰ প্ৰতিধ্বনি
নোপোৱা তুমি মোৰ উপস্থিতি।
মাটিৰ মাজত
ধূলিৰ আঁৰত,
বিলীন হম যেতিয়া
মোৰ পৰিচয় শেষ তেতিয়া।
মোৰ পৰিচয় শেষ তেতিয়া
মোৰ সময় শেষ তেতিয়া...
মোক বিচাৰি নূফূৰিবা তেতিয়া......
--------- সোনাৰাম পাংগিং
শিৱসাগৰৰ নীৰৱ প্ৰেমিক
তোমাৰ মনত আছেনে ?
শিৱসাগৰৰ বৰপুখুৰীৰ
সেই সন্ধিয়াৰ ৰোমান্তিক নাটকখনৰ কথা
য'ত মই নায়ক, তুমি নায়িকা আছিল
হয়টো তুমি পাহৰিব পাৰা
হয়টো তোমাৰ কাৰণে
স্পেচিয়েল নাছিল হ'বলা।
তুমি জানানে ?
বাৰে বাৰে মাতি থাকে মোক...
বৰপুখুৰীৰ সেই সন্ধিয়াৰ ক্ষণবোৰে,
কিন্তু যাব পৰা নাই !
কাৰণ , আজি তুমি নাই
চাগে মোক বেয়াই পাইছে।
কমপ্লেক্স খনেও আজিকালি দেখিলে
মোক মাত নিদিয়ে
বৰ দুখ লাগে অ',
ডিভাইনৰ স্পেচিয়েল কফিটো আগৰ
সেই টেষ্ট নাই
তুমি গম পোৱানে ?
মোৰ মেমৰীৰ ষ্টৰেজৰ পৰা
তোমাৰ স্মৃতিৰ ফাইল সমূহ নীৰৱে ডিলিট
হৈ গৈছে,
তুমি তুমি লগা প্ৰতিটো ক্ষণ
এতিয়া যেন শূন্য !
হয় মই শিৱসাগৰৰ নীৰৱ প্ৰেমিকে কৈছো.....
🌹নিয়ৰৰ টোপালত তোমাৰ প্ৰতিচ্ছবি 🥀
ৰাতিপুৱা ২বাজি৪৫মিনিট অকস্মাতে সাৰ পালো। সেইদিনা দেওবাৰ আছিল। শীতকালৰ সময় , কম্বলখনৰ লগত ঠাণ্ডাদিনৰ সম্পৰ্ক কেনেকুৱা নকলেও হ'ব। তথাপিও লগ এৰিলো।চশমাযোৰ পিন্ধি বাৰাণ্ডালৈ ওলাই আহিলো। দেখিলোঁ বহুত ডাঠ কুঁৱলী , সকলো অস্পষ্ট। লাহে লাহেকৈ মৃদু বতাহ বৈ আছিল লগতে ৰাস্তাৰ কাষতে থকা শেৱালীগছ জোপাৰ পৰা টোপা টোপে ফুলবোৰ সৰি পৰিছিল যিয়ে মোৰ হিয়াত শান্তিৰ নিজৰা বোৱাইছিল। ভাৱিলো অকমান ওলাই যাওবুলি।
আচৰিত হলো মই বহু কেইজোপা শেৱালী ফুলৰ গছ, আগতেতো নাছিল। অলপ সময় থমকি ৰলো দেত মই সপোনতটো দেখা নাই। পকেটৰ পৰা ৰুমালখন উলিয়ায় চশমাখন চাফা কৰিলো। জোনাকৰ পোহৰতে এখোজ আগবাঢ়িলো। এটি মিহি মিহি সুৱলা গীত শুনি পালো, । ছোৱালীৰ মাতচোন। আৰে এইখনসময়ত কোনে আকৌ গুণগুণাব , নাই এবাৰ আকৌ শুনি চাঁও বুলি নিৰৱে ৰ'লো। আকৌ শুনা পালো , এনে যেন লাগিছিল মোকে মাতি আছে..ভয়ো লাগিছিল ভালো লাগিছিল। তেনেতে এটা শব্দ শুনা পালো ছিৰিঙকৈ। মই চক খাই উঠিলো । দেখা পালো শেৱালী ফুলৰ সৈতে এটোপাল নিয়ৰে সেউজীয়া ঘাঁহনি খনৰ ওঁঠত চুমা আকিছে। তেনেতে এটি কোমল গীতৰ গুণগুননি শুনা পালো। লগতে এটি মিচিকিয়া হাঁহিৰ উমান পালো। তেতিয়া মোৰ হৃদয়ৰ দপদপনি বৃদ্ধি পাইছিল, গালদুখন ৰঙা পৰিছিল, তেজৰ চলাচল বৃদ্ধি হৈছিল। মোৰ এই অৱস্থা দেখি পূৰ্ণিমাৰ জোনটোৱে লাজুকীয়া হাঁহি এটি মাৰিছিল। হঠাৎ নিয়ৰৰ টোপালত অজানিতে দেখা পালো এজনী ছোৱালীৰ প্ৰতিচ্ছবি। যাৰ পৰ্দাপৰ্ণত মোৰ চকুদুটি বিনা চশমাত দেখা আৰম্ভ কৰিছিল। তাই মোক Hi ক'লে মই অকমান ৰলো আৰু Hello বুলি reply দিলো। মই প্ৰহেলিকা তোমাৰ নামটো.....অ অ মোৰ নামটো সুধিছানে ... মই প্ৰজ্ঞান। তুমি ইমান ৰাতি এই শেৱালী ফুলৰ তলত গান গায় আছা যে মই তাইক সুধিলো। তাই ক্ষন্তেক সময় নীৰৱে থাকিলে ... মই ও অকৰা লাগি চাই আছো তাইক।অলপ পাছত তাই কলে মোৰ মুখখনলৈ ভালকে চোৱাচোন.............. মই চালো ..তাইৰ মুখখনত কোনোৱা হৃদয়হীন দানৱে এচিদ আক্ৰমণ কৰিছে। তাই উচুপি উঠিলে , কান্দি কান্দি মোক সুধিলে "মোক ধুনীয়া লাগিছেনে, মোক কোনোবাই বিয়া কৰিবনে, মোৰ যি সপোন আছিল চব ধ্বংস কৰিলে মোৰ সপোনবোৰ পূৰণ হবনে । মই যেতিয়া ঘৰৰ পৰা ওলাও মোক চবে বেয়াকে চাই ঘৃণা কৰে । মই জীয়াই থাকিও মৰা লেখিয়া ,।" তেতিয়া মোৰ দুটি নীলিম সাগৰৰ পৰা বৰ বৰকৈ চকুপানী নিগৰিলে। বহুত বেয়া লাগিল, জোৰ জোৰকৈ কান্দিব মন গৈছিল, চিঞৰি উঠিলো ..কিয় কিয় এনেকুৱা অপকৰ্মবোৰ কৰিব লাগে.. নিজৰ মা-ভন্টিক কৰি চাবাচোন কিমান painful..তাইক সান্তনা দিলো .. প্ৰহেলিকা তুমি নাকান্দিবা, মই আছো নহয় তোমাৰ লগত, তূমি একো চিন্তা নকৰিবা। এই আজিৰ পৃথিৱীৰ মানুহ মানুহ নহয়, দানৱ ..কেতিয়া কাৰ ৰঙ সলনি হয় ঠিক নাই। জীৱ-জন্তু ৰ লগত থকাই ভাল। নামতে মানুহ জীৱশ্ৰেষ্ট কিন্তু সম্পূৰ্ণ বিপৰীত। তাইক সাৱটি ধৰিলো। তেতিয়া যেন শেৱালী ফুলবোৰ টোপা টোপে সৰিব ধৰিলে, গছৰ পাতবোৰে হাত চাপৰি বজাব ধৰিলে । জোনাকে মিচিকিয়াই হাঁহিব
ধৰিলে। তাইৰ গাৰ পৰা যেন দুখবোৰ আঁতৰিব ধৰিলে। তাইৰ চকুৰ পানীবোৰ মোৰ হাতখনেৰে মোহাৰিলো। তাইক এটি মিচিকিয়া হাঁহি মাৰিব কলো । তেতিয়া মোৰ তেজাল বুকুৰ এচুকত ঠেকা খাই নিমাত হৈ থকা শব্দবোৰ আকৌ জীয়াই তুলিব লৈছিল। মই অলপ-চলপ কবিতা লিখো কিন্তু কবি হোৱাগে নাই, সেয়ে কবিতা এফাকি শুনালো ,
'নিয়ৰৰ টোপালত অজানিতে দেখা পালো "তুমি" নামৰ মিচিকিয়া হাঁহিৰ ৰহস্য।
পুৱতি নিশাৰ সূৰুযে
মৌ সনা দুচকুত
ৰামধেনুৰ পোহৰ সানি
ৰঙীন কৰি তুলিছে তোমাক
বতাহ লাহে-ধীৰে বলিছে
লগতে মোৰ হৃদয়
তোমাৰ ফালে কৰিছে গতি।"
কবিতাটি শেষ নোহোৱাৰ আগতে তাই মিচিকিয়াই হাঁহি এটি মাৰি ক'লে, তোমাৰ কবিতাৰ প্ৰতিটো শব্দত বিষাদ-মৰ্মান্তিক মানুহ এজনেও আকৌ জীয়াই উঠিব।
মইও লাহেকৈ হাঁহি এটি মাৰিলো। তেতিয়া মৃদু বতাহ এজাকে আমাৰ দুটাৰ হৃদয়ত চেঁচা কৰি গৈছিল। মোৰ দুখবোৰ যেন ক্ষন্তেক সময়ৰ কাৰণে নাইকীয়া হৈ পৰিছিল। তাইৰ চেহেৰাত যেন আকৌ আনন্দৰ ৰশ্মি জিলিকি উঠিছিল। তাই আকৌ নতুনকৈ শেৱালী ফুলপাহৰ দৰে ফুলি উঠিছিল। তাইক উভালি আনি মোৰ পদূলিত জেওৰা লগাই ৰুলো। মই সদায় তাইৰ চোৱা-চিতা কৰিলো। তাই আনন্দ মনেৰে মোৰ পদূলিত ফুলিছিল । মই তাইৰ সৈতে পখিলা হৈ খেলিছিলো । মৰহি নোযোৱালৈ মই তাইৰ সৈতে জীৱনৰ পাতনি মেলিছিলো।
এবাৰ আহিবি জয়াপাৰত
ঐ ছোৱালী
তুমি হেনো বৰষুণ তিতি ভাল পোৱা,
পাৰিলে
এবাৰ আহিবি
জয়াপাৰত
উৎকণ্ঠাৰে বাট চাই থাকিম।
একুৱা পাৰ্কখন
জানানে?
জুবিন দাৰ গানত
মাতাল হৈ থাকে
চিকমিক সন্ধিয়াত,
আহিবা
তুমি আহিলে
কুঁৱলীৰ আঁৰত বিলীন হোৱা
পাৰ্কখন জিলিকি উঠিব।
ব্ৰেক টাইমত
এপাক মাৰিবি
কেন্টিনৰ দিশে
যদি মন যায়,
একাপ কফিৰ
জুতি ল'ব।
ক'লা চুৱেটাৰ আৰু জিনচ পিন্ধি
শেষৰ টেবুলত
বাট চাই ৰম,
ৰেডিঅ'ত বাজি থাকিব
"জয়া নাই জয়া নাই"
উত্তাল হৈ উঠিব
তেতিয়া জয়াপাৰ।
----- সোনাৰাম
🎀অভিমানী হিয়া🎀
সন্ধিয়া ৪:৩০ মিনিট, ১০ আগষ্ট।
কলেজৰ পৰা আহি হাত মুখ দুই বিছনাত বহি মবাইলৰ screen আনলক কৰিব লওতে Instagramত মূৰ্চনা নামৰ ছোৱালী এজনীৰ follow request জিলিকি উঠিল। অপেন কৰিব ল ওতে তাইৰ মৰমলগা চকূদুটিয়ে মোক চাই হেঁপাহৰ মিচিকিয়াই হাঁহি এটি মাৰিছিল। আৰু এটা কথাত আচম্বিত হৈছিলো তাইৰ profile pic ত তেজপুৰৰ Vidhya Bawan ত একেলগে টিউচন কৰা ছোৱালী এজনীৰ ফটো দেখিলো। তাইৰ বিষয়ে আৰু জানিব মন গ'ল। শেষত মই request accept কৰিলো। বহুত সময় ভাবি শেষত তালৈ Hii বুলি মেচেজ এটা দিছিলো। লগালগ মই ডাটা অফ কৰিছিলোঁ। ১০ মিনিট পাছত ডাটা অন কৰাৰ লগে লগে মোৰ মবাইলৰ screen ত তাইৰ মেচেজ জিলিকি উঠিল্ । মোৰ হাতখন খকবকাই উঠিল .. কপি কপি মূৰ্চনালৈ মেচেজ কৰিলো তাইক সূধিলো তোমাৰ ঘৰ কত ...তাই কিছু মূহুৰ্তৰ পাছত কলে মই যোৰহাটৰ তৰাজানৰ। আৰে ময়োচোন তাৰে কি কোৱা। তাই কলে তোমাক মই চিনি পাওঁ নহয় । তেতিয়া যেন শীতকালৰ নিয়ৰৰ টোপাল বোৰে এটুপ দুটুপকৈ সেউজীয়া ঘাঁহনিবোৰক চুমা আঁকিছিল।
মই পুৰা আচৰিত তুমি মোক চিনি পোৱা কি কোৱা হে... কেনেকৈ কোৱাছোন বুলি নকওতে তাই ৰিপলাই দিলে,
"তোমাক মই class 10 ৰ পৰাই চিনি পাওঁ তোমাৰ বিষয়ে মোৰ খুৰীয়ে কয়ে তাকে। তোমাৰ পঢ়াৰ কথা তোমাৰ সুন্দৰ সুন্দৰ লিখনি বোৰৰ কথা,
কিন্তু নাভাবিবি দেই মই তোমাক ভাল পাওঁ বুলি।
খুৰীয়ে কৈয়ে তাকেই ন so এই মহান ব্যক্তি জনক এবাৰ চাব বিচাৰিলো। কিন্তু শাৰীৰিক ভাৱে একেবাৰে লগ কৰিবলৈ একদম মন নাই দেই , virtual world খনতে বাৰ্তালাপ কৰি চাওঁনেকি বুলি তোমালৈ follow requestপঠালো আৰু মোৰ বিশ্বাস আছিল তূমিয়ে প্ৰথম মেচেজ কৰিবা বুলি।"
মই কলো নাই নাই এনেকোৱা একো কথা নাই, প্ৰেম আৰু তোমাৰ লগত কি কোৱা হে
যাক মই চিনিও নাপাওঁ।
মই তাইক সূধিলো এই খুৰী গৰাকীৰ নামটো কব পাৰিবানে যিয়ে তোমাৰ নিচিনা ধুনীয়া ছোৱালী ৰ লগত লগ পোৱাৰ সুবিধা দিছে ।
তাই অভিমানী সুৰত ৰিপলাই দিলে হে হবহে মই একো ধুনীয়া নহয় যা।
তাই খুৰীজনীৰ নাম কলে ।
মই এই খুৰী আপুনি ভগৱান আপুনি মহান বুলি দিওঁতে তাই 😏 ইমজি দিলে।
তাই হ'ব হ'ব থ কলে
কথাই পাতিব নালাগিছিল বুলি তাই মেচেজ কৰিলে। মই 😃 দি ডাটা অফ কৰিলো।
লগৰ এজনীলৈ মেচেজ দিলো
অই তোক হেনো মূৰ্চনাই চিনি পায়
তাই কলে হয় হয় চিনি পাওঁ ।
পিছে তাইক কেনেকৈ চিনি পোৱা
মই কলো এই instagram t লগ পাইছিলো অ।
তাই ধেমেলীয়া সুৰত কলে গম পাইছো দিয়া
লাইন মাৰিছ আ
।
মই কলো নাই নাই তেনেকুৱা একো নাই।
Next দিনা শুই উঠি instagram open কৰিব ল ওতে তাইৰ মেছেজ জিলিকি উঠিল।
" উঠিলা দুষ্ট ল'ৰা "
মই মিচিকিয়াই হাঁহি এটি মাৰি ৰিপলাই দিলো
হয়
বিউটি queen .... পিছে তুমি উঠিলানে দিওতে
সূৰুযৰ ৰশ্মি বোৰত তাইৰ মৰমলগা মুখৰ চাৱনি টি জিলিকি উঠিল।
বহু দিন ধৰি হাতত কলম তুলা নাছিলো। চাগে কলমটোৱে ভাবিছিল মোক পাহৰিয়ে পেলাইছিল বুলি। মই , কলম আৰু উকা কাগজ টুকুৰাৰ বন্ধুত্বৰ কথা কি কম । এটাই আনটোৰ অবিহনেই জীয়াই থাকিব নোৱাৰে।
শৰত কালৰ সময় so শেৱালী গছজোপাৰ ওচৰত থকা বেতৰ চকীত বহি মোৰ মনৰ নিজানত মৌনতাৰে লুকাই থকা অনুভৱ বোৰ লিখিব ধৰিলো। আৰম্ভ কৰিলো মূৰ্চনা ....
তুমি জানানে
তুমি মিচিকিয়াই হাঁহি মাৰিলে
শেৱালী ফুলবোৰে টোপা টোপে সৰে,
তোমাৰ পৰশতে
নিয়ৰৰ টোপাল বোৰ জিলিকিব শিকিছে
তোমাৰ সুবাসৰ সন্ধানত
মোৰ ৰক্তাক্ত বুকখনে
পাগল হৈ গৈছে......
কবিতা লিখি শেষ কৰি মোৰ ডায়েৰীৰ ১২৪ নং পৃষ্ঠাত সামৰি ৰাখিছিলো।
তাইৰ বিষয়ে আৰু জানিলো...
Virtual worldৰ যোগেদি daily normal conversation কৰিছিলোঁ।
তাই এতিয়া দেউতাকৰ লগত জন্মু-কাশ্মীৰত আছে। তাইৰ দেউতাক এজন সৈনিক। তাই তাতে ডিগ্ৰী পঢ়ি আছে।
তাই সদায় মোক জম্মু কাশ্মীৰৰ ধুনীয়া ধুনীয়া ঠাইবোৰৰ photos video send কৰি থাকে।
মই কও তাইক তোমাৰেই দিন আৰু। আমাৰনো এইবোৰ কপালতে নাই আৰু।
তোৰ দেউতাক এনো আৰ্মী , তোৰ লগত দেখিলে মোক গুলীয়াই দিব 😀😄
দে হ'ব দে আহিব মন নাই বুলি ক আকৌ ,তাই ক'লে।
মই শেষত সিদ্ধান্ত ললো তাইক লগ কৰিবলৈ।
১০February ৰ দিনা জম্মু কাশ্মীৰলৈ বুলি ট্ৰেইনৰ টিকট কাটিলো । তাইক জনোৱা নাছিলো মই যে
তাইক লগ কৰিবলৈ সূদুৰ যোৰহাটৰ পৰা আহিছো বুলি। বহু আশা বুকুত বান্ধি আহিছিলো।
কানত হেডফোন লগাই জুবিন দাৰ
" মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ....
সুবাস সানি লৈ....."
গানটি শুনিলো।
১৪ ফেব্ৰুৱাৰী দিনা সকলোৱে জানে Valentine day বুলি so মোৰ হিয়াৰ এচুকত লুকাই থকা অনুভৱ বোৰ তাইৰ ওচৰত share koribo আহিলো।
জম্মু কাশ্মীৰ station নৌপাওতে গম পালো যে
পুলৱামাৰ Jammu-Srinagar National highway ত সন্ত্ৰাসবাদীয়ে বোমাৰে জোৱান থকা গাড়ীত আক্ৰমণ কৰিলে। আৰু ৪০ জন CRPF জোৱান শ্বহীদ হ'ল।
খবৰটো পাই মৰ্মাহত হলো । ট্ৰেইনৰ গোটেই passenger ৰ শোৱা দোৱা লাগিল। সকলো station ত tight security..checking চলিচে
হঠাৎ মনত পৰিল মূৰ্চনালৈ.... তাইতো পুলৱামা জিলাৰ যি জেগাত ঘটনাটো সংঘটিত হৈছে
নিচেই ওচৰতৈ আছিল।
Station ৰ ৱালত থকা টিভিখনত চকু ফুৰাওতে
হঠাৎ তাইৰ আৰু দেউতাকৰ নশ্বৰ দেহ টো দেখা পালো।
বূকূখন হেচি ধৰিছিল। চকু পানী টোপা টোপে নিগৰিত হ'ব ধৰিলে। মই জোৰ জোৰকে চিঞৰি কান্দিব পৰা নাছিলোঁ। শুকাহ-নিকাহ বন্ধ হ'ব ধৰিলে.... মোৰ বুকুখন শূণ্য হৈ পৰিছিল।
লগা লগ গাড়ী এখন লৈ ঘটনাস্থলীলৈ পালো।
কিন্তু পুলিচ আৰ্মী বোৰে শুমাব দিয়া নাছিল
বহু বাৰ request কৰিছিলোঁ হ'লেও allow নকৰিলে
দূৰৰ পৰা অকৰা লাগি ৰ' লাগি চাই থাকিলো
তাইৰ ভৰি এটা কতবাই
আনখন কতবাই
তাইৰ মূৰটো শৰীৰৰ পৰা বহু দূৰত বহু দূৰত 🥺
তাইৰ চূলিকোছা জ্বলি গৈছে
তাইৰ জ্বলি যোৱা চেহেৰা খনক এবাৰ মৰম কৰিব মন গৈছিল।
তাইৰ টুকুৰা টুকুৰ শৰীৰটোক এবাৰ জোৰছে সাৱটি ধৰিব মন গৈছিল
এনেকোৱা লাগিছিল তাই মোক ওচৰত বিচাৰিছে
অন্তিম বাৰৰ বাবে মোৰ কোলাত শুব মন গৈছে
মই তোমাক ভাল পাওঁ দুষ্ট ল'ৰা বুলি কব বিছাৰিছে
তাই শুয়ে আছে
মোৰ অভিমানত যেন।
উকা আৰু সেমেকা বুকূখন লৈ অসমলৈ বুলি ৰাওনা কৰিলো। চকুৰ টোপালেদি মোৰ ডায়েৰীৰ ১৩৪ নং পৃষ্ঠাত তাইৰ নামটি সন্নিৱিষ্ট কৰিলো।
ভাৰতৰ সকলো প্ৰান্তত এক শোকাৱহ পৰিবেশ বিৰাজমান হৈছিল। ৪০ গৰাকী জোৱানৰ ঘৰত জাতীয় পতাকা জোৱানৰ টুপি আহিছিল।
"তাইক মনৰ কথা কব নোৱাৰাৰ
কাষত নোপোৱাৰ
বেদনা"
জীয়াই জীয়াই মৰি আছো আজিও মই।
✍️....সোনাৰাম পাংগিং
🌈তুমি আহিবা বুলি🌈
তুমি আহিবা বুলি
নিয়ৰৰ টোপালত একাঁজলি
মৰম সিঁচিচো,
অলকানন্দাৰ পাৰত
জীৱনৰ
সাতোৰঙী ৰামধেনু আঁকিছো।
তোমাৰ আগমণৰ বাৰ্তাত
শিমলু-মদাৰৰ ফুলবোৰ
হাঁহিব শিকিছে,
জোনাকৰ দেশৰ
জোনাকী পৰুৱাবোৰ
জিলিকিব শিকিছে।
শেৱালীৰ দেশত
তোলাপাৰ লাগিছে,
পাতৰ সিৰে সিৰে
তোমাক আদৰাৰ যো-জা চলিছে।
তুমি আহিবা বুলি
মনৰ নিজানত
মৌনতাৰে গান ৰচিছো,
মাজৰাতিৰ জোনাক
নন্দন বনৰ পখিলা
আৰু এজাক বৰষুণো মাতিছো।
শিৱসাগৰ কলেজৰ মনতৃষ্ণা
শিৱসাগৰ কলেজৰ মনতৃষ্ণা
তোমাৰ মনত আছেনে ?
তেজৰ চিয়াঁহীৰে লিখা
প্ৰেমৰ বুৰঞ্জীখন।
কত' কিমান দিন ৰাতি
বাগৰি গ'ল
তুমি আহিবা বুলি,
জয়াপাৰত
অপেক্ষা কৰি কৰি
তোমালৈ মনত পৰি পৰি।
চিকমিক সন্ধিয়া
তোমাৰ নামৰ
প্ৰতিধ্বনিত
উত্তাল হৈ উঠে
জয়াপাৰ ,
Street lights ৰ
ঢিমিক-ঢামাক পোহৰত
সাৰ পাই উঠে
অতীতৰ স্মৃতিবোৰ।
তোমাৰ Favourite
Vanilla ice cream
আৰু পানী পুৰি
বৰপুখুৰীৰৰ পাৰত
ৰৈ আছে
তোমালৈ বাট চাই
তুমি আহিবানে?
চিগাৰেটৰ ধোঁৱাৰ লগত
খেলি খেলি
মদৰ লগ
ধৰি ধৰি
পাৰ কৰিছো,
তোমাৰ অবিহনে
থাকিব
নোৱাৰিছো ।
অই মনতৃস্না
এজাক শান্তিৰ বৰষুণ
লগত আনিবি
এইবাৰৰ বহাগত
ৰঙালীৰ ৰঙেৰে
মৰ্মাহত মনটোক সানিবি।
----- সোনাৰাম পাংগিং
ভাল লাগে দিয়কচোন
ভাল লাগে দিয়কচোন
তুমি মোৰ হওঁক বা নহওঁক
তোমাৰ নামটো শুনিলে
তোমাৰ কথা ভাবিলে
তোমালৈ মনত পৰিলে।
শুনা না এই যে
মানে মই তোমাক
উস্ ..................
নোৱাৰো অ' ক'ব
হৃদয়ে নোৱাৰে অ' ল'ব।
কলীয়া ডাঁৱৰ আহিলে
বৰষুণ জাক আহে
Feelings বোৰ বৰকৈ জাগে
কিন্তু
তুমিটো মোৰ লগত নাই
মোৰটো কোনোৱে নাই
অনুভৱবোৰ মৰহি যায়
হাঁহি এটি মাৰো বহু কষ্টত
তোমাৰ ফটোখন চাই।
দূৰৈৰ পৰাই
চোৱা নোচোৱাকৈ
চাই
ভাল লাগে দিয়কচোন
মনৰ কথা কব নোৱাৰিলেও
তোমাক নিজৰ কৰিব নোৱাৰিলেও।
❤️আপুনি💜
জানো , নোহোৱা আপুনি মোৰ
এয়াও জানো, নোৱাৰো কব
আপোনাক ভাল পাওঁ বুলি
আমনি কৰে বহুত হিয়াই
নোৱাৰিম আপোনাৰ অবিহনে জীয়াই।
মনত আছেনে আপোনাৰ?
সিদিনা ৰাতিৰ
চিপচিপীয়া বৰষুণৰ বতৰত
মোৰ যে
বুকুৰ ধপধপনি হৈছিল বৃদ্ধি
আপোনাৰ কোমল হাতৰ স্পৰ্শত
আপোনাৰ মৰমলগা মাতত।
আপোনাৰ মুখৰ হাঁহিয়ে
বিচাৰে কব কি
সেয়া ৰহস্য,
আপোনাৰ গুপুত মনৰ কথা
যদি
পাৰিলোহেতেন পঢ়িব।
আপোনাৰ চোন যাবলৈ হৈছেহি
কলেজ এৰি
আছে আৰু এক বছৰ
কৰিমনো কি মই?
নোৱাৰো মই
আজি মই উপায়হীন
আজি মই অসহায়।
আপোনাৰ নামত
লিখিছোঁ বহুতো কবিতা
ৰচিছো বহুতো নিতম,
নোৱাৰিলেও আপোনাক শুনাব
নোৱাৰিলেও আপোনাক নিজৰ কৰিব।
---- সোনাৰাম পাংগিং
Click here to claim your Sponsored Listing.
Location
Telephone
Website
Address
Barpeta