15/07/2022
🌹নিয়ৰৰ টোপালত তোমাৰ প্ৰতিচ্ছবি 🥀
ৰাতিপুৱা ২বাজি৪৫মিনিট অকস্মাতে সাৰ পালো। সেইদিনা দেওবাৰ আছিল। শীতকালৰ সময় , কম্বলখনৰ লগত ঠাণ্ডাদিনৰ সম্পৰ্ক কেনেকুৱা নকলেও হ'ব। তথাপিও লগ এৰিলো।চশমাযোৰ পিন্ধি বাৰাণ্ডালৈ ওলাই আহিলো। দেখিলোঁ বহুত ডাঠ কুঁৱলী , সকলো অস্পষ্ট। লাহে লাহেকৈ মৃদু বতাহ বৈ আছিল লগতে ৰাস্তাৰ কাষতে থকা শেৱালীগছ জোপাৰ পৰা টোপা টোপে ফুলবোৰ সৰি পৰিছিল যিয়ে মোৰ হিয়াত শান্তিৰ নিজৰা বোৱাইছিল। ভাৱিলো অকমান ওলাই যাওবুলি।
আচৰিত হলো মই বহু কেইজোপা শেৱালী ফুলৰ গছ, আগতেতো নাছিল। অলপ সময় থমকি ৰলো দেত মই সপোনতটো দেখা নাই। পকেটৰ পৰা ৰুমালখন উলিয়ায় চশমাখন চাফা কৰিলো। জোনাকৰ পোহৰতে এখোজ আগবাঢ়িলো। এটি মিহি মিহি সুৱলা গীত শুনি পালো, । ছোৱালীৰ মাতচোন। আৰে এইখনসময়ত কোনে আকৌ গুণগুণাব , নাই এবাৰ আকৌ শুনি চাঁও বুলি নিৰৱে ৰ'লো। আকৌ শুনা পালো , এনে যেন লাগিছিল মোকে মাতি আছে..ভয়ো লাগিছিল ভালো লাগিছিল। তেনেতে এটা শব্দ শুনা পালো ছিৰিঙকৈ। মই চক খাই উঠিলো । দেখা পালো শেৱালী ফুলৰ সৈতে এটোপাল নিয়ৰে সেউজীয়া ঘাঁহনি খনৰ ওঁঠত চুমা আকিছে। তেনেতে এটি কোমল গীতৰ গুণগুননি শুনা পালো। লগতে এটি মিচিকিয়া হাঁহিৰ উমান পালো। তেতিয়া মোৰ হৃদয়ৰ দপদপনি বৃদ্ধি পাইছিল, গালদুখন ৰঙা পৰিছিল, তেজৰ চলাচল বৃদ্ধি হৈছিল। মোৰ এই অৱস্থা দেখি পূৰ্ণিমাৰ জোনটোৱে লাজুকীয়া হাঁহি এটি মাৰিছিল। হঠাৎ নিয়ৰৰ টোপালত অজানিতে দেখা পালো এজনী ছোৱালীৰ প্ৰতিচ্ছবি। যাৰ পৰ্দাপৰ্ণত মোৰ চকুদুটি বিনা চশমাত দেখা আৰম্ভ কৰিছিল। তাই মোক Hi ক'লে মই অকমান ৰলো আৰু Hello বুলি reply দিলো। মই প্ৰহেলিকা তোমাৰ নামটো.....অ অ মোৰ নামটো সুধিছানে ... মই প্ৰজ্ঞান। তুমি ইমান ৰাতি এই শেৱালী ফুলৰ তলত গান গায় আছা যে মই তাইক সুধিলো। তাই ক্ষন্তেক সময় নীৰৱে থাকিলে ... মই ও অকৰা লাগি চাই আছো তাইক।অলপ পাছত তাই কলে মোৰ মুখখনলৈ ভালকে চোৱাচোন.............. মই চালো ..তাইৰ মুখখনত কোনোৱা হৃদয়হীন দানৱে এচিদ আক্ৰমণ কৰিছে। তাই উচুপি উঠিলে , কান্দি কান্দি মোক সুধিলে "মোক ধুনীয়া লাগিছেনে, মোক কোনোবাই বিয়া কৰিবনে, মোৰ যি সপোন আছিল চব ধ্বংস কৰিলে মোৰ সপোনবোৰ পূৰণ হবনে । মই যেতিয়া ঘৰৰ পৰা ওলাও মোক চবে বেয়াকে চাই ঘৃণা কৰে । মই জীয়াই থাকিও মৰা লেখিয়া ,।" তেতিয়া মোৰ দুটি নীলিম সাগৰৰ পৰা বৰ বৰকৈ চকুপানী নিগৰিলে। বহুত বেয়া লাগিল, জোৰ জোৰকৈ কান্দিব মন গৈছিল, চিঞৰি উঠিলো ..কিয় কিয় এনেকুৱা অপকৰ্মবোৰ কৰিব লাগে.. নিজৰ মা-ভন্টিক কৰি চাবাচোন কিমান painful..তাইক সান্তনা দিলো .. প্ৰহেলিকা তুমি নাকান্দিবা, মই আছো নহয় তোমাৰ লগত, তূমি একো চিন্তা নকৰিবা। এই আজিৰ পৃথিৱীৰ মানুহ মানুহ নহয়, দানৱ ..কেতিয়া কাৰ ৰঙ সলনি হয় ঠিক নাই। জীৱ-জন্তু ৰ লগত থকাই ভাল। নামতে মানুহ জীৱশ্ৰেষ্ট কিন্তু সম্পূৰ্ণ বিপৰীত। তাইক সাৱটি ধৰিলো। তেতিয়া যেন শেৱালী ফুলবোৰ টোপা টোপে সৰিব ধৰিলে, গছৰ পাতবোৰে হাত চাপৰি বজাব ধৰিলে । জোনাকে মিচিকিয়াই হাঁহিব
ধৰিলে। তাইৰ গাৰ পৰা যেন দুখবোৰ আঁতৰিব ধৰিলে। তাইৰ চকুৰ পানীবোৰ মোৰ হাতখনেৰে মোহাৰিলো। তাইক এটি মিচিকিয়া হাঁহি মাৰিব কলো । তেতিয়া মোৰ তেজাল বুকুৰ এচুকত ঠেকা খাই নিমাত হৈ থকা শব্দবোৰ আকৌ জীয়াই তুলিব লৈছিল। মই অলপ-চলপ কবিতা লিখো কিন্তু কবি হোৱাগে নাই, সেয়ে কবিতা এফাকি শুনালো ,
'নিয়ৰৰ টোপালত অজানিতে দেখা পালো "তুমি" নামৰ মিচিকিয়া হাঁহিৰ ৰহস্য।
পুৱতি নিশাৰ সূৰুযে
মৌ সনা দুচকুত
ৰামধেনুৰ পোহৰ সানি
ৰঙীন কৰি তুলিছে তোমাক
বতাহ লাহে-ধীৰে বলিছে
লগতে মোৰ হৃদয়
তোমাৰ ফালে কৰিছে গতি।"
কবিতাটি শেষ নোহোৱাৰ আগতে তাই মিচিকিয়াই হাঁহি এটি মাৰি ক'লে, তোমাৰ কবিতাৰ প্ৰতিটো শব্দত বিষাদ-মৰ্মান্তিক মানুহ এজনেও আকৌ জীয়াই উঠিব।
মইও লাহেকৈ হাঁহি এটি মাৰিলো। তেতিয়া মৃদু বতাহ এজাকে আমাৰ দুটাৰ হৃদয়ত চেঁচা কৰি গৈছিল। মোৰ দুখবোৰ যেন ক্ষন্তেক সময়ৰ কাৰণে নাইকীয়া হৈ পৰিছিল। তাইৰ চেহেৰাত যেন আকৌ আনন্দৰ ৰশ্মি জিলিকি উঠিছিল। তাই আকৌ নতুনকৈ শেৱালী ফুলপাহৰ দৰে ফুলি উঠিছিল। তাইক উভালি আনি মোৰ পদূলিত জেওৰা লগাই ৰুলো। মই সদায় তাইৰ চোৱা-চিতা কৰিলো। তাই আনন্দ মনেৰে মোৰ পদূলিত ফুলিছিল । মই তাইৰ সৈতে পখিলা হৈ খেলিছিলো । মৰহি নোযোৱালৈ মই তাইৰ সৈতে জীৱনৰ পাতনি মেলিছিলো।