05/06/2025
জুপিটাৰ মডেল একাডেমী, বনঘূগীত বিশ্ব পৰিৱেশ দিৱস উদযাপনঃ
নামনিৰ অসম, মইনবৰীৰ প্ৰতিবেদক,০৫-০৬-২০২৯
সমগ্ৰ বিশ্বতেই আজিৰ দিনটোত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। আমাৰ লগতে আমাৰ চৌপাশৰ পৰিৱেশকো প্ৰয়োজন সুৰক্ষাৰ। মানুহ আৰু পৰিৱেশৰ মাজত আছে এক ওতঃপ্ৰোত সম্পৰ্ক। প্ৰকৃতিৰ অবিহনে জীয়াই থকা সম্ভৱ নহয়। পৰিৱেশ সজাগতাৰ বাবে বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান, পৰিৱেশ সংৰক্ষণ অনুষ্ঠানে প্ৰতি বছৰে ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰে।আমাৰ পৃথিৱীত প্ৰদূষণ ক্ৰমাগতভাৱে বৃদ্ধি পাই আছে। পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাটো এটা ডাঙৰ প্ৰত্যাহ্বান তথা এয়া আমাৰ দায়িত্ব।সেয়ে পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিবলৈ মানুহক সজাগ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৫ জুনৰ দিনা বিশ্ব পৰিৱেশ দিৱস পালন কৰি থকা হৈ আছে।আমাৰ লগতে আমাৰ পৃথিৱী খনকো সুৰক্ষাৰ প্ৰয়োজন । মানুহ আৰু পৰিৱেশৰ মাজত গভীৰ সম্পৰ্ক আছে । প্ৰকৃতিৰ অবিহনে জীয়াই থকা সম্ভৱ নহয়। এনে পৰিস্থিতিত মানুহে প্ৰকৃতিৰ লগত সম্প্ৰীতি বজাই ৰাখিব লগা হয় । পৰিৱেশ সজাগতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে প্ৰতি বছৰে ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় । কিন্তু আধুনিক জীৱনশৈলীৰ বাবে পৰিৱেশ বিপদত পৰিছে।১৯৭২ চনত প্ৰথমবাৰৰ বাবে পৰিৱেশ দিৱস আৰম্ভ হৈছিল ৫ জুনৰ ১৬ জুনলৈ অনুষ্ঠিত হয় ষ্টেকহোমত। ১৯৭৩ চনৰ ৫ জুনত ৰাষ্ট্ৰসংঘই এই দিৱসৰ আৰম্ভণি কৰে । তেতিয়াৰ পৰাই প্ৰতি বছৰে ৫ জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় । প্ৰথমে ছুইডেনৰ ৰাজধানী ষ্টকহ’মত এই দিৱস পালন কৰা হয় আৰু প্ৰায় ১১৯খন দেশে অংশগ্ৰহণ কৰে ।প্ৰতিদিনে বিশ্বত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে । ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰদূষণৰ মাত্ৰা প্ৰকৃতিৰ বাবে বিপদজনক । ইয়াক হ্ৰাস কৰিবলৈ প্ৰতি বছৰে বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় ।
ভাৰততো পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাৰ বাবে আইন প্ৰণয়ন কৰা হৈছে । ১৯৮৬ চনৰ ১৯ নৱেম্বৰত পৰিৱেশ সুৰক্ষা আইন প্ৰণয়ন কৰা হয় । এতিয়া দেশত ক্ষুদ্ৰ ক্ষুদ্ৰ কাৰ্যসূচী আৰু আঁচনিৰ অধীনত পৰিৱেশ সুৰক্ষাৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছে।প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস এক বিষয় বস্তুৰে সৈতে উদযাপন কৰা হয়।বহুতো সম্প্ৰদায়, চৰকাৰ আৰু বেচৰকাৰী সংস্থাই, বিশ্বৰ পৰিৱেশ সমস্যা আৰু সমাধানৰ প্ৰতি মানুহৰ দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যে বিভিন্ন সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰি উদযাপন কৰে । কনচাৰ্ট, পেৰেড, ৰেলী, প্ৰচাৰ আদি বিভিন্ন দেশত বিভিন্ন ধৰণেৰে বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় । ২০১৩ চনৰ ৫ জুন তাৰিখে বিশ্ব পৰিবেশ দিৱস উদযাপনৰ বাবে এক ৰাষ্ট্ৰীয় সংগীতৰ উন্মোচন কৰা হয়।আজি বিশ্ব পৰিৱেশ পৰিৱেশৰ লগত সংগতি ৰাখি জুপিটাৰ মডেল একাডেমী, বনঘূগীয়ে গছপুলি ৰোপণ কৰি সেউজ সংকেত গঢ়ি তোলে। পৰিৱেশ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক ৰুহুল আমিনে, বিদ্যালয়ৰ উপাধ্যক্ষ বাবলুৰ ৰহমান আৰু সাংবাদিক শ্বাহাজুল ইছলামে।