অসম বাৰ্তা 24×7

অসম বাৰ্তা 24×7 খবৰ আৰু বিভিন্ন ধৰণৰ জমনি ভিডিও দেখিবলৈ পেজটো ফলো আৰু লাইক কৰি থব।

New collection          ゚
11/12/2025

New collection

゚

07/12/2025

Which country has the worst traffic?

Shout out to my newest followers! Excited to have you onboard! Kangkan Deka, Ramjan Talukder
16/07/2025

Shout out to my newest followers! Excited to have you onboard! Kangkan Deka, Ramjan Talukder

Sub: Request to Learners for Participation in Open Quiz Competition “Deshbhakti Quiz”All learners of KKHSOU are hereby r...
16/07/2025

Sub: Request to Learners for Participation in Open Quiz Competition “Deshbhakti Quiz”
All learners of KKHSOU are hereby requested to actively participate in an Open Quiz Competition titled "Deshbhakti Quiz", being organised by the Directorate of Information & Public Relations, Government of Assam.
The event will be held as per the following details:
• Date: 27th July 2025 (Sunday)
• Time: From 10:00 AM onwards
• Venue: Srimanta Sankaradeva Kalakshetra, Panjabari, Guwahati
Key Details:
• The competition is open to all.
• Each team should consist of three members.
• Attractive prizes await the winners:
o First Prize: ₹1,00,000/-
o Second Prize: ₹75,000/-
o Third Prize: ₹50,000/-
o Audience Prizes worth ₹75,000/-
This is a wonderful opportunity for our learners to showcase their knowledge and patriotic spirit while competing for prestigious awards.
For participation and further details, please contact:
1. Mr. Ayan Hazarika – 9864983864
2. Ms. Utpala Sarmah – 8812039566
Wishing you all the best,

Pranab Saikia
Dean, Study Centre (i/c)
KKHSOU, Ghy-22

সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক মাননীয়  #কন্দৰ্প_কুমাৰ_দাস ডাঙৰীয়া যোৱা ৰাতি ১১:৪৫  বজাত গুৱাহাটী এপোলো হস্পিটেলত ...
03/07/2023

সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক মাননীয় #কন্দৰ্প_কুমাৰ_দাস ডাঙৰীয়া যোৱা ৰাতি ১১:৪৫ বজাত গুৱাহাটী এপোলো হস্পিটেলত শেষ নিঃশ্বাস ত্যাগ কৰে। তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিছো লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গ লৈ সমবেদনা জ্ঞাপন কৰিছো 🙏

---- মনিৰুজ জামানৰ ফেচবুক পোষ্ট।

20/06/2023

পাৰিলে এটা শ্বেয়াৰ কৰক।

::শোকবাৰ্তা:: প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান। বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰু বৰ্তমানৰ AIUDF দলৰ সক্ৰিয় সদস্য আব্...
19/06/2023

::শোকবাৰ্তা:: প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান।

বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰু বৰ্তমানৰ AIUDF দলৰ সক্ৰিয় সদস্য আব্দুৰ ৰহিম খান আজি নিশা প্ৰায় ৮ বজাৰ পিছত নিজ ঘৰতে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫৭ বছৰ। জানিব পৰা মতে তেখেত কিডনীৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল। বহুতো উন্নত চিকিৎসা কৰা হৈছিল যদিও তেখেতে সুস্থ হৈ নুঠিল। তেখেতৰ মৃত্যুৱে সমগ্ৰ বৰপেটা অঞ্চলত শোকৰ ছাঁ পৰিছে।

মৰ্মান্তিক :: পথ দুৰ্ঘটনাত ভাবাৰ্থ দাসৰ মৃত্যু============================অসম বিধান সভাৰ প্ৰধান সচিব হাউলীৰ হেমেন দাসৰ প...
17/06/2023

মৰ্মান্তিক :: পথ দুৰ্ঘটনাত ভাবাৰ্থ দাসৰ মৃত্যু
============================
অসম বিধান সভাৰ প্ৰধান সচিব হাউলীৰ হেমেন দাসৰ পুত্ৰ ভাবাৰ্থ স্বৰূপ দাসৰ গুৱাহাটীত যোৱা নিশা হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু হয় ৷ গুৱাহাটীৰ ৰয়েল স্কুলৰ পৰা এইবাৰ দ্বাদশ পৰীক্ষাত উত্তীৰ্ণ হোৱা ভাবাৰ্থৰ বয়স হৈছিল ১৮ বছৰ ৷ উদীয়মান মেধাৱী ছাত্ৰজনৰ আকস্মিক মৃত্যুত হাউলীবাসী ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা প্ৰকাশ কৰিছে ৷

🔴 অহা ৪ জুলাইৰ পৰা ৮ জুলাইলৈ অনুষ্ঠিত হ’ব ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা। 🔴 অসম মাধ্যমিক...
13/06/2023

🔴 অহা ৪ জুলাইৰ পৰা ৮ জুলাইলৈ অনুষ্ঠিত হ’ব ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা।
🔴 অসম মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰিছে পৰীক্ষাৰ সময়সূচী৷

উচ্চ শিক্ষাৰ বাবে বিভিন্ন আকৰ্ষণীয় বৃত্তি, ফেল'ছিপ================================ইতিমধ্যে উচ্চত্বৰ মাধ্যমিক পৰ্য্যায়ৰ প...
07/06/2023

উচ্চ শিক্ষাৰ বাবে বিভিন্ন আকৰ্ষণীয় বৃত্তি, ফেল'ছিপ
================================
ইতিমধ্যে উচ্চত্বৰ মাধ্যমিক পৰ্য্যায়ৰ পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে৷ ছাত্ৰ ছাত্ৰী সকলে ভৱিষ্যত উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ বাবে বিভিন্ন প্ৰস্তুতি চলাইছে৷ মেধাৱী ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবে চৰকাৰী আৰু বেচৰকাৰী পৰ্য্যায়ৰ বহু আকৰ্ষণীয় বৃত্তি, ফেল'ছিপ আদিৰ সুবিধা আছে৷ বহু সময়ত মেধাৱী ছাত্ৰ ছাত্ৰ সকলে এই সমূহৰ বিষয়ে অজ্ঞাত হৈ থাকে বাবে সুবিধাৰ পৰা বঞ্চিত হ'ব লগীয়া হয়৷ এনে বৃত্তি, ফেল'ছিপ সমূহে আৰ্থিক সহায় প্ৰদান কৰাৰ লগতে ছাত্ৰ বা ছাত্ৰী গৰাকীৰ ভৱিষ্যত কেৰিয়াৰ উত্থানত এইবোৰ যথেষ্ট গুৰুত্ব লাভ কৰে৷ আজি তেনে চাৰিটা শিক্ষাবৃত্তি, ফেল'ছিপ বিষয়ে চমুকৈ লিখিবলৈ লৈছো৷ বিতং ভাৱে জানিবলৈ সংলগ্ন সূত্ৰ সমূহত সন্ধান কৰিবলৈ অনুৰোধ জনালো৷ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এই তথ্য সমূহৰ বহুল প্ৰচাৰে তেঁওলোকক উপকৃত কৰিব৷

১) ইন্সপায়াৰ স্ক'লাৰশ্বিপ:
ইন্সপায়াৰ স্ক'লাৰশ্বিপ হৈছে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ (ডি.এছ.টি.) দ্বাৰা ৰূপায়ণ কৰা এক বৃত্তি কাৰ্যসূচী। এই বৃত্তি আঁচনি ডি.এছ.টি.-ৰ এক ফ্লেগশ্বিপ কাৰ্যসূচী ইয়াৰ অধীনত প্ৰাকৃতিক আৰু মৌলিক বিজ্ঞানত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন কৰিব খোজা মেধাৱী শিক্ষাৰ্থীসকলৰ বাবে, ইন্সপায়াৰ স্ক'লাৰশ্বিপে প্ৰতি বছৰে দহ হাজাৰ বৃত্তি প্ৰদান কৰে। ইয়াৰ অধীনত, প্ৰতিজন নিৰ্বাচিত প্ৰাৰ্থীয়ে প্ৰাকৃতিক বা মৌলিক বিজ্ঞানৰ যিকোনো বিষয় অধ্যয়ণ কৰাৰ বাবে বছৰি ৮০,০০০ টকা জলপানি লাভ কৰে। লগতে গ্ৰীষ্ম আৰু শীতকালীন বন্ধত ভাৰতৰ বিভিন্ন প্ৰতিস্থানত গৈ গৱেষণাৰ অভিজ্ঞতা লাভ কৰিব পাৰে৷ ভৱিষ্যতে স্নাতকোত্তৰ, গৱেষণা তথা শিক্ষকতা কৰিবৰ বাবেও বিভিন্ন ধৰণৰ ইন্সপায়াৰ স্ক'লাৰশ্বিপ/ফেল'ছিপৰ ব্যৱস্থা আছে৷ ১০+২ ৰ পিচত ইন্সপায়াৰ স্ক'লাৰশ্বিপ লাভ কৰিলে ভৱিষ্যতে উচ্চ পৰ্য্যায়ৰ স্ক'লাৰশ্বিপ/ফেল'ছিপ সমূহ লাভ কৰাত সুবিধা হয়৷
আৱেদনৰ সময়সীমা: ৩০ জুন ২০২৩। সৱিশেষ:https://online-inspire.gov.in/Content/SHEFAQs.pdf

২) ঈশান উদয় বৃত্তি:
ঈশান উদয় হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে আৰম্ভ কৰা এক বিশেষ বৃত্তি আঁচনি। ঈশান উদয় বৃত্তি আঁচনিৰ অধীনত চিকিৎসা আৰু পেৰামেডিকেল পাঠ্যক্ৰমকে ধৰি সাধাৰণ ডিগ্ৰী পাঠ্যক্ৰম, কাৰিকৰী আৰু পেছাদাৰী পাঠ্যক্ৰম গ্ৰহণ কৰা এন ই আৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতি বছৰে মুঠ ১০ হাজাৰ সতেজ বৃত্তি প্ৰদান কৰা হয়। ডিগ্ৰী পাঠ্যক্ৰম সম্পূৰ্ণ নোহোৱালৈকে প্ৰতি বছৰে বৃত্তি বিজয়ীসকলক ৭৮০০ টকা পৰ্যন্ত মাহিলী ধন দিয়া হয়। প্ৰতি বছৰে ইউজিচিয়ে www.ugc.ac.in বৃত্তি ২০২৩ৰ বাবে অনলাইন আবেদন পত্ৰ আমন্ত্ৰণ জনায়।ঈশান উদয় বৃত্তিৰ জৰিয়তে চৰকাৰী কৰ্তৃপক্ষই মুঠ ১০০০০ বৃত্তি প্ৰদান কৰে। যিকোনো ডিগ্ৰী পাঠ্যক্ৰম/কাৰিকৰী পাঠ্যক্ৰম/পেছাদাৰী পাঠ্যক্ৰম/চিকিৎসা/পেৰামেডিকেল পাঠ্যক্ৰমত নামভৰ্তি লোৱা ছাত্ৰ-ছাত্ৰীসকলে অনলাইন (National Scholarship Portal: https://scholarships.gov.in/) ইউজিচি ঈশান উদয় বৃত্তি আঁচনি ২০২৩-২৪ ত আবেদন কৰিব পাৰিব।
আৱেদনৰ সময়সীমা: ৩০ নৱেম্বৰ ২০২৩ (আনুমানিক)।

৩) ধীৰুভাই আম্বানী বৃত্তি ২০২৩-২৪:
ৰিলায়েন্স ফাউণ্ডেচনে আৰম্ভ কৰিছে ধীৰুভাই আম্বানী বৃত্তি কাৰ্যসূচী ২০২৩ (reliancefoundation.org ) ধীৰুভাই। ধীৰুভাই আম্বানী বৃত্তিয়ে ১১,৫০০ৰো অধিক মেধাৱী শিক্ষাৰ্থীক সহায় কৰিছে যাৰ ভিতৰত ৫০% বৃত্তি লাভকাৰী ছোৱালী আৰু ২০% বিশেষভাৱে সক্ষম ছাত্ৰী। জিও বৃত্তি ২০২৩ ৰিলায়েন্স গ্ৰুপৰ অধীনত বছৰি ৩৫০০০ টকাৰ পৰা ৫৫০০০ টকালৈকে আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। ধীৰুভাই আম্বানী বৃত্তি ২০২৩ৰ অন্তিম তাৰিখ ২০২৩ চনৰ জুলাই মাহ।ধীৰুভাই আম্বানী, এই বৃত্তিৰ লক্ষ্য হৈছে মেধাৱী ছাত্ৰ-ছাত্ৰীৰ কলেজীয়া শিক্ষাত সহায় কৰা। ধীৰুভাই আম্বানী বৃত্তি কেৱল সকলো ৰাজ্যৰ পৰা শীৰ্ষ ১০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবেহে উপলব্ধ।
আৱেদনৰ সময়সীমা: ছাত্ৰ-ছাত্ৰীয়ে পত্ৰ লাভ কৰিব ফাউণ্ডেচনে প্ৰেৰণ কৰা চিঠিৰ তাৰিখৰ পৰা ২৫ দিনৰ ভিতৰত অনলাইন মোডৰ জৰিয়তে বৃত্তিৰ বাবে আবেদন কৰিব পাৰিব।
সৱিশেষ: https://das.reliancefoundation.org/

৪) আৰ্থিক ভাৱে পিছপৰা মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে "লুইত ফেল'ছিপ":
"অধ্যায়" হ'ল এটা দাঁতব্য সংস্থা, যি উত্তৰ-পূব ভাৰতৰ যুৱ দক্ষতা আৰু শিক্ষাৰ বিকাশৰ লগতে আৰ্থিক স্বচ্ছতাৰ ওপৰত কাম কৰে। এই সংগঠনৰ "লুইত ফেল' আঁচনিৰ যোগেদি অসমৰ আর্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ২০১৬ চনৰ পৰা ফেল'শ্বিপ প্ৰদান কৰি আহিছে। এই বৃত্তিৰ মুখ্য উদেশ্য হ'ল আৰ্থিক সহায়ৰ লগতে এজন অভিজ্ঞতা সম্পন্ন সহায়ক আৰু পৰামৰ্শদাতাৰ লগত যুক্ত কৰি ভৱিষ্যতে সমাজৰ এজন আদৰ্শ ব্যক্তি হিচাপে যাতে নিজকে পৰিগণিত কৰিব পাৰে আৰু ভৱিষ্যত সমাজক এক ইতিবাচক বৰঙণি যোগাব পাৰে। বৰ্তমানলৈকে এই আঁচনিৰ অধীনত ৭৬ জন ছাত্ৰ ছাত্ৰীক ফেল'ছিপ প্ৰদান কৰা হৈছে। ফেল'ছিপৰ পৰিমাণ শিক্ষাৰ্থী গৰাকীৰ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা হয়। এই বছৰো 'লুইত ফেল'ৰ অধীনত অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা আর্থিকভাৱে দুৰ্বল মেধাৱী ছাত্ৰ-ছাত্ৰীৰ পৰা ফেল'শ্বিপৰ বাবে আবেদন আহ্বান কৰা হৈছে। আবেদন কৰাৰ বাবে ছাত্ৰজনৰ নূন্যতম নম্বৰ ৮৫% ৰ ওপৰত হব লাগিব আৰু তেওঁ চৰকাৰী বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ লগতে আর্থিকভাৱে পিছপৰা পৰিয়ালৰ হ'ব লাগিব।
সৱিশেষ: আবেদন পত্ৰ লুইত-ফেল'ৰ ৱেবছাইট www.luitfellows.org ৰ পৰা নাইবা ৯৭০৬৭৪৯২৪৯ নম্বৰত ফোন কৰি আৰু [email protected] অথবা [email protected] -ত মেইল কৰিও সংগ্ৰহ কৰিব পাৰিব।
আৱেদনৰ সময়সীমা: ৩০ জুন, ২০২৩।
-----------------------------------------------------
[ ডঃ পংকজ বৰা, সহকাৰী অধ্যাপক, তেজপুৰ বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰীয় যুৱ বিজ্ঞান একাডেমীৰ ক'ৰ কমিটিৰ সদস্য, ই-মেইল: [email protected] ]

Courtesy:Pankaj borah

Address

Barpeta

Website

Alerts

Be the first to know and let us send you an email when অসম বাৰ্তা 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to অসম বাৰ্তা 24×7:

Shortcuts

Share

Category