03/03/2024
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ থুথুকুডীত ভাৰতৰ প্ৰথমখন থলুৱা সেউজ হাইড্ৰজেন ইন্ধন কোষৰ অন্তৰ্দেশীয় জলপথৰ জাহাজ মুকলি কৰে। ইয়াৰ ডিজাইন আৰু বিকাশ কৰিছে কোচিন শ্বিপয়াৰ্ডে। এই জাহাজখনৰ দৈৰ্ঘ্য ২৪ মিটাৰ আৰু ইয়াত ৫০ জন যাত্ৰীৰ বাবে বহিব পৰা ঠাই আছে। চিদাম্বৰানাৰ বন্দৰ দেশৰ প্ৰথমটো সেউজ হাইড্ৰজেন হাব বন্দৰ হিচাপে পৰিগণিত হৈছে।