Dolphin Jatiya Vidyalaya, Bahari

Dolphin Jatiya Vidyalaya, Bahari Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dolphin Jatiya Vidyalaya, Bahari, School, Bahari, Barpeta.

আমাৰ অঞ্চলখনক পোহৰৰ দিশত আৰু এখোজ আগুৱাই লৈ আমাক গৌৰাম্বিত কৰাৰ বাবে ডক্টৰ ৰাফিয় খানমলৈ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞী...
17/04/2026

আমাৰ অঞ্চলখনক পোহৰৰ দিশত আৰু এখোজ আগুৱাই লৈ আমাক গৌৰাম্বিত কৰাৰ বাবে ডক্টৰ ৰাফিয় খানমলৈ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞীয়াপন কৰিলোঁ ।

আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে শেহতীয়াকৈ ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত যোৱা বৰ্ষসমূহৰ দৰেই এইবাৰো ড’লফিন জাত...
12/04/2026

আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে শেহতীয়াকৈ ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত যোৱা বৰ্ষসমূহৰ দৰেই এইবাৰো ড’লফিন জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ফলাফল যথেষ্ট ভাল। আমাৰ বিদ্যালয়ৰ এইবাৰৰ ফলাফলসমূহ তলত উল্লেখ কৰা হ’ল।

12/04/2026
কিংবদন্তি কণ্ঠশিল্পী আশা ভোশলে বাইদেউ নোহোৱা হোৱাৰ খবৰ অত্যন্ত বেদনাদায়ক। দশক দশক ধৰি বহু অমৰ গীতেৰে সংগীতপ্ৰেমীক মোহাচ...
12/04/2026

কিংবদন্তি কণ্ঠশিল্পী আশা ভোশলে বাইদেউ নোহোৱা হোৱাৰ খবৰ অত্যন্ত বেদনাদায়ক। দশক দশক ধৰি বহু অমৰ গীতেৰে সংগীতপ্ৰেমীক মোহাচ্ছন্ন কৰি ৰখা বাইদেউৰ অৱদান সদায়েই প্ৰতিটো প্ৰজন্মৰ হৃদয়ত থাকিব। এই গভীৰ শোকৰ মুহূৰ্তত বাইদেউৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। লগতে তেখেতৰ পৰিয়াল, অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
ওঁম শান্তি 🙏

বৰেণ্য কবি, ঔপন্যাসিক, সমালোচক, অনুবাদক, ৰম্য ৰচনাকাৰ অজিৎ বৰুৱাদেৱৰ আজি মৃত্যু বাৰ্ষিকী। প্ৰায় তেৰ বছৰ বয়সতে ‘মন মোৰ ...
03/04/2026

বৰেণ্য কবি, ঔপন্যাসিক, সমালোচক, অনুবাদক, ৰম্য ৰচনাকাৰ অজিৎ বৰুৱাদেৱৰ আজি মৃত্যু বাৰ্ষিকী। প্ৰায় তেৰ বছৰ বয়সতে ‘মন মোৰ নাথাকে ইয়াত’ কবিতাৰে সাহিত্যিক জীৱনৰ পাতনি মেলা বৰুৱাদেৱক 'জেংৰাই কবি' হিচাপেও জনা যায়। আধুনিকতাবাদী কবি অজিৎ বৰুৱাদেৱে তেখেতৰ একমাত্ৰ উপন্যাস 'এখন প্ৰেমৰ উপন্যাস'ৰ জৰিয়তেও পাঠকৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছিল। মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰ অজিৎ বৰুৱাদেৱক জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি।

বড়ো সমাজৰ পথিকৃৎ উপেন্দ্ৰনাথ ব্ৰহ্মদেৱক জন্মবাৰ্ষিকীৰ দিনটোত শ্ৰদ্ধাৰে সুঁৱৰিছো। বড়োসকলৰ স্বকীয় পৰিচয়ৰ বাবে আজীৱন অহ...
31/03/2026

বড়ো সমাজৰ পথিকৃৎ উপেন্দ্ৰনাথ ব্ৰহ্মদেৱক জন্মবাৰ্ষিকীৰ দিনটোত শ্ৰদ্ধাৰে সুঁৱৰিছো। বড়োসকলৰ স্বকীয় পৰিচয়ৰ বাবে আজীৱন অহোপুৰুষাৰ্থ কৰা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মদেৱৰ আদৰ্শই আমাক সদায় অনুপ্ৰাণিত কৰে।

প্ৰসিদ্ধ কবি, সাহিত্যিক, গীতিকাৰ কেশৱ মহন্তদেৱৰ আজি জন্ম বাৰ্ষিকী। অসমীয়া সাহিত্য তথা সাংস্কৃতিক জগতৰ এটি উজ্জ্বল নক্ষত্...
31/03/2026

প্ৰসিদ্ধ কবি, সাহিত্যিক, গীতিকাৰ কেশৱ মহন্তদেৱৰ আজি জন্ম বাৰ্ষিকী। অসমীয়া সাহিত্য তথা সাংস্কৃতিক জগতৰ এটি উজ্জ্বল নক্ষত্ৰ কেশৱ মহন্তদেৱৰ প্ৰতিটো গীত, প্ৰতিটো কবিতাই আমাৰ সংস্কৃতিৰ পথাৰখন সদায় জীপাল কৰি ৰাখিব। আজি জন্ম বাৰ্ষিকীত শ্ৰদ্ধাৰ কেশৱ মহন্তদেৱক গভীৰ শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰিলোঁ৷

"অ' মোৰ আপোনাৰ দেশ অ' মোৰ চিকুণী দেশ..."অসমৰ এই জাতীয় সংগীতটিৰ ৰচক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ আজি মৃত্যু তিথি। গল্প,...
26/03/2026

"অ' মোৰ আপোনাৰ দেশ
অ' মোৰ চিকুণী দেশ..."
অসমৰ এই জাতীয় সংগীতটিৰ ৰচক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ আজি মৃত্যু তিথি। গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, কবিতা, নাটক আৰু সাংবাদিকতাতো আধুনিক অসমীয়া সাহিত্যৰ পথ-প্ৰদৰ্শক লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অৱদান আছিল অতুলনীয়। মাতৃভাষা প্ৰীতি, ভাষাৰ প্ৰতি কৰ্তব্যবোধ তথা সমাজ সচেতনতা বেজবৰুৱাৰ সাহিত্যত প্ৰকাশ পাইছিল। ১৯০৯ চনত তেওঁ ''বাঁহী' আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰিছিল৷ অসমীয়া সাহিত্যৰ জগতত ৰসৰাজ' আৰু 'সাহিত্যৰথী' হিচাপে খ্যাত বেজবৰুৱাই ১৯২৪ চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল৷
আজি তেখেতৰ মৃত্যু বাৰ্ষিকীত ড'লফিন জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি।

জোনাকী যুগৰ অন্যতম বাটকটীয়া মহান ঔপন্যাসিক ৰজনীকান্ত বৰদলৈদেৱৰ আজি মৃত্যু বাৰ্ষিকী। ৰজনীকান্ত বৰদলৈদেৱক মৃত্যু বাৰ্ষিকীত...
25/03/2026

জোনাকী যুগৰ অন্যতম বাটকটীয়া মহান ঔপন্যাসিক ৰজনীকান্ত বৰদলৈদেৱৰ আজি মৃত্যু বাৰ্ষিকী। ৰজনীকান্ত বৰদলৈদেৱক মৃত্যু বাৰ্ষিকীত জনাইছোঁ গভীৰ শ্ৰদ্ধাঘ্য।

বৰদলৈদেৱক ‘উপন্যাস সম্ৰাট’ বুলিও জনা যায়। তেখেতে সোৱণশিৰিৰ পাৰৰ ডেকা-গাভৰু জংকি আৰু পানেইৰ নিৰ্ভেজাল প্ৰেমক কেন্দ্ৰ কৰি ৰচনা কৰা ‘মিৰি-জীয়ৰী’ উপন্যাসে আজিও আমাক সমৃদ্ধ কৰি ৰাখিছে। উপন্যাসখনৰ মাজেদিয়েই চিত্ৰিত হৈছে বাৰেৰহণীয়া অসমৰ মিচিং জনজাতিৰ সমাজ-সংস্কৃতিৰ সুন্দৰ চিত্ৰ। উল্লেখযোগ্য যে বৰদলৈদেৱৰ ‘মিৰি-জীয়ৰী’ প্ৰথম অসমীয়া জনজাতীয় জীৱনভিত্তিক উপন্যাস। সমান্তৰালকৈ তেখেৰ আনকেইখন উপন্যাস ক্ৰমে মনোমতী (১৯০০), দন্দুৱাদ্ৰোহ (১৯০৯), ৰঙ্গিলী (১৯২৫), নিৰ্ম্মল ভকত (১৯২৬), তাম্ৰেশ্বৰীৰ মন্দিৰ (১৯২৬), ৰহদৈ লিগিৰী (১৯৩০), ৰাধা-ৰুক্মিণীৰ ৰণ। তেখেতৰ আন আন গ্ৰন্থসমূহো অসমীয়া সাহিত্যৰ একো একোখন অমূল্য সম্পদ৷

আজি শ্বহীদ দিৱস। দেশৰ স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া বীৰ সন্তান ভগত সিং, সুখদেৱ থাপাৰ আৰু শিৱৰাম ৰাজগুৰুলৈ জনাইছোঁ গভী...
23/03/2026

আজি শ্বহীদ দিৱস। দেশৰ স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া বীৰ সন্তান ভগত সিং, সুখদেৱ থাপাৰ আৰু শিৱৰাম ৰাজগুৰুলৈ জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি।

তেওঁলোকৰ দেশপ্ৰেম আৰু ত্যাগ প্ৰতিজন ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণাৰ উৎস। ব্ৰিটিছৰ বিৰুদ্ধে অদম্য সাহসেৰে যুঁজ দিয়া বীৰ শ্বহীদ ভগত সিং, সুখদেৱ থাপাৰ আৰু শিৱৰাম ৰাজগুৰুৰ বীৰগাঁথা চিৰযুগমীয়া হৈ ৰ'ব।

আজি বিশ্ব জল দিৱস। প্ৰতিবছৰে ২২ মাৰ্চ তাৰিখে জনসাধাৰণক পানী সংৰক্ষণ সন্দৰ্ভত সজাগ কৰাৰ উদ্দেশ্যে উদযাপন কৰা হয় এই দিৱস।প...
22/03/2026

আজি বিশ্ব জল দিৱস। প্ৰতিবছৰে ২২ মাৰ্চ তাৰিখে জনসাধাৰণক পানী সংৰক্ষণ সন্দৰ্ভত সজাগ কৰাৰ উদ্দেশ্যে উদযাপন কৰা হয় এই দিৱস।

পানীয়েই প্ৰাণীৰ প্ৰাণ। পানী অবিহনে হয়তো আমি আমাৰ জীৱন কল্পনাও কৰিব নোৱাৰো ৷ পানী সংৰক্ষণৰ বাবে উদযাপিত 'বিশ্ব জল দিৱস'ৰ দিনটোতে আমি পানীৰ সংৰক্ষণ, সুব্যৱহাৰৰ বাবে প্ৰতিজ্ঞাবদ্ধ হওঁ আহক।

Address

Bahari
Barpeta

Opening Hours

Monday 8am - 3pm
Tuesday 8am - 3pm
Wednesday 8am - 3pm
Thursday 8am - 3pm
Friday 8am - 3pm
Saturday 8am - 3pm

Website

Alerts

Be the first to know and let us send you an email when Dolphin Jatiya Vidyalaya, Bahari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category