06/06/2022
ডিলিজেন্ট একাডেমী ছিনিয়ৰ ছেকণ্ডাৰীত বিশেষ ৰেহাইৰ জৰিয়তে নামভৰ্তিৰ সুবিধা ।
মহাশয় / মহাশয়া,
শ্ৰদ্ধা ও সন্মান সহ আপোনাক / আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে, বৰপেটা জিলাৰ দক্ষিণ পূৱ নৈ পৰীয়া অঞ্চলত ২০১৪ ইংৰাজী চনত স্হাপন কৰা ডিলিজেন্ট একাডেমী নামৰ এখন শিক্ষানুষ্ঠানে আমাৰ উঠি অহা ছাত্ৰ-ছাত্ৰীক উন্নত গুণগত শিক্ষাৰে এক অবিৰত সুবিধা প্ৰদান কৰি আহিছে । এইবেলি অনুষ্ঠানখনৰ চেঙাত আন এক নতুন শাখা স্হাপন কৰি, উচ্চতৰ মাধ্যমিক বিজ্ঞান, ক’লা আৰু বাণিজ্য তিনিওটা শাখাৰ ইংৰাজী আৰু অসমীয়া মাধ্যমত পাঠদান দিয়াৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি লৈছোঁ, সেয়েহে এই মহান অনুষ্ঠানটোত আপোনাৰ বিদ্যালয় / গাওঁ / অঞ্চলৰ দশম শ্ৰেণী (উচ্চ মাধ্যমিক/ মেট্ৰিক) উত্তীৰ্ণ হোৱা- 50% (শতাংশ) বা তাতোধিক নম্বৰ প্ৰাপ্ত অতি দুখীয়া মেধাবী / মেধাবী ছাত্ৰ-ছাত্ৰীক আমাৰ এই অনুষ্ঠানটোত বিশেষ ৰেহাই প্ৰদানেৰে আপোনালোকৰ সহযোগত নাম ভৰ্তি কৰোৱাৰ বাবে আহ্বান জনালোঁ ।
আশা কৰোঁ আপোনালোকৰ সম্পূৰ্ণ সহযোগীতা প্ৰদানেৰে আমাৰ অঞ্চলৰ উঠি অহা মেধাবী ছাত্ৰ-ছাত্ৰীক আমি আটাইয়ে মিলি তেওঁলোকক এখোজ আগুৱাইনি, এক শৈক্ষিক সমাজ গঢ়াৰ বাবে যত্নপৰ হ’ম ।
আমাৰ বিশেষ ৰেহাই সমূহ- 07-06-2022 TO 15-06-2022 লৈ
a. ৮৫ % বা তাতোধিক নম্বৰ প্ৰাপ্ত ১০ জন ছাত্র-ছাত্রীক নাম ভর্তি আৰু মাহিলি মাচুল সম্পূৰ্ণ বিনামূলীয়া ।
b.৭৫ % ৰ পৰা ৮৪ % নম্বৰ প্ৰাপ্ত ১৫ জন ছাত্র-ছাত্রীক নাম ভর্তি মাচুলৰ- ৬০ % বা তাতোধিক ৰেহাই প্ৰদান কৰা হব ।
c. ৬০ % ৰ পৰা ৭৪ % তাতোধিক নম্বৰ প্ৰাপ্ত ২০ জন ছাত্র-ছাত্রীক নাম ভর্তি মাচুলৰ ৪০ % বা তাতোধিক ৰেহাই প্ৰদান কৰা হ’ব ।
যোগা-যোগৰ ঠিকনা-
Diligent Academy Senior Secondary, Chenga
M.K College Road, Chenga, Barpeta, Assam, PIN-781305
Phone No - 9365110448 / 9854430508