01/10/2022
তথাকথিত সমাজকৰ্মী
সঁচা কোৱা আৰু বুজাৰ মাজত পাৰ্থক্য আছে । কেতিয়াবা কোৱাতকৈ বুজা উত্তম । ভাল আৰু বেয়া দিন মুদ্ৰাৰ ইপিঠি সিপিঠিৰ । এটাৰ পাছত আনটো আহে । সত্য যে কৰ্ম যিটো কৰা যায় , ভাল বেয়া যিয়েই নহওক ফলাফল নিশ্চিত কাৰন পৃথিৱীখন ঘূৰনীয়া , ফলাফল ঘূৰি ঘূৰি আহে । যিকোনো বস্তুৰ অতি বৰ বেয়া । বৰ্তমান সমাজত কিছুমান পাৱত গজা সামাজিক , ধৰ্মীয় আৰু ছাত্ৰ সংগঠনৰ জন্ম হৈছে । সংস্কাৰৰ নামত সংগঠনৰ সদস্যসকলে ৰছিত বহীলৈ ব্যক্তিৰ ঘৰে ঘৰে সোমায় । কৰ্মৰ প্ৰতি সিঁহতৰ কোনো ফোকাচ নাই । উক্ত সংগঠনৰ সদস্যসকলৰ বুনিয়াদি জ্ঞান নথকা আনকি ছাত্ৰ অবিহনে ছাত্ৰ সংগঠনৰ সদস্য হোৱা বহু ব্যক্তিক মই নিজে মুখামুখি হৈছো । সিঁহতৰ উদ্দেশ্য কি এই প্ৰযুক্তিবিদ্যাৰ যুগৰ মানুহে নুবুজা কম আছে ।
ধৰ্মৰ সুত্ৰ নজনা সামাজিক নিয়ম নীতিত অজ্ঞ আৰু ছাত্ৰ ছাত্ৰীৰ জন্মদাতা কোন নিম্নতম জ্ঞান নথকা সদস্যৰ সংখ্যাই সৰহ ।
মহাপুৰুষৰ বানী এটা মনত পৰিছে , "সমাজত নীচ কাম কৰা ব্যক্তি যেনেকৈ নিকৃষ্ট ঠিক তথাকথিত সমাজকৰ্মীও নিকৃষ্ট " ।
অভিজ্ঞৰ পৰা পৰামৰ্শ লোৱাতকৈ পৰামৰ্শ দিয়াৰ প্ৰৱনতা অধিক । কথাত কয় ,পৰামৰ্শ উপযাচি কেতিয়াও দিব নালাগে তাৰ মূল্য নাথাকে কিন্তু প্ৰয়োজনত আমন্ত্ৰন আৰু অৰ্থৰ বিনিময়ত হলেহে তাৰ ভেলু দিয়ে । কোনোৱাৰ পিয়াহ লাগিলে যেনেকৈ পানী বিচাৰি যায় আৰু তৃপ্তিও পায় । ঠিক তেনেকৈ প্ৰয়োজন হলে জানিবৰ , বুজিবৰ ,শিক্ষা লবৰ আৰু পৰামৰ্শ লবৰ উপযুক্ত ব্যক্তি যেনেতেনে বিচাৰি লবই । ঠিকাদাৰ ৰূপি উক্ত সংগঠনৰ বিষয়ববীয়াৰ বিশেষ প্ৰয়োজন নাই বুলি মই ভাবো । "দুনীয়াক মানুহে যেনেকে দেখে দুনীয়া মানুহক তেনেকে নেদেখে , দুনীয়া তেনেকুৱাই "। দুনীয়াক কোনোৱাই পৰিবৰ্তন কৰিব বিচাৰিলে , প্ৰথমে নিজে পৰিবৰ্তন হব লাগিব । দৃষ্টিভঙ্গীৰ সলনিৰ বিশেষ প্ৰয়োজন আছে। মাইন্ড ছেটৰ পৰিবৰ্তন কৰিবৰ প্ৰয়োজন আছে । বিশ্বায়নৰ ফলত প্ৰয়োজন অনুসৰি সকলো বস্তু উপলব্দ মাত্ৰ লাগে ইচ্ছা শক্তি । সমাজ, ধৰ্ম আৰু ছাত্ৰ ছাত্ৰীৰ কেন্দ্ৰবিন্দু হ'ল শিক্ষা । শিক্ষা নাথাকিলে সমাজ সুস্থিৰ নহয় আৰু নিজক নিচিনিলে ধৰ্মৰ শুদ্ধ জ্ঞান কেতিয়াও নাপায় । মুঠতে শিক্ষা অবিহনে উক্ত এটাও ফলপ্ৰসু নহয় । শিক্ষা গ্ৰহনত কোনো বয়স আৰু বাধা নাই কাৰন আজি কালি বহুত সুবিধা হৈছে ,আনুষ্ঠানিক শিক্ষাৰ বাহিৰেও।