Pub Kamrup College Library

Call Directions Website Contact the school

Pub Kamrup College Library Pub Kamrup College Library is an academic library. This Library is providing various services to its users and trying to expand the wings of its services.

This Library is an inseparable part of Pub Kamrup College (PKC), established in 1972, and has been serving its member form its inception. The Library that was started with a single almirah, is now full of 31000+ books serving near about the 3200 + students and 100 teaching, non teaching staff. The Library is strengthening its structure with the two strong sections i.e. Reference Section and the Museum.

A special book exhibition programme was organised at Pub Kamrup College Library on September 15, 2026.
15/09/2026

A special book exhibition programme was organised at Pub Kamrup College Library on September 15, 2026.

পূব কামৰূপ মহাবিদ্যালয় গ্ৰন্থাগাৰ গ্ৰন্থাগাৰিক দিৱস উপলক্ষে ১২ আগষ্টত আয়োজিত কাৰ্যসূচীৰ আলোকচিত্ৰ।
14/08/2026

পূব কামৰূপ মহাবিদ্যালয় গ্ৰন্থাগাৰ গ্ৰন্থাগাৰিক দিৱস উপলক্ষে ১২ আগষ্টত আয়োজিত কাৰ্যসূচীৰ আলোকচিত্ৰ।

|| Library Orientation Programme |A library orientation programme was conducted today for the newly enrolled students of...
18/06/2026

|| Library Orientation Programme |

A library orientation programme was conducted today for the newly enrolled students of HS 1st Year (Arts stream) class for the academic session 2026-27. Md Ayej Ali, Associate Professor (Geography) led the students' team to the library, where they were oriented about the PKC Library and the function and facilities provided by this library.

Pub Kamrup College Library

পূব কামৰূপ মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড° জুলী শইকীয়া বাইদেউলৈ অৱসৰ গ্ৰহণ উপলক্ষে গ্ৰন্থাগাৰৰ তৰফৰ পৰা জনোৱা বিদায় পৰ্ব।
31/03/2026

পূব কামৰূপ মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড° জুলী শইকীয়া বাইদেউলৈ অৱসৰ গ্ৰহণ উপলক্ষে গ্ৰন্থাগাৰৰ তৰফৰ পৰা জনোৱা বিদায় পৰ্ব।

|| শ্ৰদ্ধাঞ্জলি  : ড° উৎপল দাস ||ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰৰ গ্ৰন্থাগাৰিকৰ পদবীত কাৰ্যনিৰ্...
26/03/2026

|| শ্ৰদ্ধাঞ্জলি : ড° উৎপল দাস ||

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰৰ গ্ৰন্থাগাৰিকৰ পদবীত কাৰ্যনিৰ্বাহ কৰা ড° উৎপল দাসৰ আজি অকালতে পৰলোকপ্ৰাপ্তি ঘটে।‌
পূব কামৰূপ মহাবিদ্যালয়ৰ লগতো আছিল তেখেতৰ বিশেষ সংযোগ। সোণালী জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি পূব কামৰূপ মহাবিদ্যালয়ত আয়োজিত বক্তৃতালানিৰ অংশস্বৰূপে ২০২৩ চনৰ ২২ ছেপ্টেম্বৰত অনুষ্ঠিত "Importance of library in HEIs and access to it's resources" বিষয়ক বক্তৃতা প্ৰদান কৰিছিল ড° উৎপল দাসে। সেইদিনাই প্ৰথমভাগত মহাবিদ্যালয়ৰ দ্বাৰা আয়োজিত এক Faculty Development Programme ত "Understanding IPR and Copyright Law" শীৰ্ষক আন এটি বক্তৃতাও তেখেতে প্ৰদান কৰিছিল।‌

গ্ৰন্থাগাৰিক ড° উৎপল দাসৰ বিদেহ আত্মাৰ সদগতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ।

|| পূব কামৰূপ মহাবিদ্যালয় গ্ৰন্থাগাৰৰ বঁটা প্ৰদান ||পূব কামৰূপ মহাবিদ্যালয় গ্ৰন্থাগাৰৰ পৰা আগবঢ়োৱা 'Best Library User Aw...
28/10/2025

|| পূব কামৰূপ মহাবিদ্যালয় গ্ৰন্থাগাৰৰ বঁটা প্ৰদান ||

পূব কামৰূপ মহাবিদ্যালয় গ্ৰন্থাগাৰৰ পৰা আগবঢ়োৱা 'Best Library User Award' আৰু 'Best Library Reading Room User Award' ২০২৪-২৫বৰ্ষৰ বাবে মহাবিদ্যালয়খনৰ দুগৰাকী শিক্ষাৰ্থী ক্ৰমে উদ্ভিদ বিজ্ঞান বিভাগৰ পাঞ্চালী ভূঞা আৰু শিক্ষা বিভাগৰ অৰ্পিতা নাথলৈ আগবঢ়োৱা হয়। যোৱা ২৮ অক্টোবৰত আয়োজিত মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাৰ মুকলি সভাত অধ্যক্ষ ড° ভূপেন কুমাৰ শৰ্মা আৰু উপাধ্যক্ষা ৰীণা ডেকাই এই বঁটা দুটা প্ৰদান কৰে। বঁটা বিতৰণী অনুষ্ঠানটি আঁত ধৰে গ্ৰন্থাগাৰিক ড° নিৰ্মল ৰঞ্জন মজুমদাৰে। প্ৰতিবছৰে মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰৰ পৰা আগবঢ়োৱা এই বঁটাই শিক্ষাৰ্থীসকলৰ মাজত পুথিভঁৰালৰ প্ৰতি আকৰ্ষণ বৃদ্ধিৰ লগতে অধ্যয়নৰ প্ৰতি ধাউতি বঢ়োৱাত সহায়ক হৈছে বুলি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শৰ্মাই তেখেতৰ ভাষণত মত পোষণ কৰে।

28/10/2025

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মধ্য মাণ্ডলিক আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ যোৱা ২৩ ৰ পৰা ২৫ অক্টোবৰলৈ পূব কামৰূপ মহাবিদ্যালয়ত অনুষ্ঠিত হয়। সুকুমাৰ কলাৰ অন্তৰ্ভুক্ত ক'লাজ, কাৰ্টুন, পেইণ্টিং, পোষ্টাৰ মেকিং আৰু ক্লে' মডেলিং — এই পাঁচটা বিষয়ক প্ৰতিযোগিতাসমূহ যোৱা ২৩ অক্টোবৰত মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰত পুৱাৰ পৰা ৰাতিলৈ সুকলমে সমাপন কৰাত বিশেষভাৱে সহযোগিতা আগবঢ়োৱা শ্ৰদ্ধাৰ বিচাৰকমণ্ডলী তথা প্ৰতিষ্ঠিত চিত্ৰশিল্পী ক্ৰমে শ্ৰীযুত অনুপ কুমাৰ শৰ্মা, প্ৰবীণ নাথ আৰু বিশ্বজ্যোতি পাঠকৰ লগতে উপসমিতিখনৰ প্ৰতিগৰাকী নিষ্ঠাবান কৰ্মী আৰু বিভিন্ন মহাবিদ্যালয়ৰ প্ৰতিযোগীৰ লগতে তত্বাৱধায়ক শিক্ষকবৃন্দলৈ গ্ৰন্থাগাৰৰ তৰফৰ পৰা যাচিছোঁ আন্তৰিক ধন্যবাদ।

(ভিডিঅ' : চিত্ৰশিল্পী প্ৰবীণ কুমাৰ নাথ।)

 #এইমাহৰঅতিথি অসমৰ সংবাদ জগতৰ পৰিচিত তথা কুইজৰ ক্ষেত্ৰখনত এক ধনাত্মক বাতাবৰণ সৃষ্টি কৰা দীপাংকৰ কৌশিকক  আজি পূব কামৰূপ ম...
24/10/2025

#এইমাহৰঅতিথি

অসমৰ সংবাদ জগতৰ পৰিচিত তথা কুইজৰ ক্ষেত্ৰখনত এক ধনাত্মক বাতাবৰণ সৃষ্টি কৰা দীপাংকৰ কৌশিকক আজি পূব কামৰূপ মহাবিদ্যালয় গ্ৰন্থাগাৰলৈ আদৰণি জনায় আহ্লাদিত হ'লো।

Dipankar Koushik

নিয়মীয়া বাৰ্তা আৰু অসমীয়া খবৰ কাকতত প্ৰকাশিত বাতৰি।
21/09/2025

নিয়মীয়া বাৰ্তা আৰু অসমীয়া খবৰ কাকতত প্ৰকাশিত বাতৰি।

|| পূব কামৰূপ মহাবিদ্যালয়ত জুবিনলৈ শ্ৰদ্ধাঞ্জলি ||আজি ২০ ছেপ্তেম্বৰ,২০২৫ তাৰিখে পূব কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভূপেন...
20/09/2025

|| পূব কামৰূপ মহাবিদ্যালয়ত জুবিনলৈ শ্ৰদ্ধাঞ্জলি ||

আজি ২০ ছেপ্তেম্বৰ,২০২৫ তাৰিখে পূব কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভূপেন কুমাৰ শৰ্মাৰ পৌৰোহিত্যত উপাধ্যক্ষা, অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত মহাবিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত এখন শোকসভাত অসমৰ ৰাইজৰ হিয়াৰ আমঠু আৰু সমগ্ৰ দেশৰে বোলছবি জগতৰ অনন্য শিল্পী,অসমীয়া সংগীত জগতৰ পথিকৃত, বোলছবি নিৰ্মাতা আৰু জাতীয় জীৱনৰ বলিষ্ঠ কণ্ঠ,মানৱদৰদী গায়ক জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰা হয়। শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পণ আৰু তেখেতৰ শিল্পী জীৱনৰ ওপৰত চমু আলোকপাত আদিৰ লগতে শোকসভাখনিত তেখেতৰ ইচ্ছানুসৰিয়েই সমজুৱাকৈ " মায়াবিনী ৰাতিৰ বুকুত" শীৰ্ষক গীতটি গাই শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনোৱা হয়। সভাখনত উপাধ্যক্ষাৰ লগতে কেইবাগৰাকীও শিক্ষক আৰু শিক্ষাৰ্থীয়ে শিল্পীগৰাকীৰ স্মৃতি বিজড়িত কথা আৰু তেখেতৰ অৱদানৰ কথা ব্যাখ্যা কৰে। মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড° নিৰ্মল ৰঞ্জন মজুমদাৰে আঁতধৰা অনুষ্ঠানটিৰ শেষত এক মিনিটৰ মৌন প্ৰাৰ্থনাৰে প্ৰয়াত শিল্পীজনাৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শিল্পীগৰাকীৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনোৱা হয়।

Address

Baihata
781381

Alerts

Be the first to know and let us send you an email when Pub Kamrup College Library posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Pub Kamrup College Library:

Shortcuts

Share