SFI - Amguri regional

SFI - Amguri regional STudy & struggle

“…… মোৰ বিষয়ে জনতাৰ কি মত, খেতিয়ক, বনুৱা, ছাত্ৰ, মধ্যবিত্ত শ্ৰেণীৰ কি অভিমত, বুদ্ধিজীৱীসকলৰ কেনে ভাব সেইফাললৈকো লক্ষ্য...
20/06/2018

“…… মোৰ বিষয়ে জনতাৰ কি মত, খেতিয়ক, বনুৱা, ছাত্ৰ, মধ্যবিত্ত শ্ৰেণীৰ কি অভিমত, বুদ্ধিজীৱীসকলৰ কেনে ভাব সেইফাললৈকো লক্ষ্য ৰাখিবা।… মোৰ জীৱনৰ philosophy কি__ কি অৱস্থাত মই শিল্পী, গায়ক, নৃত্য-শিল্পী, লেখক, কবি, সাহিত্যিক, ঐতিহাসিক, নাট্যকাৰ, চিত্ৰ পৰিচালক, অভিনেতা, খেলুৱৈ আদি হ’লো ।''
- সৰ্বহাৰা জনতাৰ বাবেই নিজৰ জীৱন উৎসৰ্গা কৰা বিষ্ণু ৰাভা দেৱক শ্ৰদ্ধাৰে সুৱৰিছোঁ ।

18/06/2018

"*হে শিক্ষাৰ পথৰ পথিক
আদৰো তোমালোকক ,
গুণগত শিক্ষাৰে শিক্ষিত হৈ
উজলোৱা তোমাৰ ভৱিষ্যত ।*"

প্ৰিয় সতীৰ্থ ,
ভাৰতৰ ছাত্ৰ ফেডাৰেচন(SFI)ৰ আমগুৰি আঞ্চলিক সমিতিৰ তৰফৰ পৰা তোমালোক সকলোলৈকে বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিলো । উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ নামভৰ্ত্তি কৰিলা উচ্চতৰ মাধ্যমিকত আৰু স্নাতক মহলাত । আধুনিকতাৰ পৰশত নিজকে হেৰুৱাই নেপেলাই ক্ৰমে ক্ৰমে আগুৱাই যাব লাগিব শিক্ষাৰ জখলাত । নতুন সুৰুযেৰে আলোকিত তোমালোক নতুন সমাজ গঢ়াৰ একো একোজন খনিকৰ । অগ্ৰগতিৰ জখলা বগাই যুক্তি আৰু কৰ্মৰে আগুৱাই নিয়া সমাজক ।
তোমাৰ/ তোমালোকৰ উজ্জল ভৱিষ্যত কামনাৰে -
ইতি
শ্ৰী প্ৰিয়প্ৰতীম বড়া ( সভাপতি )
শ্ৰী বিতুপন গগৈ ( সম্পাদক )

11/12/2017

শুভেচ্ছাবাণী

আমগুৰি মহাবিদ্যালয়ে পঞ্চাশটা বৰ্ষ অতিক্ৰম কৰিলে । এই অনুষ্ঠানটি হালোৱাটিং ,আমগুৰি , বৰছিলা , চেলেং , চামগুৰিকে আদি কৰি এই বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ মূলকেন্দ্ৰ ।
বৃহত্তৰ আমাগুৰি অঞ্চলৰ গণ্য মান্য , সমাজপ্ৰিয় ব্যক্তিৰ অহোপুৰুষাৰ্থৰ ফলত অঞ্চলটোক শিক্ষাৰ পোহৰেৰে আলোকিত কৰিলে, সেইসকল নমস্য ব্যক্তিক শ্ৰদ্ধাৰে সুঁৱৰিছো । লগতে স্মৰণ কৰিছো সেইসকল স্বনামধন্য ব্যক্তিক যিসকলৰ শিক্ষাৰে হাজাৰজন আলোকসন্ধানীক শিক্ষাৰ পোহৰেৰে আলোকিত কৰিলে আৰু অঞ্চলটোৱে এটা নতুন স্তৰলৈ গতি কৰিবলৈ সক্ষম হ'ল ।
হাবি ভাঙি কাঠ বাঁহেৰে নিৰ্মাণ কৰা অতীতৰ সৰু মহাবিদ্যালয়খনি ৰাইজৰ সহযোগত নৱনিৰ্মিত আন্তঃ গাঁথনি আৰু বিভিন্ন শৈক্ষিক সুবিধাৰ ফলশ্ৰুতিত সৰ্বাং সুন্দৰ শিক্ষানুষ্ঠানলৈ পৰিণত হৈছে ।শিক্ষক শিক্ষয়িত্ৰী সকলৰ নেৰানেপেৰা চেষ্ঠাই আজি প্ৰাণ পাইছে । যাৰ বাবে বিগত বৰ্ষ কেইটাত ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অসমৰ ভিতৰতে উজলি উঠিবলৈ সক্ষম হৈছো । অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ।
আজি বহু ঘাত প্ৰতিঘাতৰ মাজেৰে আহি চলিত বৰ্ষত সোণালী জয়ন্তী বৰ্ষত ভৰি দিলেহি । এই শুভক্ষণত শিক্ষানুষ্ঠানটিৰ অধ্যক্ষকে প্ৰমুখ্য কৰি সমূহ শিক্ষক শিক্ষয়িত্ৰী , ছাত্ৰ ছাত্ৰী , কৰ্মচাৰী বৃন্দ ও শুভাকাংখীলৈ আন্তৰিক শুভকামনা জনাইছো আৰু অনুষ্ঠানটিৰ দীৰ্ঘায়ু কামনা কৰিলো ।
জয়তু আমগুৰি মহাবিদ্যালয় ।।
সোণালী জয়ন্তী সফল সমাপ্তি হওক ।।

28/11/2017

প্ৰেছ বিজ্ঞপ্তি তাৰিখ :২৭/১১/১৭

বিকল্প ব্যৱস্থা নকৰাকৈ আমচাংত চলোৱা উচ্ছেদ মানৱতাবিৰোধী
*ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষালৈ লক্ষ্য ৰাখি উচ্ছেদ স্থগিত ৰাখক : এছ এফ আই*

বিকল্প ব্যৱস্থা নকৰাকৈ আমচাং অভয়াৰণ্যত প্ৰশাসনে আমানৱীয়ভাবে কৰা উচ্ছেদ কাৰ্যক ভাৰতৰ ছাত্ৰ ফেডাৰেচন চমুকৈ এছ এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ নিন্দা কৰিছে আৰু ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষালৈ লক্ষ্য ৰাখি এই উচ্ছেদ স্থগিত ৰাখিবলৈ দাবী জনাইছে ।
কোনো বিকল্প ব্যৱস্থা গ্ৰহণ নকৰাকৈ পৰীক্ষাৰ সময়ত প্ৰশাসনে চলোৱা আমানৱীয় উচ্ছেদৰ ফলত সমগ্ৰ অঞ্চলটোত থকা বুজন সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে চৰম সংকটত পৰিছে। ইয়াৰ ফলত বহুতৰ শিক্ষা জীৱন অন্ত পৰাৰ আশংকাৰ সৃষ্টি হৈছে। লক্ষণীয় বিষয় যে কোনো ধৰণৰ আগতীয়াকৈ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ চৰকাৰে অঞ্চলটোত দীৰ্ঘদিন ধৰি বাস কৰি থকা পৰিয়ালক আমানৱীয় ভাবে উচ্ছেদ কৰিছে। উল্লেখযোগ্য যে আজি চৰকাৰে চলোৱা যুদ্ধংদেহী উচ্ছেদত অঞ্চলটোৰ বহুকেইজন অধিবাসীৰ লগতে সংবাদ কৰ্মীও আহত হয়। ই কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ।
পৰীক্ষাৰ সময়ত উচ্ছেদ কাৰ্য স্থগিত ৰখাৰ বাবে এছ এফ আই য়ে দাবী জনইছে আৰু চৰকাৰে বিকল্প ব্যৱস্থা নকৰালৈকে উচ্ছেদ বন্ধ ৰখাৰ আহ্বান জনাইছে ।

ধন্যবাদ সহকাৰে,
নিৰঙ্কুশ নাথ কাশ্যপ চৌধুৰী
সম্পাদক। সভাপতি

19/03/2017
18/02/2017
৭ অক্টোবৰৰ আন্দোলনত কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰি আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এছ এফ আই, অসম ৰাজ্যিক কমিটিৰ প্ৰতিনি...
31/10/2016

৭ অক্টোবৰৰ আন্দোলনত কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰি আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এছ এফ আই, অসম ৰাজ্যিক কমিটিৰ প্ৰতিনিধিৰ লগত এক আলোচনাত মিলিত হয় । আলোচনা জানিবলৈ দিয়ে যে প্ৰত্যেক শিক্ষানুষ্ঠানত যৌন নিৰ্যাতন বিৰোধী কমিটি (GSCASH) গঠন কৰিবলৈ পত্ৰ পঠিয়াইছে । এছ এফ আই নেতৃত্বই এই পত্ৰ নিৰ্দেশনা ৰূপে পঠিয়াবলৈ দাবী জনায় ।
ষাণ্মাসিক ব্যৱস্থাৰ সংস্কাৰ সংক্ৰান্তত জনায় যে পৰ্যাপ্ত আন্তঃগাঁথনি আৰু শিক্ষকৰ অভাৱৰ ফলত বিভিন্ন সমস্যাই দেখা দিছে । এই সম্পৰ্কে অসম চৰকাৰৰ লগত আলোচনা কৰিবলৈ এছ এফ আই ক অনুৰোধ জনায় তথা ষাণ্মাসিক ব্যৱস্থাৰ অভিজ্ঞতা, সমস্যা আৰু প্ৰত্যাহ্বান সম্পৰ্কীয় এক দলিল এছ এফ আই ক কৰ্তৃপক্ষই অতি শীঘ্ৰে অৰ্পণ কৰিব । CBCS ব্যৱস্থা কিদৰে UGC য়ে জাপি দিছে আৰ্থিক অনুদান লাভ কৰাৰ প্ৰাথমিক চৰ্ত হিচাপে, কৰ্তৃপক্ষই সেই সম্পৰ্কেও প্ৰতিনিধি দলটোক জনায় । চৰকাৰৰ এনে নীতি বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু শিক্ষক সমাজক আগুৱাই আহিবলৈ এছ এফ আই য়ে আহ্বান জনায় ।
Uniform Fee Structure, অৰ্থাৎ একে পাঠ্যক্ৰমৰ বাবে একে মাচুলৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী গৰাকীৰ শেহতীয়া ঘোষণাৰ কথা কোৱাৰ লগতেকর্তৃপক্ষয় বিশ্ববদ্যালয়ে নিৰ্ধাৰণ কৰা মাচুল সমূহৰ কথা উল্লেখ কৰে । এছ এফ আইয়ে কিদৰে এই ক্ষেত্ৰত বৈষম্য তথা দুৰ্নীতি চলি আহিছে তালৈ আঙুলিয়াই ।
নিয়মীয়া আৰু সময়মতে বৃত্তি সমূহ আদায় দিয়াৰ ক্ষেত্ৰত আগতকৈ উন্নত হৈছে যদিও ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন গাফিলটিৰ ফলত বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছে বুলি তেওঁলোকৰ বক্তব্যত প্ৰকাশ পায় ।
মূল্যায়ন ব্যৱস্থাৰ বিসংগতি সমূহ দূৰ কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষ তাৎক্ষণিক পদক্ষেপ গ্ৰহন কৰিব বুলি আশ্বাস দিয়ে ।
এছ এফ আইয়ে ৭ অক্টোবৰৰ কাৰ্যসূচীৰ দিনা একাংশ কৰ্তৃপক্ষৰ অগণতান্ত্ৰিক কাৰ্যত ক্ষোভ প্ৰকাশ কৰে । কৰ্তৃপক্ষই এই ঘটনাত দুখ প্ৰকাশ কৰাৰ লগতে এছ এফ আইৰ শৈক্ষিক হস্তক্ষেপ সমূহ আদৰণি জনায় ।
আলোচনাত মাননীয় পঞ্জীয়কৰ তত্বাৱধানত অনুষ্ঠিত হয় । এছ এফ আইৰ পক্ষৰ পৰা ৰাজ্যিক সম্পাদক নিৰঙ্কুশ নাথ, সভাপতি কাশ্যপ চৌধুৰী, উপ-সভাপতিদ্বয় পুলক গগৈ আৰু অৰূপ শইকীয়া আৰু ডিব্ৰুগড় জিলা সভাপতি ড° আৰিফুল ইছলাম উপস্থিত থাকে ।
এছ এফ আই, অসম ৰাজ্যিক কমিটিয়ে ষাণ্মাসিক আৰু CBCS ব্যৱস্থা সংস্কাৰৰ আন্দোলন আগন্তুক দিনত তীব্ৰতৰ কৰি শৈক্ষিক নীতিসমূহৰ পৰিবৰ্তনৰ হকে যুঁজ দি যাব ।

Address

Amguri

Website

Alerts

Be the first to know and let us send you an email when SFI - Amguri regional posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share