Deodhai MV School, Morabazar, Amguri

Deodhai MV School, Morabazar, Amguri Deodhai MV School
Udise=18160312901
Block=Amguri
Dist= Sivasagar

26/03/2025

পুৱাই এটা ভাল খবৰ
আপোনাসৱকো জনাও..

#আমগুৰি_বালিকা_উচ্চ_মাধ্যমিক_বিদ্যালয়ৰ নৱম শ্ৰেণীৰ নামভৰ্তিৰ বাছনি পৰীক্ষাত আমাৰ বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ যোৱা ছাত্ৰী জাফৰিণ চুলতানা আহমেদে প্ৰথম স্থান দখল কৰাৰ লগতে আমাৰ বিদ্যালয়ৰ পৰা উত্তীৰ্ণ কেওগৰাকী ছাত্ৰীয়েই নামভৰ্তি বাবে যোগ্যতা অৰ্জন কৰিছে।
আমগুৰি চহৰৰ মাজমজিয়াত অৱস্থিত আগশাৰীৰ এই বৰ্ষীয়ান বিদ্যালয়খনত ছাত্ৰীসকলৰ অনাগত ভৱিষ্যত আৰু জিলিকি উঠক। আমি আশাবাদী....

প্ৰাপ্তিৰ দিন (১৮/০২/২০২৫)শিক্ষাবিদ জন ডিউইয়ে কৈছিল যে শিক্ষা এক ত্ৰি-পাক্ষিক প্ৰক্ৰিয়া। শিক্ষক, শিক্ষাৰ্থী আৰু উপযুক্ত ...
19/02/2025

প্ৰাপ্তিৰ দিন (১৮/০২/২০২৫)

শিক্ষাবিদ জন ডিউইয়ে কৈছিল যে শিক্ষা এক ত্ৰি-পাক্ষিক প্ৰক্ৰিয়া। শিক্ষক, শিক্ষাৰ্থী আৰু উপযুক্ত সামাজিক পৰিৱেশৰ সুস্থ সমন্বয়তহে শিক্ষা অধিক প্ৰাণৱন্ত হৈ উঠে।গতিকে এই তিনিটা উপাদানৰ প্ৰতিটোৱেই অতি জৰুৰী।

এতিয়া আহোঁ মূল কথালৈ....
এখন বিদ্যালয়ৰ প্ৰতিটো দিশৰ লগত সংপৃক্ত এটা সংস্থা হ'ল বিদ্যালয় পৰিচালনা সমিতি। বিদ্যালয়ৰ শৈক্ষিক, সহবিদ্যায়তনিক, প্ৰশাসনিক তথা সকলো দিশত উত্থান পতনৰ বেলিকা বিদ্যালয়ৰ পৰিচালনা সমিতি দায়বদ্ধ হৈ থাকে। বিদ্যালয় এখন সৰ্বাংগ সুন্দৰ কৰি তোলাৰ ক্ষেত্ৰত শিক্ষক-শিক্ষাৰ্থীৰ সমান্তৰালকৈ বিদ্যালয় পৰিচালনা সমিতিয়েও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিখনো এই চেষ্টাৰ ব্যতিক্ৰম নহয়।

অতি গৌৰৱেৰে জনাও যে দেওধাই মজলীয়া বিদ্যালয়ৰ পৰিচালনা সমিতিখনে এইবাৰ মণ্ডল ভিত্তিত শ্ৰেষ্ঠ পৰিচালনা সমিতিৰ সন্মান পাবলৈ সক্ষম হ'ল। শিৱসাগৰ জিলাৰ সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা কালি শিৱসাগৰ যুৱদ'লত অনুষ্ঠিত বিশেষ সভাত বিদ্যালয়ৰ তৰফৰ পৰা প্ৰধান শিক্ষক শ্ৰীযুত ৰাতুল শইকীয়াৰ প্ৰমুখ্যে পৰিচালনা সমিতিৰ সভাপতি শ্ৰী যুত দিগন্ত বড়াই এই পুৰস্কাৰ গ্ৰহণ কৰে।

আমি আশাবাদী এই স্বীকৃতিয়ে আমাক অধিক দায়বদ্ধ কৰিব, কৰ্মশীল কৰিব। ভবিষ্যতৰ দিনত বিদ্যালয়খনৰ গৰিমা আৰু স্বকীয়তা অক্ষুন্ন ৰাখিবলৈ সক্ষম হ'ব পৰাকৈ সকলোৰে আশীৰ্বাদ আৰু সহায় সহযোগিতা তথা পৰামৰ্শ কামনা কৰি এই সুখমধুৰ ক্ষণত সেৱা জনালো।

গুণোৎসৱ ২০২৫স্ব মূল্যায়ন- ৬/১/২০২৫বৰ্হিঃ মূল্যায়ন- ৯/১/২০২৫সফলতাৰে সম্পন্ন..
10/01/2025

গুণোৎসৱ ২০২৫
স্ব মূল্যায়ন- ৬/১/২০২৫
বৰ্হিঃ মূল্যায়ন- ৯/১/২০২৫
সফলতাৰে সম্পন্ন..

শিক্ষা সপ্তাহৰ অন্তিম দিনাৰ কাৰ্যসূচী Community Involvement Day উদযাপন(12/08/2024)শিক্ষা সপ্তাহৰ অন্তিম দিনাৰ কাৰ্যসূচী ...
13/08/2024

শিক্ষা সপ্তাহৰ অন্তিম দিনাৰ কাৰ্যসূচী Community Involvement Day উদযাপন(12/08/2024)

শিক্ষা সপ্তাহৰ অন্তিম দিনাৰ কাৰ্যসূচী Community Involvement Day লগত সংগতি ৰাখি এখন সজাগতা সভা অনুস্থিত কৰাৰ লগতে বিদ্যাঞ্জলি পৰ্টেল সন্দৰ্ভত আলোচনা কৰা, ৰেজিষ্ট্ৰেছন কৰাৰ লগতে বিদ্যালয়ৰ স্থানীয় লোকসকল আৰু অভিভাৱক সকলৰ লগত শৈক্ষিক তথা সামগ্ৰিক উন্নয়নৰ বিষয়ে আলোচনা কৰা হয়।
উৰ্ধতম কতৃপক্ষৰ নিৰ্দেশমতে এটি প্ৰীতিভোজৰো আয়োজন কৰা হয়।

শিক্ষা সপ্তাহৰ ষষ্ঠ দিনৰ কাৰ্যসূচী Eco clubs for mission life Day  ৰ লগত সংগতি ৰাখি নতুন eco club গঠনৰ লগতে কিছু কাৰ্যসূ...
10/08/2024

শিক্ষা সপ্তাহৰ ষষ্ঠ দিনৰ কাৰ্যসূচী Eco clubs for mission life Day ৰ লগত সংগতি ৰাখি নতুন eco club গঠনৰ লগতে কিছু কাৰ্যসূচী ৰূপায়ন কৰা হয়।
লগতে দিনটোৰ গুৰুত্বতা উপলব্ধি কৰি "মাৰ নামত এটা গছপুলি" শীৰ্ষক কাৰ্যসূচী ও ৰূপায়ন কৰা হয়।

শিক্ষা সপ্তাহৰ তৃতীয় দিনৰ কাৰ্যসূচী ক্ৰীড়া দিন(7/08/2024)
07/08/2024

শিক্ষা সপ্তাহৰ তৃতীয় দিনৰ কাৰ্যসূচী ক্ৰীড়া দিন(7/08/2024)

শিক্ষা সপ্তাহৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীFLN Day উদযাপন(6/8/2024)বিদ্যালয়ৰ FLN ৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাগুৰুসকলৰ দ্বাৰা গতা...
06/08/2024

শিক্ষা সপ্তাহৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী
FLN Day উদযাপন
(6/8/2024)

বিদ্যালয়ৰ FLN ৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাগুৰুসকলৰ দ্বাৰা গতানুগতিক ভাৱেও বুনিয়াদী স্বাক্ষৰতা আৰু সাংখ্যিকতাৰ বাবে এনেধৰণৰ পাঠৰ আদান প্ৰদান কৰা হয়।

06/08/2024

শিক্ষা সপ্তাহৰ
প্ৰথম দিন TLM Day ৰ লগত সমগতি ৰাখি
দেওধাই মজলীয়া বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলৰ দ্বাৰা TLM মেলা আৰু TLM প্ৰস্তুতকৰণৰ কৰ্মশালা অনুষ্ঠিত হয়।(5/8/2024)

Address

Hatimuria Gaon
Amguri
785680

Opening Hours

Monday 9am - 3:30pm
Tuesday 9am - 3:30pm
Wednesday 9am - 3:30pm
Thursday 9am - 3:30pm
Friday 9am - 3:30pm
Saturday 9am - 12:46pm

Website

Alerts

Be the first to know and let us send you an email when Deodhai MV School, Morabazar, Amguri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category