22/03/2026
# #34 # #অতীতলৈ মনত পৰে # #
অসমীয়া ভাষা সাহিত্যৰ সেৱক
উপেন্দ্ৰ কুমাৰ বৰুৱা
অসমীয়া ভাষা সাহিত্যৰ সেৱক উপেন্দ্ৰ কুমাৰ বৰুৱাই ইংৰাজী ১৯২৩ ভাস্কবাব্দৰ (১৩২৬ চনৰ ২২ কাতি) বইটামাৰী ডিহিৰ সজনাভিটা গাঁৱৰ এক বিখ্যাত ওজা বংশত জন্ম গ্রহণ কৰিছিল। পিতৃৰ নাম আছিল বগাৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল অময়া বালা দেবী। প্রয়াত বৰুৱাদেৱৰ পূৰ্বপুৰুষসকল তান্ত্রিক কবিৰাজ আছিল। উপেন্দ্ৰ কুমাৰ বৰুৱাই এই তান্ত্রিক কবিৰাজ বংশত জন্ম গ্রহণ কৰিলেও কবিৰাজ বিদ্যাৰ প্রতি কোনো আগ্রহ দেখুওৱা নাছিল।
শিক্ষা জীৱনৰ প্ৰাইমাৰী শিক্ষা আৰম্ভ হৈছিল আমগুৰী গাঁৱত থকা প্রাথমিক বিদ্যালয়ত। প্রাইমাৰী পাছ কৰি ধলাগাঁও এম,ভি, স্কুলত নাম ভৰ্ত্তি কৰে আৰু ১৯৩৫ চনত এম,ভি, পৰীক্ষাত উত্তীর্ণ হৈ কাশাৰপাৰাৰ এম,ই, স্কুলত চতুর্থ শ্রেণীত নাম ভর্তি কৰে। ১৯৩৫ চনত এম.ই, স্কুল উত্তীর্ণ হোৱাত কোকৰাঝাৰ হাইস্কুলত পঢ়িবলৈ যায়। ১৯৪১ চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হৈ গুৱাহাটী কটন কলেজত ভর্তি হয় যদিও পিছত গুৱাহাটীৰ পৰা বঙ্গদেশৰ ৰংপুৰত চাৰ মাইকেল কলেজত ভর্তি হৈ ১৯৪৩ চনত আই.এ. পৰীক্ষা দি কলিকতা বিশ্ববিদ্যালয়ৰ পৰা দ্বিতীয় বিভাগত উত্তীর্ণ হয়। আর্থিক অনাটনৰ বাবে পুনৰায় কলেজত নাম ভৰ্ত্তি কৰিব নোৱাৰি শিক্ষকতা জীৱন আৰম্ভ কৰিবলৈ বাধ্য হয়। প্রথমে চাপৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু তাৰ পৰা আহি বহলপুব বায়ঝৰা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰ পাতনি মেলে। ১৯৪৭ চনত প্রাইভেট পৰীক্ষার্থী হিচাপে চাৰ মাইকেল কলেজলৈ বি.এ. পৰীক্ষা দিবলৈ গৈছিল কিন্তু সেই সময়ত অশান্ত পৰিবেশৰ মাজেৰে পৰীক্ষা দিয়ে যদিও সফল হ'ব নোৱাৰিলে। ১৯৪৯ চনত মাতৃব বিয়োগ হোৱাত ৰায়ঝৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা চাকৰি ইস্তাফা দি বইটামাৰী উচ্চ মাধমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰি এই বিদ্যালয়ৰ পৰা ১৯৮৩ চনৰ ১ মেত অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ আগে আগে ১৯৮০ চনত বি.এ. ডিগ্রী আৰু আয়ুর্বেদ শাস্ত্র অধ্যয়ন কৰি 'আয়ুর্বেদ শাস্ত্রী' উপাধি লাভ কৰিছিল।
বঙাইগাঁও জিলাৰ বইটামাৰীৰ নিবাসী উপেন্দ্ৰ কুমাৰ বৰুৱাই তেখেতৰ ৮ খন ভিন্ন গ্ৰন্থৰ জৰিয়তে অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰি থৈ গৈছে। গ্রন্থ সমূহ হ'ল- টুনী কাহিনী, (কিম্বদন্তী), মৌলানা আবুল কালাম আজাদ (জীবনী), মুক্তিৰ পথত ছাত্র শক্তি (ভাষণ), মলিনা (উপন্যাস), তীর্থ দর্শন (ভ্রমণ কাহিনী), পূণ্য তীর্থ যাত্রী (জীবনী), ন-সোণ সেৰু (চুটি গল্প), নৱ কণ্ঠ হাৰ (প্রবন্ধ)।
ইয়াৰ উপৰি সেৱক দীপক, জয়ন্তী, ডেকা অসম, শান্তিদূত আদি আলোচনী আৰু বাতৰি কাকতত বিভিন্ন প্রবন্ধ লিখিছিল। ১৯৫৭ চনত অসম মহামিলন সংঘৰ তৰফৰ পৰা প্রকাশিত 'মহামিলন' সম্পাদনা কৰিছিল। বাতৰি কাকতত সংবাদ প্ৰেৰণ কৰিছিল। অধুনামৃত দৈনিক বাতৰি কাকত 'নতুন অসমীয়া'ত সংবাদ পৰিৱেশন কৰিছিল। ৰাইজৰ বিভিন্ন সমস্যা, অভাৱ-অভিযোগ আদিৰ বাতৰি পৰিৱেশন কৰা উপেন্দ্ৰ কুমাৰ বৰুৱাই আছিল এই অঞ্চলৰ প্ৰথমজন সাংবাদিক। এই গৰাকী সাংবাদিকে একক প্রচেষ্টাৰে ১৯৪৭ চনত 'দীপ্তি' নামৰ আলোচনী এখন প্রকাশ কৰিছিল।
স্বাধীনতা আন্দোলনত উপেন্দ্ৰ কুমাৰ বৰুৱাই সক্রিয় অংশ গ্রহণ কৰিছিল।
তেওঁ এজন সু বক্তা আছিল। সভা-সমিতিসমূহত কেনেকৈ বক্তৃতা দিব লাগে আৰু শ্ৰোতাক মুগ্ধ কৰিবলৈ কি কি বিষয়ৰ আৱশ্যক সেই বিষয়ে ছাত্র-ছাত্রীসকলক শিকাইছিল। ১৯৪৫ চনৰ অক্টোবৰ মাহত বইটামাৰীত গোৱালপাৰা জিলা ছাত্র সম্মিলনৰ অভ্যর্থনা সমিতিৰ সভাপতি হিচাপে দিয়া বক্তৃতা, বাসুগাঁৱত বড়ো সাহিত্য সভাৰ অধিবেশনত উদ্বোধক হিচাপে দিয়া ভাষণে উপস্থিত শ্রোতাক মুগ্ধ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও ১৯৮৩ চনত বঙাইগাঁৱত অনুষ্ঠিত হোৱা ৫০ সংখ্যক অসম সাহিত্য সভাৰ অধিৱেশনত বিশিষ্ট অতিথি হিচাপে দিয়া ভাষণ আদি উল্লেখযোগ্য।
১৯৫৪ চনত বইটামাৰী শাখা সাহিত্য সভাৰ গঠন হৈছিল আৰু তেখেতে প্রতিষ্ঠাপক সম্পাদক আছিল। তেখেতে পুথিভঁৰাল নির্মাণত অগ্রণী ভূমিকা লৈছিল। আমগুৰী ৰাইজৰ সহায়ত দেশসেৱক পুথিভঁৰাল স্থাপন কৰাৰ উপৰিও শঙ্কৰ কলা লাইব্ৰেৰী (সামূহিক কেন্দ্র) স্থাপন কৰিছিল। বিভিন্ন শিক্ষানুষ্ঠান গঢ়ি তোলাত তেখেতে আগভাগ লৈছিল।
১৯৪৫ চনত গিৰিবালা সিংহক বিয়া কৰি সাংসাৰিক কামৰ উপৰিও নিজকে বিলাই দিছিল এজন সমাজসেৱক এজন সাহিত্যৰ একান্ত সেৱক হিচাপে। দেশে স্বাধীনতা পোৱাৰ পিছত তেখেতে ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ সুযোগ লাভ কৰিছিল যদিও সেয়া প্রত্যাখ্যান কৰি শিক্ষক, সমাজ সেৱা আৰু সাহিত্যিক হিচাপে জীৱন উচৰ্গা কৰিছিল।
এইজনা মনিষীৰ মৃত্যু হৈছিল ১৩৯১ ভাস্কৰাব্দৰ ১১ ফাগুনত।