Lalmati jatiya vidyalaya

Lalmati jatiya vidyalaya An excellent school of Assamese medium for all-round development of your children....
(1)

19/09/2026

জুবিন দিৱসত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে মহান শিল্পী গৰাকীৰ গীতেৰে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে।

19/09/2026

“দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ, আমাক আইতাৰে সাধু, তৰালি সৰা চোতাল; সেইয়াই লাগে আমাক, নালাগে ওলোটা পৃথিৱী—অ’ আমি আমিয়েই চোন।” তেওঁৰ অমৰ সৃষ্টিৰাজিৰে লালমাটি জাতীয় বিদ্যালয় আৰু লালমাটি মডেল ইংলিছ স্কুলৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলে অশ্ৰুসিক্ত নয়নেৰে প্ৰিয় শিল্পীগৰাকীক সুঁৱৰিছে। তেওঁৰ গীত, সুৰ আৰু সৃষ্টিৰ মাজেৰে জুবিন গাৰ্গ আমাৰ হৃদয়ত চিৰদিন জীয়াই থাকিব।

লালমাটি জাতীয় বিদ্যালয় আৰু লালমাটি মডেল ইংলিছ স্কুলৰ প্ৰাংগণত আমাৰ সকলোৰে হিয়াৰ আমঠু, মৰমৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি...
19/09/2026

লালমাটি জাতীয় বিদ্যালয় আৰু লালমাটি মডেল ইংলিছ স্কুলৰ প্ৰাংগণত আমাৰ সকলোৰে হিয়াৰ আমঠু, মৰমৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত অশ্ৰুসিক্ত নয়নেৰে একাজলী মৰম, শ্ৰদ্ধা আৰু আৱেগেৰে জুবিন দিৱস উদযাপন কৰা হয়। তেওঁৰ অমৰ গীত, সুৰ আৰু সৃষ্টিৰাজি স্মৰণ কৰি শিক্ষক-শিক্ষাৰ্থীসকলে গভীৰ শ্ৰদ্ধাৰে তেওঁক সুঁৱৰে। অসমৰ সংগীত জগতৰ এই উজ্জ্বল নক্ষত্ৰগৰাকী আমাৰ হৃদয়ত চিৰদিন জীয়াই থাকক—এই কামনাৰে অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়।

লালমাটি জাতীয় বিদ্যালয় আৰু লালমাটি মডেল ইংলিছ স্কুলৰ প্ৰাংগণত বিশ্ববন্দিত শিল্পী, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবা...
08/09/2026

লালমাটি জাতীয় বিদ্যালয় আৰু লালমাটি মডেল ইংলিছ স্কুলৰ প্ৰাংগণত বিশ্ববন্দিত শিল্পী, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী শ্ৰদ্ধা আৰু উলাহেৰে উদযাপন কৰা হয়। অনুষ্ঠানত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলক তেওঁৰ জীৱন, কৰ্ম আৰু অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে বক্তব্য আগবঢ়োৱাৰ লগতে সুধাকণ্ঠৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰা হয়। তেওঁৰ মানৱতাবাদী আদৰ্শ আৰু সংগীতৰ জৰিয়তে সমাজলৈ আগবঢ়োৱা বাৰ্তা স্মৰণ কৰি সকলোৱে গভীৰ শ্ৰদ্ধা নিবেদন কৰে।

“শিক্ষক হৈছে জ্ঞানৰ পোহৰ বিলাই সমাজক আলোকিত কৰা মহান পথপ্ৰদৰ্শক।”বিগত বৰ্ষৰ দৰে এইবেলিও লালমাটি জাতীয় বিদ্যালয় আৰু লাল...
06/09/2026

“শিক্ষক হৈছে জ্ঞানৰ পোহৰ বিলাই সমাজক আলোকিত কৰা মহান পথপ্ৰদৰ্শক।”
বিগত বৰ্ষৰ দৰে এইবেলিও লালমাটি জাতীয় বিদ্যালয় আৰু লালমাটি মডেল ইংলিছ স্কুলৰ প্ৰাংগণত মহান মনীষী ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে সন্মানীয় শিক্ষকবৃন্দক সম্বৰ্ধনা জ্ঞাপন কৰে।ছাত্ৰ-ছাত্ৰীসকলে গীত, মাত, নৃত্য আৰু অভিনয় পৰিৱেশন কৰি অনুষ্ঠানটো অধিক মনোমোহা কৰি তোলে। শিক্ষকসকলৰ প্ৰতি সন্মান, কৃতজ্ঞতা আৰু শ্ৰদ্ধা প্ৰকাশেৰে দিনটো আনন্দমুখৰ হৈ পৰে।

৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন উপলক্ষে উত্তৰ শালমাৰা, অভয়াপুৰীৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ অধীনস্থ বিদ্যালয়সমূহৰ মাজ...
15/08/2026

৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন উপলক্ষে উত্তৰ শালমাৰা, অভয়াপুৰীৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ অধীনস্থ বিদ্যালয়সমূহৰ মাজত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাত লালমাটি জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী ফাৰহিন আখতাৰে তৃতীয় স্থান লাভ কৰাৰ লগতে ৰচনা লিখন প্ৰতিযোগিতাত লক্ষ্মীনাথ বেজবৰুৱা একাডেমীৰ দশম শ্ৰেণীৰ ছাত্ৰী মাৰিয়ম খাতুনে দ্বিতীয় স্থান লাভ কৰি বিদ্যালয়খন দুখনৰ লগতে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ছাত্ৰী দুগৰাকীৰ এই সাফল্যত আমি গৌৰৱান্বিত। অনাগত দিনবোৰত দুয়োগৰাকী ছাত্ৰীৰে
উজ্জ্বল ভৱিষ্যত আৰু অধিক সফলতা কামনা কৰিলোঁ

২০২৫-২৬ ইং শিক্ষা বৰ্ষৰ জাতীয় বিদ্যালয় ৰাজ্যিক বৃত্তি পৰীক্ষাত আমাৰ বিদ্যালয়ৰ মুঠ ৭ গৰাকী শিক্ষাৰ্থীয়ে কৃতিত্বৰে বৃত...
18/05/2026

২০২৫-২৬ ইং শিক্ষা বৰ্ষৰ জাতীয় বিদ্যালয় ৰাজ্যিক বৃত্তি পৰীক্ষাত আমাৰ বিদ্যালয়ৰ মুঠ ৭ গৰাকী শিক্ষাৰ্থীয়ে কৃতিত্বৰে বৃত্তি লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ আৰু সুনাম কঢ়িয়াই আনিছে। এই সাফল্যই বিদ্যালয় পৰিয়ালক গৌৰৱান্বিত কৰিছে। অনাগত দিনত আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত, অধিক সফলতা আৰু সুন্দৰ জীৱনৰ বাবে বিদ্যালয়ৰ ফালৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।

আটাইলৈকে ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ।যোৱা ১৩/৪/২০২৬ তাৰিখে লালমাটি জাতীয় বিদ্যালয় আৰু লালমাটি মডেল ইংলিছ স্কুলৰ বাক...
14/04/2026

আটাইলৈকে ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ।
যোৱা ১৩/৪/২০২৬ তাৰিখে লালমাটি জাতীয় বিদ্যালয় আৰু লালমাটি মডেল ইংলিছ স্কুলৰ বাকৰিত প্ৰাক ৰঙালী বিহু উদযাপন অনুষ্ঠানটি আনন্দ–উল্লাসৰ মাজেৰে অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু উপস্থিত অতিথিসকলেও তেওঁলোকক উজ্জ্বল ভৱিষ্যতৰ বাবে আশীৰ্বাদ আৰু শুভেচ্ছা জনোৱা হয়।অনুষ্ঠানখনত ছাত্ৰ-ছাত্ৰীসকলে বিহু গীতৰ লগতে বিহু নৃত্য
প্ৰদৰ্শন কৰি সকলোকে আনন্দিত কৰে।
ৰঙালীৰ ৰঙেৰে ৰঙীন এই অনুষ্ঠানটোৱে বিদ্যালয়খনত এক আনন্দময় আৰু উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে।

অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অন্তৰ্গত। কৰ্ম মোৰ সংস্কৃতিৰে অনুপ্ৰাণিত মাতৃভাষা মাধ্যমৰ লগতে উন্নত শৈক্ষিক মানদণ্ডৰে...
14/02/2026

অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অন্তৰ্গত। কৰ্ম মোৰ সংস্কৃতিৰে অনুপ্ৰাণিত মাতৃভাষা মাধ্যমৰ লগতে উন্নত শৈক্ষিক মানদণ্ডৰে শিক্ষা প্ৰদান কৰা লালমাটি জাতীয় বিদ্যালয়ৰ সাফল্যৰ বিংশতিতম বৰ্ষৰ নামভৰ্তি চলি আছে।

31/01/2026

বিদ্যালয়ৰ বাৰ্ষিক খেল-ধেমালীৰ বঁটা বিতৰণী অনুষ্ঠানত ছাত্ৰী ৰিফা ইয়াচমিনৰ নৃত্য আপোনালোকলৈ আগবঢ়ালোঁ।

Address

Vill-Lalmati
Abhayapuri

Telephone

+918876575292

Website

Alerts

Be the first to know and let us send you an email when Lalmati jatiya vidyalaya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category