445 No Pachduar LP School.

445 No Pachduar LP School. School Activity.

বিদ্যালয়ত স্বাধীনতা দিৱস উদ্‌যাপনৰ কিছু দৃশ্যাংশ৷
15/08/2024

বিদ্যালয়ত স্বাধীনতা দিৱস উদ্‌যাপনৰ কিছু দৃশ্যাংশ৷

যোৱাকালি ১২/০৮/২০২৪ ইং তাৰিখে ৪৪৫ নং পাছদুৱাৰ প্ৰাঃ বিদ্যালয়ত চৰকাৰী নিৰ্দেশনা অনুসৰি স্থানীয় শুভাকাংশী ৰাইজ,অভিভাৱকৰ সহ...
13/08/2024

যোৱাকালি ১২/০৮/২০২৪ ইং তাৰিখে ৪৪৫ নং পাছদুৱাৰ প্ৰাঃ বিদ্যালয়ত চৰকাৰী নিৰ্দেশনা অনুসৰি স্থানীয় শুভাকাংশী ৰাইজ,অভিভাৱকৰ সহযোগত এটি “সম্প্ৰীতি ভোজন “ কাৰ্যসূচী পালন কৰা হয়৷লগতে এখনি সজাগতামূলক সভাও অনুষ্ঠিত কৰা হয়৷সভাত উপস্থিত থাকে উত্তৰ শালমাৰা মহকুমাৰ উপ পৰিদৰ্শক মাননীয় শ্ৰীযুত প্ৰবীণ ৰাভাদেৱ,অভয়াপুৰী ১নং কেন্দ্ৰৰ CRCC মাননীয় শ্ৰী যুত অচিন্ত শৰ্মা,অভয়াপুৰী মহাবিদ্যালয়ৰ ”ভূগোল বিভাগৰ মূৰব্বী অধ্যক্ষ মাননীয় শ্ৰী যুত ধৰ্মেন্দ্ৰ দাস ছাৰ , সমাজ সেৱিকা মাননীয়া শ্ৰী জয়শ্ৰী চৌধুৰী,বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী মাননীয়া শ্ৰী মীনা চৌধুৰী লগতে উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ উপদেষ্টা মাননীয় শ্ৰী বিজয় চন্দ্ৰ ভাগৱতী ছাৰ আৰু বিঃ পৰিচালনা সমিতিৰ সভানেত্ৰী মাননীয়া শ্ৰী নমিতা ৰায় মহাশয়া৷ আটাই কেইগৰাকী ব্যক্তিয়ে সভাত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক উদ্দেশ্যি বহুমূলীয়া মন্তব্য ডাঙি ধৰে৷
আজিৰ কাৰ্যসূচীৰ উদ্দেশ্য সফল কৰি মাননীয় শ্ৰীযুত ধৰ্মেন্দ্ৰ দাস ছাৰে ছাত্ৰ-ছাত্ৰী সকলক বুন্দিয়াৰ লাড্ডু খুৱায়,প্ৰাক্তন ছাত্ৰী মীনা চৌধুৰীয়ে ছাত্ৰ-ছাত্ৰী সকলক মধ্যাহ্ন ভোজনত কণী খুৱায় আৰু জয়শ্ৰী চৌধুৰীয়ে কেক খুৱায়৷আমাৰ কাৰ্যসূচী সফল ৰূপায়ন কৰাত আমাক সহযাগ কৰা বাবে প্ৰধান শিক্ষয়িত্ৰী হিচাপে মই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷লগতে সভাত উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বঢ়োৱা বাবে উপ পৰিদৰ্শক মহোদয়োলৈ মোৰ আন্তৰিক ষশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ৷

ভৰতবৰ্ষৰ স্বাধীনতা দিৱস উপলক্ষে “ত্ৰিৰংগা শপত গ্ৰহণ“ আৰু ছাত্ৰ/ছাত্ৰী সকলক লৈ বিদ্যালয় প্ৰাংগণৰ পৰা ৰেলী উলিওৱা হয়৷৪৪৫ ন...
13/08/2024

ভৰতবৰ্ষৰ স্বাধীনতা দিৱস উপলক্ষে “ত্ৰিৰংগা শপত গ্ৰহণ“ আৰু ছাত্ৰ/ছাত্ৰী সকলক লৈ বিদ্যালয় প্ৰাংগণৰ পৰা ৰেলী উলিওৱা হয়৷৪৪৫ নং পাছদুৱাৰ প্ৰাঃ বিদ্যালয় অভয়াপুৰী৷তাৰিখ - ১২/০৮/২০২৪ ইং৷

আজি বিদ্যালয়ত চলি থকা “শিক্ষা সপ্তাহ“ৰ ৬ষ্ঠ দিনৰ কাৰ্যসূচীত Eco- Club ৰ সদস্য/সদস্যা সকলে বিদ্যালয় প্ৰাংগণ চাফাই কাৰ্যসূ...
10/08/2024

আজি বিদ্যালয়ত চলি থকা “শিক্ষা সপ্তাহ“ৰ ৬ষ্ঠ দিনৰ কাৰ্যসূচীত Eco- Club ৰ সদস্য/সদস্যা সকলে বিদ্যালয় প্ৰাংগণ চাফাই কাৰ্যসূচী পালন কৰে৷

03/07/2024
আজি বিদ্যালয়ত “আন্তৰ্জাতিক যোগ দিৱস“ উদ্‌যাপনৰ কিছু দৃশ্যাংশ৷তাৰিখ - ২১/০৬/২০২৪ ইং৷
21/06/2024

আজি বিদ্যালয়ত “আন্তৰ্জাতিক যোগ দিৱস“ উদ্‌যাপনৰ কিছু দৃশ্যাংশ৷তাৰিখ - ২১/০৬/২০২৪ ইং৷

যোৱাকালি ২০/০৬/২০২৪ ইং তাৰিখত বিদ্যালয়ত “ৰাভা দিৱস“ উদ্‌যাপন ৰ দৃশ্যাংশ৷
21/06/2024

যোৱাকালি ২০/০৬/২০২৪ ইং তাৰিখত বিদ্যালয়ত “ৰাভা দিৱস“ উদ্‌যাপন ৰ দৃশ্যাংশ৷

আজি ৪৪৫ নং পাছদুৱাৰ প্ৰাঃ বিদ্যালয়ত “Summer Camp”ৰ অন্তিম দিনৰ কাৰ্যসূচী হিচাপে ছাত্ৰ/ছাত্ৰী আৰু শিক্ষক /শিক্ষয়িত্ৰী সকল...
12/06/2024

আজি ৪৪৫ নং পাছদুৱাৰ প্ৰাঃ বিদ্যালয়ত “Summer Camp”ৰ অন্তিম দিনৰ কাৰ্যসূচী হিচাপে ছাত্ৰ/ছাত্ৰী আৰু শিক্ষক /শিক্ষয়িত্ৰী সকলে সমন্বিত ভাৱে “প্লাষ্টিক বৰ্জন“ৰ শপত গ্ৰহণ কৰা হয় আৰু পেলনীয়া প্লাষ্টিক বুটলি তাক পুনৰ ব্যৱহাৰ সম্পৰ্কে বুজাই দিয়া হয় লগতে বৰষুণৰ পানী সংৰক্ষণ কৰাৰ উপায় আৰু ইয়াক কেনেকৈ আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পাৰি তাক বাস্তৱ ক্ৰিয়া কলাপৰ দ্বাৰা বুজাই দিয়া হয়৷আজি “Summer Camp" ৰ অন্তিম দিনৰ কাৰ্যসূচীত ছাত্ৰ/ছাত্ৰী সকলে গীত,নৃত্য আদি পৰিৱেশন কৰে৷তাৰিখ-১২/০৬/২০২৪ ইং৷

আজি “Summer Camp”  ৰ ষষ্ঠ দিনৰ কাৰ্যসূচী হিচাপে ৪৪৫নং পাছদুৱাৰ প্ৰাঃ বিদ্যালয়ত ছাত্ৰ/ছাত্ৰী সকলৰ মাজত “জীৱন্ত প্ৰাণী হিচ...
11/06/2024

আজি “Summer Camp” ৰ ষষ্ঠ দিনৰ কাৰ্যসূচী হিচাপে ৪৪৫নং পাছদুৱাৰ প্ৰাঃ বিদ্যালয়ত ছাত্ৰ/ছাত্ৰী সকলৰ মাজত “জীৱন্ত প্ৰাণী হিচাপে গছৰ দৃষ্টিভংগী“ ৰ ওপৰত নিৱন্ধ লিখা প্ৰতিযোগিতা অনুস্থিত কৰা হয়৷তাৰিখ - ১১/০৬/২০২৪ ইং৷

আজি বিদ্যালয়ত “Summer Camp”ৰ পঞ্চম দিনৰ কাৰ্যসূচী হিচাপে ছাত্ৰ/ছাত্ৰী সকলৰ মাজত চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ত...
10/06/2024

আজি বিদ্যালয়ত “Summer Camp”ৰ পঞ্চম দিনৰ কাৰ্যসূচী হিচাপে ছাত্ৰ/ছাত্ৰী সকলৰ মাজত চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷তাৰিখ -১০/০৬/২০২৪ ইং৷

আজি  “Summer Camp”ৰ চতুৰ্থ দিনৰ কাৰ্যসূচী হিচাপে ৪৪৫  নং পাছদুৱাৰ প্ৰাঃ বিদ্যালয় চৌহদতমাতৃ গোটৰ সহযোগত গাঁত খান্দি পচন স...
08/06/2024

আজি “Summer Camp”ৰ চতুৰ্থ দিনৰ কাৰ্যসূচী হিচাপে ৪৪৫ নং পাছদুৱাৰ প্ৰাঃ বিদ্যালয় চৌহদতমাতৃ গোটৰ সহযোগত গাঁত খান্দি পচন সাৰ কেনেকৈ প্ৰস্তুত কৰা হয় সেই বিষয়ে ছাত্ৰ/ছাত্ৰী সকলক বুজোৱা হয় আৰু ডাষ্টবিন প্ৰকাৰ আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে ছাত্ৰ /ছাত্ৰী সকলক বুজোৱা হয় লগতে ছাত্ৰ /ছাত্ৰী সকলক ডাষ্টবিন বনোৱা প্ৰশিক্ষণ দিয়া হয়৷তাৰিখ -০৮/০৬/২০২৪ ইং৷

আজি ৪৪৫নং পাছদুৱাৰ প্ৰাঃ বিদ্যালয়ত "Summer Camp"ৰ তৃতীয় দিনৰ কাৰ্যসূচী হিচাপে ই আবৰ্জনা (E waste) কেনেকৈ সৃষ্টি হয় আৰু ই...
07/06/2024

আজি ৪৪৫নং পাছদুৱাৰ প্ৰাঃ বিদ্যালয়ত "Summer Camp"ৰ তৃতীয় দিনৰ কাৰ্যসূচী হিচাপে ই আবৰ্জনা (E waste) কেনেকৈ সৃষ্টি হয় আৰু ই পৰিৱেশ কেনেকৈ প্ৰদূষিত কৰে লগতে আমি ইয়াক কেনেদৰে ব্যৱহাৰ কৰি পৰিৱেশ প্ৰদূষণ ৰক্ষা কৰিব পাৰোঁ তাৰ বিষয়ে বিষদ ভাৱে জ্ঞান দিবলৈ অভয়াপুৰী মহাবিদ্যালয়ৰ ’ভূগোল’ বিষয়ৰ প্ৰবক্তা দুগৰাকী মাননীয় শ্ৰী যুত ধৰ্মেন্দ্ৰ দাস আৰু ডা° শ্ৰী যুত কুলেশ্বৰ সিং মহাশয়ক আমন্ত্ৰণ কৰি অনা হয় আৰু দুয়োগৰাকী বিশিষ্ট বক্তাই ছাত্ৰ/ছাত্ৰী সকলক ই আবৰ্জনাৰ বিষয়ে সুন্দৰকৈ বুজাই দিয়ে ৷দুয়ো গৰাকী অতিথিৰ বহুমূলীয়া ভাষণত ছাত্ৰ/ছাত্ৰী সকলৰ লগতে আমিও বহুত জ্ঞান পালোঁ৷মোৰ আমন্ত্ৰণ ৰক্ষা কৰি আহি তেওঁলোকে আমাৰ ছাত্ৰ/ছাত্ৰী সকলক এইখিনি জ্ঞান প্ৰদান কৰা বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু চিৰ কৃতজ্ঞ হৈ ৰ’লোঁ৷তাৰিখ -০৭/০৬/২০২৪ ইং৷

Address

Abhayapuri Pachduar
Abhayapuri
783384

Telephone

+917086402747

Website

Alerts

Be the first to know and let us send you an email when 445 No Pachduar LP School. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category