21/06/2026
অভিনন্দন জ্ঞাপন কৰিছোঁ পৰাগ।
Informations de contact, plan et itinéraire, formulaire de contact, heures d'ouverture, services, évaluations, photos, vidéos et annonces de অসমীয়া বিভাগ, ঢকুৱাখনা মহাবিদ্যালয়, Site internet éducatif, ঢকুৱাখনা কলেজ্ ৰোড্।, Democratic Republic of the.
🔵 ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ৰ অসমীয়া বিভাগৰ আনুষ্ঠানিক ফেচবুক্ পৃষ্ঠা।
🟢 মূলমন্ত্ৰ : চিৰচেনেহী মোৰ ভাষা জননী (মিত্ৰদেৱ মহন্ত)।
🟠 উদ্দেশ্য : অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ উত্তৰণ সাধিব পৰা এদল নিষ্ঠাবান ছাত্ৰ-ছাত্ৰী গঢ় দিয়া।
21/06/2026
অভিনন্দন জ্ঞাপন কৰিছোঁ পৰাগ।
20/06/2026
সোঁৱৰণিৰ সঁফুৰা, ২০২৬
25/05/2026
অভিনন্দন জ্ঞাপন কৰিছোঁ স্নেহৰ শংকৰ।
20/05/2026
ভাৰতীয় জ্ঞান পৰম্পৰাৰ উদ্যোগত অসমীয়া বিভাগৰ ক্ষেত্ৰ অধ্যয়ন।
18/05/2026
🟢 ভৱিষ্য শুভাশা অনুষ্ঠান, ২০২৬
🟡 আয়োজক: অসমীয়া বিভাগ, ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)
🔵 তাৰিখ: ১৮ মে', ২০২৬ (সোমবাৰ)
🔶 অনুষ্ঠানৰ ধৰণ: বিদায় সভা
🔷 বিদায়ী শিক্ষার্থীসকল: স্নাতক ষষ্ঠ ষাণ্মাসিক (২০২৩-২৬ বৰ্ষ), মুঠ ২৪ গৰাকী ছাত্ৰ-ছাত্ৰী
আজি ইংৰাজী ১৮ মে', সোমবাৰে ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অসমীয়া বিভাগৰ উদ্যোগত 'ভৱিষ্য শুভাশা' শীৰ্ষক বিদায় অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত স্নাতক ষষ্ঠ ষাণ্মাসিক (২০২৩-২৬ বৰ্ষ)ৰ মুঠ ২৪ গৰাকী বিদায়ী শিক্ষার্থীকে শুভেচ্ছা জনোৱা হয়।অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী শ্ৰদ্ধেয় জুবিন গাৰ্গদেৱৰ স্মৰণত বন্তি প্ৰজ্বলন কৰাৰ পাছতে স্নাতক দ্বিতীয় আৰু চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ নাওখেলৰ গীত পৰিৱেশন কৰে। সভাৰ সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা অসমীয়া বিভাগৰ জ্যেষ্ঠ সহযোগী অধ্যাপক শ্ৰী চিত্ৰ কুমাৰ কোঁচদেৱে।
অনুপ্ৰেৰণাদায়ক বক্তব্য প্ৰদানেৰে সভাত উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰদ্ধাৰ ডক্টৰ যোগানন্দ সূত ডাঙৰীয়া। স্নাতক দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী শ্ৰীমতী শ্যামলিকা সাৰথিয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। ইয়াৰ পাছতেই ষষ্ঠ ষাণ্মাসিকৰ বিদায়ী শিক্ষার্থীসকলক বিভাগৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। তেওঁলোকেও বিভাগৰ প্ৰতি নিজৰ অভিজ্ঞতা, অনুভৱ আৰু কৃতজ্ঞতা ব্যক্ত কৰে। বিভাগীয় শিক্ষক তথা সহকাৰী অধ্যাপক শ্ৰীযুত নিৰঞ্জন দাস আৰু শ্ৰীযুক্তা গীতাৰ্থী বৰগোহাঁই, বিভাগীয় প্ৰধান ডক্টৰ বিভা ৰাণী দাস আৰু সহকাৰী অধ্যাপক শ্ৰী মনোৰঞ্জন বৰদলৈয়েও বিদায়ী শিক্ষার্থীসকলৰ উদ্দেশ্যে আন্তৰিক বক্তব্য আগবঢ়ায়। তদুপৰি অগ্ৰজ-অনুজ শিক্ষার্থীসকলৰ একাষাৰত স্নাতকোত্তৰ শ্ৰেণীৰ শ্ৰীমান নিলোৎপল গগৈ, স্নাতক চতুৰ্থ ষাণ্মাসিকৰ শ্ৰীমান পৰাগজ্যোতি দাস আৰু স্নাতক দ্বিতীয় ষাণ্মাসিকৰ সংহত শিক্ষক শিক্ষণ পাঠ্যক্ৰমৰ শ্ৰীমতী জ্ঞানশ্ৰী কোঁচে বিদায়ীসকললৈ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰে। সভাৰ শেষত সভাপতি মহোদয়ৰ মন্তব্যৰ জৰিয়তে অনুষ্ঠানৰ সামৰণি ঘোষণা কৰা হয়।
08/05/2026
বিভাগৰ সহযোগিতাত আভ্যন্তৰীণ মান নিৰূপণ কোষৰ অনুষ্ঠান।
08/05/2026
বিভাগৰ সহযোগিতাত উদ্যমিতা বিকাশ কোষৰ অনুষ্ঠান।
30/04/2026
⚪ স্নাতক আৰু সংহত শিক্ষক শিক্ষণ পাঠ্যক্ৰমৰ নামভৰ্তিৰ জাননী
ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অসমীয়া বিভাগৰ চাৰিবছৰীয়া স্নাতক আৰু সংহত শিক্ষক শিক্ষণ পাঠ্যক্ৰম তথা স্নাতকোত্তৰ পাঠ্যক্ৰমলৈ ভাষা-সাহিত্যপ্ৰেমী ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনাইছোঁ।
স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে।
📢SAMARTH পৰ্টেলৰ তলত দিয়া লিংকটোত ক্লিক কৰক https://assamadmission.samarth.ac.in/
26/04/2026
⚪ অনুষ্ঠানৰ নাম: বিশ্ব বৌদ্ধিক সম্পত্তি দিৱস
⚪ বক্তৃতাৰ বিষয়: Turning Ideas into Assets: Understanding Intellectual Property Rights
⚪ আয়োজক: আভ্যন্তৰীণ মান নিৰূপণ কোষ, ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)
⚪ সহযোগী : অসমীয়া আৰু ৰসায়ন বিজ্ঞান বিভাগ
⚪ তাৰিখ: ২৬ এপ্ৰিল, ২০২৬
⚪ সমলব্যক্তি: ডক্টৰ শিবু দাস, সহকাৰী অধ্যাপক, বাণিজ্য বিভাগ, বিহপুৰীয়া মহাবিদ্যালয়
ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত আৰু অসমীয়া তথা ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগত আজি ২৬ এপ্ৰিল তাৰিখে 'বিশ্ব বৌদ্ধিক সম্পত্তি দিৱস' উপলক্ষে এক বিশেষ অনলাইন্ বক্তৃতা অনুষ্ঠান সফলতাৰে সম্পন্ন হৈ যায়। অনুষ্ঠানৰ আৰম্ভণিতে আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ যোগানন্দ সূত মহোদয়ে। ইয়াৰ পাছতে 'Turning Ideas into Assets: Understanding Intellectual Property Rights' শীৰ্ষক মূল বিষয়ত সমলব্যক্তি হিচাবে মননশীল আৰু তথ্যগধুৰ বক্তৃতা আগবঢ়ায় ডক্টৰ শিবু দাসদেৱে। তেখেতৰ বক্তৃতাই নিজৰ সৃষ্টিশীল চিন্তাক কেনেকৈ আইনী সুৰক্ষা প্ৰদান কৰি সম্পদ হিচাপে গঢ়ি তুলিব পাৰি সেই সন্দৰ্ভত উপস্থিত শিক্ষাৰ্থীসকলক যথেষ্ট অনুপ্ৰাণিত কৰে। গুগল্ মিটৰ জৰিয়তে আয়োজিত এই অনুষ্ঠানটিত মুঠ শতাধিক ছাত্ৰ-ছাত্ৰী তথা শিক্ষকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। অনুষ্ঠানটিত সঞ্চালক হিচাপে উপস্থিত থাকে আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ডক্টৰ পাৰ্থপ্ৰতীম বৰঠাকুৰ আৰু শেষত শলাগ জ্ঞাপন কৰে কোষৰ সহকাৰী সমন্বয়ক তথা অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক শ্ৰী মনোৰঞ্জন বৰদলৈয়ে।
20/04/2026
⚪ দলীয় আলোচনা
⚪ আধুনিক অসমীয়া সাহিত্য, স্নাতক দ্বিতীয় ষাণ্মাসিক
⚪ তাৰিখ: ২০/০৪/২০২৬
আজি ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অসমীয়া বিভাগৰ স্নাতক দ্বিতীয় ষাণ্মাসিকৰ শিক্ষাৰ্থীসকলৰ মাজত এক দলীয় আলোচনা অনুষ্ঠিত হৈ যায়। ASSMJ201 সূচাংকৰ সন্মান পাঠ্যক্ৰমৰ অংশ হিচাপে আয়োজিত এই আলোচনাৰ মূল বিষয় আছিল 'আধুনিক অসমীয়া সাহিত্য'। শিক্ষাৰ্থীসকলে এই আলোচনাত অংশগ্ৰহণ কৰি অসমীয়া সাহিত্যৰ আধুনিক গতিধাৰাৰ বিভিন্ন উপবিষয়ত আলোকপাত কৰে। এনে বৌদ্ধিক চৰ্চাই ছাত্ৰ-ছাত্ৰীসকলৰ বিষয়ভিত্তিক জ্ঞান বৃদ্ধিৰ লগতে তেওঁলোকৰ উপস্থাপন-কথনশৈলী আৰু বিশ্লেষণাত্মক দক্ষতা বিকাশত সহায় কৰিব বুলি আমি আশাবাদী।
📣শ্ৰেষ্ঠ দল : শ্ৰীমতী লখিমী দত্তৰ দল (জোনাকী যুগৰ সাহিত্যৰ বৈশিষ্ট্য)
📣 শ্ৰেষ্ঠ বক্তা : শ্ৰীমতী শিখামণি কোঁৱৰ (আবাহন যুগৰ চুটিগল্পৰ বৈশিষ্ট্য)