My network

My network

Partager

Informations de contact, plan et itinéraire, formulaire de contact, heures d'ouverture, services, évaluations, photos, vidéos et annonces de My network, Democratic Republic of the.

Mobile uploads 03/01/2026
26/12/2025

কোনে কাক জনাব বিদায়

বুকুৰ পৰা বুকুলৈ
সিৰাৰ পৰা সিৰালৈ
প্ৰবাহিত এক ধাৰা,
প্ৰজন্মৰ পৰা প্ৰজন্মলৈ
অৱধাৰিত গতি,
তোৰ পৰা মোলৈ
মোৰ পৰা তোলৈ
শৃংখলিত এক নীতি,
কোনে কাক জনাব বিদায়?
কাপোৰ পুৰণি
বৰ পেৰাৰ তলত,
মলিয়ণ বাচন পখালি
পাভটি ওপৰত,
পুৰণি মনবোৰ হৃদয়ৰ চুকত,
মাথো সজীৱ স্মৃতি বোৰ
কোঠালিৰ দেৱাল লিখন।
কোনে কাক বিদায় জনাব?
মোৰ পৰা তোলৈ
তোৰ পৰা মোলৈ
সকলোবোৰ লিখি থ'ম
স্মৃতিৰ এখিলা সেউজীয়া পাতত।।

27/11/2025

Something Something

Photos from My network's post 15/11/2025

শিশু দিৱস উদযাপন 2025
ত্ৰিবেনী মইনা পাৰিজাত

13/11/2025

জীয়া শব্দৰ খেলা
দীপক হাজৰিকা,খাৰৈপৰীয়া

কথা বোৰ লাহে লাহে শব্দ হ'ল
বৰষুণৰ টোপালৰ শব্দ ,
পাহাৰৰ জুৰিৰ অষ্টবাগী শব্দ,
নদীৰ সোঁতৰ অনুভৱি তৰংগৰ শব্দ,
যেন উতি -ভাহি গুছি গ'ল মহা সমুদ্ৰত।
শব্দত জিলিকা বালিচন্দা,
শব্দত জাগি থকা মণি মুকুতা,
শব্দত বিচাৰি ফুৰা শংখ মণি মালা
প্ৰবাহ মান শব্দৰ গতিত
আজি মাথো জগৰীয়া
সাগৰ....
সাগৰ আৰু সাগৰ।
জোৱাৰৰ শব্দবোৰ কোনে শুনা নাছিল?
সাগৰৰ গভীৰতা ,বিশালতা
ইত্যাদি ইত্যাদি.. .. (!)
শব্দবোৰ উৰি গ'ল
শব্দবোৰ উতি গ'ল
নদীৰ মোহনাহে জুলুকিত সোমাল
অপৰূপা ৰূপহী খলিহা;
অযুত ভঙা হৃদয়ৰ শব্দই
খেলি থাকক জীয়া শব্দৰ থেলা।।

03/11/2024
Photos from My network's post 29/10/2024

শ্ৰদ্ধাৰ প্ৰতুল বৰুৱা দেৱে বিদ্যালয়ত স্বাস্থ্য বিষয়ক এখনি সজাগতা সভাত অংশগ্রহণ কৰে। তেখেতৰ বহুমুলীয়া পৰামৰ্শ ছাত্র ছাত্রীৰ বাবে প্ৰয়োজনীয়।

29/10/2024
Photos from My network's post 07/09/2024

বিদ্যালয়ৰ গৌৰৱ, শ্রীযুত পৰাণ দত্ত দেৱে গহপুৰ মহকুমা কৃৰ্তি শিক্ষক বঁটা আৰু শ্ৰীযুত ৰামচন্দ্ৰ অধিকাৰী দেৱে অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ পৰা শিক্ষা ৰত্ন সম্মান কঢ়িয়াই আনে। আমি শিক্ষক সকল এই খৱৰ অংশিদাৰ হৈ সচাঁকৈ আনন্দিত।

Vous voulez que votre école soit école la plus cotée à Democratic Republic of the ?

Cliquez ici pour réclamer votre Listage Commercial.

Site Web

Adresse


Democratic Republic Of The