Duliajan Girls' College activities

Duliajan Girls' College activities This page is dedicated to the activities of Duliajan Girls College.

এই পে'জটোত দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ কাম-কাজ সমূহ ধৰি ৰাখিবলৈ প্ৰয়াস কৰা হ'ব।

✍️"দুলীয়াজান ছোৱালী মহাবিদ্যালয়ত  NSS Unit -ৰ সপ্তাহজোৰা শিৱিৰৰ সফল সামৰণি"।২০ জুনৰপৰা ২৬ জুন,২০২৬ লৈকে দুলীয়াজান ছোৱ...
27/06/2026

✍️"দুলীয়াজান ছোৱালী মহাবিদ্যালয়ত NSS Unit -ৰ সপ্তাহজোৰা শিৱিৰৰ সফল সামৰণি"।

২০ জুনৰপৰা ২৬ জুন,২০২৬ লৈকে দুলীয়াজান ছোৱালী মহাবিদ্যালয়ত,মহাবিদ্যালয়ৰ NSS Unit ৰ উদ্যোগত ৭ দিনীয়া এক বিশেষ NSS শিৱিৰ অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ মুৰব্বী, সহকাৰী অধ্যাপক তথা NSS Unit টোৰ তত্বাৱধায়ক শ্ৰীযুত অমৃত চন্দ্ৰ কলিতাৰ তত্বাৱধানত মহাবিদ্যালয়ৰ ৩০ গৰাকী ছাত্ৰীয়ে এই শিৱিৰত ভলানটীয়াৰ হিচাপে অংশগ্ৰহণ কৰে।এই সাতোটা দিনতে তেওঁলোকে NSS ৰ মূলমন্ত্ৰ "NOT ME BUT YOU" ক লক্ষ্য হিচাপে লৈ বিভিন্ন কাৰ্যসূচী সম্পাদন কৰে। তেওঁলোকৰ কাৰ্যসূচীয়ে সামৰি লোৱা কামসমূহৰ ভিতৰত আছিল মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰভাগ পৰিস্কাৰ-পৰিচ্ছন্ন কৰাৰ লগতে দাতিকাষৰীয়া বাট-পথৰো পৰিস্কৰণ। তেওঁলোকে দাতিকাষৰীয়া কেইবাখনো বিদ্যালয় আৰু সামাজিক অনুষ্ঠানৰ চৌহদত বৃক্ষৰোপনো কৰে। তদুপৰি, ভিতৰুৱা কেতবোৰ অঞ্চলৰ মানুহৰ ঘৰে ঘৰে গৈ প্ৰয়োজনীয় সজাগতামূলক বাৰ্তা প্ৰদান কৰি কিছুমান সমস্যা কেনেকৈ দূৰ কৰিব পাৰি তাৰো পথ দেখুৱায়। শিৱিৰত NSS ভলানটীয়াৰ হিচাপে অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ছাত্ৰীয়েই খুব সক্ৰিয়ভাৱে কেউটা দিন তেওঁলোকৰ কৰ্ম সম্পাদন কৰে। তত্বাৱধায়ক শ্ৰীযুত অমৃত চন্দ্ৰ কলিতাৰ লগতে এই কেউটা দিনতে ছাত্ৰীসকলৰ লগতে থাকি তেওঁলোকক উৎসাহ আৰু প্ৰেৰণা যোগায় মহাবিদ্যালয়ৰ অন্য দুজন সহকাৰী অধ্যাপক শ্ৰীযুত পঙ্কজ ৰাজগুৰু আৰু শ্ৰীযুত প্ৰশান্ত গগৈয়ে।
২০ জুনত আৰম্ভ হোৱা শিবিৰটোৰ আৰম্ভণী অনুষ্ঠানত উপস্থিত থাকি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ উৎপল সূতে একোখন মহাবিদ্যালয়ত NSS Unit একোটাৰ গুৰুত্ব যে বহুত বেছি,সেই সম্পৰ্কত তেওঁৰ মনৰ ভাৱ আৰু আগতে লাভ কৰা তেওঁৰ অভিজ্ঞতা ব্যক্ত কৰে।সামৰণি অনুষ্ঠানটোত তেওঁ শিবিৰটোৰ সফল সমাপ্তিত সকলোলৈকে অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰে। তেওঁ NSS ভলানটীয়াৰসকলৰ লগতে মহাবিদ্যালয়ৰ সকলো ছাত্ৰীকে পঢ়া-শুনাৰ লগতে সময়ানুৱৰ্তীতা, নিয়মানুৱৰ্তিতা আৰু শৃংখলাবদ্ধতা অটুত ৰাখি কেৱল নিজৰ বাবেই নহয়,সমাজৰ বাবেও কাম কৰি যাবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে আহ্বান জনায়।
২৬ জুন তাৰিখটো যিহেতোকে "International Day against Drug Abuse and Illicit Trafficking" হিচাপে উদযাপন কৰা হয়, সেয়েহে,দিনটোৰ সৈতে সংগতি ৰাখি অধ্যক্ষ মহোদয়ে ছাত্ৰীসকলক এই বেয়া অভ্যাস আৰু বেয়া আচৰণবোৰ পৰিহাৰ কৰি চলিবলৈ পৰামৰ্শ আগবঢ়ায়। অনুষ্ঠানটোৰ শেষত শিৱিৰত অংশগ্ৰহণ কৰা সকলো ছাত্ৰীকে একোখনকৈ মানপত্ৰ বিতৰণ কৰাৰ লগতে দুগৰাকী শ্ৰেষ্ঠ ভলানটীয়াৰ বিচাৰি উলিয়াই তেওঁলোকক শ্ৰেষ্ঠতাৰ মানপত্ৰ প্ৰদান কৰা হয়।

25/06/2026

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সৈতে সংগতি ৰাখি ২৪ জুন, বুধবাৰে,দুলীয়াজান ছোৱালী মহাবিদ্যালয়ত এটি পৰিবেশ সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়। অসম প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ সৌজন্যত তথা চেণ্টাৰ ফৰ কালচাৰেল ইন্টিগ্ৰেচনৰ উদ্যোগত অনুষ্ঠিত 'এখন নিৰ্মল পৃথিৱীৰ বাবে' শীর্ষক অনুষ্ঠানটোৰ সামগ্রিক পৰিকল্পনা-চিত্রনাট্য-নেপথ্য কণ্ঠ আছিল বিশিষ্ট শিল্পী সদানন্দ গগৈৰ। নিমি কাশ্যপৰ কৰিঅ'গ্ৰাফীত অনুষ্ঠিত গীতি-নৃত্য নাটিকাত এনিশা শর্মা, ভৱেশ দাস, ৰূপজ্যোতি দাস, ৰিয়া খাউণ্ড, বিউটী সোনোৱাল, জ্যোতিষ্মান কাশ্যপ আদিয়ে অভিনয় কৰে। সমগ্র অনুষ্ঠানটোৰ চিন্তাৰ মূল ব্যক্তি জনপ্রিয় শিল্পী সদানন্দ গগৈয়ে তেওঁৰ বক্তব্যত সুধাকণ্ঠৰ সান্নিধ্য লাভৰ স্মৰণীয় কিছু মুহূৰ্তৰ কথা সকলোকে অৱগত কৰে। অনুষ্ঠানটোৰ আৰম্ভণিতে দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° উৎপল সূতে অনুষ্ঠানটোৰ সৈতে জড়িত সকলোকে মহাবিদ্যালয়ৰ তৰফৰ পৰা সম্ভাষণ জনায় আৰু একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। চেণ্টাৰ ফৰ কালচাৰেল ইন্টিগ্ৰেচনৰ এই যাত্ৰাৰ ৩২ সংখ্যক অনুষ্ঠানটোত সহযোগিতা আগবঢ়াবলৈ পাই দুলীয়াজান ছোৱালী মহাবিদ্যালয় সুখী বুলি কয় অধ্যক্ষগৰাকীয়ে। অইল ইণ্ডিয়া লিমিটেডৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত অনুষ্ঠানটোত মহাবিদ্যালয়ৰ বহুসংখ্যক শিক্ষার্থী-শিক্ষাগুৰুৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

আজি ইংৰাজী ২৪ জুন, বুধবাৰে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সৌজন্যত আৰু অইল ইণ্ডিয়া লিমিটেডৰ পৃষ্ঠপোষকতাত সুধাকণ্ঠ ড০ ভূপে...
24/06/2026

আজি ইংৰাজী ২৪ জুন, বুধবাৰে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সৌজন্যত আৰু অইল ইণ্ডিয়া লিমিটেডৰ পৃষ্ঠপোষকতাত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক মনোগ্ৰাহী অনুষ্ঠান আয়োজিত হয়।এই অনুষ্ঠানৰ মূখ্য আকৰ্ষণ আছিল "চেণ্টাৰ ফৰ কালচাৰেল ইণ্টিগ্ৰেচনে নিৱেদন কৰা সাংস্কৃতিক অনুষ্ঠান"এখন নিৰ্মল পৃথিৱীৰ বাবে"।এই অনুষ্ঠানটোত অসমৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ কৰি এখন গীতি নৃত্য-নাটিকাৰ জড়িয়তে পৰিৱেশ প্ৰদূষণৰ সম্পৰ্কত সজাগতা সৃষ্টিৰ এক পদক্ষেপ গ্ৰহণ কৰে।

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি দুলীয়াজান ছোৱালী মহাবিদ্যালয়তো "আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস" উদযাপন কৰা হয়।
21/06/2026

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি দুলীয়াজান ছোৱালী মহাবিদ্যালয়তো "আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস" উদযাপন কৰা হয়।

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু তিথিত তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিৱেদন কৰি আজি সমগ্ৰ অসমৰ লগতে দুলীয়াজান ছোৱা...
20/06/2026

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু তিথিত তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিৱেদন কৰি আজি সমগ্ৰ অসমৰ লগতে দুলীয়াজান ছোৱালী মহাবিদ্যালয়তো দিৱসটো উদযাপন কৰা হয়।

✍️দুলীয়াজান ছোৱালী মহাবিদ্যালয়ত "গ্ৰন্থ অধ্যয়ন দিৱস"আৰু "গ্ৰন্থ অধ্যয়ন সপ্তাহ" উদযাপন।আজি "ৰাষ্ট্ৰীয় গ্ৰন্থ অধ্যয়ন...
19/06/2026

✍️দুলীয়াজান ছোৱালী মহাবিদ্যালয়ত "গ্ৰন্থ অধ্যয়ন দিৱস"আৰু "গ্ৰন্থ অধ্যয়ন সপ্তাহ" উদযাপন।

আজি "ৰাষ্ট্ৰীয় গ্ৰন্থ অধ্যয়ন দিৱস"।প্ৰতি বছৰে ১৯ জুন দিনটো কেৰেলাৰ গ্ৰন্থাগাৰ আন্দোলনৰ পিতৃ পুৰুষ হিচাপে খ্যাত প্ৰজ্ঞাশীল মনিষী পুথুভায়িল নাৰায়ণ পানিক্কৰৰ মৃত্যু দিৱসৰ দিনা সমগ্ৰ দেশে উদযাপন কৰি আহিছে।

দুলীয়াজান ছোৱালী মহাবিদ্যালয়তো আজি ১৯ জুন,২০২৬ শুকুৰবাৰে ৰাষ্ট্ৰীয় "গ্ৰন্থ অধ্যয়ন দিৱস" উদযাপন কৰা হয়। মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ দ্বাৰা আয়োজিত অনুষ্ঠানটোত সন্মানীয় অধ্যক্ষ ড০ উৎপল সূতকে প্ৰমূখ্য কৰি যথেষ্টসংখ্যক শিক্ষাগুৰু আৰু শিক্ষাৰ্থী উপস্থিত থাকে। অনুষ্ঠানটোৰ আঁত ধৰাৰ লগতে দিনটোৰ বিশেষত্ব সম্পৰ্কত মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ৰাজুৰাণী শইকীয়াই উপস্থিত সকলোকে অৱগত কৰে। তেওঁ কেৰেলাৰ প্ৰজ্ঞাশীল মনিষী পুথুভায়িল নাৰায়ণ পাণিক্কৰ(পি.এন.পানিক্কৰ)ৰ জীৱনৰ ওপৰত চমু আলোকপাত কৰাৰ লগতে দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ হৈ তেওঁৰ মৃত্যু তিথিত সমগ্ৰ ভাৰতবৰ্ষই উদযাপন কৰা এই বিশেষ দিনটোত পুৰুধা ব্যক্তিজনালৈ গভীৰ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে।লগতে তেওঁ ছাত্ৰীসখলক গ্ৰন্থ অধ্যয়নৰ উপকাৰীতা তথা প্ৰয়োজনীয়তা সম্পৰ্কেও অৱগত কৰে। আজিৰ অনুষ্ঠানতে গ্ৰন্থ সপ্তাহৰ সৈতে সংগতি ৰাখি ১৯ জুনৰপৰা ২৫ জুনলৈ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ তৰফৰপৰা মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন সাহিত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয়।

দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ উদ্যোগত আৰু স্বৰ্গীয় নাৰায়ণ মহন্তদেৱৰ পৰিয়ালবৰ্গৰ সহযোগত আজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃ...
23/05/2026

দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ উদ্যোগত আৰু স্বৰ্গীয় নাৰায়ণ মহন্তদেৱৰ পৰিয়ালবৰ্গৰ সহযোগত আজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত "বৈষ্ণৱ সাহিত্যৰ গতিধাৰা" শীৰ্ষক বিষয়ত এক আলোচনাচক্ৰ অনুষ্ঠিত হয়।এই আলোচনাচক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড০ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক ড০ মৃণাল কুমাৰ বৰুৱা।সভাখনৰ আৰম্ভণিতে আঁত ধৰি অনুষ্ঠানটো আগবঢ়াই নিয়ে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক মৃদু জ্যোতি কলিতাই। দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত ভূপেন শইকীয়া ছাৰে সঞ্চালনা কৰা সভাখনত আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ড০ উৎপল সূত মহোদয়ে।সভাৰ প্ৰাৰম্ভতে এগছি মঙ্গলময় বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষা ড০ লখিমী ফুকন মহোদয়াই।তাৰ পাছতে এটি বৰগীত পৰিবেশন কৰে মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক তথা সামূহিক বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড০ গীতিমা দত্তই।নিৰ্দিষ্ট বক্তাৰ সন্মোহনী ভাষণে আজি সভাত উপস্থিত থকা সকলোকে বহুপৰিমাণে উপকৃত কৰে।মঞ্চত আসন অলংকৃত কৰা সন্মানীয় ব্যক্তিসকলেও নাৰায়ণ মহন্তদেৱৰ জীৱনৰ ওপৰত আলোকপাত কৰি তেওঁলোকৰ অনুভৱ ব্যক্ত কৰে। মহন্তদেৱৰ পৰিয়ালৰ তৰফৰপৰা তেওঁৰ পুত্ৰ আৰু বোৱাৰীয়েও কৃতজ্ঞতাৰে পিতৃৰ স্মৃতিচাৰণ কৰাৰ লগতে এনে এটি অনুষ্ঠান আয়োজন কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ আন্তৰিক শলাগ লয়।সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড০ যশস্যা বৰাই।

23/05/2026

আজি দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ উদ্যোগত আৰু স্বৰ্গীয় নাৰায়ণ মহন্তদেৱৰ পৰিয়ালবৰ্গৰ সহযোগত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত স্বৰ্গীয় নাৰায়ণ মহন্ত স্মাৰক প্ৰথম বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়।"বৈষ্ণৱ সাহিত্যৰ গতিধাৰা"সম্পৰ্কত আলোচনাৰ মূল আলোচক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড০ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক ড০ মৃণাল কুমাৰ বৰুৱাৰ মনোকৰ্ষক আলোচনাই উপস্থিত সকলোকে বহুপৰিমাণে উপকৃত কৰে।

#23/05/2026

দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগৰ উদ্যোগত ১৮ আৰু ১৯ মে',২০২৬ (সোমবাৰ আৰু মঙলবাৰে) দুদিনীয়াকৈ "Academic Wr...
19/05/2026

দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগৰ উদ্যোগত ১৮ আৰু ১৯ মে',২০২৬ (সোমবাৰ আৰু মঙলবাৰে) দুদিনীয়াকৈ "Academic Writing and Publication" শীৰ্ষক এখন কৰ্মশালাৰ আয়োজন কৰা হয়।এই কৰ্মশালাৰ তিনিটা চেছনত তিনিজন অভিজ্ঞ সমল ব্যক্তিয়ে নিৰ্দিষ্ট তিনিটা বিষয়ত আলোচনা আগবঢ়াই অংশগ্ৰহণকাৰীসকলক বহুলভাৱে উপকৃত কৰে। উল্লেখযোগ্য যে ১৮ মে' ৰ দুটা চেছন মহাবিদ্যালয়ৰ ডিজিটেল শ্ৰেণীকোঠাত অনুষ্ঠিত হোৱাৰ পৰিবৰ্তে ১৯ তাৰিখৰ আলোচনা অনলাইন প্লেটফৰ্মত অনুষ্ঠিত হয়। সামৰণি অনুষ্ঠানত দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ড০ উৎপল সূতে অংশগ্ৰহণকাৰীসকলক মানপত্ৰ বিতৰণ কৰে।

16/05/2026

Three Day's Workshop on Creative Expressions, organized by - IQAC, Duliajan Girls' College.

Address

Bam Hukuta,Duliajan
Duliajan

Website

Alerts

Be the first to know and let us send you an email when Duliajan Girls' College activities posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share