12/04/2026
জননেতা হেমন্ত কুমাৰ ডেকা সোঁৱৰণী ন্যাসৰ উদ্যোগত আৰু পুত্ৰ কিশোৰী নন্দন ডেকাৰ সৌজন্যত বুঢ়া, বৰবড়ী , বৰপথাৰ, ভেৰৱা আদি বিভিন্ন অঞ্চলত স্থানীয় ৰাইজৰ সহযোগত কালি ইং ১১/০৪/২০২৬ তাৰিখ শনিবাৰে জননেতা হেমন্ত কুমাৰ ডেকা দেৱৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে গছপুলি ৰোপণ কৰে। পঞ্চায়তী ৰাজ ব্যৱস্থাৰ দৰং জিলা পৰিষদৰ দুনী- দিপীলা জিলা পৰিষদ সমষ্টিৰ সদস্য ৰূপে তৃতীয় বাৰৰ বাবে প্ৰতিনিধিত্ব কৰাৰ সময়ত হেমন্ত কুমাৰ ডেকাই বিভিন্ন স্থানত উন্নয়ন মূলক কাম কৰিছিল। ইয়াৰ উদাহৰণ স্বৰূপে বৰবড়ী চ'কৰ ২৫ লাখ টকীয়া বজাৰ গৃহ, ভেৰুৱাত ৮ লাখ টকীয়া ৰাজহুৱা প্ৰেক্ষাগৃহ, ৩ লাখ ৮৫ হাজাৰ টকীয়া গভৰা নাথ চুবুৰীৰ ৰাজহুৱা স্থানৰ চৌহদৰ বেৰ,বুঢ়া প্ৰাথমিক বিদ্যালয়ৰ ১ লাখ টকা ব্যয়ৰে মূল তোৰণ নিৰ্মাণ, শ্ৰী শ্ৰী পদ্মাথান দেৱালয়ৰ পকী চৌহদ বেৰ নিৰ্মাণ ইত্যাদি। এই ঠাই সমূহত ৰাইজে কালি খুব সুন্দৰ ভাৱে তেওঁৰ জন্মদিনটো উদযাপন কৰে। লগতে অনাগত ভৱিষ্যতত তেখেতৰ নামত নিৰ্মাণ এন্যাসৰ সকলো সমাজ কল্যাণমুখী কাম কাজত ৰাইজে সহযোগ কৰিব বুলি জানিব দিয়ে।
10/04/2026
18/02/2026
04/01/2026