আজিৰ পৰা বিদ্যালয় সম্বন্ধীয় আপদেট অন্য এটি পেজত দিয়া হ’ব৷
Laharighat L.P. School, লাহৰিঘাট প্ৰা。বিদ্যালয়৷৷
Government Lower Primary School. Children of age 5-10 can read from Ka Shreni/Kanan to class 5 here.
২০২৪-২৫ বৰ্ষৰ উদগনিমূলক সোঁৱৰণী বঁটা গ্ৰহণৰ সময়ত ছাত্ৰ-ছাত্ৰীসকল৷ প্ৰথম পুৰস্কাৰপ্ৰাপ্ত জিয়াদ আকিবৰ ভাষণত উপস্থিত সদাশয় ৰাইজ মন্ত্ৰমুগ্ধ হৈ পৰে৷
#প্ৰতিষ্ঠা_দিৱস
তৃতীয়,চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ দলীয় নৃত্য প্ৰদৰ্শন৷
#প্ৰতিষ্ঠা_দিৱস
দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ‘স্কুল চলে হম’ শীৰ্ষক গীতটিত নৃত্য পৰিৱেশ৷
#প্ৰতিষ্ঠা_দিৱস
16/11/2024
ৰং বিৰঙৰ সাজ সজ্জা আৰু গীত মাত পৰিৱেশনত বিদ্যালয়ৰ কণমানি ছাত্ৰ-ছাত্ৰীসকল৷
#প্ৰতিষ্ঠা_দিৱস
16/11/2024
‘বন্ধু বিদ্যালয়’ আৰু ’সমাজৰ উৎসৱ’ উপলক্ষে আয়োজন কৰা ৰচনা, চিত্ৰাংকন, উঠা-বহা প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদানৰত অৱস্থাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বাহাৰুল ইছলাম আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতেন্দ্ৰ সিং ডাঙৰীয়া৷
#প্ৰতিষ্ঠা_দিৱস
16/11/2024
বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষক শিক্ষয়িত্ৰী বৃন্দ৷
#প্ৰতিষ্ঠা_দিৱস
16/11/2024
ন ৰূপত সাজি উলিওৱা বিদ্যালয়ৰ প্ৰেক্ষাগৃহ উদ্বোধন কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি নেকিবুল হ’ক ডাঙৰীয়াই৷ এই গৃহটিত সংযোগ কৰা হয় বিদ্যাঞ্জলি অভিযানৰ অধীনত গুৱাহাটী নিবাসী শ্ৰদ্ধাৰ জেষ্ঠ্য শিক্ষয়িত্ৰী অনিমা কলিতা বাইদেৱে দান কৰা Ahuja ৰ এটা amplifier, এটা speaker আৰু দুটা cordless microphone আৰু সদ্য বদলিপ্ৰাপ্ত শিক্ষয়িত্ৰী মানসী দেৱী আৰু মন্দিৰা ডেকা বাইদেৱে দান কৰা এটাকৈ speaker৷ নিশ্চয়কৈ যিকোনো সভাৰ বাবে এই গৃহটিয়ে বহুদিনীয়া অভাৱ এটি পুৰণ কৰিব৷
#প্ৰতিষ্ঠা_দিৱস
15/11/2024
বিদ্যালয়ৰ ৭৬ তম বৰ্ষপুৰ্তিৰ সন্ধিক্ষণত উদগনিমূলক সোঁৱৰণী বঁটা ৬ টি ক্ৰমে শেহতীয়া মান নিৰূপণত প্ৰথম স্থান জিয়াদ আকিব,পঞ্চম শ্ৰেণী-পিতা: খাইৰুল ইছলাম, দ্বিতীয় স্থান
মাইনুদ্দিন,পঞ্চম শ্ৰেণী - পিতা: ৰিয়াজ উদ্দিন, তৃতীয় স্থান
ৰাধিকা ৰবিদাস, পঞ্চম শ্ৰেণী-পিতা: শংকৰ ৰবিদাস
বাৰ্ষিক খেল ধেমালি প্ৰতিযোগিতাত শ্ৰেষ্ঠ খেলুৱৈ
নজমুল হুছেইন- পিতা: নুৰ মহম্মদ, শনিবৰীয়া চ’ৰাৰ শ্ৰেষ্ঠ নৃত্যাংগনা আকিবা জান্নাত, চতুৰ্থ শ্ৰেণী-ছফিকুল ইছলাম আৰু নিয়মানুৱৰ্তী ছাত্ৰী
হামিম চুলতানা, চতুৰ্থ শ্ৰেণী - পিতা:হবিবুৰ ৰহমানক প্ৰদান কৰে ক্ৰমে স্থানীয় ব্যৱসায়ী নেকিবুল হ’ক(পিতা প্ৰয়াত অধিবক্তা নুৰুল হ’ক)৩০০০/- টকা, ড° মুনিম শ্বাহ ৰহমান(পিতা প্ৰয়াত মহিবুৰ ৰহমান)২০০০/- টকা, সঞ্জীৱ পাল(পিতা স্বৰ্গীয় যদুলাল পাল)১০০০/-, আবুল বাসাৰ (পিতা প্ৰয়াত আব্দুৰ ৰহিম)১০০০/-, ছফিকুল ইছলাম (পিতা প্ৰয়াত আব্বাছ আলী)১০০০/- আৰু ছৈয়দ আহমেদ(পিতা প্ৰয়াত আবেদ আলী বেপাৰী)১০০০/- টকাকৈ৷ এই বঁটাকেইটিৰ লগতে ধন প্ৰতিবছৰে বঁটাপ্ৰদানকিৰীয়ে বিদ্যালয়ৰ তদানীন্তন প্ৰধান শিক্ষক⁄শিক্ষয়িত্ৰীক প্ৰতিষ্ঠা দিৱসৰ এমাহৰ পূৰ্বে প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয়৷
উক্ত পদক্ষেপক সন্মানীয় মৰিগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক,জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা জিলা মিছন সমন্বয়ক মহোদয় তথা উপস্থিত গন্য-মান্য ব্যক্তিয়ে ভূয়সী প্ৰশংসা কৰে৷
15/11/2024
মুকলি সভা তথা অভ্যৰ্থনা কক্ষৰ কাষৰ ফটো উঠা ঠাইত উপস্থিত গণ্য-মান্য ব্যক্তিৰ সম্বৰ্দ্ধনা অনুষ্ঠান৷
#প্ৰতিষ্ঠা_দিৱস
15/11/2024
সদ্যবদলিপ্ৰাপ্ত সহকাৰী শিক্ষক/ শিক্ষয়িত্ৰী ক্ৰমে মানসী দেৱী, মন্দিৰা ডেকা আৰু মৃণাল কলিতাৰ বিদায় সম্বৰ্দ্ধনা৷
Telephone
Website
Opening Hours
| Monday | 09:00 - 14:30 |
| Tuesday | 09:00 - 14:30 |
| Wednesday | 09:00 - 14:30 |
| Thursday | 09:00 - 14:30 |
| Friday | 09:00 - 14:30 |
| Saturday | 09:00 - 14:30 |