চপ্ন

চপ্ন This is a some motivational story writing page.

16/09/2023

#বিচাৰ... #মন্তব্য

"অন্য মানুহে আপোনাক লৈ মন্তব্য কৰিবই, কিন্তু তেওঁলোকৰ মন্তব্য বা বিচাৰৰ দ্বাৰা আপুনি নিজকে প্ৰভাৱিত হ'বলৈ নিদিব।”

কিছুমান মানুহে নিজৰ অক্ষমতাৰ বাবে প্ৰায়ে আনক মন্তব্য বা বিচাৰ কৰে। আনৰ বিষয়ে মতামত দিয়াটোৱেই তেওঁলোকৰ কাম। তেওঁলোকে এনেদৰেই নিজক আশ্বস্ত কৰি ৰাখে যে তেওঁলোক জীৱনত আনতকৈ পিছ পৰি থকা নাই।

আমি প্ৰায়ে আনৰ মতামতৰ বাবে আমাৰ নিজৰ জীৱনত হতাশাৰ সৃষ্টি কৰো। আমি নিজকে সন্দেহ কৰিবলৈ আৰম্ভ কৰোঁ, নতুনকৈ পদক্ষেপ ল’বলৈ ভয় কৰো, আনকি কেতিয়াবা আমাৰ মনৰ ভিতৰত লালন-পালন কৰা সপোনবোৰ পূৰণৰ পৰাও নিজকে আঁতৰাই ৰাখোঁ।

যেতিয়াই আপুনি আপোনাৰ সচেতন আত্মাৰ সৈতে একমত হ'ব পাৰিব, তেতিয়াই আপোনাক কাৰো মতামত, চিন্তা বা ধাৰণাই প্ৰেৰণাহীন কৰিব নোৱাৰিব...!! তেতিয়াই আপুনি আপোনাৰ সপোনৰ বাবে আগবাঢ়ি যাব পাৰিব। আপুনিও আপোনাৰ জীৱনতো যেনেকৈ বিচাৰে, ঠিক তেনেভাৱেই উদযাপন, উপভোগ কৰিব পাৰে আৰু যি বিচাৰে তাকে কৰিব পাৰে; আনে আপোনাক কেনেদৰে ভাবে তাক চিন্তা কৰি জীৱনটো উপভোগ/উদযাপন/জীয়াই থকিবলে এৰি নিদিব...।

31/08/2023

#ধৰ্ম / ভগৱান /
#বিশ্বাস
#সত্তা
ভগৱানে যদি আমাক সকলোকে সৃষ্টি কৰিছে..!! তেতিয়া হ'লে ভগৱানে আমাৰ কথা শুনিবলৈ কিয় মাজত এজন পূজাৰীৰ প্ৰয়োজন..?? বা আমাৰ আৰু ভগৱানৰ মাজত কিয় এক মাধ্যমৰ প্ৰয়োজন..??প্ৰত্যক্ষ ভাৱে কিয় আমাৰ বাৰ্তা সমূহ ভগৱানৰ ওচৰত নাযায়..??
ভগৱান যদি সৰ্বজ্ঞ, তেনেহ'লে তেওঁ বুজি পাবলৈ সংস্কৃতৰ হে কিয় প্ৰয়োজন..??
ভগৱানে যদি বিশ্বৰ সকলোকেই সৃষ্টি কৰিছে..!!!, তেনেহ'লে আমাৰ মনৰ ভাৱ ভগৱানৰ ওচৰত লৈ যোৱাত এক বৰ্ণ বিশেষৰ ব্যক্তিৰ হে কিয় প্ৰয়োজন ......??
আমি স্বীকাৰ কৰো যে, যদি ভগৱান আছে, তেনেহ'লে তেওঁ মানুহৰ মাজত ইমান হিংসা, ক্ৰোধ, ভেদাভেদ কেতিয়াও সৃষ্টি নকৰে। কিয়নো ভগৱানে কিছু সংখ্যক ব্যক্তিক কেতিয়াও অনুমতি নিদিয়ে যে, তুমি সকলোৰে পৰা পইচা উপাৰ্জন কৰা আৰু সকলোৰে মনৰ বাৰ্তা মোলৈ প্ৰেৰণ কৰা বুলি......!!!

31/08/2023

তোৰেই কবিতা লিখোঁ
তোকে সপোনত দেখোঁ
তয়ে সোধ মই তোৰ কোন ?

#দেৱকান্ত বৰুৱা

ব্যক্তিগতআপোনাৰ ব্যক্তিগত মুহূৰ্তবোৰ আপুনি ব্যক্তিগত কৰি ৰাখেনে?আমাৰ সকলোৰে জীৱনত যথেষ্ট সংখ্যক ব্যক্তিগত মুহূৰ্ত থাকে.....
04/09/2022

ব্যক্তিগত

আপোনাৰ ব্যক্তিগত মুহূৰ্তবোৰ আপুনি ব্যক্তিগত কৰি ৰাখেনে?

আমাৰ সকলোৰে জীৱনত যথেষ্ট সংখ্যক ব্যক্তিগত মুহূৰ্ত থাকে..!! আৰু এই ক্ষণ বা মুহূৰ্ত সমূহ আমাৰ বাবে আটাইতকৈ মূল্যৱান মুহূৰ্ত কাৰণ, সেইবোৰত সাধাৰণতে আমাৰ আটাইতকৈ ভালপোৱা মানুহখিনি জড়িত হৈ থাকে। যেতিয়া আমি সেই মুহূৰ্তবোৰ আনৰ আগত প্ৰদৰ্শন কৰো, তেতিয়া আমি মাত্ৰ সেইবোৰক জীৱনৰ দৈনন্দিন মুহূৰ্তলৈ ৰূপান্তৰিত কৰোঁ।

কিছুমান মানুহে জীৱনৰ প্ৰতিটো মুহূৰ্ত সম্প্ৰচাৰ কৰে। সাধাৰণতে তেওঁলোকে জীৱনত কৰি থকা ডাঙৰ ডাঙৰ কামবোৰৰ বিষয়ে, তেওঁলোকৰ সম্পৰ্ক কিমান সফল বা কিমান সম্পন্ন হৈছে সেই বিষয়ে বিশ্ববাসীক কোৱাৰ ধৰণটোৱেই তেওঁলোকৰ। সঁচা কথাটো হ’ল পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ বাহিৰে কোনেও সঁচা অৰ্থত আপোনাৰ জীৱনৰ বিষয়ে জানিব নিবিচাৰে। সম্প্ৰচাৰ কৰি অপ্ৰয়োজনীয় মনোযোগে বহুক্ষেত্ৰত কেৱল নেতিবাচকতাকহে আকৰ্ষণ কৰে।

জীৱনৰ মুহূৰ্তবোৰ উপভোগ কৰক, কিছুমান শ্বেয়াৰ কৰক যিয়ে আনক উৎসাহিত কৰিব পাৰে কিন্তু প্ৰতিটো মুহূৰ্ত প্ৰদৰ্শন নকৰিব, যি য়ে নেকি আপোনাৰ মধুৰ মুহূৰ্ত সমূহৰ মনোমোহনীয়তাক ম্লান পেলায়।

#প্ৰদৰ্শন #পোষ্ট #প্ৰকাশ #ব্যক্তিগত

03/01/2022

#এয়েতো জীৱন

• সংসাৰত পুৰুষক দুটা বস্তুৱে বৰ জুলুম কৰে--এটা হ'ল টকা আৰু আনটো তিৰোতা। টকা আৰু তিৰোতা দুয়োৰো আকৰ্ষণ দুৰ্নিবাৰ। যোগী সন্যাসীৰ কথা অন্য ৰকমৰ, সাধাৰণ সংসাৰী মানুহক এই দুটাই বৰ হাৰাশাস্তি কৰি মাৰে। এই দুটা নহ'লেও নহয়-সংসাৰ কৰিব নোৱাৰি আৰু পাব লাগিলেও নাথাকে কষ্টৰ সীমা।

• ব্যঞ্জন বৰ্ণৰ মূৰ্দ্ধণ্য ট বৰ্গৰ পিচতহে দন্ত্য ত বৰ্গ । ঠিক তেনেদৰে সংসাৰতো টকাৰ পাচতহে তিৰোতা। সেয়েহে বোধহয় পণ্ডিতসকলে ভাবি চিন্তি টকাত মূৰ্দ্ধণ্য ট আৰু তিৰোতাত দন্ত্য ত লিখিলে।

©হিতেশ ডেকা

12/12/2021

# #সপোন

সপোনবোৰৰ বাবেই আমি জীয়াই থাকো..!! আৰু যেতিয়া সপোনবোৰ ভাগি যায়...থুনুকা কাঁচৰ দৰে, তেতিয়া আমাৰ বাবে সপোনবোৰ অপ্ৰিয় হৈ পৰে বাস্তৱৰ প্ৰৰোচনাত।
কাঁচ এটুকুৰা ভাগিলে শব্দ হয়......কষ্ট কম হয়। কিন্তু যেতিয়া সপোন ভাগি যায় শব্দ নহয়.....!! অবৰ্ণনীয় কষ্ট হয়। সেইবাবেই হয়তো সপোনবোৰক মাজে মাজে অৱহেলা কৰো...!! স্বাৰ্থপৰ আমিবোৰ,
পূৰ নোহোৱা সপোনবোৰ মনৰ মাজত আলফুলে ৰাখিবলৈও আমাৰ আহৰি নাই।
সপোন দেখো বাবেই জীৱনতো ইমান ধুনীয়া আমাৰ। সপোনে আমাক প্ৰেৰণা দিয়ে। সপোনবোৰ মৰুৰ মাজত এটোপাল পানীৰ দৰে .....!! জীৱনৰ হতাশাৰ সময়বোৰত সঞ্জীৱনী....সপোন !! সপোন আছে বাবেই আমি হাঁহিবলৈ পাহৰা নাই।
সপোন পূৰ্ণ নোহোৱাৰ আক্ষেপত সময়ৰ সমাধিক্ষেত্ৰত সমাধিস্থ কৰিলে কষ্ট পায় হেৰাই যোৱা সপোনবোৰে। পূৰ্ণ ন'হলেও সপোনবোৰক
আমি সপোন কৰিয়েই মনৰ কোনোবা ৰিক্ত কোণত সযতনে ৰাখিলে সপোনবোৰে উচুপিবলগা নহয়।
সপোন সপোনেই, অপূৰণীয় সপোনতোক সমল কৰিলে ই সঁহাৰি দিব নতুন সপোন দেখিবলৈ...,জীয়াই থাকিবলৈ.....,নতুন সপোন পূৰাবলৈ।
অপূৰ্ণ সপোনবোৰক। অৱহেলাৰ ডাষ্টবিনত দলিয়াই দিলে, জীৱনৰ বিয়লি বেলাত যেতিয়া সেইবোৰৰ বিননি শুনিম, তেতিয়া হয়তো অনুভৱ কৰিম- "সপোনক অৱহেলা কৰি একোৱেই নাপালো জীৱনত।"

Address

Dhupdhara

Alerts

Be the first to know and let us send you an email when চপ্ন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to চপ্ন:

Shortcuts

Share