Darrang College Alumni Association

Darrang College Alumni Association Join as a proud member of Darrang College Alumni Association and be an active family member of the Apex Institution of Assam

06/10/2026
Annual General Meeting of Darrang College Alumni Association (৪ অক্টোবৰ, ২০২৬ ত অনুষ্ঠিত হোৱা দৰং কলেজ প্ৰাক্তন ছাত্ৰ ছা...
05/10/2026

Annual General Meeting of Darrang College Alumni Association (৪ অক্টোবৰ, ২০২৬ ত অনুষ্ঠিত হোৱা দৰং কলেজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ বাৰ্ষিক সাধাৰণ সভা)

পুনৰ কাৰ্যনিৰ্বাহক সদস্যৰে দুটা বছৰৰ বাবে দায়িত্ব অৰ্পণ হ'ল দৰং মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ......   ৪ ...
05/10/2026

পুনৰ কাৰ্যনিৰ্বাহক সদস্যৰে দুটা বছৰৰ বাবে দায়িত্ব অৰ্পণ হ'ল দৰং মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ......
৪ অক্টোবৰ, ২০২৬ ত অনুষ্ঠিত হোৱা দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সংস্হাৰ দ্বিবাৰ্ষিক সাধাৰণ সভাই পূৰ্বৰ সভাপতি অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ধ্ৰুৱজ্যোতি দাস নেতৃত্বাধীন সমিতিখনকে বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে । অৱশ্যে নতুন সংবিধানে কেবাটাও নতুন বিষয়ববীয়াৰ অন্তৰ্ভূক্তি কৰাত সাধাৰণ সম্পাদককে ধৰি আন একাংশ নতুন দায়িত্ব প্ৰাপ্তও অন্তৰ্ভুক্ত হয় সমিতিখনত ।
সাধাৰণ সভাই দেশ -বিদেশত থকা প্ৰাক্তন দৰঙীয়ান সকলৰ সৈতে বিশেষভাৱে যোগাযোগ কৰি সংস্হাক আৰু অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

Annual General Meeting of Darrang College Alumni Association held on 4th October, 2026....
04/10/2026

Annual General Meeting of Darrang College Alumni Association held on 4th October, 2026....

Annual General Meeting 2026: Darrang College Alumni Association Darrang College - Autonomous, Tezpur, Assam
04/10/2026

Annual General Meeting 2026: Darrang College Alumni Association Darrang College - Autonomous, Tezpur, Assam

04/10/2026

দৰং কলেজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থা

*সম্পাদকীয় প্ৰতিবেদন* (২০২৪----২০২৬ বৰ্ষ)
তাং: ৪ অক্টোবৰ, ২০২৬, সময়: দিনৰ ১১ বজা, স্থান: এলুমনি গেলাৰী, দৰং কলেজ

দৰং কলেজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ শ্ৰদ্ধাৰ সভাপতি মহোদয় আৰু সন্মানীয় সদন, জয়জয়তে সকলো সন্মানীয় প্ৰাক্তন দৰঙীয়ানলৈ সাদৰ সম্ভাষণ জনাই ২০২৪-২০২৬ বৰ্ষৰ সাধাৰণ সম্পাদকৰ প্ৰতিবেদন পাঠ কৰিবলৈ ওলাইছোঁ।

বিগত দুবছৰীয়া কাৰ্যকালৰ ভিতৰত আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই যোৱা প্ৰতিজন অসমীয়াৰ প্ৰিয় শিল্পী জুবিন গাৰ্গকে আদি কৰি প্ৰাক্তন দৰঙিয়ান সকল তথা জ্ঞাত অজ্ঞাত প্ৰতিজনৰ বিদেহ আত্মাৰ সদগতিৰ বাবে পৰম পিতা পৰমেশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাইছো।

২০২৪ চনৰ ২৫ আগষ্ট তাৰিখে অনুষ্ঠিত হোৱা সাধাৰণ সভাত গঠন হোৱা নতুন কমিটী খনে ২০২৪ চনৰ ১৮ ছেপ্টেম্বৰত কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

২০২৪ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে অসম সাহিত্য সভাৰ ৰাজ্যভাষা আৰু মাতৃভাষা প্ৰয়োগ উপ - সমিতিৰ সৌজন্যত তথা শোণিতপুৰ জিলা সাহিত্য সভা, তেজপুৰ সাহিত্য সভাৰ লগতে দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত আৰু দৰং কলেজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ উদ্যোগত দৰং মহাবিদ্যালয়ৰ এলুমনি ভৱনত এখন গল্প লিখন কৰ্মশালাৰ আয়োজন কৰা হৈছিল। এই কৰ্মশালা খনিত সমল ব্যক্তি হিচাবে উপস্থিত আছিল বিশিষ্ট সাহিত্যিক, প্ৰতিষ্ঠিত গল্পকাৰ, সাহিত্য অকাডেমি বঁটা বিজয়ী জয়ন্ত মাধৱ বৰা দেৱ আৰু সঞ্চালনা কৰিছিল শোণিতপুৰ জিলাৰ সাহিত্য সভাৰ তদানীন্তন সভাপতি উপন্যাসিক ড° ভূপেন শইকীয়া দেৱে।

২০২৪ চনৰ ৪ অক্টোবৰ তাৰিখে দৰং কলেজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ সদস্য বৃন্দৰ সৈতে দৰং কলেজৰ চতুৰ্থ চক্ৰৰ শৈক্ষিক মান নিৰূপণৰ বাবে অহা "নাক" ৰ তিনিজনীয়া পৰ্যবেক্ষকৰ দলটিৰ লগত এটি অন্তৰংগ আলাপ অনুষ্ঠিত হয়।

২০২৪ চনৰ ২৬ অক্টোবৰ তাৰিখে ১৯৭৯ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ এটা গোটে মহাবিদ্যালয়লৈ আহি তেখেতসকলৰ তৰফৰ পৰা ২৫,০০০ টকাৰ বৰঙণি এলুমনি পুঁজিলৈ আগবঢ়ায়। এই গোটৰ প্ৰতিজন সদস্যলৈ দৰং কলেজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো।

২০২৪ চনৰ ২৯ অক্টোবৰ তাৰিখে দৰং কলেজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ তদানীন্তন সভাপতি প্ৰয়াত হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা প্ৰদান অনুষ্ঠান দৰং কলেজৰ এলুমনি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই যুৱ বঁটা বিশিষ্ট সাংবাদিক আৰু গল্পকাৰ শ্ৰীযুত মনোৰঞ্জন বড়িক প্ৰদান কৰা হয়। হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতি, তেখেতৰ পৰিয়াল আৰু দৰং কলেজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ সহযোগত অনুষ্ঠিত হোৱা এই সভাত "সাম্প্ৰতিক অসমৰ জাতীয় সমস্যা আৰু সংবাদ মাধ্যমৰ ভূমিকা" শীৰ্ষক বিষয়ত অসমৰ এগৰাকী বিশিষ্ট লেখক শ্ৰীযুত মৃণাল তালুকদাৰ দেৱে বক্তৃতা প্ৰদান কৰে।

সংস্থাৰ সাধাৰণ সম্পাদক ৰুপম কুমাৰ শৰ্মা দেৱে তেখেতৰ বিশেষ অসুবিধাৰ বাবে সংস্থাৰ সম্পাদক পদৰ পৰা অব্যাহতি বিচাৰি সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰা বাবে ২০২৫ চনৰ ১ মাৰ্চ তাৰিখে অনুষ্ঠিত হোৱা কাৰ্য্যকৰী সভাই সংস্থাৰ সহকাৰী সম্পাদিকা ইন্দ্ৰাণী তামূলীক ২০২৫ চনৰ ২ মাৰ্চ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ দৰং কলেজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰূপে দায়িত্ব অৰ্পণ কৰে।

২০২৫ চনৰ ২১ মাৰ্চ তাৰিখে সংস্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ড° মনোজ কুমাৰ হাজৰিকা তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ পদত অধিষ্ঠিত হোৱা বাবে সংস্থাৰ তৰফৰ পৰা তেখেতক শুভেচ্ছা, অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হয়।

২০২৫ চনৰ ২৪ মে' তাৰিখে সংস্থাৰ এখন বিশেষ সাধাৰণ সভা অনুষ্ঠিত হয়। সংস্থাৰ সম্পাদক ৰুপম কুমাৰ শৰ্মা দেৱে বিশেষ অসুবিধাৰ বাবে সম্পাদকৰ দায়িত্বৰ পৰা ১ মাৰ্চ ২০২৫ তাৰিখৰ পৰা অব্যাহতি লোৱা বাবে ২৪ মে' তাৰিখে অনুষ্ঠিত হোৱা সাধাৰণ সভাই এই অভাজনক সাধাৰণ সম্পাদক আৰু দৰং মহাবিদ্যালয়ৰ জ্যেষ্ঠ সহায়ক অচ্যুত শৰ্মাক সহকাৰী সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰে। এই ছেগতে দৰং কলেজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ প্ৰতিজন মাননীয় সদস্য সদস্যালৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

এই সাধাৰণ সভাতে দৰং কলেজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ এখন সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰাৰ বাবে উপস্থিত সকলো সদস্যই মত পোষণ কৰে। এই সম্পৰ্কে আলোচনাৰ অন্তত সভাই আগন্তুক ডিচেম্বৰ মাহৰ ভিতৰত এদিনীয়া বা দুদিনীয়া কাৰ্যসূচীৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সতীৰ্থ সন্মিলন খনি আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সংস্থাৰ কাৰ্যনিৰ্বাহক কমিটিয়ে সতীৰ্থ সন্মিলন উদযাপনৰ কৰ্ণধাৰ কমিটিৰ লগতে উপ সমিতি সমূহৰ গঠন, উদযাপনৰ দিন বাৰ আৰু কাৰ্য্যসূচী নিৰ্ধাৰণৰ সিদ্ধান্ত ল'ব বুলি সাধাৰণ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে।

ইয়াৰ পিছৰ কাৰ্য্যকৰী সভাবোৰত সতীৰ্থ সন্মিলনৰ দিন বাৰ ঠিক কৰা হয় যদিও ২০২৫ চনৰ ৩ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা দৰং কলেজ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সতীৰ্থ সন্মিলন উদযাপন সমিতিৰ বিশেষ কাৰ্যনিৰ্বাহক সমিতিৰ সভাত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ চলিত পৰীক্ষা অনুসূচী আৰু সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংস্থাৰ সতীৰ্থ সন্মিলনখন পিছুৱাই ২০২৬ চনৰ ১৮ জানুৱাৰী তাৰিখ দেওঁবাৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

২০২৫ চনৰ ২৬ জুলাই তাৰিখে দৰং মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগত যুটীয়াভাৱে মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়। তেজপুৰৰ সন্মানীয় বিধায়ক তথা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ পৃথ্বীৰাজ ৰাভাই বিশিষ্ট অতিথিৰূপে অংশ গ্ৰহণ কৰা এই অনুষ্ঠানত তিনিগৰাকী প্ৰাক্তন শিক্ষাৰ্থী ক্ৰমে পাঞ্জা খেলৰ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী পংকজ কুমাৰ বৰা, অসম চৰকাৰৰ সদ্য নিযুক্ত তথ্য আয়ুক্ত উৎপল বৰুৱা আৰু সংগীত নাটক অকাডেমীৰ অধীনষ্ঠ গুৱাহাটীৰ সত্ৰীয়া কেন্দ্ৰৰ প্ৰকল্প সঞ্চালক ড° প্ৰতিভা শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

২০২৫ চনৰ ২১ ছেপ্টেম্বৰ তাৰিখে ড° ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী উদযাপন সমিতি, তেজপুৰ, দৰং মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু দৰং কলেজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ যুটীয়া উদ্যোগত দৰং কলেজৰ NEC হলত এটি বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত মনজিৎ ৰাজকোঁৱৰ দেৱে "অসম আৰু বংগৰ সমন্বয়ৰ সেঁতু ড° ভূপেন হাজৰিকা" বিষয়ক বক্তৃতা প্ৰদান কৰে।

২০২৫ চনৰ ২৯ অক্টোবৰ তাৰিখে হেমন্ত কুমাৰ বৰুৱা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত তথা শিল্পী গৰাকীৰ পৰিয়াল আৰু দৰং কলেজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ সহযোগত মহাবিদ্যালয়ৰ এলুমনি গেলাৰীত অধ্যাপক হেমন্ত কুমাৰ বৰুৱাৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীৰ দিনটোত স্মৃতিচাৰণৰ লগতে ৰাজ্যখনৰ নৱ প্ৰজন্মৰ গৱেষক, লেখক, অসমীয়া সংগীত আৰু গীতি সাহিত্যৰ ইতিহাস সংৰক্ষক তথা সাংবাদিক মনজিৎ ৰাজকোঁৱৰ দেৱক হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা প্ৰদান কৰাৰ লগতে হেমন্ত কুমাৰ বৰুৱা স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত সভাতেই "শিশু সাহিত্য আৰু অনুবাদ - প্ৰাসংগিকতা আৰু প্ৰত্যাহ্বান" শীৰ্ষক বিষয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক, গৱেষক ড° জয়ন্ত মাধৱ তামুলী দেৱে বক্তৃতা প্ৰদান কৰে।

দৰং কলেজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ উদ্যোগত ২০২৬ চনৰ ১৮ জানুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা সতীৰ্থ সন্মিলনত বহু সংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে ৯০ বছৰৰ উৰ্দ্ধৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়েও অংশগ্ৰহণ কৰে। সতীৰ্থ সন্মিলনত উপস্থিত থকাৰ বাবেই প্ৰায় ৩৭৪ (তিনিশ চৌসত্তৰ) জন প্ৰাক্তন দৰঙীয়ানে নাম পঞ্জীয়ন কৰে। প্ৰাক্তন শিক্ষাৰ্থী সকলে সতীৰ্থ সন্মিলনত নিজৰ নিজৰ অনুভৱ সদৰী কৰি গীত, নৃত্য, কবিতা আবৃত্তি আৰু অন্তৰংগ আলাপৰে জীপাল কৰি তোলে। সভাপতি ধ্ৰুবজ্যোতি দাসে আদৰণি ভাষণ দিয়া আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ পলাশমণি শইকীয়াই ভাষণ আগবঢ়োৱা অনুষ্ঠানত সতীৰ্থ সন্মিলন উপলক্ষে মহেন্দ্ৰ কুমাৰ নাথ, ড ° দুলাল চন্দ্ৰ দাস আৰু দ্বিজেন নাথ সম্পাদিত "স্মৃতিলেখা" শীৰ্ষক স্মৃতিগ্ৰন্থ প্ৰাক্তন জ্যেষ্ঠ শিক্ষাৰ্থীসকলৰ দ্বাৰা উন্মোচন কৰা হয়। প্ৰত্যেক গৰাকী প্ৰাক্তন শিক্ষাৰ্থীক তেজপুৰৰ জনপ্ৰিয় স্থাপত্য ভাস্কৰ্য আৰু কুটীৰ শিল্পী দিগন্তৰাজ ভূঞাই নিৰ্মাণ কৰা একোটাকৈ বিশেষ স্মাৰকৰ লগতে বেজ আৰু সতীৰ্থ সন্মিলনৰ একোখনকৈ স্মৃতিগ্ৰন্থ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ তৰফৰ পৰা অৰ্পণ কৰা হয়। উক্ত অনুষ্ঠানতে সংস্থাৰ আজীৱন সভ্য পদ লাভ কৰা সভ্য সকলক আজীৱন সদস্যৰ প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়।

২০২৬ চনৰ ২৬ জুলাই তাৰিখে দৰং মহাবিদ্যালয়ৰ ৮২ সংখ্যক আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস যুটীয়াভাৱে উদযাপন কৰা হয়। অধ্যক্ষ ডঃ পলাশমণি শইকীয়াই মহাবিদ্যালয়ৰ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ উপ সভাপতি শ্ৰীযুত নৃপেন কুমাৰ বৰাই প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ পতাকা উত্তোলন কৰে। অনুষ্ঠানটোত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰে প্ৰাক্তন ছাত্ৰ তথা তেজপুৰ আৰু বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক ক্ৰমে পৃথ্বীৰাজ ৰাভা আৰু ঋতুবৰণ শৰ্মাই। এই অনুষ্ঠানত বিগত সময়ত বিদ্যায়তনিক আৰু বৌদ্ধিক সামাজিক ক্ষেত্ৰত কৃতিত্ব প্ৰদৰ্শন কৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা শিক্ষক আৰু বৰ্তমানৰ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অশোক কুমাৰ বৰাদেৱক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

এইখিনিতে সন্মানীয় সদস্যসকলক জনাব বিচাৰিছোঁ যে দৰং কলেজ এলুমনি এচোচিয়েচনৰ ৱেবচাইট domain খোলা হৈছে, সংস্থাৰ পঞ্জীয়ন নৱীকৰণৰ বাবে চাৰ্টাৰ্ড একাউণ্টেণ্টৰ দ্বাৰা ২০২৬ চনৰ মাৰ্চ পৰ্যন্ত অডিট ৰিপৰ্ট প্ৰস্তুত কৰা হৈছে। এটা অনলাইন অটোমেটেড পেমেণ্ট গেটৱে সজোৱা হৈছে যাৰ দ্বাৰা সংস্থালৈ বৰঙণি দিয়া প্ৰক্ৰিয়াটো সহজ কৰাৰ লগতে বৰঙণিৰ প্ৰাপ্তি ৰচিদো লগে লগেই লাভ কৰিব পাৰিব। এই ক্ষেত্ৰত সহায় আগবঢ়োৱা বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ অধ্যাপক তথা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ শৰৎ চহৰীয়া দেৱৰ লগতে উক্ত বিভাগৰ মনীষ বৰ্ধন আৰু হিমাংশু খাউণ্ডলৈ দৰং কলেজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ।

২০২৪ চনৰ ২৫ আগষ্ট তাৰিখে অনুষ্ঠিত হোৱা সাধাৰণ সভাই দৰং কলেজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ সংবিধানখন বৰ্ধিত কলেৱৰত প্ৰণয়ন কৰিবৰ বাবে অধিবক্তা তথা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ পৰমানন্দ কাকতিক সমন্নয়ক ৰূপে লৈ এখন খচৰা কমিটি গঠন কৰি দিছিল। এই খচৰা কমিটিখনে প্ৰস্তুত কৰা সংবৰ্ধিত সংবিধানখন ২০২৫ চনৰ ২৪ মে' তাৰিখে অনুষ্ঠিত হোৱা সাধাৰণ সভাই অনুমোদন জনায়।
এই সংবিধানখন দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° প্ৰতুল ডেকাই ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছে।

সংস্থাৰ কাৰ্য্যকৰী সদস্য তথা বৰ্ধিত সংবিধান প্ৰণয়ন খছৰা কমিটিৰ সমন্বয়ক পৰমানন্দ কাকতিৰ লগতে সমিতিৰ অনান্য সদস্য সকল আৰু ড° প্ৰতুল ডেকালৈ দৰং কলেজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।

বৰ্তমান সংস্থাৰ আজীৱন সদস্যৰ সংখ্যা হৈছে ৩৩৭ (তিনিশ সাতত্ৰিশ), চিলভাৰ মেম্বাৰৰ সংখ্যা: ১৬ (ষোল্ল), জুৱেল মেম্বাৰৰ সংখ্যা: ১০ (দহ), আৰু গল্ড মেম্বাৰৰ সংখ্যা: ৪ (চাৰি) জন।

এই সমিতিৰ কাৰ্যকালত ১৭ খন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে।

সন্মানীয় সতীৰ্থসকল, দৰং মহাবিদ্যালয়ৰ শৈক্ষিক আৰু বিদ্যায়তনিক উৎকৰ্ষতাৰ সোণসেৰিয়া তথা আলোকসন্ধানী যাত্ৰাৰে দীঘলীয়া পথ অতিক্ৰম কৰি বৰ্তমানে চাৰিকুৰি বৰ্ষত খোজ দিবলৈ সক্ষম হৈছে। ২০২৬ চনত দৰং মহাবিদ্যালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।

এনে গৌৰবৰ অংশীদাৰ হোৱাৰ সমান্তৰালভাৱে প্ৰাক্তন শিক্ষাৰ্থী হিচাবে মহাবিদ্যালয়ৰ শৈক্ষিক উত্তৰণ আৰু আন্তঃগাঁঠনি উন্নত কৰা বাবেও সংস্থাৰ কৰণীয় সদায়েই থাকিব।

বৰ্তমানৰ দৰং মহাবিদ্যালয় স্থিত সংস্থাৰ কাৰ্যালয়টো মেৰামতি আৰু কিছু পৰিমাণে পুনৰ নিৰ্মাণৰ প্ৰয়োজন। এলুমনি ভৱনটোৰোঁ প্ৰসাধন কক্ষ এতিয়ালৈ সম্পূৰ্ণ কৰিব পৰা নাই।

২০২৪ চনৰ ২৬ জুন তাৰিখে অনুষ্ঠিত হোৱা সংস্থাৰ কাৰ্য্যনিৰ্বাহক সভাৰ সিদ্ধান্ত অনুসৰি এলুমনি গেলাৰী নিৰ্মাণৰ বাবদ হোৱা ধাৰৰ নূন্যতম ১০ লাখ টকাৰ অতিৰিক্ত ধাৰ সংস্থাৰ তদানীন্তন সভাপতি ড° ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মাক পৰিশোধ কৰিবলৈ বাকী আছে।

মোৰ সৌভাগ্য যে মোৰ কাৰ্য্যকালৰ সময়চোৱাত শ্ৰদ্ধাৰ ধ্ৰুবজ্যোতি দাস দেৱক সংস্থাৰ সন্মানীয় সভাপতি ৰূপে পালোঁ। আমাৰ কাৰ্য্যকালত সংস্থাৰ হৈ সম্পন্ন কৰা প্ৰতিটো কাৰ্য্যতে তেখেতৰ যোগাত্মক সহায় সহযোগ আৰু উপদেশ প্ৰতি খোজতে লাভ কৰিলোঁ। সংস্থাৰ বিভিন্ন কাম দায়বদ্ধতাৰে সম্পন্ন কৰিবলৈ কৰা তেখেতৰ প্ৰচেষ্টাৰ উপৰিও সতীৰ্থ সন্মিলন সফলতাৰে অনুষ্ঠিত কৰা ক্ষেত্ৰতো তেখেতৰ কৰ্মকুশলতা উল্লেখনীয়। এই সুযোগতে মই সংস্থাৰ মাননীয় সভাপতি মহোদয়ক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

সহকাৰী সম্পাদক অচ্যুত শৰ্মা আৰু ইন্দ্ৰাণী তামুলীকো তেখেত সকলৰ সহায় সহযোগিতাৰ বাবে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ২০২৬ চনৰ ছেপ্টেম্বৰ পৰ্যন্ত
সংস্থাৰ অডিট ৰিপৰ্ট প্ৰস্তুত কৰি সহায় কৰা শ্ৰীযুত শেখৰ বৰুৱা দেৱকো ধন্যবাদ জনাইছো।

মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো দৰং কলেজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ সতীৰ্থ সন্মিলন 2026 ৰ প্ৰতিখন উপ সমিতিৰ প্ৰতিজন সদস্যলৈ, যিসকলৰ প্ৰত্যক্ষ সহায় সহযোগিতাই সতীৰ্থ সন্মিলন খনি সফলতাৰে উদযাপিত হোৱাত অৰিহণা যোগালে।

দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ সদস্য মোৰ শিক্ষাগুৰু সকল, সংস্থাৰ কাৰ্যনিৰ্বাহক কমিটিৰ সভাপতি ও সদস্য সদস্যা সকল, প্ৰাক্তন সভাপতি আৰু সম্পাদক সকল, সংস্থাৰ জ্যেষ্ঠ সদস্য সকল প্ৰমুখ্যে আজিৰ সভাত উপস্থিত থকা সংস্থাৰ সকলো মাননীয় সদস্য সদস্যালৈ মোৰ শুভেচ্ছা আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

মই আশা কৰিছোঁ আমাৰ আপোন মহাবিদ্যালয় খনিৰ সামগ্ৰিক উত্তৰণৰ যাত্ৰাত সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়েই সংস্থাৰ সদস্যভুক্ত হৈ সংস্থাৰ ভৱিষ্যত পৰিকল্পনাক সাকাৰ ৰূপ দিবলৈ তেখেতসকলৰ পৰামৰ্শ আৰু সহায় সহযোগিতা দায়বদ্ধতাৰে আগবঢ়াই যাব।

মই আশা কৰিছোঁ আজিৰ সভাই দৰং কলেজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ লক্ষ আৰু উদ্দেশ্য সঠিকভাৱে কাৰ্য্যত পৰিণত কৰিবৰ বাবে এখন শক্তিশালী কমিটি গঠন কৰিব।

দৰং মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা আজি মই অব্যাহতি লোৱাৰ প্ৰাকক্ষণত উপস্থিত সকলো সন্মানীয় প্ৰাক্তন দৰঙীয়ানক মোৰ অজানিতে হোৱা ভুল ক্ৰুটিৰ বাবে ক্ষমা বিচাৰি, সকলোকে আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ সাধাৰণ সম্পাদকৰ প্ৰতিবেদন ইমানতে সামৰিছোঁ।
জয়তু দৰং কলেজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থা।।।।।।

ড° হেমন্তজ্যোতি নাথ
সাধাৰণ সম্পাদক
(২০২৪ - ২০২৬ বৰ্ষ)
দৰং কলেজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থা
তেজপুৰ

📢 INVITATION TO ALL ALUMNI OF DARRANG COLLEGE 🎓The Alumni Association of Darrang College cordially invites all esteemed ...
23/09/2026

📢 INVITATION TO ALL ALUMNI OF DARRANG COLLEGE 🎓
The Alumni Association of Darrang College cordially invites all esteemed alumni to attend the Annual General Meeting (AGM) to be held on 4th October 2026.
Let us come together to reconnect, share memories, strengthen our bond, and contribute towards the continued growth and development of our beloved Darrang College. ❤️
📅 Date: 4th October 2026
🎓 Event: Annual General Meeting of the Alumni Association
Your presence and participation will make the occasion truly meaningful. We look forward to welcoming you all! 🙏

Darrang College - Autonomous, Tezpur, Assam

21/01/2026

Address

Tezpur

Alerts

Be the first to know and let us send you an email when Darrang College Alumni Association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share