13/07/2026
শোকবাৰ্তা
গভীৰ শোকৰে জনাব বিচাৰিছো যে আমাৰ বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়ংকা বাউৰীৰ অকাল বিয়োগৰ খবৰ পাই আমি শোণিতপুৰ জাতীয় বিদ্যালয়ৰ পৰিয়াল বৰ্গ গভীৰভাৱে মৰ্মাহত হৈছোঁ।
তাইৰ অকাল প্ৰয়াণে বিদ্যালয় পৰিয়ালৰ মাজত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে। তাইৰ মধুৰ ব্যৱহাৰ, হাঁহিমুখ আৰু বিদ্যালয় জীৱনৰ স্মৃতিসমূহ সদায় আমাৰ মনত জীয়াই থাকিব।
বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু সকলো ছাত্ৰ-ছাত্ৰীৰ ফালৰ পৰা আমি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
"ঈশ্বৰে বিদেহ আত্মাক চিৰশান্তি প্ৰদান কৰক আৰু শোকসন্তপ্ত পৰিয়ালক এই অপূৰণীয় ক্ষতি সহ্য কৰাৰ শক্তি প্ৰদান কৰক।"
🙏🙏