R C Saharia T. T. College, Tangla

R C Saharia T. T. College, Tangla Ramesh Chandra Saharia Teacher's Training College, Tangla.

Admission Going on............
20/05/2026

Admission Going on............

অসমীয়া জাতিৰ প্ৰাণস্বৰূপ হেঁপাহৰ ৰঙালী বিহুৰ আগমুহূৰ্তত, ৰমেশ চন্দ্ৰ চহৰীয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত এক ৰঙীন পৰিৱ...
11/04/2026

অসমীয়া জাতিৰ প্ৰাণস্বৰূপ হেঁপাহৰ ৰঙালী বিহুৰ আগমুহূৰ্তত, ৰমেশ চন্দ্ৰ চহৰীয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত এক ৰঙীন পৰিৱেশত 'প্ৰাক্‌ ৰঙালী বিহু ২০২৬' অনুষ্ঠানৰ আয়োজন কৰা হয়। আজি ইং- ১১ এপ্ৰিল, ২০২৬ তাৰিখে দিনৰ ১১ বজাৰ পৰা মহাবিদ্যালয় মুকলি প্ৰাংগণত এই বিশেষ সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়।

মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ (IQAC) তত্ত্বাৱধানত আয়োজিত এই অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, অধ্যাপক-অধ্যাপিকাসকল আৰু সকলো প্ৰশিক্ষণাৰ্থীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়াৰ জাতীয় উৎসৱ, সাংস্কৃতিক ঐতিহ্য আৰু বিহুৰ গুৰুত্বৰ ওপৰত এক চমু আভাস দাঙি ধৰা হয়। লগতে প্ৰশিক্ষণাৰ্থীসকলৰ দ্বাৰা পৰিৱেশন কৰা বিহু নৃত্য, বিহু নাম আৰু ঢোল-তালৰ শব্দই সমগ্ৰ মহাবিদ্যালয় প্ৰাংগণ উৎসৱমুখৰ কৰি তোলে।

সকলো অংশগ্ৰহণকাৰীয়ে বিহুৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি অসমীয়া সংস্কৃতিৰ এক সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰে।

আজিৰ এই 'প্ৰাক্‌ ৰঙালী বিহু' উদযাপনৰ মূল লক্ষ্য আছিল শিক্ষাৰ্থীসকলৰ মাজত সাংস্কৃতিক চেতনা জাগ্ৰত কৰা। ভৱিষ্যতৰ শিক্ষক হিচাপে প্ৰশিক্ষণাৰ্থীসকলৰ মাজত একতা, সহযোগিতা আৰু জাতীয় পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধা ভাৱ গঢ়ি তোলাত এই অনুষ্ঠানে বিশেষ ভূমিকা পালন কৰে।

ৰমেশ চন্দ্ৰ চহৰীয়া শিক্ষক-প্ৰশিক্ষণ মহাবিদ্যালয়, টংলাৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষ (IQAC) আৰু সাহিত্য চৰাৰ উদ্যোগত “শ...
28/03/2026

ৰমেশ চন্দ্ৰ চহৰীয়া শিক্ষক-প্ৰশিক্ষণ মহাবিদ্যালয়, টংলাৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষ (IQAC) আৰু সাহিত্য চৰাৰ উদ্যোগত “শব্দৰ পৰা সৃষ্টিলৈ” শীৰ্ষক কাব্যানুষ্ঠান ২৪ মাৰ্চ, ২০২৬ তাৰিখে মহাবিদ্যালয়ৰ বহুমুখী প্ৰেক্ষাগৃহত সফল ভাৱে অনুষ্ঠিত হয়।

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ ২০২৫ বৰ্ষৰ যুৱ লেখক সন্মানপ্ৰাপ্ত যুৱ কবি শ্ৰী অৰুণ কুমাৰ বৰুৱা ।তেওঁৰ উপস্থিতিয়ে অনুষ্ঠানটো অধিক সাফল্যমণ্ডিত কৰে। লগতে বিশেষ অতিথি হিচাপে জনপ্ৰিয় যুৱ কবি মঃ আৰিফুৰ ৰহমান উপস্থিত থাকে।

অনুষ্ঠানৰ আৰম্ভণিতে অতিথিসকলৰ দ্বাৰা প্ৰদীপ প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।

মুখ্য অতিথি শ্ৰী অৰুণ কুমাৰ বৰুৱাই নিজৰ ভাষণত সাহিত্য সৃষ্টিৰ প্ৰক্ৰিয়া, চিন্তা-চেতনা আৰু ভাষাৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ শিক্ষাৰ্থীসকলক নিয়মীয়াকৈ লিখাৰ অভ্যাস গঢ়ি তোলিবলৈ উৎসাহিত কৰে।

বিশিষ্ট অতিথি মঃ আৰিফুৰ ৰহমানে কবিতাৰ পাঠৰ লগতে সৃষ্টিশীলতাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বক্তব্য আগবঢ়ায়।

অনুষ্ঠানত প্ৰশিক্ষণাৰ্থীসকলৰ দ্বাৰা স্বৰচিত কবিতা পাঠ কৰে যিয়ে সমগ্ৰ পৰিৱেশটো সজীৱ কৰি তোলে যাৰ দ্বাৰা অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ সৃষ্টিশীল প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰে।

এই অনুষ্ঠানটোৱে শিক্ষাৰ্থীসকলৰ মাজত সাহিত্যপ্ৰেম জাগ্ৰত কৰাৰ লগতে সৃষ্টিশীল চিন্তাধাৰা বিকাশত বিশেষ ভূমিকা গ্ৰহণ কৰিব।

R.C. Saharia Teachers’ Training College, Tangla proudly organized a Community Awareness Rally on 22nd March 2026 on the ...
28/03/2026

R.C. Saharia Teachers’ Training College, Tangla proudly organized a Community Awareness Rally on 22nd March 2026 on the occasion of World Water Day 2026 under the theme “Water & Gender.”

The rally, organized by IQAC, witnessed enthusiastic participation from B.Ed. trainees and faculty members. With placards, banners, and impactful slogans, participants spread awareness about the importance of water conservation, sustainable use of water resources, and the crucial role of gender equality in water management.

The rally covered areas of Ward No. 4, Chitranagar, Tangla, engaging the local community and encouraging them to adopt responsible practices towards water usage. Special emphasis was laid on recognizing the challenges faced by women and girls in accessing water and the need for inclusive solutions.

Such initiatives not only promote environmental awareness but also instill a sense of social responsibility among future educators. 🌱

Faculty Position Available - Applications are invited on or before 31st March 2026.
08/03/2026

Faculty Position Available -
Applications are invited on or before 31st March 2026.

The 44th Ramesh Chandra Saharia Memorial Meeting and Book Inauguration Ceremony was successfully organized on 8th Februa...
09/02/2026

The 44th Ramesh Chandra Saharia Memorial Meeting and Book Inauguration Ceremony was successfully organized on 8th February 2026 at R. C. Saharia Teachers’ Training College, Tangla

Two significant books were released during the programme —

📘 “ Mur Jibon Porikroma ” Release by Md. Idrish Ali.

📘 “ Nokhonda Paror Pora Jonajibonoloi Mridula Saharia ” Release by Dr. Jeuti Baruah.

অসমীয়া জাতিৰ কৃষিভিত্তিক জীৱনশৈলী আৰু লোক-সংস্কৃতিৰ অবিচ্ছেদ্য অংগ ভোগালী বিহু। এই ঐতিহ্যবাহী উৎসৱৰ আনন্দ আৰু তাৎপৰ্য ছ...
16/01/2026

অসমীয়া জাতিৰ কৃষিভিত্তিক জীৱনশৈলী আৰু লোক-সংস্কৃতিৰ অবিচ্ছেদ্য অংগ ভোগালী বিহু। এই ঐতিহ্যবাহী উৎসৱৰ আনন্দ আৰু তাৎপৰ্য ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জাগ্ৰত কৰাৰ উদ্দেশ্যে ৰমেশ চন্দ্ৰ চহৰীয়া শিক্ষক-প্ৰশিক্ষণ মহাবিদ্যালয়, টংলাৰ উদ্যোগত ইং ১২ জানুৱাৰী, ২০২৬ (সোমবাৰ) তাৰিখে দিনৰ ১১.০০ বজাৰ পৰা মহাবিদ্যালয় প্ৰাংগণত প্ৰাক্‌ ভোগালী বিহু উদ্‌যাপন অনুষ্ঠান উলহ-মালহেৰে আয়োজন কৰা হয়। অনুষ্ঠানটো আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষ (IQAC)-ৰ তত্ত্বাৱধানত সফলভাৱে সম্পন্ন হয়।

অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে ভোগালী বিহুৰ সামাজিক, সাংস্কৃতিক আৰু শিক্ষামূলক তাৎপৰ্য সম্পৰ্কে সংক্ষিপ্ত বক্তব্য আগবঢ়াই সকলোকে শুভেচ্ছা জনায়। তাৰ পিছত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ সক্ৰিয় অংশগ্ৰহণেৰে অনুষ্ঠানটো এক উৎসৱমুখৰ পৰিবেশত আগবাঢ়ে।

উদ্‌যাপন কাৰ্যসূচীৰ অন্তৰ্গত ৰূপে পৰম্পৰাগত খাদ্য প্ৰদৰ্শন অনুষ্ঠিত হয়। ছাত্ৰ-ছাত্ৰীসকলে তিল পিঠা, নাৰিকল পিঠা, ঘিলা পিঠা, লাৰু, চিৰা-মুৰি আদি অসমীয়া পৰম্পৰাগত খাদ্যসমূহ প্ৰস্তুত কৰি প্ৰদৰ্শন কৰে। এই কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সহযোগিতা, সৃজনশীলতা আৰু পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধাবোধ গঢ়ি তোলে।

অনুষ্ঠানটোত সকলো অংশগ্ৰহণকাৰীয়ে ঐতিহ্যবাহী পৰম্পৰা অনুসৰি ভোগালী বিহুৰ আনন্দ উপভোগ কৰে। একেলগে খাদ্য গ্ৰহণ, পৰস্পৰৰ সৈতে ভাব-বিনিময় আৰু আনন্দ-উল্লাসেৰে মহাবিদ্যালয়ৰ শৈক্ষিক পৰিবেশ অধিক সৌহাৰ্দ্যপূৰ্ণ হৈ উঠে।

R. C. Saharia Teachers’ Training College, Tangla Celebrate “WORLD HERITAGE WEEK” from 19th November, 2025 to 25th Novemb...
27/11/2025

R. C. Saharia Teachers’ Training College, Tangla Celebrate “WORLD HERITAGE WEEK” from 19th November, 2025 to 25th November, 2025 and organized various programme/activities like- Cleanness Programme, To visit the Heritage Side, Extempore Speech, Essay Writing Competition and poster Making Competition etc.

R. C. Saharia Teachers’ Training College, Tangla organized 4 (four) days Orientation Programme for the session 2025-2026...
27/11/2025

R. C. Saharia Teachers’ Training College, Tangla organized 4 (four) days Orientation Programme for the session 2025-2026 of B.Ed. course w.e.f. 4th November, 2025 to 8th November, 2025.

IQAC, R. C. Saharia Teachers’ Training College, Tangla organized a Field Visit under the Skill Enhancement Programme to ...
29/10/2025

IQAC, R. C. Saharia Teachers’ Training College, Tangla organized a Field Visit under the Skill Enhancement Programme to “White Harvest” Mushroom Cultivation Farm, Tangla, Udalguri on 29th October, 2025. The main purpose of the visit was to provide the trainees with practical knowledge and hands-on experience in mushroom production and farm management.

Address

Tangla
784521

Alerts

Be the first to know and let us send you an email when R C Saharia T. T. College, Tangla posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category