30/09/2026
✨ উচ্চশিক্ষা গ্ৰহণ কৰিব বিচৰা শিক্ষাৰ্থীসকলৰ বাবে সুখবৰ!
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (KKHSOU)-ৰ জুলাই- আগষ্ট, ২০২৬ শিক্ষাবৰ্ষৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ অন্তিম তাৰিখ বৃদ্ধি কৰি 👉 ৩০ ছেপ্টেম্বৰ, ২০২৬ লৈ নিৰ্ধাৰণ কৰা হৈছে।
যিসকল শিক্ষাৰ্থীয়ে এতিয়াও নামভৰ্তি সম্পূৰ্ণ কৰিব পৰা নাই, তেওঁলোকৰ বাবে এয়া আন এক সুযোগ।
বিশ্ববিদ্যালয়ৰ বিভিন্ন স্নাতক (UG), স্নাতকোত্তৰ (PG), ডিপ্ল’মা আৰু চাৰ্টিফিকেট পাঠ্যক্ৰমৰ মাজৰ পৰা আপোনাৰ পছন্দৰ পাঠ্যক্ৰম বাছনি কৰি উচ্চশিক্ষাৰ যাত্ৰা আগবঢ়াওক।
📢 এই গুৰুত্বপূৰ্ণ তথ্যটো আপোনাৰ বন্ধু-বান্ধৱ, পৰিয়ালৰ সদস্য আৰু উচ্চশিক্ষা গ্ৰহণ কৰিব বিচৰা আন শিক্ষাৰ্থীসকলৰ মাজত শ্বেয়াৰ কৰক।🙏
অনলাইন নামভৰ্তিৰ বাবে আমাৰ ৱেবচাইট www.kkhsou.ac.in চাওক।