Edu Cultural Point

Edu Cultural Point ECP is a platform for your child's complete development.

05/01/2026
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজি পুণ্য তিৰোভাৱ তিথি। গুৰুজনালৈ প্ৰণাম জনালোঁ। 🙏🙏🙏
04/09/2024

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজি পুণ্য তিৰোভাৱ তিথি। গুৰুজনালৈ প্ৰণাম জনালোঁ। 🙏🙏🙏

আপোনালোকৰ জ্ঞাত যে যোৱা বহু কেইটা বছৰ ধৰি এড‍্যু কালচাৰেল পইণ্ট , সৰভোগ (EDU-CULTURAL POINT, SORBHOG) এ আপোনাৰ শিশুৰ শৈক...
05/05/2024

আপোনালোকৰ জ্ঞাত যে যোৱা বহু কেইটা বছৰ ধৰি এড‍্যু কালচাৰেল পইণ্ট , সৰভোগ (EDU-CULTURAL POINT, SORBHOG) এ আপোনাৰ শিশুৰ শৈক্ষিক, চাৰিত্ৰিক তথা মানসিক বিকাশৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পাঠ্যক্ৰম আগবঢ়াই আহিছে ।

ইতিমধ্যে ইয়াৰ পৰা বিভিন্ন বিষয়ত শিক্ষা লাভ কৰি বৰনগৰৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ ব্যক্তিত্ব বিকাশ কৰিবলৈ সক্ষম হৈছে ।

সেইউদ্দেশ্যৰে ইচ্ছুক ছাত্ৰ ছাত্ৰীৰ বাবে তলত দিয়া উক্ত বিষয়সমূহত নামভৰ্তিৰ ভাবে মুকলি কৰি দিয়া হৈছে -

⏩ Spoken English
⏩ Personality Development
⏩ Computer (DCA, PGDCA & 100+ Courses)
⏩ Bihu (বিহু) Dance & Bihu Dhul

♦️ Admission Open: ইচ্ছুক ছাত্ৰ বা ছাত্ৰীয়ে নামভৰ্তিৰ বাবে আমাৰ মুখ্য কাৰ্যালয়ত আহি যোগাযোগ কৰিব পাৰে ।

⛳ ঠিকনা :: এড‍্যু কালচাৰেল পইণ্ট, সৰভোগ; (গৰখীয়া গোঁসাই থানৰ ওচৰত) অধিক জানিবৰ বাবে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে -
☎️ 70021 97909 (Contact us today)
📧 [email protected]

Edu- Cultural Point Sorbhogৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। A very happy Ranga...
13/04/2024

Edu- Cultural Point Sorbhogৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। A very happy Rangali Bihu to all!!

বৰনগৰ আৰ্থ সামাজিক উন্নয়ন সমিতি আৰু এড‍্যু কালচাৰেল পইণ্ট, সৰভোগৰ উদ্যোগত চতুৰ্থ বৰ্ষৰ বাবে অহা ২, ৩ আৰু ৪ বহাগ তাৰিখে ব...
06/04/2024

বৰনগৰ আৰ্থ সামাজিক উন্নয়ন সমিতি আৰু এড‍্যু কালচাৰেল পইণ্ট, সৰভোগৰ উদ্যোগত চতুৰ্থ বৰ্ষৰ বাবে অহা ২, ৩ আৰু ৪ বহাগ তাৰিখে বৰনগৰ বহাগী উৎসৱ খ্যাত প্ৰাইজমানী সৰু বিহুৱতী প্ৰতিযোগিতা লগতে চিত্ৰাংকণ প্ৰতিযোগিতা , লোক নৃত্য আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰাৰ প্ৰস্তুতি চলোৱা হৈছে ।

তাৰোপৰি অনুষ্ঠানৰ লগত সংগতি ৰাখি ৪ বহাগ তাৰিখে দুগৰাকী অন্যতম ব্যক্তিক বৰনগৰ গৌৰৱ বঁটা আৰু বৰনগৰ প্ৰেৰণা বঁটা প্ৰদান কৰাৰও চেষ্টা চলোৱা হৈছে ।

অনুষ্ঠানৰ সমূহ কাৰ্যসূচীতে বিহুপ্ৰেমী ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰা হল ।

ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত এগৰাকী গুৰু অৰ্থাৎ এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীৰ গুৰুত্ব অপৰিসীম । তাৰেই পৰিপ্ৰেক...
11/03/2024

ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত এগৰাকী গুৰু অৰ্থাৎ এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীৰ গুৰুত্ব অপৰিসীম । তাৰেই পৰিপ্ৰেক্ষিতত শিক্ষক - শিক্ষয়িত্ৰীসমূহৰ শিকণ পদ্ধতি আৰু কিছু আগুৱাই নিয়াৰ মানসিকতাৰে সৰভোগ আন্তঃৰাষ্ট্ৰীয় একাডেমীৰ তৎপৰতাত বিগত তিনিটা শিকণ কৰ্মশালাৰ সফলতা লাভৰ পিছত এইবাৰও চতুৰ্থতম শিকণ কৰ্মশালা “i-Guru-2024”ৰ আয়োজন কৰা হৈছে ।

যত শিশুৰ পাঠদান পদ্ধতি সম্পৰ্কে আলোচনা কৰিব AAEI , গুৱাহাটীৰ সঞ্চালক পদুম নাথ, শিক্ষাৰ সৈতে শাৰীৰিক অনুশীলনৰ সংগতি সম্পৰ্কে আলোচনা কৰিব তেজপুৰ বিশ্ববিদ্যালয়ৰ যোগ প্ৰশিক্ষক পাৰ্থ প্ৰতিম দাসে, আধুনিক পাঠদান প্ৰক্ৰিয়াত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিব SIA ৰ মুৰব্বী উৎপল দাসে, বীমা সম্পৰ্কে আলোচনা কৰিব LIC বৰপেটা ক্লাব শাখাৰ সদস্য ধীমান তালুকদাৰে আৰু পাঠদানৰবাবে বিভিন্ন কৌশল সম্পৰ্কে আলোচনা কৰিব SIA অধ্যক্ষ বিমান দাসে ।

আশা কৰোঁ SIA ৰ এই পদক্ষেপে আগন্তুক দিনত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসমূহৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা শিক্ষক - শিক্ষয়িত্ৰীসকলৰ বাবে সাফল্যমণ্ডিত হব ।

⭐ Handwriting Workshop: সৰভোগত হাতৰ আখৰ উন্নীতকৰণ কৰ্মশালা ৷ -----------------------------------------------------------...
02/03/2024

⭐ Handwriting Workshop: সৰভোগত হাতৰ আখৰ উন্নীতকৰণ কৰ্মশালা ৷
----------------------------------------------------------------------
⏩ 24th March - 28th March , 2024
⏩ Registration: Rs. 500
⏩ Class 1 to Class 10
⏩ Improve your English & Assamese
Handwriting in just 5 days
⏩ For registration please contact us at
☎️ +91 7002197909
🏛️ ECP Office, Near Electricity Office,
Sorbhog, Barpeta (Assam)

সদ্য সমাপ্ত অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৪ত এড‍্যু কালচাৰেল পইণ্ট,সৰভোগৰ বিহু নৃত্য দল প্ৰিয়ংকা ৰায়ৰ দলে Group-B শিতানত...
11/02/2024

সদ্য সমাপ্ত অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৪ত এড‍্যু কালচাৰেল পইণ্ট,সৰভোগৰ বিহু নৃত্য দল প্ৰিয়ংকা ৰায়ৰ দলে Group-B শিতানত তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়; যাক প্ৰশিক্ষণ আগবঢ়াইছিল মেজাংকৰি ২০১৪ বিজয়ী, কাজিৰঙা বিহুৱতী ২০১৪, অসম বৰ বিহুৱতী ২০১৪, দুবাৰকৈ DY বিহুৰাণী Finalist, Assam Talks বোৱাৰী বিহুৱতী 1st Runners Up আৰু বহুতো প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা জুনু তালুকদাৰ ।

দলটোৱে কেইবাটাও ৰাউণ্ডত যেনে পঞ্চায়ত/নগৰ সমিতি, সমষ্টি, জিলা পৰ্যায়, ৰাজ্যিক পৰ্যায় - ছেমি ফাইনেল আৰু তাৰ পিছত চূড়ান্ত পৰ্যায়ত জয়ী হৈ এই পুৰস্কাৰ বুটলিবলৈ সক্ষম হয় ।

এইখিনিতে আমি বৰপেটা জিলাৰ আয়ুক্ত মহোদয়ক আমাৰ প্ৰতি প্ৰতিটো স্তৰতে আশ্চৰ্যজনক ব্যৱস্থা গ্ৰহণ কৰি অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ । সৰভোগ পৌৰ নিগমে প্ৰাৰম্ভিক পৰ্যায়ৰ আয়োজন কৰোঁতে কৰা পৰিশ্ৰম লগতে অসম চৰকাৰৰ মুকলি সাংস্কৃতিক মঞ্চ প্ৰদানৰ এই ঐতিহাসিক প্ৰচেষ্টা আৰু আমাৰ প্ৰতিজন শুভাকাংক্ষীকে অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।

এনেদৰেই সৰভোগ অঞ্চলৰ সাংস্কৃতিক বিপ্লৱ অব্যাহত থাকিব আৰু এড‍্যু কালচাৰেল পইণ্ট, সৰভোগৰ তৰফৰ পৰাও বৰনগৰবাসী ৰাইজক সাংস্কৃতিক মঞ্চ প্ৰদান কৰি যাব বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ।

সদৌশেষত ধন্যবাদ আমাৰ সেইসকল বিহুৱা-বিহুৱতীলৈ, যাৰ অশেষ কষ্ট, চেষ্টা আৰু ত্যাগৰ ফলত আজি এই পৰ্যায়ত উপনীত হৈ গৌৰৱান্নিত লাভ কৰিবলৈ সক্ষম হয় সমূহ সৰভোগবাসী ৰাইজ ।








Address

SORBHOG
Sorbhog
781317

Opening Hours

Monday 10am - 6pm
Tuesday 10am - 6pm
Wednesday 10am - 6pm
Friday 10am - 6pm
Saturday 10am - 6pm
Sunday 10am - 6pm

Telephone

+917002197909

Website

Alerts

Be the first to know and let us send you an email when Edu Cultural Point posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Edu Cultural Point:

Shortcuts

Share