23/10/2025
জ্ঞানম
like to write
23/10/2025
28/07/2025
14th July 2025 in Niyomiya Barta
29/01/2025
সাহিত্যিক মৃণাল কলিতাদেৱৰ "অভিমন্যু " উপন্যাসখন পঢ়িলোঁ। লেখকৰ ভাষাত--
পৃথিৱীখন সদায়ে 'বকুল ফুলৰ দৰে' কোমল, স্নিগ্ধ আৰু সংবেদনশীল নহয়। তেনে এখন পৃথিৱীত বাস কৰিব খোজা সৌৰভ নামৰ এজন যুৱক কেনেদৰে এখন জটিল কুটিল জগতত এচাম ক্রুৰ চৰিত্ৰৰ মানুহৰ হাতত নিৰন্তৰ দুখ আৰু যন্ত্রণাত হেৰাই যোৱাৰ উপক্রম হয় আৰু কেনেদৰে যুৱকজনে মূৰ তুলি উঠি সেইসকলক প্রত্যাহ্বান জনাই অকলশৰেই আৰম্ভ কৰি দিয়ে এখন যুঁজ- তাৰেই কাহিনী অভিমন্যু। কোনেও গ্রাহ্যই কৰিব নোখোজা শান্ত আৰু নিম্নকণ্ঠৰ নিঃসংগ মানুহ এজন যোগেনহঁতৰ হাতত ভুগি ভুগি ভুগি ভুগি ক্রমশঃ খঙাল আৰু প্ৰতিবাদী হৈ উঠাৰ কাহিনী অভিমন্যু। প্রতিবাদৰ মুখামুখি হৈ যোগেনহঁতে সৌৰভক এটা বেহুৰ মাজত আৱদ্ধ কৰি একেবাৰেই নিঃশেষ কৰি দিব খোজাৰ কৰুণ কাহিনী অভিমন্যু। সমান্তৰালভাৱে এজাক চৰিত্ৰৰ ঘৃণনীয় মানসিকতাৰ উন্মোচনৰো কাহিনী। এজন আদর্শবাদী যুৱকে শৈক্ষিক বৌদ্ধিক জগতখনত ভৰি দি স্বপ্নভংগ আৰু মোহভংগ হোৱাৰ কাহিনী অভিমন্যু।
মৃণাল কলিতাদেৱে "অভিমন্যু" উপন্যাসখনৰ দ্বাৰা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কলেজসমূহৰ শিক্ষক -কৰ্মচাৰী তথা ছাত্র ছাত্রীসকলৰ মনোভাব , শিক্ষকৰ শিক্ষাদানৰ নমুনা, ব্যক্তিগত স্বাৰ্থৰ মানুহে কিমান তললৈ নামিব পাৰে আদি কথাবোৰ সুন্দৰকৈ উপস্থাপন কৰিছে। থলুৱা ভাষাৰ প্ৰয়োগে উপন্যাসত সোণত সুৱগা চৰিছে। উপন্যাস খনৰ মোৰ ভাল লগা কথাবোৰ
১)
জীয়াই থাকিবলৈ কেতিয়াবা মানুহে মিছা আশাকো খুব জোৰেৰে সাৱটি থাকিব লগীয়া হয়।
২)
বিশ্ববিদ্যালয়ৰ শিক্ষাদানৰ নমুনা-
বুকুত কিতাপ বা এজাপ কাগজ সাৱটি লৈ তাকে চাই চাই বোর্ডত লিখি, লিখি উঠি সেইখিনি চাই চাই ডাঙৰ ডাঙৰকৈ পঢ়ি দিয়াকে শিক্ষাদান বুলি ভবা শিক্ষকেই আছিল সৰহ।
৩)
এইখন সমাজত অনুচ্চ আৰু নম্র কণ্ঠক কোনো গুৰুত্ব দিয়া নহয়; বৰং তেনে মানুহক ক্ষমতাৰ বুলড'জাৰেৰে পিষ্ট কৰি কৰি নিৰ্মমভাৱে শেষ কৰি পেলোৱা হয়। বিজ্ঞাপনৰ এই পৃথিৱীত স্ববিজ্ঞাপনেৰে নিজৰ মূল্য মানুহক বুজাই দিব নোৱাৰাজন অৱহেলিত হৈ পৰি ৰয়।
৪)
আমি ডাঙৰ ডাঙৰ ডিগ্রী থকা মানুহ নহয়! গণিতজ্ঞ! আমাৰ কাজিয়া কৰাৰ ষ্টাইলবোৰ দোছোৰা বুজিছা। কাজিয়া যে আছে দেখাত গমেই নাপাবা- ডিপার্টমেন্টত একেলগে চাহ খাওঁ, আড্ডা মাৰো। পিছে এইবোৰ লেতেৰা কাজিয়াতকৈ নাক ভঙা ঘুচিয়াঘুচি বহুত ভাল বুজিছা।'
17/01/2025
কৌশিক নন্দন বৰুৱাদেৱৰ নতুন উপন্যাস "ৰাধা" খন পঢ়ি শেষ কৰিলোঁ। পঢ়ি বহুত ভাল লাগিল। "ৰাধা"ৰ কেইটামান বাক্যই মোৰ মনটোক বৰকৈ চুই গ'ল। সেই কেইটা হ'ল-
(১)
প্রত্যেক মানুহেই নিজৰ সৈতে এখিনি কাহিনী জীয়ন দি ৰাখে, লগত লৈ ফুৰে উশাহৰ দৰে। নিঃসংগতাৰ আঁউসী নিশাত সেই কাহিনীবোৰ জোনাক হয়। কপি থকা দুভৰিৰ সঁহাৰি হয়। কেতিয়াবা কোনোবাই কাহিনীবোৰ উলিয়াব পাবে, কোনোবাই নোৱাৰে। শেষ হয় উশাহৰ সৈতে। উশাহৰ সিপাৰেও থাকে নেকি কাহিনী, নাজানো। কিন্তু সেই কাহিনীবোৰত সংগ্রাম থাকে। মিলন বা বিচ্ছেদৰ পৰিধি ভেদি কিছুমান কাহিনীৰ সৃষ্টি হয় সমাজৰ বাবে, মানুহৰ বাবে। নিয়মৰ নাম দি পৰম্পৰাৰ নাম দি এখিনি মানুহক হেঁচি অহা শুহি অহা অন্যায়ৰ বিৰুদ্ধে চলে এনে কাহিনী। প্ৰেমৰ শক্তিত ভঙা যায় নিয়ম নামৰ দেৱাল। ৰাধাৰ কাহিনীও তেনেকুৱাই। সমাজৰ অন্যায়ব বিৰুদ্ধে এটা প্রচণ্ড চিঞৰ হৈ যেন জন্ম হৈছিল ৰাধাৰ।
(২)
আত্মপ্ৰতাৰণাৰ জানো সীমা নাথাকে। অভিনয়ৰ জানো শেষ নাথাকে। তাৰ সিপাৰে.. কোৱা নাযায়, কোৱা নাযায়। কিন্তু সময়ৰ সোঁতত নিজক এৰি দি কেতিয়ালৈকে হাঁহিব পাৰে মানুহে। এসোপা কথা বুকুত হেঁচি হেঁচি কেতিয়ালৈকে উশাহ ল'ব পাৰে মানুহে! কল্পনাৰ পৃথিৱী সাজি সাজি কেতিয়ালৈকে বাস্তৱক উপেক্ষা কৰিব পাৰে মানুহে। তাৰ পাছত.. ভাবিব নোৱাৰি ভাবিব নোৱাৰি। কেতিয়াবা ভৱিষ্যতৰ সম্ভাৱনা ইমানেই বেছি বীভৎস হয় যে তাক মনলৈও আনিব নোৱাৰি।
(৩)
প্রতিজন মানুহেই দৈনিক একোখনকৈ যুঁজ যুঁজি থাকে। কোনোবা হাৰে কোনোবা জিকে। কিন্তু প্ৰতিখন যুঁজৰ সিপাৰে কাৰোবাৰ এষাৰি মাত থাকে, একুঁকি আকুলতা থাকে। যি কেতিয়াবা যুঁজত সঞ্জীৱনী শক্তি হয় আৰু কেতিয়াবা ঔষধ। ৰাধাৰ বাবে সেই মাতযাৰেই হৈছে কানাইৰ। নাই নাই, এয়া সেই গকুলৰ ময়ূৰ পাখিধাৰী কানাই নহয়। এয়া গোবিন্দপুৰৰহে কানাই।
(৪)
ভালে থকাটোক অভ্যাস কৰি লওঁ নেকি আমি নজনাকৈ? ভালে আছোঁ মই, এই শাৰীটো মন্ত্ৰৰ দৰে মাতি মাতি মানি লওঁ নেকি আত্মপ্রবঞ্চনা? এৰা, কিছুমান মানুহ এনেকৈও জীয়াই থাকে। ভালে থকাৰ অভ্যাস কৰি লৈ জীয়াই থাকে। উশাহ লৈ থকাকে ভালে থকা বুলি ধৰি লৈ জীয়াই থাকে। আৰু আপুনি মই, আমি ব্যস্ত সকলো ব্যস্ত। হাঁহি থকা মানেই, সকলোৰে লগত মিলি থকা মানেই, কামবোৰ নিয়াৰিকৈ কৰি যোৱা মানেই ভালে থকা নহ'বও পাৰে। আচলতে নিজক ভালে ৰখাটোও এখন যুঁজ। এই যুঁজৰ ভয়াবহতা বেছি এইবাবেই যে ইয়াত নিজৰ বিৰুদ্ধেই যুঁজিব লাগে। এই যুঁজখনৰ উমান বাহিৰৰ পৃথিৱীয়ে নাপায়, কোনোৱেই নাপায়। যোৱা কেই বছৰ ধৰি এইখন যুদ্ধ সন্ধ্যাইও জানো কৰি থকা নাই! কেতিয়াবা মনৰ মানুহেও মনৰ কথাৰ উমান নাপায়। হাজাৰ চেষ্টাৰ বলত অনুৰণে জানো পাৰিছে সন্ধ্যাৰ মনৰ শূন্যতা নোহোৱা কৰিব? সাময়িকভাৱে হয়তো পাৰে, কিন্তু তাৰ পাছত? তাৰ পাছতো সন্ধ্যা ভালে আছে। ডিপার্টমেন্টৰ ষ্টুডেণ্টৰ মাজত মন ভুলোৱা হাঁহি লৈ সন্ধ্যা সদায় ভালে আছে।
(৫)
নুবুজে, মানুহবোৰে কেতিয়াও নুবুজে। এই যে খুব বেয়াকৈ এষাৰ কথা কৈ সমুখৰজনৰ বুকুখন শালি দিওঁ আমি, তেওঁক নিশ্চুপ কৰি নিজক জয়ী বুলি ভাবি লওঁ আমি, আচলতে ক'ৰবাত পৰাজয়হে সেয়া আমাৰ। আমাৰ কথা শুনি আমাৰ শব্দ শুনি সমুখৰ জন মাতিব নোৱৰাকৈ ৰৈ গৈছে, আমাৰ কথাই সমুখৰ জনক চকুপানী বোৱাই দিছে, সেয়া কেনেকৈ বিজয় হ'ব পাৰে। নোৱাৰে, কেতিয়াও নোৱাৰে। মানুহক আঘাত দি কোনো মানুহ কেতিয়াও জিকিব নোৱাৰে। কষ্টবোৰ তেতিয়াই বেছি হয়, যেতিয়া কষ্ট দিয়াজন আমাৰ আপোন হয়। ৰাধাৰ কষ্ট চাগে সেইবাবেই বেছি।
16/11/2024
Click here to claim your Sponsored Listing.
Location
Category
Contact the school
Telephone
Website
Address
Sivasagar