11/07/2024
#যোৱা ০৭ জুলাই, ২০২৪ দেওবাৰে ময়ূৰধ্বজ পুথিভঁৰালৰ উদ্যোগত আৰু প্ৰয়াত কৃতী ছাত্ৰ মৃণাংক দত্তৰ পৰিয়ালবৰ্গৰ সহযোগত গড়কাষৰীয়া গাঁৱৰ নামঘৰত সুকলমে অনুষ্ঠিত হৈ যায় গড়কাষৰীয়া গাঁৱৰ ২০২৪ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠান "অভিনন্দন ২০২৪" । প্ৰয়াত মৃণাংক দত্তৰ প্ৰতিচ্ছবিৰ সন্মুখত গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তি নগেন বৰুৱাৰদ্বাৰা বন্তি প্ৰজ্জ্বলনেৰে সভাৰ কাম আৰম্ভ কৰা হয় । কবি, সাহিত্যিক কিশোৰ মনজিৎ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সভাপতিত্ব কৰে প্ৰাণজিৎ বৰদলৈয়ে । সভাখনত বিশেষ অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক, শিক্ষক, সমাজকৰ্মী, সুবক্তা তথা সামাজিক মাধ্যমৰ অন্যতম প্ৰভাৱশালী ব্যক্তি, বহু দুৰ্গত লোকৰ অনুপ্ৰৰণাদাতা শ্ৰীযুত শ্ৰীমন্ত দত্ত আৰু শিক্ষক তথা সমাজকৰ্মী শ্ৰীযুত বকুল কলিতাদেৱৰ লগতে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, শিৱসাগৰৰ সহ প্ৰৱন্ধক শ্ৰীযুত উদয়জ্যোতি বৰা আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মুখ্য পৰামৰ্শদাতা শ্ৰীযুত মৃদুল বৰুৱা । আটাইকেইজন বক্তাই ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক মানসিক সকলো দিশ সামৰি অভিভাৱকসকলো উপকৃত হ'ব পৰাকৈ প্ৰদান কৰা বক্তব্যই সকলোকে মোহিত কৰে । শ্ৰীযুত উদয়জ্যোতি বৰাই কেৰিয়াৰৰ লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কিদৰে প্ৰস্তুতি চলোৱা উচিত তাৰ সন্দৰ্ভত ভালেখিনি কথা ভাষণ প্ৰসংগত উল্লেখ কৰে । আনহাতে শ্ৰীযুত মৃদুল বৰুৱাই গাঁওবাসী উপকৃত হ'ব পৰাকৈ কৃষি-বাণিজ্য বিষয়ক যথেষ্ঠ তথ্য ভাষণ প্ৰসংগত দাঙি ধৰে । সভাত উপস্থিত থকা প্ৰয়াত মৃণাংক দত্তৰ ভাতৃ ,সদ্যঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাণিজ্য শাখাৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ হিচাপে ঘোষিত মেধাবী ছাত্ৰ মৃগাংক দত্তই আকৰ্ষণীয় তথা চিন্তা উদ্ৰেককাৰী বক্তব্যৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । ইয়াৰোপৰি সভাখনত পৰেশ বৰুৱা, ৰুবুল বৰুৱা, যুৱক চিন্ময় বৰুৱা আদিয়ে বক্তব্য প্ৰদান কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে । #উল্লেখ্য যে সভাখনৰ প্ৰতিজন বক্তাই শৈক্ষিক জীৱনত মোবাইল ফোনৰ প্ৰভাব তথা মোবাইলৰ সঠিক ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয় । সভাৰ আৰম্ভণিতে গাঁৱৰ কণ-কণ শিশু তথা কিশোৰ-কিশোৰীসকলৰ পৰিবেশিত সমবেত সংগীতৰ লগতে কণমাণি অভিশ্ৰুতি বৰদলৈয়ে আবৃত্তি কৰা "গছ ভালপোৱা ককাৰ খং" শীৰ্ষক কবিতাটি আৰু কিশোৰী দৰদী বৰুৱাই পৰিবেশন কৰা গীতটিয়ে উপস্থিত সুধী সমাজৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় । শতাধিক লোক উপস্থিত থকা সভাখন সুচাৰুৰূপে অনুস্থিত হৈ যোৱাত ময়ূৰধ্বজ পুথিভঁৰাল পৰিচালনা সমিতিৰ লগতে মৃণাক দত্তৰ মাতৃ শ্ৰীযুতা দীপালী বড়াই সন্তোষ প্ৰকাশ কৰাৰ লগতে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছে আৰু অনাগত দিনত পুথিভঁৰালৰ বিভিন্ন কাৰ্যসূচীত সকলোৰে সহায়-সহযোগিতা তথা সমৰ্থন কামনা কৰিছে ।