10/05/2026
যোৱা ৬/০৫/২০২৬ তাৰিখে বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত মহেন্দ্ৰ নাথ গগৈদেৱৰ আনুষ্ঠানিক বিদায় সভাখন অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰীযুত সুৰেন্দ্ৰনাথ বৰগোহাঁইদেৱে। সভাত উপস্থিত থাকে তেখেতৰ সহধৰ্মিনী তথা জয়সাগৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী শ্ৰীযুতা ৰাণু চুতীয়া,বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা মলয়া গগৈ, অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক শ্ৰীযুত অজিত বৰগোহাঁই, শ্ৰীযুত মুকুল বৰগোহাঁই, অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষয়িত্ৰী শ্ৰীযুতা ক্ষেমলতা গগৈ, অৱসৰপ্ৰাপ্ত উচ্চ বৰ্গৰ সহায়ক শ্ৰীযুত বিনোদ বৰুৱা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, উপ সভাপতি তথা সদস্যসকল, জয়মতী গাওঁ পঞ্চায়তৰ অৱসৰপ্ৰাপ্ত সভাপতি শ্ৰী যুত বিনোদ বৰগোহাঁই, মাদুৰি উচ্চ বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক মিফবুল হুছেইন আৰু শিক্ষয়িত্ৰী শ্ৰীযুতা মেঘালী গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত প্ৰবীণ বৰগোহাঁই, জয়মতী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক মহোদয়া,অভিভাৱক অভিভাৱিকা, প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে বিদ্যালয়ৰ সমূহ শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকল।