পি এম শ্ৰী ১নং টাউন প্ৰাথমিক বিদ্যালয়

  • Home
  • India
  • Sibsagar
  • পি এম শ্ৰী ১নং টাউন প্ৰাথমিক বিদ্যালয়

পি এম শ্ৰী ১নং টাউন প্ৰাথমিক বিদ্যালয় ज्ञातिभि र्वण्टयते नैव चोरेणापि न नीयते।
दाने नैव क्षयं याति विद्यारत्नं महाधनम्।।

সকলোৱে আহিব বুলি আশা ৰাখিলোঁ।
19/06/2026

সকলোৱে আহিব বুলি আশা ৰাখিলোঁ।

আজি ইং ১৩-০৬-২০২৬ তাৰিখ, শনিবাৰে শিৱসাগৰ জিলাৰ পি এম শ্ৰী বিদ্যালয়সমূহৰ বাবে আয়োজিত ৫ দিনীয়া District Level Capacity ...
13/06/2026

আজি ইং ১৩-০৬-২০২৬ তাৰিখ, শনিবাৰে শিৱসাগৰ জিলাৰ পি এম শ্ৰী বিদ্যালয়সমূহৰ বাবে আয়োজিত ৫ দিনীয়া District Level Capacity Building Teachers’ Training (Primary & Upper Primary) ৰ দ্বিতীয় দিনৰ অনলাইন প্ৰশিক্ষণ কাৰ্যসূচী দিনৰ ১২:০০ বজাৰ পৰা ০১:০০ বজালৈ সফলতাৰে অনুষ্ঠিত হয়। এই প্ৰশিক্ষণৰ মূল উদ্দেশ্য আছিল শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পেশাগত দক্ষতা বৃদ্ধি কৰাৰ লগতে বিদ্যালয় পৰ্যায়ত শিক্ষণ-শিকন প্ৰক্ৰিয়াক অধিক গুণগত, আধুনিক আৰু ফলপ্ৰসূ কৰি তোলা।

প্ৰশিক্ষণৰ আৰম্ভণিতে শিৱসাগৰ জিলাৰ জিলা আঁচনি বিষয়া শ্ৰদ্ধাৰ শ্ৰীমতী ৰিচা শইকীয়া বাইদেউয়ে কাৰ্যসূচী সুচাৰুৰূপে আঁত ধৰে। তেখেতে শিৱসাগৰ আৰু লখিমপুৰ জিলাৰ পৰা উপস্থিত থকা সমল ব্যক্তি, উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, ন'ডেল শিক্ষক তথা সহকাৰী শিক্ষক-শিক্ষয়িত্ৰীসকলক আন্তৰিক আদৰণি জনায়। তেখেতে লগতে সকলোকে প্ৰতিটো session মনোযোগসহকাৰে গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় আৰু প্ৰশিক্ষণৰ পৰা লাভ কৰা জ্ঞান শ্ৰেণীকক্ষত প্ৰয়োগ কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।

তেখেতে বিশেষভাৱে উল্লেখ কৰে যে এই প্ৰশিক্ষণ কেৱল তাত্ত্বিক জ্ঞানৰ বাবে নহয়, বৰঞ্চ বাস্তৱ শিক্ষণ প্ৰক্ৰিয়াত পৰিবৰ্তন আনিবলৈ এক শক্তিশালী মঞ্চ। কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ শিকন অভিজ্ঞতা আনন্দময়, সক্ৰিয় অংশগ্ৰহণমূলক আৰু অৰ্থবহ কৰি তুলিবলৈ এই প্ৰশিক্ষণৰ পৰা লাভ কৰা কৌশলসমূহ ব্যৱহাৰ কৰাৰ আহ্বান জনায়।

এই প্ৰশিক্ষণত আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা শিক্ষক-শিক্ষয়িত্ৰীসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি বিভিন্ন বিষয়ৰ গুৰুত্বপূর্ণ দিশসমূহৰ বিষয়ে অৱগত হয় আৰু নিজৰ পেশাগত উন্নয়নৰ দিশত এক নতুন অভিজ্ঞতা লাভ কৰে।

আজিৰ প্ৰশিক্ষণৰ মুখ্য বিষয়সমূহৰ ভিতৰত -

প্ৰথমে Competency Based Assessment and Action Research বিষয়টো আলোচনা কৰা হয়। এই SESSION ত সমল ব্যক্তি হিচাপে উপস্থিত আছিল লখিমপুৰ জিলাৰ পি এম শ্ৰী লোহিত দিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক শ্ৰী অসীম কুমাৰ বৈদ্যদেৱ । তেখেতে competency based assessment ৰ আধুনিক ধাৰণা, শিক্ষাৰ্থীৰ দক্ষতা, মূল্যায়নৰ বৈজ্ঞানিক পদ্ধতি, Bloom’s Taxonomy ৰ বিভিন্ন স্তৰ আৰু বিদ্যালয় পৰ্যায়ত action research - এ কেনেকৈ শিক্ষণ উন্নয়নৰ এক শক্তিশালী উৎস হিচাপে কাম কৰে সেই বিষয়ে বিশদভাৱে আলোচনা কৰে।

দ্বিতীয় SESSION ত আলোচনা কৰা হয় Vision, Objectives & the Six Pillars of PM SHRI Schools। এই Session ত সমল ব্যক্তি হিচাপে উপস্থিত আছিল বিদ্যালয়ৰ ন'ডেল শিক্ষক শ্ৰী সুৰেশ কুমাৰ সিং। তেখেতে পি এম শ্ৰী বিদ্যালয়ৰ দৃষ্টিভংগী, লক্ষ্য আৰু ছয়টা মূল স্তম্ভৰ ওপৰত সুস্পষ্ট ব্যাখ্যা আগবঢ়ায় আৰু NEP 2020 ৰ সৈতে ইয়াৰ সম্পৰ্কৰ বিষয়ে সহজ ভাষাত আলোচনা কৰে।

তৃতীয় Session ত আলোচনা কৰা হয় Experiential and Activity Based Teaching-Learning Strategies। এই Session ত সমল ব্যক্তি হিচাপে থাকে লখিমপুৰ জিলাৰ পি এম শ্ৰী বদতী জনজাতি হাইস্কুলৰ বিজ্ঞান শিক্ষক শ্ৰী প্ৰশান্ত শইকীয়া। তেখেতে বাস্তৱ অভিজ্ঞতা ভিত্তিক শিকন আৰু ক্ৰিয়াকলাপ ভিত্তিক শিকনে কেনেকৈ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ বৃদ্ধি কৰে, চিন্তাশক্তি উন্নত কৰে আৰু শিক্ষণক অধিক জীৱন্ত আৰু অৰ্থবহ কৰি তোলে সেই বিষয়ে উদাহৰণসহ ব্যাখ্যা আগবঢ়ায়।

প্ৰশিক্ষণৰ আৰম্ভণিতে অংশগ্ৰহণকাৰীসকলৰ বাবে Google Form ৰ সহায়ত Pre Test অনুষ্ঠিত কৰি তেওঁলোকৰ পূৰ্ব জ্ঞান মূল্যায়ন কৰা হয় আৰু প্ৰশিক্ষণৰ শেষত Post Test অনুষ্ঠিত কৰি প্ৰশিক্ষণৰ ফলাফল আৰু শিকনৰ অগ্ৰগতি পৰিমাপ কৰা হয়।

সামগ্ৰিকভাৱে দ্বিতীয় দিনৰ এই প্ৰশিক্ষণ কাৰ্যসূচী অত্যন্ত সফল, জ্ঞানবর্ধক আৰু অনুপ্ৰেৰণাদায়ক হিচাপে পৰিগণিত হয়। এই প্ৰশিক্ষণে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ শিক্ষণ-শিকন পদ্ধতিত নতুন দৃষ্টিভংগী সংযোজন কৰাৰ লগতে বিদ্যালয় পৰ্যায়ত গুণগত শিক্ষাৰ বাস্তৱায়নৰ দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে ভূমিকা পালন কৰে।

11/06/2026
আজি ইং ১১-০৬-২০২৬ তাৰিখ, বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ০১-০০ বজাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক সুস্বাস্থ্য আৰু সুস...
11/06/2026

আজি ইং ১১-০৬-২০২৬ তাৰিখ, বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ০১-০০ বজাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক সুস্বাস্থ্য আৰু সুস্থ বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰে এক বিশেষ সজাগতা আৰু পৰ্যবেক্ষণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

উক্ত কাৰ্যসূচীৰ অধীনত বিদ্যালয়ৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক শ্ৰী অনিপ চুতীয়াদেৱে বিদ্যালয় পৰিচালনা সমিতি তথা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সহযোগত প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ অনা বেগ পৰীক্ষা কৰে। পৰীক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ বেগৰ ওজন বিদ্যালয় শিক্ষা বিভাগে নিৰ্ধাৰণ কৰি দিয়া মানদণ্ডৰ ভিতৰত আছে নে নাই, সেয়া পৰ্যবেক্ষণ কৰা হয়।

উল্লেখ্য যে, যোৱা ০৬-০৬-২০২৬ তাৰিখে শিৱসাগৰ জিলাৰ মাননীয় বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া ড০ সমীৰণ বৰাদেৱে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বিদ্যালয়লৈ অনা বেগৰ ওজন নিৰ্দিষ্ট সীমাৰ ভিতৰত ৰখাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এই নিৰ্দেশনাৰ মূল উদ্দেশ্য হৈছে কণ-কণ শিক্ষাৰ্থীসকলক অতিৰিক্ত বোজাৰ পৰা সুৰক্ষা প্ৰদান কৰা আৰু তেওঁলোকৰ সুস্থ শাৰীৰিক বিকাশ নিশ্চিত কৰা।

এই সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই অভিভাৱকসকলক বিদ্যালয়লৈ অনা বেগৰ সৰ্বাধিক অনুমোদিত ওজন সম্পৰ্কে পুনৰ অৱগত কৰে। লগতে সন্তানসকলক বিদ্যালয়লৈ পঠিয়াওঁতে কেৱল সেইদিনাৰ দৈনিক সময়সূচী অনুসৰি প্ৰয়োজনীয় পাঠ্যপুথি, বহী আৰু শিক্ষণ-শিকন সামগ্ৰীহে বেগত দি পঠিয়াবলৈ আহ্বান জনোৱা হয়। অপ্ৰয়োজনীয় কিতাপ-পত্ৰ, অতিৰিক্ত বহী, খেলৰ সামগ্ৰী বা অন্যান্য সামগ্ৰী বেগত নিদিবলৈ বিশেষভাৱে অনুৰোধ জনোৱা হয়।

প্ৰধান শিক্ষক মহোদয়ে ব্যক্ত কৰে যে, শিশুসকলৰ কোমল শৰীৰৰ ওপৰত অত্যধিক বোজা পৰিলে মেৰুদণ্ড, কান্ধ আৰু অন্যান্য অংগৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। সেয়েহে শিক্ষাৰ্থীসকলৰ স্বাস্থ্য সুৰক্ষিত ৰখাটো বিদ্যালয়, অভিভাৱক আৰু সমাজৰ এক উমৈহতীয়া দায়িত্ব। এই ক্ষেত্ৰত বিদ্যালয় আৰু অভিভাৱকৰ মাজত সমন্বয় আৰু সহযোগিতা অতি প্ৰয়োজনীয়।

কাৰ্যসূচীৰ অন্তত উপস্থিত অভিভাৱকসকলক শিশু-অনুকূল শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হয়। বিদ্যালয় কৰ্তৃপক্ষই ভৱিষ্যতেও এনে সজাগতা আৰু পৰ্যবেক্ষণমূলক কাৰ্যসূচী নিয়মিতভাৱে অব্যাহত ৰাখিব বুলি অভিভাৱকক জানিবলৈ দিয়ে।

আজি ইং ১০-০৬-২০২৬ তাৰিখ, বুধবাৰে বিয়লি ২:০৫ বজাৰ পৰা ৩:০৫ বজালৈ অনুষ্ঠিত ৫ দিনীয়া ভাৰ্চুৱেল “District Level Capacity B...
10/06/2026

আজি ইং ১০-০৬-২০২৬ তাৰিখ, বুধবাৰে বিয়লি ২:০৫ বজাৰ পৰা ৩:০৫ বজালৈ অনুষ্ঠিত ৫ দিনীয়া ভাৰ্চুৱেল “District Level Capacity Building for PM SHRI Schools (Elementary & Upper Primary Teachers)”-ৰ প্ৰথম দিনৰ প্ৰশিক্ষণ কাৰ্যসূচীত পি এম শ্ৰী ১ নং টাউন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ শ্ৰী অনিপ চুতীয়াদেৱসহ বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

প্ৰথম দিনৰ প্ৰশিক্ষণত তলত উল্লেখিত বিষয়সমূহৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয় -

১) “Context of Innovation and Competitiveness: Exploring Trends and Opportunities” -

সমল ব্যক্তি: চৰাইদেউ জিলাৰ পি এম শ্ৰী সাপেখাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্থনীতি বিষয়ৰ শিক্ষক শ্ৰদ্ধাৰ শ্ৰী জীৱনজ্যোতি হাজৰিকাদেৱ।
তেখেতে উদ্ভাৱনীমূলক চিন্তা, শিক্ষা ক্ষেত্ৰৰ উদীয়মান ধাৰা আৰু ন‌ ন সুযোগ-সম্ভাৱনাসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোকপাত কৰে।

২) “Competency Based Curriculum and Learning Outcomes (LOs)” -

সমল ব্যক্তি: লখিমপুৰ জিলাৰ পি এম শ্ৰী লোহিত দিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক শ্ৰদ্ধাৰ ড০ অসীম কুমাৰ বৈদ্যদেৱ।
তেখেতে দক্ষতাভিত্তিক শিক্ষা, শিকন ফলাফল (Learning Outcomes), আধুনিক শিক্ষাদান পদ্ধতি আৰু শিক্ষাৰ্থী-কেন্দ্ৰিক শিকন প্ৰক্ৰিয়াৰ বিষয়ে বিশদ আলোচনা আগবঢ়ায়।

৩) “Inspire Children to Discover Their Passion and Become Change Makers” -

সমল ব্যক্তি: লখিমপুৰ জিলাৰ পি এম শ্ৰী বদতী জনজাতি হাইস্কুলৰ বিজ্ঞান বিষয়ৰ শিক্ষক শ্ৰদ্ধাৰ শ্ৰী প্ৰশান্ত শইকীয়াদেৱ।
তেখেতে শিশুৰ অন্তৰ্নিহিত প্ৰতিভা চিনাক্তকৰণ, পুষ্টি, সঠিক লালন-পালন, প্ৰাৰম্ভিক শৈশৱ যত্ন আৰু শিক্ষা (ECCE), লগতে শিশুসকলক ভৱিষ্যতৰ দায়িত্বশীল নাগৰিক তথা সমাজ পৰিৱৰ্তনৰ বাহক হিচাপে গঢ়ি তোলাৰ বিভিন্ন দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰশিক্ষণৰ আৰম্ভণিতে অংশগ্ৰহণকাৰীসকলৰ Pre-Test অনুষ্ঠিত কৰা হয়। ইয়াৰ জৰিয়তে তেওঁলোকৰ আগতীয়া জ্ঞান মূল্যায়ন কৰা হয়।

প্ৰশিক্ষণ সমাপ্তিৰ পিছত Post-Test অনুষ্ঠিত কৰি প্ৰশিক্ষণৰ ফলপ্ৰসূতা আৰু অংশগ্ৰহণকাৰীসকলৰ শিকন স্তৰৰ অগ্ৰগতি মূল্যায়ন কৰা হয়।

সামগ্ৰিকভাৱে, প্ৰথম দিনৰ এই প্ৰশিক্ষণ কাৰ্যসূচী অত্যন্ত জ্ঞানবৰ্ধক, ফলপ্ৰসূ আৰু অনুপ্ৰেৰণাদায়ক আছিল। ই শিক্ষক-শিক্ষয়িত্ৰীসকলক আধুনিক শিক্ষাদান পদ্ধতি, দক্ষতাভিত্তিক পাঠ্যক্ৰম আৰু গুণগত শিক্ষাৰ নতুন দিশসমূহৰ সৈতে গভীৰভাৱে পৰিচিত হোৱাত সহায় কৰে, যিয়ে বিদ্যালয়খনৰ শিক্ষাৰ মান উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

বিশ্ব পৰিৱেশ দিৱস উদযাপন - ২০২৬কালি ইং ০৫-০৬-২০২৬ তাৰিখ, শুক্ৰবাৰে প্ৰতিকূল বতৰকো নেওচি পি এম শ্ৰী ১নং টাউন প্ৰাথমিক বিদ...
06/06/2026

বিশ্ব পৰিৱেশ দিৱস উদযাপন - ২০২৬

কালি ইং ০৫-০৬-২০২৬ তাৰিখ, শুক্ৰবাৰে প্ৰতিকূল বতৰকো নেওচি পি এম শ্ৰী ১নং টাউন প্ৰাথমিক বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। পৰিৱেশ সংৰক্ষণৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দায়িত্ববোধ জগাই তোলা আৰু প্ৰকৃতিৰ সৈতে এক সুস্থ সম্পৰ্ক গঢ়ি তোলাৰ লক্ষ্যৰে দিনজোৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

কাৰ্যসূচীৰ আৰম্ভণিতে বিদ্যালয়ত প্ৰাতঃসভা অনুষ্ঠিত কৰা হয়। প্ৰাতঃসভাৰ পিছতে পঞ্চম শ্ৰেণীৰ ছাত্ৰী নিহলা তছনিম লস্কৰে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি উপস্থিত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু বিশিষ্ট অতিথিসকলক পৰিৱেশ সংৰক্ষণৰ সংকল্প গ্ৰহণ কৰায়।

ইয়াৰ পিছত বিদ্যালয়ৰ ন'ডেল শিক্ষক শ্ৰী সুৰেশ কুমাৰ সিং দেৱে বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি সাৰুৱা বক্তব্য আগবঢ়ায় । তেওঁ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলক দৈনন্দিন জীৱনত কিছুমান সৰু সৰু ইতিবাচক অভ্যাস গঢ়ি তোলাৰ বাবে আহ্বান জনায়, যেনে - অপ্রয়োজনীয়ভাৱে পানীৰ অপচয় নকৰা, এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস, বিদ্যালয় আৰু ঘৰ পৰিষ্কাৰ - পৰিচ্ছন্ন কৰি ৰখা, গছপুলিৰ যত্ন লোৱা আৰু জীৱ-জন্তুৰ প্ৰতি সহানুভূতিশীল হোৱা। তেওঁৰ বক্তব্যই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যথেষ্ট সঁহাৰি সৃষ্টি কৰে।

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ফল-মূল, ফুলৰ পুলি আদি বিদ্যালয়লৈ আগবঢ়ায়। ছাত্ৰ-ছাত্ৰীসকলৰ এই স্বতঃস্ফূৰ্ত অংশগ্ৰহণে পৰিৱেশৰ প্ৰতি তেওঁলোকৰ সচেতনতা আৰু দায়িত্ববোধৰ পৰিচয় বহন কৰে।

পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত বিদ্যালয়ৰ ভূমিকা অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যেৰে ECO CLUB FOR MISSION LiFE গঠন কৰা হয়। বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী (সেউজ শিক্ষয়িত্ৰী) শ্ৰীমতী স্নেহাৰিকা কোঁচ আৰু সহকাৰী শিক্ষক (সেউজ শিক্ষক) শ্ৰী কৌশিক কাশ্যপদেৱৰ তত্বাৱধানত ১২ জনীয়া ছাত্ৰ-ছাত্ৰীৰ অন্তৰ্ভুক্তিৰে এই ক্লাব গঠন কৰা হয়। এই ক্লাবৰ জৰিয়তে ভৱিষ্যতে বিদ্যালয়ত গছপুলি ৰোপণ, পৰিৱেশ সজাগতা অভিযান, পৰিষ্কাৰ-পৰিচ্ছন্নতা কাৰ্যসূচী, পানী সংৰক্ষণ আৰু প্লাষ্টিকমুক্ত পৰিৱেশ গঢ়ি তোলাৰ দৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শ্ৰী পৰাশ জ্যোতি দাস, বিশিষ্ট সাংবাদিকদ্বয় ক্ৰমে - শ্ৰী ভৈৰৱ মুণ্ডা আৰু শ্ৰী প্ৰাঞ্জল পূজাৰীদেৱো উপস্থিত থাকে। বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা অসমীয়া সংস্কৃতিৰ গৌৰৱৰ প্ৰতীক ফুলাম গামোচাৰে তেওঁলোকক আন্তৰিক সম্বৰ্ধনা জনোৱা হয়। এই সম্বৰ্ধনা অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী অনিপ চুতীয়াদেৱ, সহকাৰী শিক্ষয়িত্ৰী শ্ৰীমতী পলী বৰুৱা আৰু শ্ৰীমতী তচনিম আৰা বেগমে অংশগ্ৰহণ কৰে।

বিশিষ্ট অতিথিসকলে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বিশ্ব পৰিৱেশ দিৱসৰ ইতিহাস, তাৎপৰ্য আৰু বৰ্তমান সময়ত পৰিৱেশ সুৰক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিশদভাৱে আলোকপাত কৰে। তেওঁলোকে কয় যে জলবায়ু পৰিৱৰ্তন, বনাঞ্চল ধ্বংস, প্ৰদূষণ আৰু প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰৰ ফলত বিশ্বজুৰি বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। এই সমস্যাসমূহ সমাধানৰ বাবে শিশুকালৰ পৰাই পৰিৱেশ সচেতনতা গঢ়ি তোলাটো অত্যন্ত প্ৰয়োজনীয়। অতিথিসকলৰ প্ৰেৰণাদায়ক বক্তব্যই ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট অনুপ্ৰাণিত কৰে।

অনুষ্ঠানৰ অন্তিম পৰ্যায়ত বিশিষ্ট সাংবাদিক শ্ৰী ভৈৰৱ মুণ্ডাদেৱে বিদ্যালয়খনৰ শৈক্ষিক আৰু সহ:শৈক্ষিক কাৰ্যকলাপৰ শলাগ লৈ অদূৰ ভৱিষ্যতে পুনৰ বিদ্যালয়লৈ আহি কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কিছুমান মূল্যৱান কিতাপ উপহাৰ আগবঢ়োৱাৰ আশ্বাস দিয়ে। তেওঁৰ এই ঘোষণা উপস্থিত সকলোৱে আনন্দেৰে আদৰণি জনায়।

দিনৰ ১:০০ বজাত তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে “ভিন্ন ৰঙৰ ডাষ্টবিন”, চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে “Say No to Plastic” আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে “বৰষুণৰ পানী সংৰক্ষণ” বিষয়ৰ ওপৰত সুন্দৰ চিত্ৰ অংকন কৰে। প্ৰতিযোগিতাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ সৃষ্টিশীলতা প্ৰকাশ কৰাৰ লগতে পৰিৱেশ সংৰক্ষণৰ বিভিন্ন দিশ সম্পৰ্কেও অধিক জ্ঞান আহৰণ কৰে।

উল্লেখযোগ্য যে, বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ অংশ হিচাপে বিদ্যালয়ৰ তৰফৰ পৰা আগদিনা জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ অহাৰ পূৰ্বে “এক পেড় মা কে নাম” - কাৰ্যসূচীৰ লগত সংগতি ৰাখি নিজ নিজ ঘৰ বা ওচৰ-চুবুৰীয়াত অন্ততঃ এজোপা গছপুলি ৰোপণ কৰে। ছাত্ৰ-ছাত্ৰীসকলে ৰোপণ কৰা গছপুলিৰ জিঅ’-টেগযুক্ত ফটো বিদ্যালয়লৈ প্ৰেৰণ কৰে। এই কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ মাজত পৰিৱেশ সুৰক্ষাৰ এক সুদৃঢ় সেতুবন্ধন গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰিছে ।

সামগ্ৰিকভাৱে, বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আয়োজন কৰা এই কাৰ্যসূচীসমূহে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশৰ প্ৰতি সজাগতা, দায়িত্ববোধ, সামাজিক মূল্যবোধ আৰু প্ৰকৃতিৰ প্ৰতি ভালপোৱা বৃদ্ধি কৰাত সফল হৈছে। বিদ্যালয়ৰ পৰিয়ালৰ সমূহ সদস্য, অতিথি আৰু অভিভাৱকসকলৰ সহযোগিতাৰে দিনটো এক অৰ্থবহ, শিক্ষণীয় আৰু স্মৰণীয় দিন হিচাপে পৰিগণিত হয়।

05/06/2026

সমগ্ৰ শিক্ষা অভিযান মিছন, অসমৰ নিৰ্দেশানুসৰি আজি ইং ০৫-০৬-২০২৬ তাৰিখ, শুক্ৰবাৰে আমাৰ বিদ্যালয়লৈ নিকটৱৰ্তী অংগনবাড়ী কেন্দ্ৰৰ ৩০ জন কণ-কণ শিশু অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী, সহায়িকাৰ তত্বাৱধানত শৈক্ষিক ভ্ৰমণৰ উদ্দেশ্যেৰে আহে। বিদ্যালয়ত উপস্থিত হৈ তেওঁলোকে ক-শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বিভিন্ন আনন্দময় আৰু শিক্ষণীয় ক্ৰিয়াকলাপত অংশগ্ৰহণ কৰে। খেল-আধাৰিত শিক্ষণ, গীত, নৃত্য, সাধুকথা কোৱা, শিক্ষণ সামগ্ৰীৰ ব্যৱহাৰ আদি এই অনুষ্ঠানৰ জৰিয়তে শিশুসকলে এক আনন্দদায়ক অভিজ্ঞতা লাভ কৰে। এই কণ-কণ শিশু আৰু ক-শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ উৎসাহ, আনন্দ আৰু অংশগ্ৰহণৰ মনোমোহা মুহূৰ্তসমূহ ভিডিঅ'ৰ মাধ্যমেৰে চাওঁ আহক ।

আজিৰ অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাবে উপস্থিত থাকে শিৱসাগৰ জিলাৰ সমগ্ৰ শিক্ষা অভিযান মিছনৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ জিলা পৰামৰ্শদাতা শ্ৰীযুতা মৌচুমী দত্ত ডাঙৰীয়ানী তথা আন আন বিষয়ববীয়া, শিৱসাগৰ জিলাৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ CDPO (Child Development Project Officer) আৰু Supervisor , সমল কেন্দ্ৰ সমন্বয়ক শ্ৰী শান্তনু দাসদেৱকে প্ৰমূখ্যে কৰি বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী অনিপ চুতীয়াদেৱ আৰু সন্মানীয় অভিভাৱকসকল।

05/06/2026

ধন্যবাদ SIVASAGAR UPDATES লৈ আমাৰ বিদ্যালয়ৰ বিশেষ কাৰ্যসূচী প্ৰচাৰৰ বাবে -

Address

Boarding Road, Ward No:/8
Sibsagar
785640

Website

Alerts

Be the first to know and let us send you an email when পি এম শ্ৰী ১নং টাউন প্ৰাথমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to পি এম শ্ৰী ১নং টাউন প্ৰাথমিক বিদ্যালয়:

Shortcuts

Share

Category