13/08/2025
🚨 পিতৃ মাতৃ আৰু অভিভাৱকৰ বাবে সতৰ্কবাণী! 🚨
🎮 YONO, Teen Patti, Rummy, Ludo Betting Apps আৰু এনে বহুতো ম'বাইল গেম কেৱল “সময় পাৰ কৰাৰ” বাবে নহয় – এইবোৰ আমাৰ সন্তানক লক্ষ্য কৰি তৈয়াৰ কৰা ডিজিটেল জুৱাৰ জাল হয় ।
💰 কিদৰে আপোনাৰ সন্তান এই জালত পৰে:
প্ৰথমতে বিনামূলীয়া, তাৰপিছত সৰু টকাৰ প্ৰলোভন (“মাত্ৰ ₹10 বা ₹20 অতিৰিক্ত টকাৰ বাবে”)
ৰিওৱৰ্ড, জেকপট আৰু ভুৱা বিজেতা ৰ অভিজ্ঞতাৰে জুৱাৰ মনোভাৱ সৃষ্টি কৰা
UPI, ডেবিট কাৰ্ড বা ৱালেটৰ সৈতে সংযোগ কৰি মুহূৰ্ততে টকা কাঢ়ি লোৱা
“আৰম্ভণিতে টকা জিকাই দিয়ে আৰু পিছত অধিক টকা জিকিব” বুলি দেখুৱাই অধিক খৰচ কৰিবলৈ বাধ্য কৰা
⚠️ শিশুৰ ওপৰত গুপ্ত প্ৰভাৱ:
জুৱাৰ আসক্তি – ক্ষতি হোৱা টকাৰ পুনৰ উদ্ধাৰ কৰিবলৈ বাৰে বাঢ়ে এই games বিলাক খেলি থাকে
আৰ্থিক ক্ষতি – সৰু সৰু পেমেন্ট একেলগে হাজাৰ টকাত পৰিণত হয়
পঢ়া শুনাত অবনতি – মনোযোগৰ অভাৱ, অধ্যয়নত অনাগ্ৰহ
শোৱাৰ অসুবিধা – ৰাতি দুপৰীয়া গেম খেলি স্বাস্থ্য নষ্ট কৰা
আচৰণত পৰিৱৰ্তন – মনৰ অস্থিৰতা , উৎকণ্ঠা সৰু কথাতে খং উঠে , মিছা কথা কোৱা, টকা চুৰি কৰা
মানসিক সমস্যা – উৎকণ্ঠা, বিষাদ, পৰিয়ালৰ পৰা আঁতৰি থকা
🛑 আপুনি এতিয়া কি কৰিব পাৰে:
✅ সন্দেহজনক গেমিং এপ্লিকেচন সন্তানৰ ফোনৰ পৰা আঁতৰাওক
✅ অটো-পে, UPI বা কাৰ্ডৰ তথ্য গেম একাউণ্টৰ পৰা আঁতৰাই দিয়ক
✅ জুৱাৰ দৰে গেমৰ বিপদসমূহৰ বিষয়ে খোলাখুলি আলোচনা কৰক
✅ হঠাতে টকাৰ প্ৰয়োজন বা আচৰণত পৰিৱৰ্তন লক্ষ্য কৰক
✅ খেলাধুলা, পঢ়া, শিল্প, আৰু সামাজিক কার্যকলাপলৈ উৎসাহিত কৰক
👨👩👧 আমাৰ সন্তানৰ ভৱিষ্যৎ এই games বিলাকতকৈ বহুত মূল্যবান।
এই অনলাইন জালৰ পৰা তেওঁলোকক ৰক্ষা কৰক।
📢 এই বাৰ্তা share কৰক – সচেতনতা আন এটা পৰিয়ালক সুৰক্ষা দিব পাৰে!
#অনলাইনজুৱাৰবিৰোধিতা #অভিভাৱকসতৰ্কতা #গেমআসক্তি #শিশুৰসুৰক্ষা #অনলাইনঠগি